মূল অসমীয়া লিখনি- ডেৱিড্ ডেটচ্
বজৰুৱা,
নষ্টযোৱা অসমীয়া ভাষালৈ অনুবাদ- নিম্ন-স্বাক্ষৰকাৰী

জ্ঞান-বুদ্ধিবিহীন অসমবাসী ৰাইজ! আপোনালোকে জানেই যে, মোৰ দৰে বুদ্ধিমান, সৰ্বগুণাকৰ, সৰ্বজ্ঞানী, ত্ৰিকালজ্ঞ, আৰু সচেতন লোক এই অসমতে নেলাগে, এই ভূ-ভাৰস্ততে নাই৷ আপোনালোকে আৰু জনা উচিৎ যে, অসম তথা সমগ্ৰ মানৱজাতিৰ বাবে, কি ভাল, কি বেয়া, কোন শুদ্ধ, কোন অশুদ্ধ, এইবিলাক নিৰ্ণয় কৰাৰ সমগ্ৰ দ্বায়িত্ব মই Usurp (ইউজাৰ্‌প্; আজিকালি “জহনীত যোৱা, মাউৰত মৰা“ সংবাদ মাধ্যমে লিখাৰ দৰে আচাৰ্প নহয়) কৰিছো আৰু সেইমতে সকলোকে দিক্ (ডিক নহয়, সেইটোৱে বেলেগ অৰ্থ বুজাব) নিৰ্দেশনা দি আহিছো৷ আৰু মই গৌৰৱ কৰি কব পাৰো যে, মই চৰিয়াই, গুৰিয়াই, লঠিয়াই, হালোৱা এচাৰিৰে কোবাই থকাৰ কাৰণেই অসম দেশৰ জধামুৰুখ জনতা সঠিক দিশত আগবাঢ়ি গৈ আছে৷ তাৰ প্ৰমাণ স্বৰূপে মই ১৯৮৯ চনৰ মাৰ্চ মাহৰ ২১ তাৰিখে এখন কাকতত স্বেকোশ্লাভাকিয়া বানানটো অসমীয়াত শুদ্ধকৈ কেনেকে লিখিব লাগে সেইবিষয়ে লিখা এখন তিনি পতীয়া ৰচনাৰ উদাহৰণ দিব পাৰো, সেইদিনাৰ পৰাই সমগ্ৰ অসমবাসীৰ বোধোদয় হয় আৰু বানানটো মই নিৰ্দেশ কৰা মতে লিখিবলৈ আৰম্ভ কৰে৷ এনেদৰেই মই বহুবাৰ অসম আৰু অসমীয়া ভাষা সংস্কৃতিক অস্তিত্ব বিলোপনৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ উদাহৰণ আছে৷ যদিও মোৰ শত্ৰু সকলে এই কথা স্বীকাৰ নকৰে, মই সময় সুবিধা পালেই মোৰ অৱদান সমূহৰ কথা উনুকিয়াই থকাৰ প্ৰয়োজনবোধ কৰো৷ নহ’লে অসম দেশৰ ’খাই পাত ফলা’,’ভুলক্কৰ’ জনসাধাৰণে মোৰ কথা মিনিটতে পাহৰি পেলাব বুলি মই নিশ্চিত৷

সি যি কি নহওক, অসমৰ ঐতিহ্য, পৰম্পৰা, ভাষা, সংস্কৃতি, অস্তিত্ব আদি সকলো ’ৰক্ষা’ কৰাৰ দ্বায়িত্ব যিহেতু মই ল’লোঁৱেই, গতিকে কেইটামান চূড়ান্ত সিদ্ধান্ত আপোনালোকক জনাই দিব খুজিছো৷ আপোনালোকক এই সিদ্ধান্তবোৰ আখৰে আখৰে, এটাও বানান ভুল নোহোৱাকৈ মানি চলিবলৈ আদেশ-পূৰ্বক অনুৰোধ জনাইছো-
১৷ আজিকালিৰ সমাজৰ “জীৱিত“ গায়ক শিল্পী অভিনেতাবোৰ আচলতে সমাজৰ সকলোতকৈ ডাঙৰ শত্ৰু, তেওঁলোকে অপসংস্কৃতিৰে অসমক পংগু কৰি পেলাইছে৷ গতিকে এই সকলোকে জাতি, ধৰ্ম, স্থান, কাল পাত্ৰ, নাম, উপাধি নিৰ্বিশেষে গৰিহণা দিয়ক, পাৰিলে শিয়াল খেদা দি কৰতোৱা নৈ পাৰ কৰি থৈ আহকগৈ৷ অৱশ্যে কোনো শিল্পীয়ে যদি মোৰ কথা শুদ্ধ বুলি ৰাজহুৱাকৈ স্বীকাৰ কৰে বা মোৰ ওচৰত আঁঠু লৈ হো-হোৱাই কান্দে, তেন্তে তেওক ’মাফ’ কৰি দিব পৰা যায়৷

২৷ হেমকোষকে আদি কৰি আজিলৈকে অসম যিমান অভিধান, ব্যাকৰণ, সহায়িকা, গৱেষণা পত্ৰিকা আদি লিখা হৈছে, এইবোৰ সোপাই গোটে-পাতে ভুল৷ গতিকে এইবোৰ সকলো জ্বলাই দিব লাগে, আৰু মই বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকত, আলোচনী আদিত লিখা সকলো প্ৰবন্ধ, টিপ্পনী আদি গোটাই, পঢ়ি, বুজি, তাৰ সাৰমৰ্ম উপলব্ধি কৰি, সেইমতে অসমীয়া ভাষা লিখিব/পঢ়িব লাগে৷

৩৷ ইংৰাজী বা আন ভাষাৰ শব্দ অসমীয়া আখৰেৰে কেনেকৈ লিখিব লাগে সেই কথা মোৰ বাদে পৃথিৱীত আন কোনেও নেজানে৷ কিছুমান নিকৃষ্ট, মগজ নাইকিয়া, স্বাৰ্থপৰ লোকে কয় যে, সেইবোৰ ভাষাৰ প্ৰকৃত উচ্চাৰণ আচলতে অসমীয়া আখৰেৰে লিখিবই নোৱাৰি- যিদৰে অসমীয়া ’শ’ উচ্চাৰণটো লেটিন লিপিৰে (ইংৰাজী লিপি বুলি কোনো লিপি নাই) লিখিব নোৱাৰি৷ কিন্তু মই সেইসকল মহামুৰ্খক দেখুৱাই দিব খোজো (ইতিমধ্যে দেখুৱাইছোৱেই) মই অসমীয়া আখৰেৰে যিমান শুদ্ধকৈ এটা ইংৰাজী শব্দৰ উচ্চাৰণ লিখিব পাৰোঁ, সিমান শুদ্ধকৈ খোদ বৃটিছে ইংৰাজী আখৰ ব্যৱহাৰ কৰিও লিখিব নোৱাৰে৷
উদাহৰণ স্বৰূপে মোৰ তেনে এটা মহানতম অৱদানৰ কথা কব বিছাৰিছো, কোনোৱে অহংকাৰ কৰা বুলিলেও উপায় নাই৷
আপোনালোকে but আৰু put, এই শব্দ দুটা ইংৰাজী আখৰেৰে লিখোতে u বৰ্ণটোৰ উচ্চাৰণলে লক্ষ্য কৰকচোন, এটাত ’আ’ আৰু আনটোত ’উ’৷ ই এক অক্ষমনীয় ভুল, ভাষা-বিজ্ঞানৰ চূড়ান্ত অপমান৷ কিন্তু মই কি কৰিলো চাওক; মই এই খাৰখোৱা অসমীয়া লিপিৰে শব্দ দুটা ক্ৰমে ’বাট’ আৰু ’পুট’ বুলি লিখি শব্দ দুটাৰ উচ্চাৰণৰ ক্ষেত্ৰত হব পৰা সকলো বেমেজালি চিৰকালৰ বাবে নিৰ্মূল কৰিলো৷ আজি মোক অসমীয়াই হয়তো ইতিকিং কৰিছে; কিন্তু এটা সময় আহিব যিদিনা ইংৰাজী ভাষী ৰাইজে মোৰ এই অৱদানৰ বাবে সমগ্ৰ অসমীয়া জাতিকে শ্ৰদ্ধাৰে সোঁৱৰিব৷

৪৷ নদী বান্ধ, নিৰ্বাচন, ট্ৰেফিক পুলিচৰ ব্যৱহাৰ, ডাইনী হত্যা, ইউ এফ অ’, টি-টুয়েণ্টি বিশ্বকাপ, সংগীত, সত্ৰ আৰু সংঘৰ কাজিয়া, মোডীৰ ভুল, কাৰ্গিল, হিটলাৰৰ হিটলাৰী, পাবলো পিকাচো, প্ৰাচীন অসমীয়া সাহিত্যত ৰেড ইণ্ডিয়ান সকলৰ প্ৰভাৱ আদি বিষয়সমূহত মই সময়ে সময়ে একোটা সিদ্ধান্ত দি আহিছো৷ অৱশ্যে কোনটো বিষয়ত কি সিদ্ধান্ত দিছিলো, মই বৰ্তমান মনত পেলাব পৰা নাই, কিন্তু অসমৰ ৰাইজে সেইবোৰ মনত পেলাই সেইমতে কাম কৰিলেহে অসম দেশ ৰক্ষা পোৱাৰ আশা আছে৷ নহ’লে সকলো জহন্নামে যাব৷

৫৷ শেষত বিহুৰ কথালৈ আহো৷ আন সকলো বিষয়ৰ দৰেই বিহুৰ ওপৰত মোৰ অপৰিসীম জ্ঞান আছে, সিমানখিনি জ্ঞান বোধকৰো ২০০০ বছৰৰ আগতে বিহু আৱিষ্কাৰ কৰা কেইজনৰো নাছিল৷ মই বিহুৰ পৰম্পৰা প্ৰদূষিত নোহোৱাকৈ ৰাখিবৰ বাবে তলৰ নিয়ম কেইটা স্থিৰ কৰিছো, আপোনালোকে এক চুলিও হেৰ-ফেৰ নোহোৱাকৈ নিয়ম কেইটা মানি চলিব বুলি আশা কৰিলোঁ৷

(ক) বিহুৰ আমন্ত্ৰিত শিল্পী, দৰ্শক, উদ্যোক্তা, সমুখৰ চানাচুৰ, চিপচ, তামোল পানৰ দোকানী, বেনাৰ চপা কৰা প্ৰেছৰ লোকসকল, প্যাণ্ড্যাল (পেণ্ডেল নহয়) নিৰ্মাণ কৰা বনুৱাসকল, তাৰ ঠিকাদাৰ, বিহুস্থলীৰ পৰা নাতিদূৰত থকা ’ৱাইন ছপ(শ্বপ নহয়)’ৰ বিক্ৰেতাসকল, চান্দা দিয়া আৰু লোৱা সকল, বাটেৰে পাৰ হৈ যোৱা পথচাৰী, কোনোটো প্যাণ্ড্যালত ধুনীয়া ছোৱালী বেছি আছে সেই গৱেষণা কৰি থকা চেঙেলীয়া ’বাইকৱালা’ সকল, সকলোৱে এক নিৰ্দিষ্ট “ড্ৰেছ ক’ড“ মানি চলিব লাগিব৷ পুৰুষসকলে বাঙালী ভদ্ৰলোকে পিন্ধা কলিকতাৰ পৰা আমদানিকৃত জেলজেলীয়া ধুতী, দক্ষিণ ভাৰতীয় বগা কুৰ্তা, আৰু কাঠৰ খৰম পিন্ধিব৷ গাত এখন ২০ ফুট দীঘল চেলেং চাদৰ মেৰিয়াই লব৷ চুলিখিনিত তেপতেপীয়াকৈ তেল সানি নিমজ কৈ ফণিয়াই লব, দাঢ়ি দিনে দুবাৰকৈ দাঢ়ি ’ক্ষুৰাব’ (’খুৰাব’ লিখা ভুল, ক্ষুৰেৰে কাটে সেইবাবে ক্ষুৰাই, ’খুৰা’ মানে হলগৈ ’দদাইদেউ’, ’Uncle’, এই খুৰাদেউৰ লগত দাঢ়ি কটাৰ কি সম্পৰ্ক থাকিব পাৰে? ইমানখিনি কথাও যদি এই ভো ভো পণ্ডিত সকলে নেজানে তেন্তে অসম দেশৰ ভৱিষ্যত কি হব সি সহজে অনুমেয়)৷

মহিলাসকলে আঠুঁৱাৰ দৰে কাপোৰৰ কপাহী চাদৰৰ সৈতে হাওড়াত নিৰ্মিত ৰঙা ব্লাউজ (ৰিহা নহয় দেই, ৰিহা অশালীন পোছাক) আৰু বগা মেখেলা পিন্ধিব৷ মহিলাসকল খালি ভৰিৰে থাকিব৷
বিহুৱাই আঁঠুমূৰত চুৰীয়া পিন্ধি নিজৰ কলাফুল প্ৰদৰ্শন কৰা কাৰ্যক অশ্লীল বুলি গণ্য কৰা হব৷ গোৰোহা লেটিওৱা বাঙালী ধুতীহে যে অসমীয়াৰ জাতীয় পোচাক সেই কথা আজি মই ৰাজহুৱা ভাৱে ঘোষণা কৰিলো, ইয়াত কোনেও আপত্তি কৰিব নোৱাৰিব, কৰিলেও নৰজিব৷

(খ) বিহুত শিল্পীসকলে কেৱল অসমীয়া লোকগীতহে পৰিবে‍শন কৰিব পাৰিব, তাকো কেৱল থলুৱা বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি৷ তবলা, গীটাৰ, ধুলুকী, ড্ৰাম আদি বাদ্য ব্যৱহাৰ কৰা সকলক ’দেশদ্ৰোহী’ আখ্যা দিয়া হব৷ অসমীয়া বা আনভাষাৰ আধুনিক গীতবোৰ মোৰ দৃষ্টিত একেবাৰে নিকৃষ্ট, গতিকে সেইবোৰ গীত গাবলৈ অনুমতি দিয়া নহব, লাগিলে সেইটো গীতে ’গ্ৰ্যামী’ (গ্ৰেমী নহয়) পুৰস্কাৰেই নাপাওক কিয়৷

(গ) বিহু অনুষ্ঠানবিলাক একেবাৰে মাৰ্জিত হব লাগিব, কোনেও নাচি বাগি আনন্দ কৰিব নোৱাৰিব, এনে ব্যৱহাৰ আমাৰ ঐতিহ্যৰ পৰিপন্থী৷ সকলোৱে নিজৰ নিৰ্দিষ্ট আসনত বহি অনুষ্ঠান উপভোগ কৰিব, আৰু গীতৰ শেষত তিনিবাৰকৈ মৃদু হাততালি মাৰিব৷

(ঘ) সকলো বিহুৰ অনুষ্ঠান সন্ধিয়া ৬ বাজি ৪৮মিনিট ১৩ চেকেণ্ডত আৰম্ভ কৰিব লাগিব আৰু ১০ বাজি ১৭ মিনিট ২১ চেকেণ্ডত সমাপ্ত কৰিব লাগিব৷ ইয়াৰ অন্যথা কৰিলে মুন্নাভাইৰ দৰে ’বিনম্ৰতা’ ৰে সোঁৱৰাই দিয়া হব৷

(ঙ) বিহুৰ কেইদিন অকল পাঞ্জাৱৰ চাউলেৰে কৰা পিঠা আৰু কানপুৰৰ মিলত খুন্দা চিৰাহে ভোজন কৰিবলৈ অনুমতি দিয়া হব৷ কাৰোবাৰ পেটৰ অসুখ বিসুখ হলে তেওঁলোকক লঘোণে ৰখা হব৷

(চ) মই লক্ষ্য কৰিছো বিহুনামৰ ভাষা অতি অশ্লীল, অসভ্য আৰু চহা প্ৰকৃতিৰ, ’চেনাই’, ’কলিজা’, ’পলুৱাই নিওঁ’, ’তোক নেপালে মৰি যাওঁ’ আদি অসাংবিধানিক শব্দ/বাক্যাংশৰে ভৰা৷ এনে শব্দৰ ব্যৱহাৰ সভ্য সমাজৰ বাবে অপকাৰী আৰু ভাষাটোৰ বাবেও ধ্বংসাত্মক৷ গতিকে সামাজিক আৰু সাংস্কৃতিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিহুগীত বিলাক সংশোধিত আৰু শালীন কৰি তুলিবলৈ আদেশ… মানে অনুৰোধ কৰিছো৷ বিহুনাম বিলাক কেনেদৰে সংশোধন কৰিব লাগিব তাৰ উদাহৰণ তলত দিয়া হ’ল।

অশালীন চহা বিহু

“অ’ চেনিমাই জাঁজী নৈ বোৱাই দিম

অ’ চেনিমাই কলিজাৰ তেজেৰে
অ’ চেনিমাই ঐ,
তেজেৰে বৈ যাব,
তেজেৰে বৈ যাব,
নৈ চেনিমাই জাঁজী নৈ….“
যিকোনো সুস্থ মস্তিষ্কৰ মানুহেই গম পাই যাব এই বিহুনাম কিমান অশ্লীল আৰু হিংসাত্মক, এনে গীতে নৱ প্ৰজন্মক ধ্বংস নকৰি কি কৰিব? এই বিহুগীতৰ শালীন ৰূপ এনে ধৰণৰ হব
“মোৰ হৃদয় সাম্ৰাজ্ঞী,
হে মোৰ প্ৰাণ প্ৰিয়া,
তোমাৰ দৰ্শনতে স্পন্দিত হয়,
মোৰ প্ৰেম আকলুৱা হিয়া
বোৱাই দিয়া মোৰ হৃদয়ত
তোমাৰ অসূৰ্যস্পৃশ্যা (অসূৰ্যস্পৰ্ষা নহয়) প্ৰেমৰ বন্যা৷“
বিহুগীতৰ মূল উদ্দেশ্য হ’ল প্ৰেমিকাক প্ৰেম নিবেদন কৰা, ওপৰত দেখুৱা ধৰণে শালীনতা ৰক্ষা কৰিও এই উদ্দেশ্যত উপনীত হব পাৰি৷

 

মোৰ অলপ জৰুৰী আৰু গোপনীয় কাম কৰিব লগা আছে, গতিকে সদ্যহতে এৰিব লগা হৈছে৷ কিন্তু আপোনালোকে নেভাবিব যে আপোনালোক মোৰ পৰা সাৰি গ’ল- অনতিপলমেই আকৌ বহুতো নিত্য নতুন সমস্যা উদ্ভাৱন কৰিবলৈ মই আহি আছোঁ৷ সমাধান কৰা মোৰ কাম নহয়, সেইবোৰ আপোনালোকে নিজে নিজে কৰি লব।

★★★★

Comments

  1. কি বুলি কম অভিজিত! মোৰ প্ৰিয় ব্যংগ লিখকৰ ভিতৰত তুমিও এজন ৷ তাৰ কাৰনে লেখাটো মোৰ ৱালত শ্বেয়াৰ (ছেয়াৰ হব নেকি বাৰু তোমাৰ নিৰ্দেশ মতে?) কৰিলো ৷

  2. প্ৰিয় লিখন…আপোনাৰ প্ৰতিটো লিখনিয়ে মোৰ প্ৰিয়…যেনেকৈ এইটো

  3. এইটো প্ৰান্তিকলৈ পঠাই দিয়া ৷ বহল পৰিসৰত মানুহে পঢ়ক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *