মায়ানগৰী মুম্বাইৰ এটা বিশেষত্ব, ’নাইট লাইফ’। মানে ৰাতিৰ জীৱন৷ হয়, আধা দিনটো ট্ৰেফিক জামত ফচি মানুহবোৰে ৰাতি অলপ এনজয় কৰিবই দিয়কচোন৷ এই ’নাইট লাইফ’ৰে এটা অন্যতম ব্যৱস্থা ’পাব’। বাহঁগছৰ পাব বুলি ভুলতেও নাভাবিব৷ এই ’পাব’ অৰ্থাৎ ডিস্ক’বোৰ হৈছে মুম্বাইৰ নাইট লাইফৰ অন্যতম আকৰ্ষণ৷

মুম্বাইলৈ অহাৰ পিছৰে পৰাই শ্ৰীমতীৰ ’পাব’ প্ৰীতি দিনক দিনে বাঢ়ি গৈ থাকিল৷ পিছে ময়ো এলা-পেছা ভকত নহয়তো৷ গতিকে এই ’পাব’ জাতীয় বস্তুবোৰৰ পৰা এওঁক আঁতৰাই ৰাখিবলৈ পাৰ্য্যমানে চেষ্টা কৰিছিলো৷ এনেকুৱা নহয় যে মই ’পাব’লৈ গৈ পোৱা নাই, বা ’পাব’ মই বেয়া পাওঁ৷ আচলতে এইবোৰত ঘূটুং পানীবিধৰ দামটো বহুত বেছি৷ মোৰ ইণ্টাৰেষ্ট আকৌ এইবিধতহে৷ গতিকেই মই ’পাব’ পৰাপক্ষত এৰাই চলো৷ হেৰৌ, এই ’বিয়া’ নামৰ মহামাৰীটোৰ কৃপাদৃষ্টিত মোৰ এনেই অৱস্থা কাহিল৷ তাতে এতিয়া ভূতৰ ওপৰত দানহ পৰাদি এই ’পাব’ বোলা শব্দটোৱে মোৰ বেংক একাউণ্টটোলৈ শগুনে চোৱাদি চাবলৈ লৈছে৷ আনহাতে এওঁৰ নেৰা-নেপেৰা প্ৰচেষ্টা ’পাব’লৈ যোৱাৰ৷

এনেও বহুদিন মুখ ফুলাই থকা দেখি দেখি সকলোৰে আমনি লগাৰ দৰে মোৰো লাগিল৷ এনেয়েও শ্ৰীমতী, তাতে মুম্বাইত থাকি ’পাব’লৈ নাযাব! ই কেনেকৈ সম্ভৱ? অগত্যা মই সন্মতি প্ৰকাশ কৰাৰ বাহিৰে একো উপায় নেদেখিলো৷ মনতে ভাবিলো, ”ছ’ৰি বেংক একাউণ্ট৷ তই শগুনৰ ভোজ হ’বলৈ বেছিপৰ নাই৷”

শ্ৰীমতীয়ে ’পাব’ যোৱাৰ প্ৰিপেয়াৰেছন আৰম্ভ কৰিলে৷ এইকেইদিনত বিউটি পাৰ্লাৰৰ লগত এওঁৰ সম্পৰ্ক আৰু গাঢ় হ’ল৷ হাত-ভৰিত কি পলিছ কৰিলে নাজানো, চক-চকীয়া হৈ পৰিল দেখোন৷ এওঁৰ চুলিবোৰৰ অ’ৰিজিনেল ৰং কি আছিল, মইতো পাহৰিলোৱেই, পিছে স্বয়ং সৃষ্টিকৰ্তাজনেও এই অৱস্থাত এওঁক দেখিলে তবধ মানিলেহেঁতেন৷ মোৰ বেংক একাউণ্টটোৰ অস্তিত্ব সংকটত পৰাকৈ চুটি চুটি কাপোৰ লোৱা হ’ল৷ এইবোৰ চাই থাকি মনতে ভাবিলো, ”এৰা, হয়তো৷ মেখেলা-চাদৰ পিন্ধিতো ’পাব’লৈ যাব নোৱাৰি৷” নতুন খাৰু-মণি আহিল, ভৰিত পিন্ধা পাদুকা আহিল৷ মই এওঁৰ ভৰিত পিন্ধা এনেকুৱাবোৰক ’পাদুকা’ নাম দিছো৷ জোতা নে চেণ্ডেল ধৰিবই নোৱাৰি দেখোন এইবোৰ৷ নতুন মেক-আপৰ সামগ্ৰীসমূহ ৰাখিবৰ বাবে মোৰ লেপটপটোৰ ওপৰত কাগজ এখন পাৰি ইয়াক টেবুল বনোৱা হ’ল৷ এইবোৰলৈকে ঠিকেই আছিল৷ পিছে এওঁ যেতিয়া মোৰ বাবেও নতুন কাপোৰ শ্ব’পিং কৰিলে আৰু মোক পিন্ধি চাবলৈ ক’লে, তেতিয়াহে মোৰ হাঁহিম নে কান্দিম লাগিল৷ মানে, সাধাৰণতে মই এক্স এল ছাইজৰ কাপোৰ কিনো, কিয়নো মোৰ ক্ৰমবৰ্ধমান শৰীৰটো এই ছাইজৰ মাজত আৰামত সোমাই পৰে৷ কিন্তু শ্ৰীমতীয়ে ’পাব’লৈ এনেকুৱা কাপোৰৰ অধিকাৰীৰ লগত নাযায় বুলি ন’টিছ এখন এমাহমান আগতেই জাৰি কৰিছিল৷ গতিকে মোৰ বাবে মিডিয়াম ছাইজৰ কাপোৰ আহিল৷ মই উশাহ ভিতৰলৈ টানি যেনে-তেনে পিন্ধিলো ঠিকেই, পিছে লগে লগেই মই যমপুৰী দেখাৰ দৰে হ’ল৷ এওঁৰ মুখলৈ কাতৰ দৃষ্টিৰে চালো৷ এওঁৰ নট ছেটিছফাইড  এক্সপ্ৰেছনটো মই বুজি পালো৷ মনতে ত্ৰাহি মধূসুধন সোঁৱৰিলো৷ ভাৱিলো, ”এইবাৰ বা কি?”

প্ৰায় এমাহমান আগৰে পৰাই শ্ৰীমতীয়ে ’ফিগাৰ মেইণ্টেইন’ আৰম্ভ কৰি দিছিল৷ শ্ৰীমতীৰ সূত্ৰমতে ’ফিগাৰ মেইণ্টেইন’ৰ লগত খাদ্যৰ পোনপটীয়া সম্পৰ্ক থাকে আৰু এই সমস্ত প্ৰক্ৰিয়াটোক ’ডায়েটিং’ বোলে৷ গতিকে শ্ৰীমতীয়েও ’ডায়েটিং’ আৰম্ভ কৰি দিলে৷ চব ঠিকেই আছিল৷ কিন্তু এওঁৰ লগতে যেতিয়া মোকো জোৰ-জবৰদস্তি এই প্ৰক্ৰিয়াটোত বেআইনীভাৱে অন্তৰ্ভূক্ত কৰা হ’ল, মোৰ শ্ৰীবিষ্টু সোঁৱৰাৰ বাহিৰে একো উপায় নাথাকিল৷

সেই নিৰ্দিষ্ট ৰাতিটো আহি পালে, ’পাব’লৈ যোৱাৰ৷ শ্ৰীমতীৰ গা সাতখন-আঠখন৷ মই এইবুলিয়েই সান্ত্বনা লভি আছো যে আজি অন্ততঃ ঘুটুং পানী অকণমান বেছিকৈ গ্ৰহণ কৰিলেও শ্ৰীমতীয়ে একো নকয়৷ যথাসময়ত আমি ওলালো ’পাব’লৈ বুলি৷ শ্ৰীমতীলৈ চকু দিলো৷ সম্পূৰ্ণ নতুন ৰূপ৷ এওঁৰ এনেকুৱা ৰূপ মই বিয়াৰ আগতেহে দেখা মনত আছে৷ অৱশ্যে তেতিয়া মোৰ চকুযুৰিও এইবোৰ ক্ষেত্ৰত বেচ কাৰ্য্যক্ষম আছিল৷ এনেকুৱা পত্নীক লগত লৈ যাবলৈ অলপ ভাল লাগেই দিয়কচোন৷ একেবাৰে দিল গাৰ্ডেন গাৰ্ডেনটাইপ হৈ গ’ল৷ সপোন সপোন যেন লগা এই মুহূৰ্তটো মোৰ এৰি দিবলৈ একবাৰেই মন নগ’ল৷ এক সন্তুষ্টিৰ হাঁহি মোৰ ওঁঠৰ কোণেদি বাগৰি আহিল৷ পিছে বেছিপৰ নালাগিল মোৰ এই সপোনৰ মোহটো ভাঙিবলৈ৷ মোৰ দ্ৰেছটো দেখি এওঁ নাকটো কোঁচাই ক’লে, ”তোমাৰ লগত যে মই নোৱাৰিছো আৰু৷ তুমি একেবাৰেই ছিৰিয়াছ নহয়৷ তোমাক মোৰ বাপেক বুলি নক’লেহে ৰক্ষা৷ মই যদি ইনছাল্ট ফিল কৰো, চাবা কিন্তু৷”

