ফটাঢোল

শনিপাত- পূৰ্ণাক্ষী ভট্টাচাৰ্য্য

এইবাৰৰ শনি এক্কেবাৰে পঢ়াকু শনি৷ দিনৰ দিনটো লাইব্ৰেৰীত বহি থাকে৷ প্ৰতি দুঘণ্টাৰ মূৰে মূৰে এবাৰকৈ উঠি আহে৷ কাৰণটো চাহ৷ শনি চাহপ্ৰেমী৷ পঢ়া আৰু চাহ নহ’লে শনিৰ জীৱন বৃথা৷

এপ্ৰিল মাহৰ কথা৷ লেবাৰ ৰুমত ডিউটি চলি আছে৷ শনি, মই আৰু আন তেৰজনৰ ডিউটি পৰিছে গোটেই এপ্ৰিল মাহটোত৷ পোন্ধৰজনৰ পাঁচজনকৈ তিনিটা সৰু সৰু গ্ৰুপত ভাগহৈ ইভিনিং আৰু নাইট ছিফটৰ ডিউটি কৰি আছিলোঁ‌৷ দুদিনৰ মূৰে মূৰে এদিন অফ্৷ প্ৰথম কেইদিনমান ঠিক ঠাকে গ’ল৷ কিন্তু যিমানেই বিহু ওচৰ চাপি আহিল, সিমানেই গ্ৰুপৰ মাজত এটা চেপা উত্তেজনা বিৰাজমান হ’ল৷ কাৰণ বিহু বুলি আমাৰ অফিচিয়েল ছুটি নাই৷ এপ্লিকেচন দি যাব পাৰি৷ কিন্তু এক্সটেনচন লাগিব পাছৰফালে যিটো কাৰো কৰাৰ মন নাই৷ আৰু এপ্লিকেচন দিলেও গোটেইবোৰ যাব নোৱাৰে৷ ডিউটি কৰিবলৈ কোনোবা নহয় কোনোবা থাকিব লাগিব৷ এতিয়া কোন যাব আৰু কোন নাযাব! সাতে পাঁচে মিলি আমাৰ অৱস্থাটো অলপ বেয়া হ’ল৷ বহুত ভাবি চিন্তি আমি দুটামানে এটা সিদ্ধান্তলৈ আহিলো‌৷ কথা হ’ল যে গোটেই পোন্ধৰজনে মিলি দুটা গ্ৰুপত ভাগ হৈ দহ দিনৰ ছুটি লোৱা যাওক৷ প্ৰথম পাঁচদিন এটা গ্ৰুপ ঘৰলৈ যাব আৰু বাকী থকাখিনিয়ে দুয়োটা গ্ৰুপৰ ডিউটি মিলাই কৰি ল’ব৷ পাঁচদিনৰ পাছত বাকী থকাখিনি ঘৰলৈ যাব আৰু আগৰখিনি আহি দুয়োটা গ্ৰুপৰ ডিউটি কৰিব৷ অলপ কষ্ট হ’ব৷ কিন্তু ঘৰলৈ যাবলৈ বাবে ইমানখিনি কষ্ট আমাৰ বাবে একোৱেই নাছিল৷

কিন্তু বাটত শনি বহি আছিল নহয়৷ শনিয়ামী হ’বই লাগিব৷ দুদিনমান পাছত শনিয়ে সদম্ভে ঘোষণা কৰিলে যে তেওঁ ঘৰলৈ নাযায়৷ গতিকে শনিক ছুটিৰ দৰকাৰ নাই৷ তেওঁ অকল নিজৰ ডিউটি কৰিব৷ বাকী ডিউটি কেনেকৈ মেনেজ হ’ব সেয়া তেওঁৰ বাবে বিচাৰ্য বিষয় নহয়৷ বোলো “শনিক দেখি উঠিল গা, ৰাহু-কেতুৱে বোলে মোকো চা৷“ আন দুজনমানেও শনিৰ কথাত হয়ভৰ দিলে৷ বাকী থকা আমাৰ কেইজনীৰ মুৰত আকাশখন খহি পৰাৰ দৰে হ’ল৷ ঘৰলৈ যাব নোৱাৰিব বুলি দুজনীমানৰ চকুৰ পানী নাকৰ পানী একাকাৰ হ’ল৷ ডিউটি নথকা লগৰবোৰে ইতিমধ্যেই টালি টোপোলা লৈ ঘৰ পালেগৈ৷ কি কৰা যায় ভাবি ভাবি অৱশেষত এপ্লিকেচন দি যোৱাটোকে ঠিক কৰিলো‌৷ দুদিন অফ্ মিলালো আৰু বাকী দুদিনৰ বাবে এপ্লিকেচন দিলো৷

পিছদিনা ৰাতিপুৱা বাছ আছে৷ আগদিনা নাইট ডিউটি৷ নটাৰ পৰাহে ডিউটি আৰম্ভ হয় যদিও খালী হোষ্টলটোত কাম বন একো নাই বাবে অলপ সোনকালেই ডিউটিলৈ ওলালো৷ আধামান গৈয়ে দেখিলো আগত সেয়া শনি৷ পিঠিয়ে হাতে দুটা বেগ লৈ ক’ৰবালৈ গৈ আছে৷ আমি অলপ হতভম্ব৷ শনিয়ে কি কৰি আছে চাবলৈ শনিৰ পিছে পিছে অলপ দূৰ গৈ থাকিলো৷ কথাটো ধৰিব পৰা নাই ভালদৰে৷ কলেজ গেটৰ সন্মুখ পাই শনি চাহ খাবলৈ দোকান এখনত সোমাল৷ ৰাস্তাৰ কাষৰ সৰু সৰু দোকান৷ আমিও ওচৰৰে দোকান এখনত সোমাই চাহৰ অৰ্ডাৰ দিলো৷ চকু কাণ সব শনিৰ ওপৰত৷ আমাক তেনেকৈ চোপ লৈ থকা দেখি চিনাকি ইণ্টাৰ্ন দাদা এজনে মাত লগালেহি৷ দাদাৰো প্ৰায়ে আমাৰ লগত ডিউটি পৰে৷ দাদাক সংক্ষেপে শনিৰ কথাটো ক’লে৷ দাদাই বোলে ৰ’বা, কিবা এটা কৰো৷ আমাক ক’লে শনিলৈ ফ’ন লগোৱা আৰু সোধা ক’ত আছে৷ শনিয়ে ফ’ন ধৰি ক’লে যে তেওঁ হোষ্টলতে আছে৷ পঢ়ি আছে৷ আমি ডবল হতভম্ব৷ দাদাই আমাক তাতে ৰ’বলৈ কৈ নিজে শনিৰ ওচৰলৈ গ’ল৷ আমি ফিল্মৰ লাষ্ট চিনটোৰ দৰে চাই আছো‌ দুয়োৰে পিনে৷ চকু ওলাই আহো আহো অৱস্থা৷ তেনেতে শনিয়ে আকৌ সদম্ভে ঘোষণা কৰিলে যে তেওঁ ঘৰলৈ গৈ আছে৷ আমাৰ মেলা মুখ মেলাতে ৰ’ল৷ দাদায়ো কি কৰো নকৰো হৈ অলপ সময় মনে মনে ৰ’ল৷ তেনেতে শনিয়ে চাহৰ পইচা দি যাবলৈ ওলাল৷ যাওঁতে দাদাক কৈ থৈ গ’ল যে আমাক যাতে শনি ঘৰলৈ যোৱা খবৰটো নিদিয়ে৷ তেতিয়াহে আমি অলপ ছেন্সটো ঘূৰাই পালো৷ বিদ্যা শপত, ঠেকেছি শনিৰ মুখ ভাঙি দিবৰ মন গৈছিল আটাইকেইজনীৰ৷ শনিক ক’বলৈ ওলাইছিলোহে কিবা এটা, শনি গৈ অট’ত উঠিল৷ আমাক হঠাত দেখি শনিৰ চেহেৰাটো চাব লগীয়া হৈছিল৷ লগৰজনীয়ে হাতখন মুঠি মাৰি ঘোচা কেইটামানকে দেখুৱালে শনিক৷ গোটেই ৰাতিটো শনিক শাওপাত দিয়ে কটালে‌৷

ছুটি শেষ কৰি সকলোবোৰ আহিল৷ শনিয়ো৷ দুমাহমান শনিৰ লগত মাতা মাতি বন্ধ৷ অৱশেষত সকলোকে চাহ একোকাপ খুৱাই শনিয়ে ক্ষমাভিক্ষা বিচাৰিলে আৰু নিজৰ কাৰ্যত কিমান অনুতপ্ত সেয়াও ব্যাখ্যা কৰিলে৷ আজিও আমাৰ কাৰোবাৰ খং উঠিলে শনিয়ে নিজৰ সেই ঘটনাটোৰ বাবে কথা শুনিয়ে আছে৷ তাৰ মাজতে আন কিছুমান সৰু সুৰা শনিয়ামীও কৰি আছে৷ শনি হয়তো!

কুকুৰৰ নেজ চৈধ্য বছৰ বাঁহৰ চুঙাত সুমুৱাই চিধা কৰি মাটিত পুতি থওক৷ চিধা নহয়৷ বেঁকা হৈয়ে থাকিব৷ আমাৰ এই শনিও সদায় শনি হৈয়ে থাকিল৷

ব্যস্ত জীৱনত এই শনিপাতবোৰৰ লগত হোৱা খং, অভিমান, হাঁহি, ধেমালীবোৰো এক সুকীয়া আমেজ আৰু অনন্য অভিজ্ঞতাৰ সোৱাদ৷

★★★★

6 Comments

  • Manashi Baruah

    বঢ়িয়া পিছে এই শনিটো কোন, মেল নে ফিমেল জানিবলৈ মন থাকিল

    Reply
  • অভিজিত কলিতা

    হাইটচ অৱ শণিয়ামি। এনেবোৰ কেৰেক্টাৰ হোষ্টেলত প্ৰায়ে পোৱা যায়। ভাল লাগিল

    Reply
  • ৰিণ্টু

    প্ৰত্যেক হোষ্টেল লাইফতে এনে এজন শনি পোৱা যায়, আমি কলেজত এনেকুৱা শনিৰ দশা দুৰ কৰিবলৈ দশমেধ যজ্ঞ কৰিছিলো।

    খুব ভাল লাগিল পঢ়ি, আগলৈও ফটাঢোলৰ মজিয়াত “শনিৰ দশা” পঢ়ি থাকিম বুলি আশা কৰিলো

    Reply
  • Dr Sanjay Sharma

    Val lagil Pohi..sob group t anekua ajon thakei…keep it up

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *