এই পৃথিৱীত বহুত মানুহ আছে যি সকল ৰসৰ ভঁৰাল। কেতিয়াবা নিজৰ কথাকে লৈ ইমান ধুনীয়াকৈ ব্যংগ কৰে যে নাহাঁহি নোৱাৰি। তেনে এজন দাদাৰ কথাই কবলৈ লৈছো। দাদাজন এতিয়াও বৰলা হৈ আছে বাবে সকলোৱে বৰলাদা বুলিয়েই মাত লগায়।বিয়াই-সভাহে সকলোৱে বেৰিকুৰি দাদাৰ লগত কথাপাতে।ৰসৰ ভাণ্ডাৰ দাদাই নিজৰ কথাকে বৰ ৰস লগাকৈ কয়।

এবাৰ এখন বিয়াত এজনে সুধিলে,

:বৰলা, ছোৱালী চাবলৈ গৈছিলা নহয় কি হ’লগৈ?

:ঠিক হওঁ হওঁ হৈয়ো নহ’ল আৰু দাদা।

:কিয় বা?

:এহ আপুনিতো জানেই মই মিছা মাতিব নোৱাৰো।ছোৱালী চাই অহাৰ পাছত ছোৱালীয়ে সুধিলে বোলে আমাৰ ঘৰলৈ আহি কেনেকুৱা পালে। মই বোলো ঠিকেই। বোলে খোৱা বোৱা একা? মই বোলো ঠিকেই আছিল খালি,,,

ছোৱালীয়ে সুধিলে,’কি খালি ,কি বেয়া পালে কওঁক।’মই উপায় হীন হৈ ক’লো, বোলো লুচিকেইখন বৰ সৰু সৰু আছিল, একেবাৰে মেকুৰী কাণখনৰ মান আছিল আৰু লগত দিয়া ভাজিকণো যিকণহে দিলা, এখন লুচিতে খতম, আগলৈ ভাজি বেছিকৈ দিবা। মই ভাজি সৰহকৈ খাই ভালপাওঁ। তোমালোকৰৰ ঘৰৰ লুচি-ভাজি খাই পেটৰ আধায়েই নভৰিল।

ইমানলৈকে কৈ দাদা ৰৈ দিলে।

:তাৰপাছত কি হ’ল বৰলা?

:তাৰপাছত যি হ’ব লাগে হ’ল। সঁচা কথা কোৱা বাবে ছোৱালীয়ে হেনো কৈ দিলে ঘৰত ইমান খকুৱা মানুহৰ লগত বিয়া নহওঁ। বুজিছেই নহয় কি হ’ল লেঠাটো।হবলগীয়া কইনাৰ অসহযোগ আন্দোলনৰ বাবেই বৰলা বৰলা হৈয়ো ৰ’লো।

এনেদৰেই অলপ দিন পাৰ হ’ল। আকৌ ঘুনুক-ঘানাকৈ শুনিবলৈ পোৱা গ’ল যে বৰলাৰ বিয়া ঠিক হৈছে।এইবাৰ ফাইনেল বুলিবই পাৰি। বৰলা হেনো দুই তিনিবাৰ ছোৱালীৰ ঘৰলৈ ভেৰি-ভাটি লৈ অহাযোৱাৰ খবৰো পোৱা গৈছে। ইতিমধ্য বৰলা কাইকো বাটে -হাটে কাণত মোবাইল লৈ অকলে-অকলে মিচিকিয়াই ফুচফুচকৈ কথাপাতি থকাও দুই একে দেখা পালে। বুজা গ’ল বৰলাৰ হ’বলগীয়া কইনাৰ লগত মনৰ মিল ভালকৈয়ে গঢ়ি উঠিছে। কিন্তু মাহ পাৰ হ’ল,বছৰো ঘূৰিবৰ হ’ল বৰলা কাইৰ বিয়াৰ নিমন্ত্ৰণ হ’লে পোৱা নগ’ল। বৰলাক পাছলৈ ফোনত কথাপাতি মিচিকিয়াই হাঁহি থকাও দেখা নগৈছিল, মনটো অলপ সেমেকাহে পৰিলক্ষিত হৈছিলগৈ। ওচৰৰে এজনে এদিন গুজুং-গুজুংকৈ আহি থকা বৰলা কাইক আগভেটি ধৰিলে।

:বৰলাচোন,ক’ৰপৰা অহা হ’ল বা?

:অলপ বজাৰৰ পৰা আহিলো কাইটি, ভালে আছে

:আছোঁ‌ অ কোনোমতে। এই হেৰি নহয়, কথা এটা সু?ধোঁ‌ বেয়া পাবা নেকি?

:সোধক কাইটি।::নাই নাই বেয়া নাপাও সোধকচোন।

:তোমাৰ হেনো বিয়াৰ যা-যোগাৰ প্ৰায় শেষ হৈছিল, পিছে বিয়াখননো কেতিয়াকৈ পাতিছা, দিন-বাৰ কিবা ঠিক কৰা হৈছেনে?

বৰলাকায়ে সন্মুখৰ জনলৈ টলকা মাৰি এপলক চাই ৰ’ল। ছোৱালী হোৱা হ’লে চাগৈ চকুৰে টপ-টপকৈ লোতক নিগৰিলহেঁতেন। এটা দুখৰ হুমুনিয়াহ বাগৰিল।

:নাই অ কাইটি, এইবাৰো সেই আশা নিৰাশা হ’লগৈ।

:এস! কি হ’লনো আকৌ, শুনিছিলো এইবাৰ ফাইনেল।কইনাৰো হেনো মন মিলিছিল তোমাৰ লগত।

:এৰা কাইটি। এইবাৰ কইনা আৰু মোৰ মনৰ বৰ মিল হৈছিল। পিছে কি হ’ব, কপাল বুজিছে কপাল, সকলো কপালৰ লিখন। মোৰ বিয়াই নাই ভাগ্যত আৰু কি ক’ম।

:নাই, এনেকৈ কিয় কোৱা বৰলা। যাৰ কইনা তাৰ বিবাহ। বুইছা, সেইগৰাকী তোমাৰ ভাগ্যত নাছিলেই চাগৈ। পিছে কি হৈছিলনো?

:কি ক’ম কাইটি। বিশেষ একো নাই। জানেইতো ছোৱালী আৰু মোৰ মাজত তেওঁক চাই অহা দিন ধৰি ফোনতে কথা-বতৰা হ’বলৈ ধৰিলে। দিনে নিশাই আমি শাকখোৱা, ভাতখোৱাকে ধৰি বাৰে বিংকৰা কথা পাতোঁ‌। মাজতে মই গৈ দুৰাতি থাকিয়ো আহিলোগৈ।এনেকৈ ভালে কুশলে গৈ আছিল। এদিন কথাই কথাই তেওঁ মোক সুধিলে, বোলে আমাৰ ঘৰৰ মানুহবোৰ মানে মা-দেউতাক কেনে পাইছে? মই বোলো বেয়া পাবলৈ কি আছে, তোমাৰ মা-দেউতা যেতিয়া মোৰো মা-দেউতাই দিয়াচোন। পিছে ছোৱালী নাচোৰবান্দা, আকোৰগোজ হৈ মোৰপৰা কথা উলিয়াবলৈ চেষ্টা কৰি থাকিল। কিবা ক’বই লাগিব হেনো, কেনে পাইছোঁ‌, কিবা ভুল-ত্ৰুটি দেখা পাইছোঁ‌ যদি ক’লে হেনো সংশোধন কৰিব পাৰিব। একো বেয়া নাপায় ইত্যাদি। ছোৱালীৰ পৰা ভৰষা পাই মোৰ ভিতৰৰ সত্যবাদী মনটোৱে আসৈ পাই উঠিল।বোলো তোমালোকৰৰ মা-দেউতা বৰ মৰমিয়াল, কথা-বতৰা বৰ শুৱলা, ব্যৱহাৰো সুমধুৰ, কেৱল তেওঁলোকৰ ড্ৰেছ চেন্সটো বৰ ভাল নহয়। ছোৱালীয়ে বোলে কওকচোন কি বেয়া দেখিলে। মই ফৰফৰাই গাই দিলোঁ‌, বোলো তোমাৰ মায়ে যে হাতকটা ব্লাউজটো পিন্ধে বৰ বেয়া লাগে দেখি। তাতে ব্লাউজটোও ফিচিকা। একেটাকে পিন্ধি থকা যেন লাগিল। প্ৰথম যোৱাৰ দিনাও দেখিলোঁ‌। পাছৰ দুবাৰো দেখিলো। হ’বলগীয়া শাহুগৰাকী ফিট-ফাট হৈ থাকিলে ভাল লাগে দিয়াচোন। তাতে ব্লাউজটো ৰং উৱলি তেনেই সোপাকানি হৈছেগৈ। মই অহাবাৰ গ’লে মালৈ ব্লাউজদুটামান লৈ যাম বুলি ভাবিছোঁ‌। আকৌ তোমাৰ দেউতাক ক’বাচোন ধুতি পিন্ধিলে তলত বগা বস্ত্ৰবিধ পিন্ধিবলৈ। প্ৰথম তোমাক চাবলৈ যাওঁতে ৰঙা এটা পিন্ধিছিল। পিছৰ দুবাৰো আকৌ সেই কিবা নীলা আৰু সেউজীয়া পিন্ধিছিল। ধুতিৰ তলেৰে তঁ-তঁকৈ জিলিকি বৰ দৃষ্টিকটু দেখাইছিল। তেখেতে ধুতিখন বৰ ওপৰলৈ এহাতেৰে দাঙি দিয়ে, এনেকুৱা কৰিবলৈ মানা কৰিবা। ইমানখিনি কৈ অঁতাইছোহে মাত্ৰ ফোনটো কাটি দিলে। আকৌ লগালত চুইছ অফ পালোঁ‌। বুজিছেই চাগৈ কি হ’ব পাৰে ইয়াৰ পাছৰখিনি। একমাত্ৰ কন্যাই পিতৃ-মাতৃৰ এনে দোষ আঙুলিয়াই দিয়াৰ বাবে মোক জীৱনৰ পৰাই অফ কৰি দিলে।

কথাখিনি শেষ কৰি হুমুনিয়াহ এটা কাঢ়ি, মুখলৈ ম্লান হাঁহিৰ ৰেশ এটা টানি বৰলা কায়ে কৈ উঠিল,

:ঠিকেই কৈছে, যাৰ কইনা তাৰ বিবাহ, মোৰ ভাগ্যত তেওঁ নাছিল। বাৰু ককাইদেউ আহিলোঁ‌ দেই।

বৰলা কায়ে এই ছোৱালীজনী ঠিক হৈয়ো বিয়াখন নোহোৱাৰ দুখত ছমাহমানলৈ বিয়া-বাৰুৰ কথা কাৰোৰে সৈতে আলোচনা নকৰা হ’ল। ইয়াৰ পাছতে আকৌ তেখেতে ছোৱালী চাবলৈ যোৱাৰ আৰু অলপ দূৰণিবটীয়া ঠাইত ঠিক কৰি অহাৰ খবৰ ওচৰ-চুবুৰীয়াই জানিবলৈ পালোঁ‌ ।এইবাৰ বেছি পলম নকৰো বুলি এমাহৰ ভিতৰতে বিয়াপতাৰ সংকল্প ল’লে।ছোৱালী ঘৰে জোৰ কৰাত, এসপ্তাহ পাছত আঙুঠি পিন্ধাবলৈ বৰলাকায়ে দুজন বন্ধু আৰু পৰিয়ালৰ দুজনমানক লৈ যাত্ৰা কৰিলে। দুদিনমান ধৰি বৰষুণ দি আছিল। গাঁৱলৈ সোমোৱা ৰাষ্টাটো বোকাৰে পিছল হৈ পৰাত, গাড়ী মূলপথতে থৈ ছোৱালীৰ ঘৰলৈ আটাইকেইজন আগবাঢ়িল। এইবাৰ বৰলাকায়ে মনে মনে প্ৰতিজ্ঞা কৰি আছিল ছোৱালী বা বেলেগে হাজাৰ সুধিলেও খোৱাবোৱা বা ঘৰৰ মানুহৰ বিষয়ে বেয়াকৈ একো নকয়। মিছাকৈয়ে ক’ব লাগিলে সকলো বৰ ভাল বুলি। ভাবিগুণি পেলপেলীয়া বোকা খচকি, নতুন জোতা পেণ্টত বোকা লগাই বৰলাকাই গৈ ছোৱালীঘৰ পালেগৈ। বন্ধু দুজনৰ আগত লাজো পাইছে, শহুৰৰ ঘৰৰ ৰাষ্টা ইমান বেয়া দেখি। ছোৱালীৰ ঘৰ ওচৰচুবুৰীয়া,আত্মীয়ৰে ঠাহ খাই আছে। এজন বয়সস্থ লোকে সুধিলে,

:বোপা পালাহি। কষ্ট হ’ল সকলোৰে।

:কষ্ট মানে! এয়া চাওকচোন কি অৱস্থা হৈছে বোকা লাগি।

সকলোৱে ইছ্ ইছ কৰিলে। পানী দুনি দি ধুবলৈ সহায় কৰি দিলে। ইফালে বৰলা কাইৰ এবাৰ মুখ খুলিবলৈ পালে যেতিয়া আৰু কোনে পায়। কলৰ পানী পৰাদি কলকলাবলৈ লাগিল।

:ইমান বেয়া আপোনালোকৰৰ বাটপথ। ৰাইজ কিয় চকুমুদা কুলি হৈ থাকে ইয়াত?

:কি কৰিবা বোপা চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা হ’লগৈচোন আমাৰ গাওঁ।

:অকল চৰকাৰৰ মুখলৈ চাই বহি থাকে যে আপোনালোকে? চৰকাৰে কৰা নাই। নিজৰ পদুলিৰ আগকণ আপোনালোকেতো ঠিক কৰি ল’ব লাগে?অসমীয়া মানুহৰ এইটো স্বভাৱেই বেয়া খালি বেলেগক দোষ দি হাত-সাৱটি বহি থাকে। নিজাববীয়াকৈ একো নকৰে।

কথাবোৰ শুনি বহুকেইজন জাঙুৰ খাই উঠিল।বোলে আমাৰ গাঁৱলৈ প্ৰথম আহি আমাকেই বদনাম কৰিবলৈ এও কোন। বহুকেইজনে বৰলা কাইক সমৰ্থন কৰিলে।মূৰ্হুততে ছোৱালীঘৰত দুটা দলৰ সৃষ্টি হ’ল। এটাই বৰলা কাইৰ কথাৰ প্ৰতিবাদ কৰি চৰকাৰক হোৱাই নোহোৱাই গালি দিলে। ইটো পক্ষই বৰলাক সমৰ্থন কৰিলে বোলে বোপায়ে সজ কথাই কৈছে আমি চৰকাৰে কৰি দিয়ালৈ বহি নাথাকি নিজে পৰা কাম নিজে কৰি ল’ব লাগে।চৰকাৰক বিৰোধ কৰি কৈ থকা পক্ষই তিহতিহাই উঠিল, চৰকাৰক কৰ-কাটল কিয় দিছোঁ‌ আমি? যদিহে নিজৰ কাম নিজেই কৰিব লাগে বুলি তৰ্জন-গৰ্জন আৰম্ভ কৰিলে। মূহুৰ্ততে ভাল এখন তৰ্ক -বিতৰ্কত পৰিণত হ’ল এই সাধাৰণ কথাটো। বহু দেৰি পাছত এজন বৃদ্ধ লোকে মাত লগালে,বোলে আমি ইমান দিন গাঁৱত ভাই-ককাইৰ দৰে মিলিজুলি আছো, ইজনে সিজনৰ দাঁতত ভাত এটা লাগিলেও গমপোৱা সমন্ধ আমাৰ। আজি এইজন নতুন মানুহ আহিয়েই আমাৰ একতা নষ্ট কৰিছে। ৰাইজ এখেতক অতিথি ভাবিবলৈ মন যোৱা নাই। শত্ৰু যেনহে লাগিছে। তৰ্ক-বিতৰ্ক কৰি থকা মানুহখিনি অলপ শান্ত হ’ল। পিছে এইবাৰ সকলো বৰলা কাইৰ ওপৰত খৰ্গহস্ত হৈ পৰিল। সকলোৱে বোলে, আজি নতুন আহিয়েই আমাক কথা শিকাবলৈ আহিবলৈ তুমি কোন? আমাৰ ইমান দিনৰ মিলনত হেঙাৰ দিবলৈ তুমি কোন? চাওচোন, আমাৰ গাঁৱৰ ছোৱালী কেনেকৈ বিয়া পাতা তুমি। ছোৱালী বিয়াপাতি নিয়াৰ কথা পাহৰি যাবলৈয়ো সকিয়াই দি, অহাবাটেৰে ঘূৰি যাবলৈ নিৰ্দেশ দিয়েই দিলে। ছোৱালীৰ আত্মীয়ৰ অনুনয়-বিনুনয়লৈয়ো কাণ নিদিলে সমজুৱাই।বৰলাকাই আৰু লগৰ কেইজন কোনোমতে দৌৰি অহাদি বোকাপানী খচকি অহাবাটেৰেই লপা থপা খোৱাৰ পৰা নিজকে বচাই গাড়ীত বহিলহি। বৰলা কায়ে গোটেই বাটটো ইয়াকে ভাবি আহিল, এইবাৰটো তেওঁ ছোৱালীৰ ঘৰৰ মানুহৰ একো বদনাম গোৱা নাছিল তেনেস্থলত কেনেকৈনো ভাবিব পাৰি যে বাটটোৰ বদনাম গাওঁতেই আঙুঠি পিন্ধোৱা বাদ দি পলাবলগীয়া পৰিস্থিতি হ’বগৈ।

এনেকুৱা আহুকলীয়া কাৰণবোৰে বেৰিকুৰি ধৰেগৈ বাবেই বৰলাকাইৰ বিয়াখন হোৱাগৈ নাই।আপোনালোক/আমি সকলোৱে মিলিজুলি আহকচোন কাইটিৰ বিয়াখন পাতি দিও, অলপ চেষ্টা সকলোৱেই কৰিব বুলি আশা ৰাখিলোঁ‌।

★★★★

Comments

  1. পঢ়ি বৰ ভাল লাগিল। বৰলা কাইৰ যাতনাৰ বৰ সুন্দৰ বৰ্ণনা।

  2. তামাম বন্দিতা, আজিহে পঢ়িবলৈ সময় পালো ৷ লাগিলে বৰলা কায়ে বিয়াই নেপাতিব, সেইবুলি কব নেৰিব ৷
    মজ্জা লাগিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *