হলকান্ত অভিধানৰ নাম শুনিছেনে…?

যদি শুনা নাই আজি মই হলকান্ত অভিধানৰ কথা ক’ম শুনিব…
হলকান্ত সভাপণ্ডিতৰ “ হলকান্ত অভিধান “ ৰ প্ৰেমত মই ভালকৈয়ে পৰিলো৷ আচলতে মই ইমান সহজে কাকো ভাল বুলি নকওঁ আৰু কাৰো প্ৰেমত সহজে নপৰো৷ কিন্তু ”হলকান্ত অভিধানৰ “ প্ৰেমতনো পৰিলো কেনেকৈ? ইয়ো এটা ডাঙৰ কাহিনী৷ প্ৰথমতে সেইটো কথা কৈ লওঁ৷
মই ব্যাকৰণত বৰ গাধা৷ বিশেষ্য কি…বিশেষণ কি…তাৰ উত্তৰ যদি কোনোবাই বিচাৰে মই উলোটাই প্ৰশ্ন কৰো খৱৰ ভালনে?
বাক্য ৰচনা কৰা…জটুৱা ঠাঁচ এইবোৰ মোৰ বাবে একোটা বিয়াগোম অজগৰ৷ কিন্তু হলকান্ত সভাপণ্ডিতে মোৰ এই ভয়ানক অজগৰটো গিলি খালে৷ আপুনি চাগৈ ভাবিছে কেনেকৈ এই কাম হ’ল? আচলতে তেখেতৰ “ অচন্ত বুদ্ধিক্ষীণ “ কাৰ্য দেখিলে আপোনাৰো চকু একে জাঁপতে কপালত উঠিব৷ কেনেকৈ কওঁ শুনক…

“হলকান্ত অভিধানৰ“ ভাগ দুটা৷ অৰ্থাৎ সভাপণ্ডিতে অভিধানখন দুটা ভাগত সজাইছে৷ এটা ভাগ “ অভিধান “ আনটো ভাগ “ বিয়াকৰণ “ ( গাধা হ’লেও মোৰ ভাষাত ব্যাকৰণ )৷ পাতনিতে পণ্ডিতে লিখিছে।
“মই উচ্চাৰণৰ ওপৰত অধিক গুৰুত্ব দিছো৷ সকলোৱে যেতিয়া “বিয়াকৰণ“ উচ্চাৰণ কৰে৷ ময়ো পুথিখনত “বিয়াকৰণ“ বুলিয়ে লিখিছো৷ সকলোতে যেতিয়া পৰিবৰ্তন৷ আমাকো এটা পৰিবৰ্তন লাগে৷ “ (পণ্ডিতেটো সাংঘাতিক পৰিবৰ্তন আনিলে, য’ত মোৰ নিচিনা গাধাই ব্যাকৰণ মুখস্থ কৰিব পাৰিছে, বাক্য গাঁথিব পাৰিছে )

কিতাপখন লিখাৰ আৰম্ভণিতেই মোক পণ্ডিতে কৈছিল মোৰ দৰে ভাত খাওঁতেও হাত বিষে ধৰাসকলৰ কাৰণে তেওঁৰ অভিধানখন বৰ উত্তম হব৷ পঢ়িহে বুজিলো সঁচাই উত্তমৰো উত্তম অতি উত্তম৷ ইতিমধ্যে মোৰ মুখস্থ হৈ যোৱা তথা স্কুলতো মাষ্টৰে বহী চাই বাঃ বাঃ দিয়া কেইটামান খণ্ড বাক্যৰ বাক্য ৰচনা আপোনালোকলৈ আগবঢ়ালো৷
১) উদুলি-মুদুলি =
উদুলি-মুদুলি এ.পি.এচ.চিৰ পদূলি৷
ধন দি চাকৰি লোৱা পুৱা আৰু গধূলি৷ ৷
২) চুকৰ ভেকুলী=
চুকৰ ভেকুলীয়ে পায়স খাই লং জাঁপ মাৰে৷
ডায়েৰীয়া হৈ পেটৰ অসুখত চটফটাই মৰে৷ ৷
৩) উদৰ পুৰাই খোৱা=
বেঙ্কৰ পৰা ঋণ ল’লে চাবচিদি পাবা৷
মাছে-মঙহে, মদে ভাতে উদৰ পুৰাই খাবা৷ ৷
৪) ফটা ঢোল বজোৱা=
ডবা বজাব নাজানিলে ফটা ঢোল বাবা,
পৰিৱৰ্তন বিচাৰি দিছপুৰলৈ যাবা৷ ৷
৫) ঢৌতে খৰ মৰা=
ঢৌতে মাৰিবা খৰ,
জ্ঞাতি-কুটুমক দেখিলে ভিৰাই মাৰিবা লৰ৷ ৷
৬) বগলী ভকত=
বগলী ভকত এনেয়ে শকত,
খাবৰ সময়ত অঙহী-বঙহী নালাগে লগত৷ ৷
৭ ) হাড়মাল হোৱা=
পৰীক্ষাৰ বহী হাড়মাল হোৱাত গাইগৰুৱে খালে,
গোটেই দেশতে পয়মাল হোৱাত চি.বি.আইক তদন্ত দিলে৷ ৷
৮) তলা-নলা=
ৰাইজে লগালে নামঘৰত তলা,
চোৰে সিন্ধি দি খান্দিলে নলা৷ ৷
৯) আটোম-টোকাৰী=
বজাই থাকা আটোম-টোকাৰী
ওপৰলৈ হাত জোকাৰি৷ ৷
১০) খকা-খুন্দা=
মতা-তিৰোতাৰ খকা-খুন্দা
যেন খাঁহি ছাগলীৰ যুঁজ
ৰাতি হ’লে চেনেহা-চেনেহী
কথাটো বুজিলে বুজ৷ ৷

প্ৰিয় পাঠক, আপোনালোকক জনাবলৈ পাই সুখী যে “হলকান্ত অভিধানে “ অসমীয়া সাহিত্যলৈ যি আমূল পৰিবৰ্তন আনিলে, তাতোকৈ ডাঙৰ পৰিবৰ্তন আনিলে মোৰ জীৱনলৈ৷

কিতাপখনৰ প্ৰেমত মই পৰাৰ মূল কাৰণ ইয়াৰ ছন্দ মিলোৱা বাক্য গাঁথনি৷ সভাপণ্ডিতে কৈছিল তেওঁ হেনো গদ্যতো লিখিব পাৰিলেহেঁতেন কিন্তু মোৰ দৰে মুখস্থ বিদ্যাই যাৰ সাৰথি সেইসকলৰ বাবেহে তেওঁ এনে কৰিলে৷ ছন্দত থাকিলে মুখস্থ কৰিবলৈ সহজ হয়৷ মই তেওঁৰ কথাত হয়ভৰ দি ক’লো, সদায় পঢ়াত পৰ্বত ছাত্ৰ-ছাত্ৰীবোৰ পৰ্বত হৈ গৈ থাকিলে নহ’ব নহয়৷ আমিবোৰকো সেই সুবিধা লাগে৷

আচলতে চোকা ল’ৰা-ছোৱালীবোৰক আমি প্ৰতিবাদ কৰিব লাগে আৰু সেই পৰিবৰ্তনৰ আৰম্ভণি হলকান্ত অভিধানেই কৰিছে৷

প্ৰিয় পাঠক,
কিয়নো কওঁ মই মিছা,
অভিধানখনেই মোৰ ডিঙিত অঁৰালে কেইবাখনো গুটিফুলৰ গামোছা৷ ৷
সেইবাবে হলকান্ত অভিধানৰ প্ৰেমত পৰিলো।

★★★★

Comments

  1. ময়ো হৰকান্তৰ জ্ঞানৰ প্ৰেমত পৰি গ’লো।
    বৰ ভাল লাগিল ।

  2. হা হা হা, এনেকৈ সহজ ভাষাত পঢ়িবলৈ পালে আমাৰ দৰে মুঢ়মতিও ভাষাত বিশাৰদ হৈ যাব

Leave a Reply

Your email address will not be published. Required fields are marked *