হাঁহি মানুহৰ জীৱনৰ এক অভিন্ন তথা অবিচ্ছেদ্য অংগ৷ মানুহে বিচাৰি ফুৰা হাঁহিৰ লগতে জড়িত হৈ আছে মনৰ সুখানুভূতি৷ সুখী মানুহৰ মুখায়ৱত হাঁহি অনৱৰতে বিৰিঙি থকা বুলি অনুভৱ হলেও সুখ হ’ল দুষ্প্ৰাপ্য৷ গতিকে অকল হাঁহিৰেই এজন মানুহক সুখী বুলি কব পাৰি জানো?

মানৱ ইতিহাসৰ ক্ৰম বিকাশ আৰু বিৱৰ্তনৰ লগে লগে বহু কথাই সলনি হৈছে, তাৰ লগতে সলনি হৈছে মানুহৰ হাঁহিটোও৷ আগতে মানুহে কেনেকৈ হাঁহিছিল তাৰ বিষদ বিৱৰণ নেপালেও মহাভাৰত ৰামায়ণৰ সময়ত মানুহে যে দিল খুলি হাঁহিছিল সেয়া বিভিন্ন নাটক, চিনেমা বা ভাওঁনাৰ পৰাই আমি বুজিব পাৰো৷ সৰুতে – “ক’ত পলাবি তই আজি, তোক আজি মই বন্দী কৰিম…..হো হো হো হা হা হা“ বুলি অট্টহাস্য কৰি উঠা ৰজা বা সেনাপতি সকলৰ নাটকৰ দৃশ্যাংশবোৰ মনত পেলাওক৷ সন্মুখত থকা জনেও হাঁহিৰেই প্ৰত্যুত্তৰ দি যুদ্ধ কৰা নাছিল জানো?

কিন্তু সময়ৰ লগে লগে সেই হাঁহিবোৰ জানো ক’ত হেৰাই গ’ল৷ আজিকালি অট্টহাস্য কোনেও নকৰে, তাৰ ঠাই লৈছে অন্যান্য হাঁহিবোৰে৷ যেনে ক্ৰুৰ হাঁহি, মিচিকিয়া হাঁহি, মৌন হাঁহি, দুখৰ হাঁহি, সুখৰ হাঁহি ইত্যাদী৷ পিচে এই সকলোবোৰৰ প্ৰধানত কৃত্ৰিম আৰু অকৃত্ৰিম দুভাগত বিভক্ত হৈছে৷ আহক, আজি অলপ হাঁহিৰ বিশ্লেষন কৰি চাও৷

বৰ্তমান সময়ত সকলোতকৈ প্ৰচলিত হাঁহিটোৱেই হ’ল কৃত্ৰিম হাঁহি৷ বিশ্বৰ ইমুৰৰ পৰা সিমুৰলৈ আজিকালি এই হাঁহিটোৱেই সৰ্বাধিক জনপ্ৰিয় বুলি কব পাৰি৷ দুজন মানুহ মুখামুখি বা এৰাএৰি হলেই এই হাঁহিটো নিজে নিজে ওলোৱাটো প্ৰায় নিয়মত পৰিনত হৈছে৷ বিয়াঘৰত দৰা কইনাই, ৰাজনৈতিক নেতা সকল, হোটেলৰ ৰিচিপচনিষ্ট, শ্বপিং মলত চেলচ্ গাৰ্ল, উৰাজাহাজৰ পৰিচাৰিকা, আপোনাৰ ইঞ্চিওৰেঞ্চ এজেণ্টৰ পৰা ওচৰ চুবুৰীয়ালৈ এই হাঁহি সকলোতে বিৰাজমান৷ এই সকলোবোৰ তেওঁলোকৰ মুখত জিলিকি থকাটো অৱশ্যম্ভাৱীয়েই নহয় দৰকাৰীও৷ নহলে আপুনি বেয়া পাব৷

বেছি চিনাকি নথকা বিয়া ঘৰত দৰা বা কইনাই আপোনাক দেখি নেহাঁহিলে আপোনাৰ মনত কি ভাৱ আহিব? অৱশ্যে দিনটো ভোকে পিয়াহে থাকিও কইনাই যদি হাঁহি আছে ভুল নুবুজিব যে আপোনাক খুউৱ ভাল লাগি হাঁহিছে৷ দুৰত কেমেৰামেনো থাকিব পাৰে৷ নহলে হয়তো তেওক কোনোবাই কৈছে- তোক হাঁহিলেহে ধুনীয়া দেখি৷ হয়তো মাক দেউতাক বা বন্ধু বান্ধৱীয়ে বুজাই বঢ়াই কৈ থৈছে যে বিয়াৰ দিনা কষ্ট হলেও হাঁহি থাকিবি৷ এইটো বৰ কষ্টকৰ কাম৷ মানে আপোনাৰ হাঁহিব মন নাই অথচ হঁহাটো কম্পালচৰী৷ এই কম্পালচৰী হাঁহিৰ নিয়মেই অনুসৰণ কৰে আমাৰ মন্ত্ৰী বিধায়ক সকল বা বিভিন্ন ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ থকা ব্যক্তি সকলে৷ নহলে ব্যৱসায়ত তলা লগাতো ধূৰূপ৷

ধৰি লওক আপুনি সহধৰ্মিণীক লৈ দোকানত কাপোৰ চাবলৈ গৈছে, এখনৰ পিচত এখন কাপোৰ মেলি মেলি দেখুৱাই দেখুৱাই চেলচ্ মেন ভাগৰি গৈছে অথচ তেখেতৰ পচন্দ হোৱা নাই, অৱশেষত প্ৰায় পোন্ধৰযোৰ কাপোৰ উলিয়াই পচন্দ নোহোৱাত শ্ৰীমতীয়ে মিচিকিয়া হাঁহি এটা মাৰি “বেলেগ এখনত চাও দেই“ বুলি ওলাই যাওতেই দোকানীও একেই হাঁহিটো ’ৰিফ্লেক্ট’ কৰি “আকৌ আহিব বাইদেউ“ বুলি মুখৰ মাংসপেশীত জোৰ দিছে, এইটো কষ্টকৰ হাঁহি৷ যিটো সময়ত আপোনাৰ হয়তো গালি দিবলৈ মন যাব সেই সময়ত হাঁহিযুক্ত মুখ এখনক ধৰি ৰখাটো উজু নহয়৷ কোনোবাই কোৱা শুনিছিলো এই কাৰণেই হেনো আমাৰ অসমীয়া মানুহে বিজনেচ কৰিব নোৱাৰে৷ মানে “কিনিলে কিনিবি নিকিনিলে নাই, ইমান দেখাই থাকিব নোৱাৰো! “ এটিটিউদ্ টোৰ বাবেই৷

একেই হাঁহি নিৰ্বাচনৰ আগে আগে ৰাজনৈতিক নেতা পালিনেতা সকলৰো মুখত বিৰাজমান হৈ থাকে৷ আমি তাতেই ভোল গৈ আমি কও-মানুহজন যি নহলেও বৰ হাঁহিমুখীয়া৷ দুই এজনে তো “পইচা খালেও কাম কৰিছে দেই“ বুলি কোৱাও শুনা পাও৷ কিছুলোকৰ এই ভুৱন ভুলোৱা হাঁহিয়েই প্ৰধান সম্পদ হৈ পৰে৷ বহুলোকৰ হেনো হাঁহিমুখীয়া ডাক্টৰৰ তাত গৈ ঔষধ নোখোৱাকৈয়ে বেমাৰ ভাল হয়৷ কিছু কিছু ঠাইত মৃতকৰ অন্তোষ্টিক্ৰিয়াত “ৰ’দালী“ ব্যৱহাৰৰ দৰেই দোকানে ঘৰে, হাটে বজাৰে সকলোতে “হাঁহিচম্পা“ৰ নিযুক্তি তেনেই সাধাৰণ কথা হৈ পৰিল৷ এই হাঁহিক আমি লাহে লাহে ব্যৱসায়িক ৰূপ দিছো৷ হাঁহি নথকা মানুহ নিবনুৱা হৈ পৰাৰ আশঙ্কা দেখা দিছে৷

যেনেকে ঘহোতে ঘহোতে শিলো ক্ষয় হয় তেনেকে হাঁহোতে হাঁহোতে প্ৰেমিকাও পাই যায়৷ অৱশ্যে এইটো অলপ ৰিস্কি বিজনেচ৷ সঠিক হাঁহিৰ ব্যৱহাৰ কৰিব নিশিকিলে ওপৰোক্ত কথা ফাকি হিতে বিপৰীত হোৱাও দেখা যায়৷ গাভৰুৰ হাঁহিৰ দৰ্শন পোৱাতো বহুতৰে বাবে সৌভাগ্যৰ কথা৷ চাৰি চকুৰ মিলন যেতিয়া হাঁহিলৈ পৰিবৰ্তন হয় তেতিয়াই হেনো প্ৰেমৰ উকমুকনি আৰম্ভ হয়৷ প্ৰেমিকাৰ মিচিকীয়া হাঁহিতে ধৰাশায়ী হয় প্ৰেমিক৷ প্ৰেমত পৰা সময় খিনিত প্ৰেমিকৰ মুখৰ পৰাও হেনো হাঁহিটো নুগুছেই৷ এই হাঁহিৰ বলতেই কিছু কালজয়ী গীত যেনে “হাঁহিলে তুমি মুকুতামনি সৰে, দুচকু ভৰিলেও মন নভৰে“ আদি গীতৰ ৰচনা হৈছে৷ প্ৰেমিক প্ৰেমিকাৰ হাঁহিতেই সৃষ্টি হৈছে বহু যুগজয়ী মহাকাব্য আৰু যুদ্ধ বিগ্ৰহো৷ অৱশ্যে এই হাঁহিচম্পা হত পিচলৈ এজনে আনজনক চকুপাৰি দেখিব নোৱাৰা হৈ যোৱাতো তেনেই সাধাৰণ কথা হৈ পৰিছে৷

“ক্ৰুৰ“ হাঁহি হল চিনেমাৰ ভিলেইনৰ মুখত বিৰিঙি থকা হাঁহি৷ আজিকালি হিন্দী চিনেমা বা একতা কাপুৰৰ চিৰিয়েলত ভিলেইন বা ভেম্পৰ মুখত দেখা এই হাঁহিত চকুহাল এফালে আৰু হাঁহিতো এফালে দেখিয়েই আমি গম পাই যাওঁ ভিলেইনে হিৰোৰ বিপৰীতে কি চক্ৰব্যেহু ৰচনা কৰিবলৈ গৈ আছে৷ একতা কাপুৰৰ চিৰিয়েল “কচৌতি জিন্দেগী কি“ চিৰিয়েলখন চোৱা মানুহে কোমলিকাৰ হাঁহিটো মনত পেলাওক চোন, সেইখন নাচালে ওচৰ চুবুৰীয়াৰ লগত ফুচফুচাই মৰা বিয়ৈ বিয়নী মেলতো মন কৰিব- এই হাঁহি ওলাই যায় কেতিয়াবা৷ হিন্দী চিনেমাৰ গুলচন গ্লোভাৰ বা অমৰিশ পুৰীৰ হাঁহিটোয়ে এই হাঁহিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷
আৰু এক ধৰণৰ হাঁহি হ’ল দুখৰ হাঁহি৷ প্ৰেমিকৰ লগত ব্ৰেক আপ, ব্যৱসায়ত লোকচান, পৰীক্ষাত অকৃতকাৰ্য্য হওতে বা কিবা কথাত ফেইল হোৱাৰ পিচত যেতিয়া কোনোবাই খৱৰ সোধে, কিহে ডাঙৰীয়া, খৱৰ বাতৰি কেনে? আপোনাৰ মুখত বিৰিঙি উঠা হাঁহিটোৱেই হ’ল দুখৰ চিম্ব’লিক হাঁহি৷ সময়মতে দৰ্মহা নোপোৱা, আশা কৰাতকৈ কিবা কমকৈ পোৱা, পত্নীক জন্মদিনৰ উপহাৰ দিবলৈ পাহৰি যোৱা, পতি অথবা পত্নী বা প্ৰেমিকাই আকালৰ সময়তো পকেট খালি কৰি লোৱা ড্ৰেচ বা অলঙ্কাৰ পিন্ধি আপোনাক কেনেকুৱা লাগিছে সোধাৰ পিচত দুখ মনেৰে “বৰ ধুনীয়া লাগিছে“ বুলি কৈ মৰা হাঁহিটোও এইটো কেটেগৰীতে পৰিব যেন লাগে৷ অসময়ত অনিমন্ত্ৰিত বা অনাকাঙ্খিত আলহী আহি দুৱাৰ মুখত ঠিয় দিলেও এই হাঁহিৰ আবিৰ্ভাৱ ঘটে৷ অফিচ ছুটীৰ পিচতো বছে চেম্বাৰত মাতি নি ইম্পৰটেণ্ট কাম এটা কৰি যাওক বুলি কওঁতেও আপুনি কষ্ট নকৰাকৈ “হ’ব ছাৰ“ বুলি কৈ এই হাঁহিটো ’ট্ৰাই’ কৰি চাব পাৰে৷

এই সকলো হাঁহিৰ লগতে খোজত খোজ মিলাই আজিকালি সমাজত আৰু একধৰণৰ হাঁহিয়েই জন্ম লৈছে৷ সেয়া হ’ল ধেমালী, বিদ্ৰূপ বা ঠাট্টা মস্কৰাৰ হাঁহি৷ এই হাঁহিৰ লগত জড়িত সকলক কোনো কোনোয়ে চকুচৰহা বুলিও আখ্যা দিব খোজে৷ যেনে ৰাইট উয়িঙে লেফ্ট উয়িঙক হঁহা, চুবুৰীয়াৰ ল’ৰাছোৱালী, পুৰুষ মহিলাৰ স্বভাৱ চৰিত্ৰ, আচাৰ ব্যৱহাৰ, ৰীতি-নীতি বা ধৰণ কৰণক লৈ কৰা চৰ্চা আদি বিষয়ত এই হাঁহিয়ে স্থান পায়৷ বেজীয়ে চালনীৰ ফুটাক লৈ হঁহাৰ লেখীয়া ফকৰা যোজনা বোৰ এইক্ষেত্ৰত উনুকিয়াব পাৰি৷ পৰ-চৰ্চাক মনোৰঞ্জনৰ আহিলা হিচাবে লোৱা সকল বা চচিয়েল মেডিয়াৰ লগত সম্পৰ্ক থকা সকলে ভালকৈ জানে এই হাঁহিটোৰ বিশেষত্ব আৰু ব্যৱহাৰ৷ বন্ধু মহলৰ দুই এজনে অৱশ্যে ইয়াক বৰ্তমান সমাজ জীৱনত প্ৰয়োজনীয় অংগ বুলিও কব খোজে৷ এই হাঁহিকেই বহুতে সমালোচনা নামেৰেও বিভূষিত কৰিছে৷ তেওঁলোকৰ মতে ব্যৱস্থাৰ শুধৰণী হবলৈ এনেধৰণৰ হাঁহিৰ প্ৰয়োজন আছে৷ এই হাঁহিকেই বহুতে ঠাট্টা মস্কৰাৰ পৰা হাস্য-ব্যংগ, চেটায়াৰৰ ৰূপ দিবলৈ চেষ্টা কৰা দেখা যায়৷ পিচে আমি কৰবাত হাস্য ব্যংগ আৰু ঠাট্টাৰ মাজৰ ৰেখাডাল চিঙি লোকৰ লগত বন্ধুত্ব হেৰুৱাই নভবাকৈয়ে শত্ৰুতাক আদৰি লোৱাৰ ৰিস্ক লও৷ গতিকে এইটো এক ধৰণৰ ’ৰিস্কি’ হাঁহি৷

অৱশেষত আহো আমাৰ বহু আকাঙ্খিত সুখৰ হাঁহিটোলৈ৷ এই হাঁহি বৰ বিৰল ক্ষণত হে উপলব্ধ হয়৷ বহু পৰিশ্ৰম বা সাধনাৰ অন্তত কৃতকাৰ্য্য হৈ পোৱা সুখতহে এই হাঁহি আমাৰ মুখত বিৰিঙে৷ ই এনে এক সুখানুভূতি যিটো ক্ষণক যদি আমি কেমেৰাৰে আবদ্ধ কৰো, সেইটোক ফ্ৰেম কৰি তাৰ পৰা হয়তো জীৱনভৰলৈ অনুপ্ৰেৰণাৰ উৎস হিচাবে লৈ আগবাঢ়িব পাৰো৷ সৰু সৰু সুখ আৰু টুকুৰা টুকুৰ হাঁহিৰেই গাঠি লব পাৰো জীৱনত জীয়াই থকাৰ তাড়না৷ বাল্যকালৰ এনে বহু স্মৃতিৰ মাজতে লুকাই আছিল এনে বহু ক্ষণ যাক ৰোমন্থন কৰি আমি পুলকিত হওঁ৷
সুখ আৰু হাঁহিৰ এই অভিন্ন ৰূপ বিৰিঙি উঠক সকলোৰে জীৱনত, তাৰেই কামনা কৰিলো৷

★★★★

Comments

  1. লেখাটো পঢ়ি সুখ পালো। হাঁহি ওলাল মাজে মাজে ।কেটেগৰীটো নিজেই ঠিক কৰি ল’ব দেই।

  2. ময়ো হাঁ‌হি এটা মাৰি দিছো, এইটো পঢ়ি। শ্ৰেণীবিভাজন আপুনিয়েই কৰি ল’ব দাদা।

    সাংঘাতিক লিখিছে,

Leave a Reply

Your email address will not be published. Required fields are marked *