অৰ্ণৱ, তোমাক ছাৰে মাতিছে৷

কিয়?

কিয়, মই কেনেকৈ জানিম!

মোৰ কাম আছে, মই যাওঁ৷
হ’ল আৰু৷
অৰ্ণৱৰ মূৰটো এনেই গৰম হৈ থাকে, তাতে এই ছাৰৰ নিমন্ত্ৰণ পালে উতলি উঠে৷ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷ কণা বিধিৰো যদি হৃদয় বোলা অংশবিধ কেনেবাকৈ ক’ৰবাত আছে, এই ছাৰৰ নাই৷
ছাৰ, সোমাইছোঁ৷
আৰে, অৰ্ণৱ৷ আহা, আহা৷
এই কেবিনৰ হাস্যবদন আৰু প্ৰফুল্লচিত্তৰ আদৰণি আৰু সিহঁতৰ ঘৰৰ কাষৰ থানখনত বলি দিবলৈ অনা ছাগলীটোক মানুহে কৰা শুশ্ৰূষাৰ মাজত অৰ্ণৱে কোনো পাৰ্থক্য বিচাৰি নাপায়৷

ছাৰ, স্মৃতিয়ে কৈছিল আপুনি মোক মাতিছিল?

অঁ৷ মাতিছিলোঁ৷ যোৱা কেইদিনমানৰ পৰা তোমাক দেখা পোৱাই নাই নহয়৷ আৰু তাতে তোমাৰ কামৰ কিমান কি প্ৰগ্ৰেছ হৈছে সেইয়া গম পাব পৰাকৈ মোৰ জানো ভাগ্য আছে!

এতিয়া থমথম মদন গোপাল হৈ ইয়াত বহি থাকিব নালাগে৷ যোৱা, আৰু অলপ কামো কৰা৷ নহ’লে তোমাক সন্তুষ্ট কৰিবলৈ মোৰ সাংঘাতিক অসুবিধা হ’ব৷

এই যে চ’চিয়েল চাইক’লজী বা সামাজিক মনঃস্তত্ত্ব, এইটোৱেই অৰ্ণৱৰ বাবে যতকূটৰ ঘাই৷ নাই মোমাইতকৈ কণা মোমায়েই ভাল, এনেই থকাতকৈ ক’ৰবাত মূৰটো সুমুৱাই থ’; এইবোৰেই হ’ল এইখন সমাজৰ চাইক’লজী৷ হেৰৌ, কৰোঁ বুলিয়েই যিকোনো কাম কৰিব পাৰি নেকি? ডিগ্নিটী অৱ লেবাৰ ভাষণবাজীৰ বাবে বঢ়িয়া; প্ৰেক্টিকেল লাইফত কেইজনে খটুৱাই এইবোৰ আদৰ্শ৷ খেতিৰ মাটি বন্ধকত থৈ ঘোচ দি চাকৰি লোৱা কেইটাই যেতিয়া সিহঁতৰ চোতালত বহি সমাজৰ কথা কয়, ডিগ্নিটী অৱ লেবাৰৰ কথা কয় তেতিয়া অৰ্ণৱৰ ক’বলৈ মন যায়, তোৰ বাপেৰৰ মূৰাটো৷ কিন্তু কোৱা নহয়৷ সিহঁতৰ কাষতে সিহঁতৰ ভণ্ডামিবোৰ শলাগি তাৰ বাপেক বহি থাকে৷ এইবোৰহে ল’ৰা৷ জীৱনবোৰ কেনেকৈ থানথিত লগালে দেখিছ৷ তোৰ দৰে ঘৰৰ উপাৰ্জনত বহি বহি খাই থকা নাই৷ তালৈ চোৱা বাপেকৰ চকু কেইটাই তাক এই কেইটা কথাকে কয়৷ সি ঘৰৰ উপাৰ্জনৰে খাই থকাৰ বাবে ঘৰখনৰ সমস্যা হোৱা নাই৷ সমস্যা হৈছে মানুহক ক’ব পৰাকৈ সি একো এটা কৰা নাই৷ মাকৰ চকুৰ চাৱনিতো সি একেই বেদনা দেখা পায়; যেন বাঘৰ মুখত পোৱালি পৰা ভেলেঙীৰ অসহায়তা৷ সাতে-সোতৰই মিলি চ’চিয়েল আৰু ফেমেলী চাইক’লজীৰ ওচৰত হাৰ মানি সি গুৱাহাটীলৈ আহি এই বিজ্ঞাপন সংস্থাটোত নিজৰ মূৰটো সুমুৱাই ল’লে৷ বাণিজ্যিক প্ৰতিনিধি মানে মাৰ্কেটিং ৰিপ্ৰেজেণ্টেটিভ৷ ইয়াত সোমোৱাৰ পিছতেই সি বুজি পালে যে হৃদয়ক বিজ্ঞাপন কৰোঁতে হোৱা দুখ-কষ্টই সেই বিজ্ঞাপনক বেচা-কিনা কৰিবলৈ যাওঁতে পোৱা দুখ-কষ্টৰ লগত পাত্তাই নাপায়৷ প্ৰথমবিধত মানুহে সহানুভূতি দেখুৱাই আৰু দ্বিতীয়বিধক ব্যৱসায়ী মহলে বৈদ্য কামোৰ নাম দিয়ে৷ প্ৰকৃততে, কামোৰ নাম দিয়াই নহয়, অলবৎ কামোৰ হ’বই লাগে৷ এইটোৱেইতো মাৰ্কেটিংৰ এক নম্বৰ উচুল৷ কামোৰ-বিদ্যাৰ প্ৰায়খিনিয়েই এতিয়া অৰ্ণৱৰ আয়ত্ত-পৰিধিৰ ভিতৰত৷ কিন্তু তাৰ টাৰ্গেটবোৰও কম বিধৰ নহয়৷ কামোৰ হজম কৰাৰ কলা তেওঁলোকৰ শিৰাই শিৰাই আছে৷ যুঁজখন চাবলগীয়া হয়৷ সিও এৰি নিদিয়ে আৰু তেওঁলোকও সহজে হাৰ মনা ভকত নহয়৷ এইখিনিতে টেলেণ্টৰ কথা আহি পৰে৷ তাৰ সুখ সন্তুষ্টি ভাঁড় মে যায়ে; ফেমিলি চ’চাইটী এইবোৰ সুখত থাকক, সন্তুষ্ট থাকক৷ এই আদৰ্শ সাৰোগত কৰিয়েই সি চাকৰিটো কোনোমতে চলাই আছে৷

ব্যক্তিগত মালিকানাধীন সংস্থাত কাম কৰাৰ জ্বালা কেনেকুৱা, সেই কথা এনেকুৱা কামৰ অভিজ্ঞতাহীন মানুহৰ বাবে হৃদয়ংগম কৰাটো অসম্ভৱ৷ উঠ বুলিলেই উঠ৷ যা বুলিলেই যা৷ অৰ্ণৱৰো একেই দশা৷ ছাৰৰ কেবিনৰ পৰা ওলাই আহি বেগটো পিঠিত ওলোমাই অৰ্ণৱ অফিচৰ পৰা বাহিৰলৈ বুলি খোজ ল’লে৷ আজিকালি অৰ্ণৱৰ হকে-নহকে খং উঠি থাকে৷ আগতে সি তাৰ গাৱঁৰ মানুহ এটাক চিৰ-অসন্তুষ্টিয়া বুলি ঠাট্টা কৰিছিল৷ এতিয়া সিও সেইফালেই গতি কৰিছে৷ সৱ এই চাইক’লজীৰে দোষ৷ অফিচৰ সন্মুখৰ দুৱাৰখনৰ কাষৰ ৱালখনত ওলমি বায়’মেট্ৰিক ডিভাইচটো দেখি তাৰ মগজুটো আকৌ এবাৰ উতলি উঠিল৷ এইডালেও এটেণ্ডেঞ্চৰ নামত তাৰ বহুত টকা হজম কৰি দিলে৷ চাল্লা, এই টেকন’লজী বোলা কাৰবাৰটোও বহু অশান্তিৰ কাৰক৷ সেউজীয়া লাইট আৰু বিপ্ বিপ্ শব্দটো শুনিলেই অৰ্ণৱৰ হাতৰ মুঠি টান হৈ যায়৷ একে ঘোঁচাই তাক ঠাণ্ডা কৰি দিলেই যেন শান্তি৷

অৰ্ণৱ দা, ওলালেই নেকি?

অফিচৰ চিকউৰিটিয়েও ঠাট্টা কৰে৷ উপায়ো নাই৷ এইটো এটা নতুন নিয়ম৷ আনক ঠাট্টা কৰি নিজৰ ফ্ৰাষ্ট্ৰেশ্চন পাহৰি থকাৰ কৌশল৷ মিচিকিয়া হাঁহিৰে সোধা চিকউৰিটিজনৰ প্ৰশ্নটোৱে অৰ্ণৱৰ তাঁৰ চিঙি দিলে৷ এইবাৰ নোৱাৰি আৰু।

ঘৈণীয়েৰৰ মূৰাটো৷

অৰ্ণৱৰ কথা শুনি চিকউৰিটিয়ে নিজৰ মনৰ কথাটো খাটাং কৰি পেলালে আৰু ভিতৰি ভিতৰি এক পৰম তৃপ্তি লভিলে৷ বতৰটোৰ লক্ষণও ভাল নহয়৷ খাটাংকৈ একো ক’ব নোৱাৰা বিধৰ৷ ঠিক তাৰ ক্লায়েণ্টবোৰৰ মিচিকিয়া হাঁহি মিশ্ৰিত সঁহাৰিবোৰৰ দৰে৷ তাৰ দৰে চাকৰিয়ালবোৰৰ বাবে বাইকখন ষ্টাৰ্ট কৰাৰ আগতে সেইখন এবাৰ জোকাৰি চোৱাটো সাৱধানৰ লক্ষণ৷ ক’ত কেতিয়া টেংকী উদং হয় ঠিক নাই৷ পিছে অৰ্ণৱৰ লাক ভাল৷ সি খাটাং হ’ল, টেংকীৰ তেলে তাক পেট্ৰ’ল ডিপ’ পোৱাই দিবগৈ৷ পেট্ৰ’ল ডিপ’ত পঞ্চাশ টকাৰ তেল ভৰাই লৈ সি তিনিআলিটোৰ চুকৰ পান দোকানখনৰ ওচৰতে ৰ’ল৷ ফিল্টাৰ এটা দিয়ক৷
ডাঙৰটো?
নহয়, সৰুটো দিয়ক৷

চাল্লা, কিহৰ চাকৰি এইবোৰ! ফৰ্মেল ছাৰ্ট -পেণ্টৰ লগত ডিঙিৰ টাইডালৰ লগত দেখাত সুদৰ্শন হ’লে কিডাল হ’ব; মগজুৰ সকলো দৰ্শনৰ কোনো কাম নোহোৱা অৱস্থা৷ মাহৰ আৰম্ভণিতে হোৱা হ’লে আজি এই চিগাৰেটটো খুজি দ্বিতীয় বাক্যটো ক’বলগীয়া নহ’লহেঁ‌তেন৷ মাথোঁ গহীনকৈ মূৰ দুপিয়াই চকুৰেই ক’লেহেঁ‌তেন—’অফক’ৰ্ছ, ডাঙৰটো’৷

ডাঙৰ ফিল্টাৰ চিগাৰেটৰ সোৱাদ বিচাৰি থকা মুখখনেহে বুজি পায় সৰু ফিল্টাৰ চিগাৰেটটোত ধোঁৱাসোপাৰ বাদে অন্য একোৱেই নাথাকে৷ কিন্তু উপায় নাই৷ মাহৰ শেষ৷ এইয়াই চ’চিয়েল চাইক’লজী৷ ধোঁৱা এসোপা টানিব পাৰিলেই হ’ল৷ চিগাৰেটটো জ্বলাবলৈ লওঁতেই হঠাৎ হুৰমুৰাই অহা বতাহজাকে দোকানখনৰ সমুখত ওলমি থকা চীপ্চৰ পেকেটবোৰক ছেদেলি-ভেদেলি কৰাৰ লগতে অৰ্ণৱে জ্বলাই লোৱা জুইশলাৰ কাঠিটোও নুমুৱাই পেলালে৷ বতাহৰ কোবত তিনিটা কাঠি নষ্ট হোৱাৰ পিছত চাৰি নম্বৰটো জ্বলাবলৈ চেষ্টা কৰাৰ আগতে সি এবাৰ দোকানীজনৰ ফালে চালে৷ এটা ছয় টকীয়া চিগাৰেটৰ লগত চাৰি পাঁচটা কাঠি গ’লে কোন দোকানীৰ মাথা ঠাণ্ডা হৈ থাকিব৷ এইবাৰ সি এচুকলৈ গৈ নিজৰ সমষ্ট অভিজ্ঞতা কামত লগাই একেটা কাঠিৰে নিজৰটোৰ লগতে কাষতে ৰৈ থকাজনৰ ওঁঠত ওলমি থকা চিগাৰেটটোও জ্বলাই দিলে৷ কাষৰজনৰ মিচিকিয়া ধন্যবাদটো লৈ জুইশলাৰ বাকচটো সি দোকানীজনক ঘূৰাই দিলে৷ চিগাৰেটটো টানিবলৈ আৰম্ভ কৰিয়েই সি তাৰ মগজুত থিতাপি লৈ থকা লিষ্টখনত থকা মক্কেলবোৰক আকৌ এবাৰ জুকিয়াই চালে৷ জুকিয়াই চোৱা মানে প্ৰকৃততে কাক বেজীটো দিব পৰা যাব সেই কথা ভালদৰে ভাবিলে৷ অৰ্ণৱহঁতৰ দৰে মাৰ্কেটিংৰ এই ষ্টেজত থকা সকলোৱে চুক্তি সম্পাদন কৰা কাৰ্য্যক বেজী দিয়া বুলিয়েই কয়৷ মক্কেলৰ পৰা ক্লায়েণ্ট, বেজীৰ পৰা ডীল হ’বলৈ অৰ্ণৱৰ দুটামান প্ৰম’শ্চন হ’ব লাগিব৷ শব্দৰ ষ্টেণ্ডাৰ্ডৰ লগত দৰমহাৰ ষ্টেণ্ডাৰ্ডটোও মিলিব লাগিব নহয়৷

অৰ্ণৱে ঠিক কৰিলে, সি ছয়মাইললৈকে যাব৷ নতুন নাৰ্ছিং হ’ম৷ ইয়াতকৈ চফ্ট টাৰ্গেট এই গুৱাহাটীত নাই৷ জুৱেলাৰীৰ দোকান বা শ্ব’ৰূম এইবোৰ একোৱেই পাত্তা নাপায়৷ আৰু ইহঁতক বেজিটো দিও বেয়া নালাগে৷ ইহঁতৰ তাত হালাল হ’বলৈ মানুহে নিজে ধাৰ দিয়া চুৰী লগত লৈ আহে৷ সমস্যা মাথোঁ এটাই৷ তাৰ দৰে আন বহুতৰেই টাৰ্গেট লিষ্টত ইহঁতবোৰ থাকে৷ এইখিনিতে অৰ্ণৱৰ নিজকে এটা ক’লা ভেনা মাখিৰ দৰে লাগে৷ কিন্তু উপায় নাই, মাৰ্কেটিং ষ্ট্ৰেটেজী আৰু চ’চিয়েল চাইক’লজী৷ কিয় জানো আজি আকৌ ধোঁৱা হোঁ‌পাৰ হেঁপাহটো বেছি হৈছে! সি আৰু এটা চিগাৰেট লৈ জ্বলালে৷ এইবাৰ বতাহৰ উৎপাত নাছিল৷ কিন্তু এই আহোঁ, এই আহোঁ কৈ এজাক হুৰমুৰীয়া বৰষুণ কাষতে ক’ৰবাত লুকাই আছিল৷ সি চিগাৰেটটো জ্বলাবলৈ পাইছিলহে, তেনেকুৱাতে আহিল সেইজাক৷ দোকানখনৰ অকণমানি চালিখনৰ তলত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে৷ অৰ্ণৱেও চিগাৰেটটো খৰকৈ টানিবলৈ ধৰিলে৷ চিগাৰেট নোহোঁ‌পা মানুহৰ কাষত সি হুপি থাকিবলৈ বেয়া পায়৷ তাতে মাহৰ শেষৰ কথা, শেষ নকৰাকৈ দলিয়াই দিবলগীয়া হোৱা কাৰবাৰটোও খুবেই বেদনাদায়ক৷ বৰষুণজাক ক্ৰমে তীব্ৰতৰ হৈ আকৌ কমি আহি এক মধ্যমীয়া গতিত ৰৈ গ’ল৷ এইটোৱেই সাক্ষাৎ কুলক্ষণ৷ এইজাক সহজে নেৰে৷ মাৰ্কেটিংৰ টাৰ্গেটৰ চিন্তাত মাথা মাৰি থকা অৰ্ণৱৰ এনেকুৱা সময়তে বৰষুণকলৈ ৰোমান্তিক কবিতা লিখা কবিবোৰক হিটলাৰৰ দৰে কঞ্চেণ্ট্ৰেশ্চন কেম্প পাতি সমূহীয়াকৈ জীয়াই জীয়াই মাৰিবৰ মন হয়৷ কি কৰা যায় এতিয়া৷ শুদা হাতে অফিচলৈ ঘূৰি যোৱাৰ কথাতো আজি ভাবিবই নোৱাৰি৷ ধৈৰ্য্য৷ সংকট কালত ধৈৰ্য্যই পৰম সম্পদ৷ অৰ্ণৱে অধীৰ আশাৰে বৰষুণজাক এৰালৈ অপেক্ষা কৰিলে৷ হঠাৎ এজনী সুন্দৰী যুৱতী আহি অৰ্ণৱৰ কাষতে ৰ’ল৷ সেমেকা চুলি আৰু ছোৱালী ছোৱালী সুবাসে অৰ্ণৱৰ টেনচন কিছু লাঘৱ কৰিলে৷ নকৰিবই বা কিয়? সিটো কোনো মোক্ষ প্ৰাপ্ত সন্ন্যাসী নহয়৷ পিছে আজি কালি সন্ন্যাসীৰ হে খজুৱতি বেছি! অৰ্ণৱে এনেই অলপ এক্সট্ৰা গহীন হৈ দেখুৱাইছে৷ অচিনাকি ছোৱালী কাষত থাকিলে গহীন হোৱাতো তাৰ অভ্যাস৷ কিন্তু ভিতৰি ভিতৰি কথা পতাৰ চল বিচাৰি ফুৰে৷ কিন্তু সেই কাজ আজি কোপতি হৈ উঠা নাই৷ আগফালে পৰি থকা চুলিখিনি ঠিকঠাক কৰি ছোৱালীজনী দোকানখনৰ পৰা ওলাই যোৱালৈ লক্ষ্য কৰোতেহে অৰ্ণৱে গম পালে যে বৰষুণজাক আঁতৰিল৷ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণে বৰষুণ কি, আৰু কি কি পাহৰাই দিয়ে তাৰ হিচাপ নাই৷

এইবাৰ সি বাইক ষ্টাৰ্ট কৰিলে আৰু গতি কৰিলে ছয়মাইলৰ দিশে৷ যেনেতেনে বেজীটো দিবই লাগিব৷

বৰষুণজাক থকাৰ সময়ত অ’ত ত’ত সোমাই থকা মানুহবোৰ এতিয়া ৰাস্তাৰ ওপৰত৷ ভীৰ অলপ বেছি৷ সি ৰাস্তাৰ এটা কাষেৰে লাহে লাহে গৈ আছে৷ প’ষ্ট অফিচৰ বাছ ষ্টপটো পোৱাৰ আগতে মানুহ এজনক ৰাস্তা পাৰ হ’বলৈ দিওঁতেই তাৰ বাইকখনৰ ইঞ্জিন বন্ধ হৈ গ’ল৷ চেল্ফেও কাম নকৰা হ’ল৷ বাইকখন ৰাস্তাৰ কাষলৈ নি সি ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিলে৷ তেনেতে তাৰ দৃষ্টি ফুটপাথৰ একাষে কুচিমুচি পৰি থকা মানুহ এজনৰ ওপৰত পৰি ৰৈ গ’ল৷ মানুহজন কিজানি অৰ্ণৱৰ দেউতাকৰ সমবয়সৰ হ’ব৷ যদিও কাম, টাৰ্গেট, দৰমহা, ছাৰ এইবোৰে তাৰ মগজুত দৌৰা-দৌৰি কৰি আছিল, সি ভাবি চাব নিবিচৰা কিবা এটা আভ্যন্তৰীণ শক্তিয়ে তাক মানুহজনৰ কাষলৈ লৈ গ’ল৷ মানুহজনৰ কাষেৰে মানুহ আহিছে, মানুহ গৈছে৷ কিছুমান মানুহে ক্ষন্তেক ৰৈ এপলক চাই পুনৰ নিজৰ বাট লৈছে৷ এইয়াও আমাৰ চ’চিয়েল চাইক’লজী৷ এইবোৰৰ মাজেৰে গৈ অৰ্ণৱ মানুহজনৰ কাষ পালে৷ মানুহজনৰ চকুৰ চাৱনীয়েই যথেষ্ট আছিল তেওঁৰ মনৰ কথা বুজাবৰ বাবে৷ তেওঁৰ কাষৰ পৰা উঠি অৰ্ণৱে নিজৰ ৱালেটটো চালে৷ টনাটনি৷ কিন্তু উপায় নাই, মনে নামানে৷ পিছত যি হয় দেখা যাব৷ সি ৰাস্তাটোৰ সিটো পাৰে থকা ৰেষ্ট’ৰাঁখনলৈ গ’ল৷ তাৰ এই সমষ্ট কৰ্মকাণ্ড সেই স্থানৰ পৰা কিছু দূৰত গাড়ীৰ ভিতৰত বহি থকা অৰ্ণৱৰ ছাৰে দেখি আছিল৷ তেওঁৰ চিন্তাৰ জগতখনত কেৱল অৰ্ণৱে অহা-যোৱা কৰিবলৈ ধৰিলে৷ তেওঁ মনতে থিৰাং কৰিলে, আজি এই অৰ্ণৱক লগ কৰিবই লাগিব৷ ড্ৰাইভাৰক গাড়ী পুনৰ অফিচলৈ নিবলৈ কৈ ম’বাইল ফ’নটো উলিয়াই ল’লে৷ মানুহজনৰ বাবে ৰেষ্ট’ৰাঁখনৰ পৰা কিবা কিবি খোৱা বস্তু লৈ ৰাস্তাটো পাৰ হ’ব লওঁতেই অৰ্ণৱৰ ম’বাইল ফ’নটো বাজিল৷
টেক্সট্ মেচেজ৷

সি গুৰুত্ব নিদিলে৷ ৰাস্তাটো পাৰ কৰি সি মানুহজনৰ কাষলৈ গৈ তেওঁক উঠাই কাষৰে বাছ ষ্টপটোলৈ লৈ গ’ল৷ লগত অনা পানী বটলটো তেওঁক দি মুখ হাত ধুই ল’বলে ক’লে আৰু মানুহজনক খোৱা বস্তুখিনি দি কাষৰ দোকান এখনলৈ গৈ চিগাৰেট এটা লৈ জ্বলাই ল’লে৷ এইবাৰ সি ডাঙৰটো ফিল্টাৰ চিগাৰেট ল’লে৷ গহীনত৷ আৰু ফ’নটো উলিয়াই চালে৷ ছাৰৰ মেচেজ৷ চৰ্ট এণ্ড চাৰ্প৷ “তুমি কৰি থকা কাম শেষ কৰি সোনকালে অফিচলৈ আহিবা৷ আই এম ৱেইটিং৷ “ এতিয়া ক’তো গৈ কোনো কাম নহয়৷ অফিচত গৈ কি হ’ব পাৰে সেইয়া সি ভাবি চাবও নিবিচাৰিলে৷ চিগাৰেটটোত এটা দীঘলীয়া টান মাৰি ধোঁৱা এসোপা ওপৰলৈ উৰুৱাই দি সি বাইকত বহি থকাৰ পৰা বাছ ষ্টপটোত বহি খাই থকা মানুহজনলৈ চালে৷ একে সময়তে মানুহজনেও তালৈ চালে৷ এক মিনিটমান তাতে ৰোৱাৰ পিছত অৰ্ণৱ অফিচলৈ উভতি গ’ল৷ শুদা হাতে৷ কিন্তু মানুহজনৰ চকুৰ পৰা তাৰ চকুলৈ অহা দৃষ্টিৰ মাজত নিহিত আছিল এক অদ্ভুত সাহস আৰু সন্তুষ্টি৷ আৰু অৰ্ণৱৰ অজ্ঞাতে মানুহজনৰ মাজতো সোমাইছিল এক আশা৷ আৰু দুদিন জীয়াই থকাৰ৷ কোনো দুশ্চিন্তা নোহোৱাকৈ অৰ্ণৱ অফিচৰ দিশে গৈ থাকিল

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *