টুঁ টুঁ টুঁ টুঁ … ৰাতিপুৱাই বিকট শব্দ কৰি এলাৰ্মটো বাজি উঠিল৷ কাণৰ ভিতৰত যেন ৰণশিঙাহে বাজি উঠিল! বিকট শব্দটোত মই টোপনিৰপৰা ধৰফৰাই উঠি ’চাবধান’ হৈ বহি গলোঁ৷ উস! কি অশান্তি! শব্দকেইটা মুখৰ পৰা জোৰকৈ ওলাই আহিল৷ মোৰ কাণত যেন জুইৰ ফিৰিঙতিয়েহে জঁপিয়াই ফুৰিছেহি! অন্য দিনবোৰৰ দৰেই ৰাতি শোৱাৰ আগতে সময়খিনি জুখি-মাখি এলাৰ্মটো চেট কৰি টোপনি গৈছিলোঁ৷ সদায় ৰাতি শোৱাৰ আগতে গন্তি কৰি কৰি সময় মিলাই এলাৰ্মটো চেট কৰি টোপনি যোৱাতো বিয়াৰ পাছৰ পৰাই মোৰ অন্য কামবোৰৰ দৰেই এক নিত্য নৈমিত্তিক কামত পৰিণত হৈ পৰিছেগৈ৷ এলাৰ্মৰ শব্দত ধৰফৰাই উঠি বিছনাতে বহি চকু খুলিবলৈ অপ্ৰাণ চেষ্টা চলাবলৈ ধৰিলো৷ নাই, চকুৱে খোলাৰ নামেই নলয়! এনেতে হঠাতে ঘপককৈ আচল কথাটো মনলৈ আহি গ’ল৷ ফুৰ্তিতে টোপনিতে হাঁহি এটা ওলাই আহিল৷ আজিতো দেওবাৰহে! দেওবাৰ দিনটোতো সময় মিলাই মিলাই পুৱাই টোপনি ভাঙি নিজে নিজকে ধিয়াব ধৰিলো৷ চেহ! ইমাননো পাহৰিব লাগেনে! আচলতে ঘড়ীৰ ডায়েলৰ ভিতৰত সোমাই সোমায়েই আজি মোৰ এই অৱস্থা হল৷ দেওবাৰৰ নাম শুনি চকুত আৰু দুগুণ টোপনি আহি হেঁচা মাৰি ধৰিলেহি৷ আৰু অলপ শুই লওঁ বুলি আধা খুলি ধৰি থোৱা চকুকেইটা তীব্ৰ বেগত আকৌ জাপ খায়েই আহিল৷ তৎক্ষ‍ণাতে নিদ্ৰা দেবীৰ কোলাত আকৌ ক’ব নোৱাৰা হৈ ৰৈ গ’লো৷

হঠাতে এনে লাগিবলৈ ধৰিল কাণৰ ওচৰতে যেন অহৰহ কিবা এটা শব্দ হবলৈ ধৰিছে৷ যেন কাণতে মহে গুণগুণাই আছেহি৷ এলাৰ্মটো বন্ধ কৰিলোহে আকৌ মহ! ভীষণ অশান্তি পাই সাৰ পাই উঠিলো৷ খঙেৰে চকুকেইটা টলটলকৈ মেলি দি দেখিলো কাষতে এওঁ৷ এওঁহে কিবা কিবি সুধি আছে৷ কাণৰ ওচৰতে যে মোক কিবা এটা সুধি আছিল এতিয়াহে স্পষ্টকৈ গম পালো৷ দেখিয়েই বিৰক্ত হৈ চকুদুটা আপোনা-আপুনি জাপ খাই গ’ল৷ চকু-মুখ জপাই থাকিয়েই হাতৰ পাঁচটা আঙুলি লৰাই লৰাই দেখুৱাই আৰু পোন্ধৰ মিনিট, পোন্ধৰ মিনিট বুলি তেওঁক আকাৰ ইংগিত কৰিয়েই বুজাবলৈ ধৰিলো৷

ইফালে কাণৰ ওচৰত তেওঁৰ মাতটো ডাঙৰ হৈহে শুনা দিবলৈ ধৰিলে, “ ৰাতি কিমান সময়ত টোপনি গৈছিলা?” তেওঁৰ মাতটো আহি মোৰ কাণখন যেন তৎক্ষণাত ভেদি গ’ল৷

-“চাৰে দহ৷“
মই তপৰাই উত্তৰ দি ৰক্ষা পাবলৈ চেষ্টা কৰিলো৷ তেওঁ আকৌ প্ৰশ্নবাণ এৰিবলৈ ধৰিলে, “এতিয়া কিমান বাজিলে?”
-“চাৰে ছয়৷“
-“কেইঘণ্টা হ’ল?”
-“আঠ ঘণ্টা৷”
-“যিমান সময়ত টোপনি গৈছিলা, তাৰ পৰা আঠ ঘণ্টা গন্তি কৰি এলাৰ্মটো দিছিলা নে?”
-“উফ্, থৈছিলো!”

এইবাৰ অতিষ্ঠ হৈ মোৰ মুখৰ পৰা উফ্ ৰ আৰম্ভণি হবলৈ ধৰিলে৷ যাৰ সামৰণি শব্দ চাগে অন্য কিবাই হবগৈ!
-“তেতিয়াহ’লে তোমাৰ টোপনি পূৰ হৈছে৷ উঠা!” এওঁৰ সেই পুৰণা ৰেকৰ্ডিংটো বাজি উঠিল৷

-“আজি দেওবাৰ দিনটোতো তোমাৰ শান্তি নাইনে?”

খঙত জ্বলি নিজৰ সুৰক্ষাৰ বাণ কেইপাট এৰি মই শুবলৈ জা-যোগাৰ কৰিব ধৰিলো৷ কম্বলখন মূৰলৈকে মেৰিয়াই আকৌ শুই পৰিলো৷

-“দেওবাৰ হওক, সোমবাৰ হওক, সময় সদায় সময়!”

তেওঁ সেই পুৰণিকলীয়া লাগি ধৰা চিডিখনৰ দৰে একেকেইটা কথাকে আকৌ ৰিপিট কৰিবলৈ ধৰিলে৷ পৰিস্থিতি দেখি ভালদৰেই গম পালো, এতিয়া আৰু মোৰ শান্তি নাই তাৰমানে! লগে লগে মোৰ কপালখন কোঁচ খায়েই আহিল খঙত৷ মই ভবা মতেই হ’ল, মোক চকু মেলা দেখিয়েই এখেত আৰম্ভ হৈয়েই গ’ল……

-“ইয়াতকৈ বেছি টোপনি মানুহক প্ৰয়োজন নহয়৷ ইয়াতকৈ বেছিকৈ শুলে স্বাস্থ্য কেনেকৈ ভাল হৈ থাকিব? মানুহ ফিট্ থাকিব কেনেকৈ? এনেকৈ শুই শুইয়েই তোমাৰ শৰীৰটোৰ ঢোল যেন অৱস্থা হৈ গৈ আছে!”

ঢোল? শব্দটো শুনিয়েই এইবাৰ মোৰ উঠি থকা খঙটো গৈ একেচাটেই চুলিৰ আগ পালেগৈ৷ এনেয়ো সময়মতে শুই উঠা খঙটোত ৰঙা চঙা পৰিয়ে আছো তাতে আকৌ ঢোল! এটা এলাৰ্ম অফ্ হ’লহে, আকৌ এইটো এলাৰ্ম! অফ্ কৰিবওতো নোৱাৰি৷ অফ্ কৰিবলৈ গলে আৰু বেছিহে বজাৰ ভয়৷ খঙত জ্বলিপকি উঠিব ধৰিলোঁ৷ এগৰাকী ’ফৌজী ৱাইফ্’ হিচাপে স্বীকৃতি পোৱাৰ দিনাৰ পৰাই যেন মোৰ জীৱনৰ এক সুকীয়া অধ্যায় আৰম্ভ হবলৈ ধৰিলে৷ পোৱা-নোপোৱা, এৰা-ধৰা এক সংমিশ্ৰিত অনুভৱৰ মাজেৰে যেন দিনবোৰ পাৰ হ’ব ধৰিলে৷ বহুতো নতুন অনুভৱে জীৱনত ভূমুকি মাৰিব ধৰিলে, তেনেকৈ বহুতো পুৰণি অনুভৱ জীৱনৰ পৰা আঁতৰি যাবলৈ ধৰিলে৷ তাৰ মাজত ঘড়ীৰ কাঁটাৰ প্ৰতি সৃষ্টি হোৱা এক নতুন অনুভৱ মোৰ মনৰ মাজত এক সুকীয়া আসন দখল কৰি ৰৈ যাবলৈ ধৰিলে৷ কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে বিয়াৰ পাছত যেন মই ঘৈণী নহয় ঘড়ী হৈ থাকিলো৷ নতুনকৈ বিয়া হোৱা দিনবোৰত ঘণ্টাৰ কাঁটা আছিলো৷ লাহে লাহে মিনিটৰ কাঁটা হবলৈ ধৰিলো৷ এতিয়া যেন ছেকেণ্ডৰ কাঁটা হ’বলৈ গৈ আছো৷

ফৌজী ৱাইফ্ v/s ঘড়ীৰ কাঁটা (২)

ইতিমধ্যে এই যুঁজ-বাগৰত মোৰ টোপনিয়েও পলাই পত্ৰং দিলে৷

-“ৰাতিপুৱাই ৰাতিপুৱাই সদায়ে এইবোৰ শুনি শুনি মুখস্থই হৈ গৈছে জানানে৷ তোমাৰ নিজৰনো সময়তকৈ বেছি অলপো টোপনি নাহেনে?”

একো কৰিব নোৱাৰি খঙতে মুখৰ ভিতৰতে এসোপামান ভোৰভোৰাব ধৰিলো৷ মোৰ কথাকেইটা ক’বলৈহে পালো, তেখেতৰ হেল্থৰ ওপৰত বক্তৃতা আৰম্ভ হৈয়েই গ’ল-

-“ফিট্ থাকিবলৈ মানুহে জীৱনটো ৰুটিনত ৰাখিব লাগিব৷ ৰাতিপুৱাই সদায় এটা সময়ত উঠিব লাগে৷ তোমাৰ দৰে এনেকৈ এদিন সোনকালে উঠি এদিন এলাহ মাৰিলে কিটো হ’ব! উঠিয়ে দৌৰিব লাগে৷ দৌৰিলেহে ব্যায়াম হয়, তেতিয়াহে ঘাম ওলাব, এনাৰ্জি বাহিৰ হব৷ ফিট থাকিবলে’ নিজেই কষ্ট কৰিব লাগিব৷ ৰাতিপুৱা এলাহত শুই থাকি খোজ নাকাঢ়ি গধুলি খোজ কাঢ়িবলে যোৱাবোৰেই তোমাৰ দৰে ঢোল বনে৷ আমি ফৌজত কোনো কথাতে হেৰা ফেৰা নকৰাকৈ চলিলো৷ সদায় সময় মতেই সকলো, সেয়েহে এই বয়সতো ইমান ফিট আছো দেখিছা!”

অকনো পইণ্ট বাকী নপৰাকৈ তেওঁৰ ডায়লগবোৰ গাই গ’ল৷ আটাইবোৰ কথা শেষ হোৱাত গাৰুটো কাণৰপৰা আঁতৰাই তেওঁলৈ কেৰাহিকৈ চাৱনি এটা মাৰি চালো৷ দেখিলো তেওঁ জোতা পিন্ধাতহে ব্যস্ত৷ ইতিমধ্যে জ’গিংৰ কাৰণে জোতা পিন্ধা হ’লেই৷ মই আচৰিত হবলৈ নাপালোৱেই হাফ পেণ্ট টি চাৰ্টৰে দৌৰিবলৈ যাবলৈ ৰেডিয়ে হৈ গল৷ সাউতকৈ মোৰ কাষেৰে পাৰ হৈ যোৱা বতাহখিনিহে মোৰ গাত লাগি ৰ’ল৷ অহ্ গড! কি স্পিড মানে কি কম! যিয়ে হওক, এতিয়া আৰু মোৰ মূৰ গৰম কৰিবলৈ দৰকাৰ নাই৷ তেওঁ ঘৰৰ পৰা ওলাই গৈছে সেয়াহে আচল কথা, তেওঁ এতিয়া কিছু সময় ঘৰত নাথাকে তাতোকৈ আৰু কি লাগিছে!

মোৰ এনেকুৱা ফূৰ্তি লাগিবলৈ ধৰিলে যে ফূৰ্তিতে উটি ভাঁহি কম্বলখন আকৌ মেৰিয়াই ললোঁ৷ মোৰ চুলিৰ ওপৰৰ খঙটো তৎক্ষণাত নামি আহি ওঁঠত হাঁহি হৈ ৰৈ বৈ গ’লহি৷ যাওক তেওঁ৷ মই আকৌ মস্তি মাৰি শুম৷ আজি দেওবাৰ; অথচ এই দিনটোতো এই হিটলাৰ জনৰ পৰা শান্তি নাই৷ ময়ো নিজৰ শান্তিৰ সময়খিনি মনতে কল্পনা কৰি কৰি এওঁক অলপ তেল লগাই ভাল লগাওঁ বুলি চিঞৰি কবলৈ ধৰিলো, “আজি অলপ বেছিকৈ দৌৰি আহিবা৷ বন্ধৰ দিন; সময়ো পাবা৷ নহ’লে অফিচ থাকিলেনো ক’ত ভালদৰে দৌৰা, চিট আপ, পুচ আপ কৰা হয়? আজিকালি দেখিছো তোমাৰ স্পিডো কমি আহিছে৷ আজি অলপ সময় লৈ চব কৰি আহিবা যোৱা৷”

কথাখিনি কৈ কিছু শান্তি পালো৷ অলপ দেৰিকৈ ঘৰ সোমাবহি চাগে৷ পিছে সময়ৰ বিপক্ষে বুদ্ধিবোৰে যে কাম নিদিয়ে সেয়া ভালদৰেই জানি আহিছো৷ তথাপিও এনেয়ে হাৱাতে অলপ হাত ভৰি মাৰি চালো৷ ইতিমধ্যে তেওঁ ঘৰৰ বাহিৰ হলেই৷ হাত জোকাৰি বাই বাই চিন এটি দেখুওৱাৰ লগতে তেওঁ কোৱা কেইটামান কথা আকৌ ভাঁহি আহি কাণত পৰিলহি-

-“উঠা উঠা হে, আকৌ বিছনাত নপৰিবাগৈ৷ ঘূৰি অহালৈকে শুই থকা যাতে দেখা নাপাও৷ ল’ৰাটোক আৰু আধা ঘণ্টাত উঠাই দিবা৷ সময়ত খাবলৈ দি দিবা নহলে আকৌ দুপৰীয়া ভাত খাবৰ সময়ত ভোক নাই বুলি কব৷ সময়মতে খোৱাতো স্বাস্থ্যৰ বাবেও ভাল৷ লাইফতো ডিচিপ্লিন আহে৷ নহ’লে এইবোৰ স্বভাব পিছত গোটেই লাইফলৈ থাকি যাব৷”

এক্সপ্ৰেচন নথকা গহীন মুখখনেৰে নতুনকৈ আৰ্মি একাডেমীত ভৰ্তি হোৱা কেডেটকেইটাক কোৱাৰ দৰেই মোকো কথাকেইটা কৈ দপদপাই ওলাই গ’লেই৷ শুনিয়েই আকৌ মোৰ মাৰ যোৱা খঙটো টিঙিচকৈ উঠি আহিল৷ উফ হল আৰু এইবাৰ তাৰো শান্তি নাই৷ এই বন্ধৰ দিনত তাক উঠাওতে উঠাওতে মোৰো শান্তি নোহোৱা হব এতিয়া৷ ঠাণ্ডা হৈ অহা মাঠাটো আকৌ গৰম হৈ আহিব ধৰিলে৷ তথাপিও কিন্তু আজাদী আজাদী ফিল এটা আহিল৷ এটলিষ্ট তেওঁ ওলাই গৈছে৷ ’বাহ্!’ বুলি স্বস্তিৰ নিশ্বাস এটা এৰি দিলো৷ তেওঁ কমেও ৪৫ মিনিটৰ আগত ঘূৰি অহাৰ আশা নাই৷ এলাহ মাৰি শুম বুলি কম্বলখন টানি আকৌ সোমাই থাকিলো৷ ইফালে বতৰো ডাৱৰীয়া৷ ৰাতি ভালদৰেই বৰষুণে দবাই থৈ গৈছেহি৷ তাতে আজি দেওবাৰ৷ আজি এনে দিনটোতো অলপ এলাহ মাৰি মাৰি বেছি দেৰিলৈ নুশুমনে! কেতিয়াবা উভতি, নতুনকৈ পোৱালি জগাই ঘূৰি ফুৰা কুকুৰাজনীয়ে চিলনী খেদি যোৱাৰ দৰেই খেদি যাবলৈ মন যায় তেওঁক৷ কেতিয়াবা বৰ আচৰিতো লাগে, তেখেতৰ নিজৰনো সময়তকৈ অলপ বেছি টোপনি নাহেনে কেতিয়াও? এলাহ নালাগে নে কেতিয়াও? পৃথিৱীৰ আটাইতকৈ এলেহুৱা মানুহটোলৈ যদি মই বিয়া হলোঁহেঁতেন! তাকে ভাবিয়েই মনটো বেয়া লাগি আহিব ধৰিলে৷ এলেহুৱা মানুহবোৰ জীয়াই থকা জীৱন ধাৰণ প্ৰণালীবোৰ কেনেকুৱানো? কিমান যে যুগ হ’ল পাহৰি যোৱা! চকুৰ আগত সেই কল্পনাবোৰ ভাঁহি আহোতেই দুখ লাগিবলৈ ধৰিলে৷ আগতে তেওঁৰ কথাবোৰ গুৰুত্ব নিদিছিলো৷ ঘণ্টাৰ কাঁটাৰ দৰে আছিলো৷ কথাবোৰ গুৰুত্ব নিদি এখন কাণেৰে শুনি ইখন কাণেৰে উলিয়াই দিছিলো৷ তথাপিও গুৰুত্ব নিদিও জানো পাৰি? ফৌজত লাইফৰ আধা পাৰ কৰা মানুহজনৰ লগত থাকি থাকি এতিয়া আমাৰ মাক পুতেকৰ জীৱনো ফৌজৰ টাইপত ঢাল খাবলৈ ধৰিছে৷ ঘণ্টাৰ কাঁটাৰ পৰা এতিয়া মই মিনিটৰ কাঁটা হ’লোগৈ৷ বাকী লৰাটোকো কমাণ্ডো ট্ৰেইনিং নিদিলেহে ৰক্ষা!

ফৌজী ৱাইফ্ v/s ঘড়ীৰ কাঁটা (৩)

কেতিয়াবা মন যায় ঘৰৰ গোটেই ঘড়ীসোপাকে যেন ক’ৰবাত লুকুৱাই পেলাম৷ না ৰহেগী বাঁস না বজেগী বাঁসুৰী! ৰাতিপুৱাৰ পৰা ৰাতি শুৱালৈকে মই কিজানি ঘড়ীৰ ডায়েলটোৰ ভিতৰতে সোমাই থাকো৷ ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ আগমুহূৰ্ততো যিবোৰহে থাৰ্ড ডিগ্ৰী ব্যৱহাৰ কৰে মানে কি কম!

“চাৰি বজাত গাড়ী ষ্টাৰ্ট দি দিম দেই৷ তাৰ কাৰণে ৩-৫৭ মানত ঘৰৰ বাহিৰ হ’ব পৰাকৈ ৰেডি থাকিবা৷” ক’ৰবালৈ যোৱাৰ আগতে মোক ৱাৰ্ণিং দিয়া এইষাৰি কথা ক’মন৷

মই কাপোৰ পিন্ধি মেকআপ কৰাৰ সময়খিনিত নিজে আগতেই ৰেডি হৈ এনেকৈ পায়চাৰি কৰি পেৰেড কৰিব ধৰে যেন কি হব কি নহ’বকৈ ঘৈণীয়েকৰ ডেলিভাৰি ৰুমৰ বাহিৰতহে ঘূৰি ফুৰিছে! তেনে অৱস্থাত দেখি কেতিয়াবা সুধিলে কয়, “মই জানো নহয় তোমালোক মাইকী মানুহবোৰে ওলাওঁতে কিমান সময় লোৱা৷ সেয়েহে টাইমত হবলৈ ময়ে আগত ৰেডি হৈ লওঁ৷“
সঁচাকৈয়ে তেওঁৰ উৎপাত দেখি মই সময়মতেই ৰেডি হৈ যাওঁ৷ কিন্তু কেতিয়াবাহে আচৰিত হৈ যাওঁ, যেতিয়া দেখো ৰেডি হোৱাৰ পাছতো আৰু পাঁচ মিনিট বাকী আছেই! মানে লাহে লাহে মই এতিয়া ছেকেণ্ডৰ কাঁটালৈ পৰিবৰ্তন হবলৈ আগবাঢ়ি গৈ আছো নেকি? আকৌ ভাবো ছেকেণ্ডৰ কাঁটা হবলৈ আগবাঢ়ি গৈ থকাই নহয়, ইতিমধ্যে হ’লোৱেই চাগে৷ অন্যথা উপায়ো নাই! নহ’লে কেতিয়াবা ’সময় হ’ল’ বুলি গাড়ী ষ্টাৰ্ট দি দিলে হাততে ফণি, কাণফুলি, লিপষ্টিক, চেন্দেল লৈ দৌৰ মাৰিবলগা হয় গাড়ীলৈ৷

কেতিয়াবা কেতিয়াবা দেৰি হৈছে বুলি এনেকৈ খৰখেদা লগাই লৈ যায় যে গৈ পাই দেখো আমি সময়তকৈ দহ মিনিট আগতেই৷ সুধিলে ক’ব, সময়তকৈ কেতিয়াও পিছত হব নালাগে৷ লাগিলে অলপ আগতেই হওক৷ তাৰ মাজতো কেতিয়াবা কেতিয়াবা ইমাৰজেন্সিবোৰও থাকেই! বোলে, ’মই খাবলৈ আহি আছো, যি আছে দিবা৷ নহলেও নাই নোখোৱাকৈয়ে থাকিম৷ পাছত সময় নাই৷’ মোৰ এনে তত হেৰাই কি কম, যেন কাৰ্ফিউৰ আগমুহূৰ্তটোহে! তাতে আকৌ কেতিয়াবা দিল দেহলাদেনেৱালা ইমাৰজেন্সি কিছুমানো আহি পৰে৷ যেনে, “এটা ইভেণ্ট এটেণ্ড কৰিব লাগে, ৰেডি হৈ আহি যোৱা৷“ শুনিয়ে মাথা ঘূৰাই যায়৷ সেয়েহে আজিকালি চালাকজনী হৈ পৰিছো৷ ইউনিফৰ্মৰ দৰে কাপোৰ এযোৰ ইমাৰজেন্সিৰ কাৰণে হাতৰ থাপতে পোৱাকৈ মোৰ আজিকালি সদায়ে ৰেডি৷ সাউতকৈ চুলিত ক্লিপটো গুজি, সাউতকৈ লগা বস্তুকেইটা ৫ ছেকেণ্ডতে হাততে মুঠি মাৰি পাৰ্চটোত ভৰাই গজং গজং খোজ দি মই আজিকালি চব অপাৰেচন পাছ কৰি পেলাইছো৷

তেওঁৰ আন এটা মন্তব্য, “গাড়ীখননো কিয় লাগিছে, ভগৱানে ভৰি কেইটা দিছেই!“ তেওঁ কোৱা কথাকেইটা অৱশ্যে নোহোৱাও নহয় দেই, মোৰ খোজ এলাপেচা খোজ হৈ ৰোৱাগৈ নাই! কেতিয়াবা ভাবো মোৰ আগৰ খোজকেইটা কেনে আছিল বাৰু!

এতিয়া আহিল পৰিশ্ৰমৰ সংজ্ঞা৷ পৰিশ্ৰম কাক কয়? এক কিঃমিঃ বাট যেতিয়া চব্জি কিনি হাতত কঢ়িয়াই আনিবা সেয়াহে পৰিশ্ৰম৷ মালীটো আঁতৰাই নিজ হাতেৰে গাৰ্ডেনিং কৰিবা সেয়াহে পৰিশ্ৰম৷ পিছে তেওঁ কোৱা সেই টেষ্টত আজিলৈকে মই পাছ কৰিব নোৱাৰিলো৷ সেয়েহে ঢোল ঢোল বুলি ক’লেও কথাষাৰ গাত লগাই নলওঁ আৰু আচল জমনিটো তেতিয়া হয় যেতিয়া মাৰ ঘৰত থাকোগৈ৷ ঘৰত গৈ থকাকেইদিন মাহঁতে জানো কিয় ঘড়ী চাই চাই তৎ হেৰুৱাবলৈ ধৰে৷ মোৰ মতেতো মই পুৰা এলাহ মাৰো, কিন্তু মাহঁতেহে জানো কিয় কবলৈ ধৰে, “শান্তি পাচোন! শান্তি পা৷” তেতিয়াহে মই আচলতে অলপ কনফিউজড্ হৈ যাওঁ৷

কেতিয়াবা ভাবো ফৌজী মানুহলৈ বিয়া ঠিক হোৱা ছোৱালীবোৰৰো কিছু ট্ৰেইনিং বাধ্যতামূলক কৰি দিয়া হলেই ভাল আছিল নেকি! কমচে কম একাডমীৰ পৰা পলাই যোৱা নতুন কেডেটবোৰৰ দৰেই আমিবোৰেও চাঞ্চ এটা পালোহেঁতেন৷ তথাপিও এতিয়াও অৱশ্যে চাঞ্চ এটা মাৰি চাব পাৰি!

★★★★

 

Leave a Reply

Your email address will not be published. Required fields are marked *