মই যে এতিয়া বিবাহিত আৰু এওঁ যে মোৰ প্ৰেয়সী নহয় পত্নীহে, এই কথাটো আকৌ এবাৰ অনুভৱ কৰি বাস্তৱিকতালৈ ঘূৰি আহিলো৷
(এওঁৰ ”চাবা কিন্তু”ৰ অৰ্থ হ’ল কিচ্চেনৰ সমস্ত কাম কেইদিনমানলৈ মোৰ হ’ব আৰু এদিন শ্ব’পিং হ’ব৷)

”ৱেলকাম মেম৷ হেভ আ নাইছ ইভনিং৷ ” বাউন্সাৰটোৱে এওঁক সম্ভাষণ জনালে৷ মনতে ভাবিলো, ”হাৰামীটোৱেও এওঁকহে ন’টিছ কৰিছে৷ চাল্লা মই কি মানুহ নহয় নেকি বে?” বাউন্সাৰটোলৈ ঘোপাকৈ চালো, সি মন নকৰিলে৷ তাৰ মস্ত মস্ত বাহুকেইটাই মোক উপলুঙা কৰা যেন পালো৷

ভিতৰলৈ আহিয়েই জমক-তমক লাইটবোৰে মোৰ ঘুটুংপানীৰ কাউণ্টাৰটো বিচৰাত অলপ অসুবিধাৰ সৃষ্টি কৰিলে৷ শ্ৰীমতীলৈ চালো৷ নিজৰ পত্নী আৰু গাৰ্লফ্ৰেণ্ডৰ লগত এই ’পাব’ জাতীয় ঠাইবোৰলৈ কেতিয়াও আহিব নাপায়৷ কাৰণ নিজৰজনীৰপৰা চকুকেইটা আঁতৰাব নোৱাৰি আৰু বেলেগলৈও চকু নিব নোৱাৰি৷ অগত্যা চকুকেইটা এওঁৰ ওপৰৰপৰা আঁতৰাই  ননাকৈ কাউণ্টাৰ পালোহি৷ এওঁ ’পাব’ৰ লাইটিংৰ লগত মিলি পৰিছে৷ মিউজিকৰ তালে তালে কঁকাল হিলাই হিলাই অলপ অলপকৈ এওঁ আৰম্ভ কৰিছেই৷ মই ভাবিলো, ”হয়তো, কিনা হাঁহৰ ঠোঁটলৈকে মঙহ৷ এই বাক্যটো চাগৈ শ্ৰীমতীৰ নিচিনাসকলৰ বাবেই উলিয়াব লগা হৈছিল৷ ”

শ্ৰীমতীয়ে মোক কাণে কাণে ক’লে, ”ব’লানা অলপমান ডান্স কৰোঁ৷” মই এইসময়ত এইটো কল্পনাও কৰিব পৰা নাছিলো যে এনেকুৱা পৰিস্থিতি এটাৰো মই সন্মুখীন হ’ব লাগিব৷ মোৰ চিধা উত্তৰ, ”মই আৰু ডান্স? বিহুহে অলপ-অচৰপ জানো৷ চলিবনে?” শ্ৰীমতীৰ পোন্দোৱা চাৱনিটো দেখি বুজিলো, ইয়াত বিহু নচলিব৷ এনেয়েও মই ঘুটুং পানীটুপি নহ’লে এনেবোৰ কামৰ কথা ভাবিবও নোৱাৰোঁ৷

’পাব’সমূহত এণ্ট্ৰি ফীজ এটা লয় আৰু তাৰ বিনিময়ত দুটা ভালুক ফ্ৰী দিয়ে৷ মই এই দুটালৈকে অপেক্ষা কৰি ৰ’লো৷ আহিল৷ কাউণ্টাৰতে বহি ইহঁতক হত্যা কৰিলো৷ এইবাৰ মোৰ ঘুটুং পানীবিধ আহিল৷ আহিল মানে চাৰিবাৰলৈকে অহাটো মনত আছিল৷ পিছত মই গুৰুত্ব নিদিলো৷ মাজতে শ্ৰীমতীলৈ চালো, এজনী বান্ধৱীৰ লগত এওঁৰ ডান্স চলি আছে৷ মই আকৌ মোৰ কাৰ্য্যত মন দিলো৷ এনেতে শ্ৰীমতী মোৰ কাষৰ আসনখনতে বহিলহি, একেবাৰে চিনেমাৰ ষ্টাইলত৷ মই এওঁক ওপৰৰ পৰা তললৈ ভালকৈ চালো৷ কি সুন্দৰ! বৈ পৰা চুলি, ডাঠ কলা কাজলসনা দুচকু! আসঃ যেন চালে চায়েই থাকিম৷ শ্ৰীমতীয়েও মোৰ চকুলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিলে৷ মোৰ মনটো বহুবছৰৰ মূৰত আকৌ চেঙেলীয়া হৈ আহিল৷ ময়ো এটা হাঁহিৰে এওঁক ৰিপ্লাই দিলো৷ মোৰ মনত আজি শ্ৰীমতীৰ লগত ডান্স কৰিবলৈ তীব্ৰ ইচ্ছা এটা জাগি উঠিল৷ মই থিয় হৈ এওঁক ডান্সলৈ বুলি নিমন্ত্ৰণ জনাবলৈ লওঁতেই বাউন্সাৰটোৱে মোৰ সন্মুখত থিয় দিলেহি আৰু মোৰ সন্মুখৰ পৰা এওঁক আঁতৰাই লৈ গ’লহি৷ মই চিঞৰি উঠিলো, বাউন্সাৰটোৰ ওপৰত৷ মোৰ শ্ৰীমতীক ই বাউন্সাৰটোৱে কিয় আঁতৰাই নিলে মই একো নুবুজিলো৷ কিন্তু মোৰ চিঞৰ শুনি শ্ৰীমতী মোৰ কাষ পালেহি৷

শ্ৰীমতীক এইবাৰ অলপ বেলেগ বেলেগ দেখিলো৷ মানে অলপ আগতে দেখা শ্ৰীমতীৰ ৰূপ-সৌন্দৰ্য্যৰ লগত এইজনীৰ অলপ অমিল দেখিলো৷ মূৰটো অলপ বিষোৱা যেন অনুভৱ হ’ল৷ এওঁৰ পেন্দোৱা চাৱনিটো দেখি মোৰ ভালুক, ঘূটুং পানী সকলোৰে ইফেক্ট মুহূৰ্ত্ততে নাইকিয়া হৈ গ’ল৷ মগজুৰ মাজেৰে শীতল তেজৰ সূঁতি এটা পাৰ হৈ যোৱা যেন অনুভৱ কৰিলো৷ বুজিলো আজি মোৰ নিস্তাৰ নাই৷ অদৃষ্টজনলৈ মনতে সেৱা এভাগ আগবঢ়ালো৷ অগত্যা এওঁৰ লগত ’পাব’ ইভিনিং ইমানতে সামৰি বাহিৰ পালোহি৷ এওঁৰ মুড ট’টেল অফ৷ ঘৰলৈ আহি থাকোতেহে মনত পৰিল, ”তাৰমানে শ্ৰীমতী বুলি মই বেলেগ এগৰাকীকহে? ছেহ্, কি যে হৈ গ’ল! এৱোঁ ইমান মেকআপ কৰিব লাগেনে, মই চিনিবই নোৱাৰাকৈ?”

শ্ৰীমতীয়ে সকলো দেখিয়েই মোক লৈ আহিল আৰু এতিয়া আমি ঘৰমুৱা হৈছো৷ আগন্তুক দিনকেইটামানৰ কথা মনলৈ আহিল৷ এইবাৰ মোৰ মুড অফ হৈ আহিল৷

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *