হৰেনৰ দোকানৰ আগত চুচুক চামাক কৰি থকা ইকুক দেখি ৰাজুৱে বোলে, “তহঁতৰ ঘৰত মতা বুলিবলৈ তয়েই আছ,ৰাসত গোপী ওলাবিনে নাই?”
ইকুৱে বোলে, “তহঁতক এইবাৰ ৰাসৰ দায়িত্ব দিয়েই ভুল কৰিলো বুজিছ৷ হেৰৌ মই বাৰু গোপী ওলাম কিন্ত গেৰেলা কুমুদ, জীৱন খুড়া আৰু চন্দ্ৰেশ্বৰ দাইটিহঁতৰ কথা ভাৱচোন, গোপী ওলালে কেনেকুৱা লাগিব?”

বেচেৰা কুমুদে যোৱা তিনিদিন ধৰি তাৰ চাইজৰ ব্লাউজ বিছাৰি ফুৰি নাপাই শেষত আজি দুই মিটাৰ কাপোৰ আনি দৰ্জিক চিলাব দিছে৷ ৰাজুৱে বোলে, “কুমুদদাক আমি পুতনাৰ ভাও দিছিলো নহয়, নিজেহে নল’লে। বোলে এইবাৰো যদি ৰাসত পুতনা ভাও দিওঁ, মোৰ ঘৰৰ পুতনাজনীয়ে জেন্দাৰ চেঞ্জ কৰি ভীম হৈ দুঃশাসনৰ ৰক্তপান কৰিব৷ শাহুক ভাওনা চাবলৈ নামাতে মই অসুৰৰ ভাও দিওঁ কাৰণে৷ এইবাৰ শাহু, খুলশালী তিনিজনীক মাতিছে ৰাস চাবলৈ গতিকে পুতনা মই নহওঁ, গোপীকে ওলাম৷”

ইকুৱে বোলে, “প্ৰতিঘৰৰ পৰা এটা অৰ্থাৎ এজনী গোপীনি ওলাবই লাগিব, নহ’লে হাজাৰ টকীয়া ফাইন। ”কথাটো হজম নহ’ল৷ ৰাজুৱে বোলে, “গাঁৱৰ ডেকামখা চাকৰীসূত্ৰে বাহিৰত আছেগৈ, পূজাৰ ছুটি লৈ দুই এটা আহিছিল যদিও ৰাসত আহিব নোৱাৰে আৰু যি কেইটা পিলিঙা আছে অকল সিহঁতৰ দ্বাৰা কাম নচলে, গতিকে সকলোকে লগাই দিছো৷ মুঠতে এই বাৰ ৰাস আমাৰ হিট হ’বই, বুঢ়া গোপী চোৱাৰ হেঁপাহ ৰাইজৰ তুঙ্গত৷ তাতে আমাৰ গাঁৱৰ গোপীক মৰনাকুৰী, বঢ়মপুৰ আৰু নন্দিকেশ্বৰ গাঁৱৰ ৰাইজেও নিমন্ত্ৰণ কৰিছে৷ পিছে তই হৰেনৰ দোকানত কি কৰিছ? আৰু মোছকোচা চিকুণোৱা নাই যে?”

ইকুৱে বোলে, “সেই বাবেই ৰৈ আছো, সীতাৰামৰ দোকানত ভিৰ৷ বৌক সুধি লিষ্ট এখন বনাই আনিছিলো, লিপষ্টিক, আইলাইনাৰ, বিণ্ডি, আলটা এইবোৰৰ। পিচে হৰেনৰ দোকানতো মানুহ নকমাই হ’ল নহয়৷ বস্তু কেইপদ খুজিবলৈকে লাজ লাগিছে৷”

ৰাজুৱে বোলে, “বাকী কাপোৰ যোগাৰ হ’লনে নাই?”

ইকুৱে বোলে, “পাচিগাঁৱৰ পৰা কালি আনি থৈছো৷”

ৰাজুৱে বোলে, “হওক দে, হ’বলগীয়া জনীৰ ঘৰলৈ এই চেগতে কাপোৰৰ জোখ আৰু ৰং নিমিলাৰ চেগতে দুই এপাক মাৰিব পাৰিবি, পিছে তই ৰাসৰ গোপীহে কৃষ্ণ নহয় গতিকে ৰাসলীলা নকৰিবি আকৌ৷”

——

সীতাৰাম নাপিতৰ দোকানৰ আগত দাড়ি মোচ খুৰাবলৈ কিউ কৰি থকা প্ৰাণেশ্বৰে সীতাৰামক বোলে, “তয়ো মেখেলা চাদৰ এখন গোটাই ল৷ এইবাৰ ৰাসত তোকো গোপী উলিয়াই দিম৷”
সীতাৰামে বোলে, “ৰাচ হামাৰ ৰামলীলা টাইপকেই আছে পৰন্তু ৱঁহা ৰামজী চিতা মাইয়া অউৰ য়ঁহা কিচন কানহাইয়া৷ কিচনজী ৰাধা অউৰ গোপী চংগ জব ডেন্স দি থাকে তব চংখচুৰ নামকে এক ৰাকচচ্ আহি কিনে ৰাধাজী কো জোৰ ঝুলুম কৰে৷ কিচনজী কে চাথ ফইটা ফইটি হৈ কিনে অচুৰ মৰি যায়, বচ ৰাচ খটম৷ বিচ বিচ মে গানা বাজি থাকিব অউৰ হমনিকে কিচনজী কে চাথ ডেন্স উন্স দিব লাগিব৷ ই কৌনচা বৰি বাট আছে৷ পৰন্তু হমনিকে গোপী নাই নাচিব৷”

প্ৰাণেশ্বৰে বোলে, “কিয়?”

সীতাৰামে বোলে, “একবাৰ ফালনা গাওঁ মে হামাৰ বিহাৰী আদমি ৰামলীলা কৰিছিল৷ হমনিকে ভি সীতা মৈয়া কি ড্ৰেচ উচ লগাকে ৰামলীলা কৰি ৰাত ঘৰ আহি আছো তু ৰাস্তা মে তিনঠৌ মৰদ হমনিকে ঔৰত ড্ৰেচ মে অকেলে দেখি ৰাৱন বনিব খুজিছিল৷ জেইচে তেইচে সীতা মৈয়া কি কৃপা চে ইজ্জত বচাইকে ঘৰ আহিছো অউৰ কাণ ধৰিছো কী জিন্দেগী মে অউৰত কে কপৰা লগাকৰ ৰাত মে কহি নাই ওলাব ভাই৷ জমানা বহুত খাৰাব হৈ গ’ল৷”

——

“পুৱাতে উঠি নাৰিকলটো গুচালো কোনে
বে-চাইজত কাটি পেলালে?”

কুমুদৰ খঙৰ ভমকত বৌয়েকে বোলে, “প্ৰসাদৰ বাবে মইয়ে ফালিলো৷”

মূৰ খজুৱাই খজুৱাই কুমুদে বোলে, “নহয় বৌ, মানে আকৌ
চাইজৰ নাৰিকল বিচাৰি যাব লাগিব যে৷”

এনেতে ভিতৰৰ পৰা ককায়েকে বোলে, “নালাগে মই আনি থৈছো জীৱনৰ বাবে আনি থোৱা কোৰোকা দুটা তয়েই লবি৷”

বৌয়েকে ওৰণিৰে মুখখন ঢাকি ভিতৰ সোমাল৷

——

“চেহ্, মেখেলাখনহে জোখৰ নহ’ল, ঘেৰটো বৰ সৰু৷”

অকন্তিয়ে বোলে, “হাফ পেণ্টটো খুলি নলৱ কিয়?”

ধনে বোলে, “নাই ভাই ৰিস্ক ল’ব নোৱাৰি, জীৱনত এই প্ৰথম মহিলাৰ সাজ পিন্ধিছো, এফালে টানিলে দেখোন আনফালে উলাই থাকে। তাতে যোৱাবাৰ ইন্দ্ৰেশ্বৰ দাইটিৰ কি হৈছিল দেখা নাই? শংখচূড় ওলায়ে কাইটিৰ ফালে যি চোঁচা ল’লে পলাবলৈ গৈ উজুটি খাই মেখেলা এফালে চাদৰ এফালে গ’ল, নীলা হালধীয়া ৰুল ৰুল থকা আন্দাৰ সকলো ৰাইজে দেখিলে। মই সেই ৰিস্ক লোৱাত নাই দেই, সেই বাবে পেণ্টৰ ওপৰত চুকলী এডালো বান্ধি লৈছো বাপ্পেকে৷ তই মাত্ৰ মোক ভালদৰে কোৰোকা দুটা লৰচৰ নকৰাকৈ ফিটিং কৰি দে৷”

——

“শাৰী পিন্ধি চাইকেল চলাব পাৰিবি জানো?৷”

চন্দ্ৰই বোলে, “পাৰিম, অলপ মেখেলাখন কোচাই ললেই হ’ল, তই চাধা অলপ টেমাত বনাই ল, নহ’লে ৰাতিখন ক’ত বিচাৰি ফুৰিবি?”

ধনে বোলে, “টেমা লবি ক’ত চাদৰ মেখেলাত পকেট থাকে নেকি ক’ৰবাত?
আজিহে বুজিলো মাইকী মানুহে চাধা নাখায় কিয়? আচলতে লৈ ফুৰিবলৈ পকেট নাথাকে যে৷”

চন্দ্ৰই বোলে, “কোৰোকাৰ মাজত ভৰাই থ।”

——

“খিত তাও…”

বায়নৰ খোলত প্ৰথম চেও, গাওবুঢ়া দাইটিৰ প্ৰবেশ…
সোঁ ভৰি আগুৱাই যাঁঠি পাত মাটিত খুচিছেহে, মাইকী মানুহবোৰ পিছুৱাই গ’ল।

“খিত তাও তেই…”

দ্বিতীয় খোজ, কেঁচুৱাবোৰে পেঁ পেঁ কৈ কান্দিছে।

“খিত তাও খিতি তাও ধিন তাও ধেই…”

মানুহৰ ভিৰত বাহিৰলৈ যাম যাম বুলি ভাবি থকা দুজনী মানে জেগাতে এৰিলে।

“খিতি তাও, খিতি তাও, খিতি তাও, ধিন তাও ধেই…”

কঁকালটো ঘূৰাই দাইটিয়ে হাঃ হাঃ হাঃ কৈ হাঁহিটো মাৰিছেহে, শুকান খুড়াদেউৱে বুকুত হাত দিছে।
দাইটিয়ে লাহেকৈ খুড়াদেউৰ কাষলৈ গৈ ক’বলৈ পালেহে বোলে, “ভয় নাখাব কংস নহয় মই গাওঁবুঢ়াহে।”

খুড়াদেউ বেহুচ…
——

“দৈৱকী তোৰ অষ্টম পুত্ৰ মোক দে।”

“নাই দাদা…”

“দৈৱকী তোৰ অষ্টম পুত্ৰ মোক দে…”

“নাই দাদা,
দৈৱকী তোৰ অষ্টম পুত্ৰ মোক দে, দে বুলিছো দে।”

“নাই দাদা…”

বাসুদেৱ- “দি নিদিয় কিয় অ দৈৱকী, এইটো খেৰৰে বনোৱাহে, আমি আকৌ এটা বনাই লম৷”

——

মেক্-আপ ৰূমত কৃষ্ণই গুজৰি গুমৰি আছে বোলে, “কোন ভঙুৱাক শংখচূড় বনালে৷”

বায়নে বোলে, “তেজপুৰৰ পৰা হায়াৰ কৰি অনা৷”

কৃষ্ণই বোলে, “যুদ্ধ কৰি কৰি ভাগৰি গৈছো, ই বেটাই দেখোন মৰিবকে নোখোজে৷”

বায়নে বোলে, “উপায় নাই তই যুদ্ধ কৰি থাকোতে কাণে কাণে কবি বোলে সোনকালে মৰ বাহিৰত কংসই মনিপুৰিবিধ বনাই আছে…।”

★★★★

Comments

  1. দেৱজিত,সীতাৰামৰখিনি কামাল কী৷মণিপুৰিৰ মহিমা আছে দেই৷

  2. মণিপুৰী বিধৰ নাম শুনি শংখচুড় মৰিল নে বাৰু? এইবাৰ মেগাজিন একেবাৰে ৰাস-ৰাস হৈ গৈছে।

    হাঁ‌হি আছো অকলে অকলে

  3. আগতেও হাঁহিছিলো, এতিয়াও পঢ়োঁতে হাঁহিয়েই আছো। কি মাৰাত্মক জমনি! ক’ৰ পৰানো লিখোঁ…… কোৰোকা, সীতাৰামৰ কাহিনী, চাধা, ভঙুৱা…… উস! সাংঘাতিক!

  4. বহুত হাঁহিলো দেই। সীতাৰামৰ কেৰেক্টাৰটো বঢ়িয়া লাগিল

  5. বৰ ভাল লাগিল পঢ়ি । । অকলে অকলে হাঁহি আছো দেই ।

  6. আগতেও পঢ়িছিলো,এতিয়াও পঢ়ি আকৌ হাঁহিলো৷ভাল লাগে আপোনাক লিখনী৷

Leave a Reply

Your email address will not be published. Required fields are marked *