ফটাঢোল

অফলাইন চাট- চাহিন জাফ্ৰি

শ্ৰেণীকোঠাত টোপনিৰ বাবে বিখ্যাত হৈ পৰা এই ধুনু আপীজনীৰ আৰু এটা ইণ্টাৰেষ্টিং কেছ ক’বলৈ ওলাইছো দেই ৰাইজ৷ দায়-দোষ ক্ষেমিব৷

সেইদিনা ছাৰৰ কথাত মোৰ অকণমানি নাকটোত লাজ অকণমান লগাত পিছদিনাখন অলপ কণ্ট্ৰ’ল কৰি ক্লাছলৈ গ’লোঁ৷ সঁচাকৈয়ে সেইদিনা মই অকণো টোপনি মৰা নাছিলোঁ৷ হঠাৎ মোৰ পৰিৱৰ্তন দেখি লগৰমখা আচৰিত হোৱাৰ লগতে হতভম্বও হ’ল৷ মোৰ নলে-গলে লগা বৰপেটীয়া আপীজনীয়ে মোক সুধিয়েই পেলালে-

-“কি হ’ল এ তৰ্ আজি? টোপ্নি মৰা নাই জি?“

-অ’ ৰ’ব এটা কথা ক’বই পাহৰিছো, আমি আকৌ তেতিয়া খুব অফলাইন চাট্ কৰোঁ৷ বিশেষকৈ ক্লাছৰ সময়খিনিত৷ বুজা নাই? ক’তনো বুজিব! এইবোৰ আমাৰ নিচিনা ইচমাৰ্ট (স্মাৰ্ট) আপীৰ হে কাম৷ যা হওক, জানিব খুজিছেই যদি কৈছো‌ আৰু দেই – ক্লাছ কৰিবলৈ লৈ যোৱা বহীকেইখনৰ সৎ ব্যৱহাৰ কৰি আমি তাৰ পিছফালে লিখি লিখি কথা পাতিছিলোঁ‌৷ মানে ধৰক তাই তাইৰ বহীৰ পিছফালে কিবা এটা লিখি মোক দিলে, ময়ো তাৰ উত্তৰটো লিখি তাইক দিলোঁ৷ এইদৰেই আমাৰ কথা বতৰাৰ পৰ্ব চলি থাকে আৰু৷ ইফালে আমাৰ শিক্ষাকে, মাথা-মুণ্ড কি পঢ়ুৱাইছে তেওঁহে বুজে আৰু৷ আমি আকৌ মাজে মাজে মূৰটো লৰাই থাকি সকলো বুজি পোৱাৰ অভিনয় কৰিবলৈকো নাপাহৰো দেই৷ দেখিছেনে কিমান চালাক আপী আছিলোঁ!

কিন্তু কেতিয়াবা কেতিয়াবা আকৌ অতি চালাকৰ গলাই ফাঁচি হয়! তাৰেই নিদৰ্শন স্বৰূপে সিদিনাখন ঘটনাটো ঘটিল৷

তাই মোৰ বহীৰ পিছফালে লিখি সুধিছিল সেইদিনা মই কিয় টোপনিওৱা নাই আৰু ময়ো তাৰ উত্তৰ হিচাবে লিখি পঠিয়াইছিলোঁ‌

-আজি ভাত খাই অহা নাই যে, সেয়েহে টোপনি অহা নাই! ইদজত কা চাৱাল হে য়াৰ৷

-অ’ ৰ’ব আৰু এটা কথা- আমি দুজনী মানে এইদৰে অফলাইন চাট্ কৰাত ইমানেই অভ্যস্ত আছিলো যে – চেমিষ্টাৰৰ চেছ’নেল পৰীক্ষাতো প্ৰশ্ন কাকতৰ পিছফালে দুই এটা কথা পাতিবলৈ নেৰিছিলো! বেছিভাগ তাই মোৰ আগফালৰ নহ’লে পিছফালৰ বেঞ্চখনত বহিছিল৷ এদিন পৰীক্ষাত আটাইকেইটা প্ৰশ্ন ’কমন’ নপৰাত তাই প্ৰশ্নকাকত খনত লিখি পঠিয়াইছিল

-একো নাজানোৱেইচোন, আমি বৰ গাধ ন?

অমুকীয়ে আকৌ ভুলটো শুধৰাই উত্তৰ দিছিলো-

-গাধ নহয়, গাধীহে আমি৷

কিন্তু সেইদিনা চাগে মোৰ দিনেই বেয়া আছিল৷ হঠাতে ছাৰে মোক আকৌ থিয় কৰাই প্ৰশ্ন সুধিবলৈ লাগিল৷ মই বোলো মনতে- ’মোকেহে পাইনে সদায়! কাৰণো মুখ চাই ওলাইছিলো!’

আমাৰ সহজ-সৰল যেন লগা ছাৰে মোক অতি সহজভাৱে সুধিলে –

-কোৱাচোন চাহিন, মই যে আজি পঢ়ালো, তাত তোমাৰ কিবা সুধিব লগা আছে নেকি?

-অ’ এম জি! ছাৰে নো কি পঢ়াইছিল মই চোন নাজানোৱেই৷ তাতে আকৌ প্ৰশ্ন! বোলো ৰাম! ৰাম!

তথাপিও কোনোমতে সেপ ঢুকি উত্তৰ দিলোঁ-

-নাই ছাৰ, বুজি পাইছোঁ সব৷

ছাৰ- ভয় কৰিব নালাগে সোধা৷ মই আকৌ বুজাই দিম নহয়৷

মই- (তলমূৰ কৰি) নাই ছাৰ!

ছাৰ- তেতিয়া হলে বহীৰ পিছফালে লিখি লিখিয়েই সোধাচোন! লগৰ জনীক সুধিব নালাগে, ময়েই বুজাই দিম বাৰু ভালকৈ!

হে ঈশ্বৰ, আল্লা, গড! ক’ত আছা তুমি! মই বাৰু এতিয়া হাঁহিমেই নে কান্দিমেই! এনে গতি মোৰহে হবলৈ পায়নে সদায়! আৰু যেন কাৰো এনে নহওক!

তাৰপাছত কি হ’ব আৰু! সেইদিনাৰ পৰা অমুকীৰ বহীৰ পিছফালে ’অফলাইন চাট্’ কৰা বন্ধ হ’ল৷ বোলো কথা এষাৰ আছে নহয়- ’ঠেকিলেহে মানুহে শিকে’৷

★★★★

2 Comments

  • nayan

    hahi hahi ye phri xes krilu…..

    Reply
  • হেমন্ত কাকতি

    গোটত পঢ়িছিলো ৷ আকৌ এবাৰ পঢ়ি মজ্জা লাগিল ৷ লিখি থাকিবা চাহিন ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *