ফটাঢোল

দ্য এক্সচেঞ্জ–জন লেংফৰ্ড (অনুবাদ- ৰিণ্টুমণি দত্ত)

: হেল্ল’ ছাৰ, নমস্কাৰ। মই আপোনাক কিদৰে সহায় কৰিব পাৰো?

: কিছুদিন আগতে আপোনালোকৰ দোকানৰ পৰা মই এলাৰ্ম দিয়া ঘড়ী এটা কিনিছিলো৷ সেইটোকে ওভতাই দিবলৈ আহিলো৷

: ঘড়ীটোৰ অসুবিধাটো কি জানিব পাৰো নে?

: এলাৰ্মটোৱে কাম কৰা নাই, এলাৰ্মৰ কোনো শব্দ নহয়।

: আপুনি তাৰ মেনুৱেলখন পঢ়ি ভাল কৰিবলৈ চেষ্টা কৰিছিল নে?

: হয়, চেষ্টা কৰিছিলো। কিন্তু সফল নহ’লো।

: ঠিক আছে, অনুগ্ৰহ কৰি ঘড়ীটো কিনাৰ ৰচিদখন দিয়ক৷

: অহ! সেইখন মই ক’ৰবাত হেৰুৱালো। সেইখন বৰ্তমান মোৰ লগত নাই৷

: তেনেহলে মোক ক্ষমা কৰিব, মই আপোনাক পইছা ঘুৰাই দিবলৈ অসমৰ্থ।

: নহয়, আপুনি ভুল বুজিছে। মই পইছা ঘুৰাই বিচৰা নাই। মই মাথো এই বিকল ঘড়ীটো সলনি কৰি তাৰ পৰিবৰ্তে ভাল এটাহে ল’ব বিচাৰিছো।

: ঠিক আছে। আপোনাৰ ওচৰত ঘড়ীটোৰ মুল পেকেটটো নিশ্চয় আছে?

: নাই নহয়, সেইটো মই ক’ৰবাত দলিয়াই পেলালো।

: ক্ষমা কৰিব, পেকেটটো নহ’লে আমি ঘড়ীটো সলনি কৰি দিব নোৱাৰো।

: আপোনালোকে প্লাষ্টিকেৰে ঘড়ীটো বান্ধি দিছিল। ঘড়ীটো উলিয়াবলৈ মই কটাৰীৰে প্লাষ্টিকখন কাটিব লগা হ’ল। এটা কথা মই বুজা নাই, ঘড়ীটো সলনি কৰিবলৈ পেকেটটোৰ কিয় আৱশ্যক?

: সেইটো আমাৰ দোকানৰ নিয়ম, যিকোনো সামগ্ৰী সলনা-সলনি কৰিবলৈ হ’লে তাৰ মুল পেকেজিঙৰ সৈতে অহাটো বাঞ্চনীয়।

: সেই অদৰকাৰী প্লাষ্টিকসোপা ৰাখি মই কি কৰিলোহেঁ‌তেন?

: ছাৰ, ঘড়ীটো সলনি কৰিবলৈ আপোনাৰ কামত আহিল হয়।

: মই ভবাই নাছিলো যে কিনাৰ কিছুসপ্তাহ পাছতে ঘড়ীটো বেয়া হৈ থাকিব। তাৰমানে, আপুনি মোক এই বিষয়ত একো সহায় কৰিব নোৱাৰে?

: কিবা সহায় কৰিবলৈ মই ঘড়ীটো কিনাৰ প্ৰমাণ পোৱাটো দৰকাৰ।

: মই কৈছো নহয় যে এইটো আপোনালোকৰ দোকানতে কিনা বুলি। প্ৰকৃততে, ঘড়ীটো বিক্ৰী কৰা কৰ্মচাৰীজন আপুনিয়েই আছিল। পাহৰিলে নেকি?

: আপুনি প্ৰডাক্ট ৱাৰেণ্টি নম্বৰটো অনলাইন ৰেজিষ্টাৰ কৰিছিল নে?

: নাই কৰা।

: অহ! আকৌ এটা ডাঙৰ অসুবিধা হ’ল। বাৰু, আপুনি ক্ৰেডিট কাৰ্ডেৰে দাম পৰিশোধ কৰিছিল নে নগদ টকা দিছিল?

: নগদ টকা দিছিলো৷

: অহ! আপুনি কাৰ্ডৰ সহায়তঘড়ীটোৰ দামটো পৰিশোধ কৰা হ’লে, অন্তত: আপোনাৰ বেংক ষ্টেটমেণ্টৰ জৰিয়তে ঘড়ীটো ইয়াৰ পৰা কিনা বুলি নিশ্চিত কৰিব পৰা গ’লহেঁতেন। কিনাৰ তাৰিখটোও গম পোৱা গ’লহেঁতেন৷

: কলোৱেই দেখোন, মই নগদ ধন পৰিশোধ কৰিছিলো।

: কথাটো হ’ল, ওচৰৰ বহুকেইখন দোকানত এই একেটা ব্ৰেণ্ডৰ এলাৰ্ম ক্ল’ক বিক্ৰী হয়। এই একেটা ঘড়ী আপুনি বেলেগ ষ্ট’ৰতো কিনিব পাৰিলে হয়।

: হয়, পাৰিলোহেতেন। কিন্তু, কথাটো হয় যে মই ঘড়ীটো আপোনালোকৰ দোকানৰ পৰা কিনিছো আৰু ঘড়ীটোৱে এতিয়া কাম কৰা নাই। গতিকে আপোনালোকে এতিয়া মোক এইটো সলনি কৰি দিব লাগে। কথা সিমানেই৷

: আপুনি ঘড়ীটো কেতিয়া কিনিছিল?

: আজিৰ পৰা কিছু সপ্তাহ আগতে।

: আমাৰ এক্সচেঞ্জ পলিচি অনুসৰি একৈশ দিনৰ ভিতৰত কিনা সামগ্ৰী হ’লেহে সলনি কৰি দিব পাৰি। হয়তো আপুনি সেই সময় অতিক্ৰম কৰিলে।

: মই যোৱামাহৰ কোনোবা এটা দিনত কিনিছিলো। সঠিক তাৰিখটো পাহৰিছো।

: আমি এইটো প্ৰডাক্ট কেইবাবছৰো আগৰ পৰাই বিক্ৰী কৰি আহিছো।

: আপুনি মই মিছা কৈছো বুলি ক’ব বিচাৰিছে নেকি?

: নহয় চাৰ, মই ক’ব বিচাৰিছো যে আপুনি ঘড়ীটো কিনা বাইশ দিনৰো অধিক হ’ব পাৰে। তেতিয়া ৰচিদখন আৰু মুল পেকেটটো পালেও আমি এইটো সলনি কৰি দিব নোৱাৰো।

: মানে আপুনি মোক একো সহায় কৰিব নোৱাৰে।

: মই অতিকৈ দুঃখিত মহাশয়।

: তাৰমানে মই এতিয়া এই বিকল এলাৰ্ম ক্লকটো লৈয়েই থাকিব লাগিব?

: আপুনি ঘড়ীটোৰ সমস্যাটো লিখি ঘড়ীটো সজা মুল প্ৰতিষ্ঠানটোলৈ পঠিয়াব পাৰে।

: হেৰা, এইটো চীনত নিৰ্মিত ঘড়ী!

: তেন্তে এই ঘড়ীটো আপুনি কোনোবা ঘড়ী ভাল কৰা দোকানতো দেখুৱাই চাব পাৰে।

: অহ৷ তেতিয়া কেৰেলাতকৈ গুটিহে দীঘল হ’ব। মেৰামতি কৰিবলৈ গ’লে ঘড়ীৰ দামতকৈ বেছিহে ভৰিব লাগিব চাগৈ।

: সেইটো হয়।

: আপোনালোকৰ দোকানৰ মেনেজাৰৰ লগত কথা পাতিব পাৰো নে?

: দুঃখিত, মেনেজাৰ আজি ছুটীত আছে।

: তেন্তে আজি তেখেতৰ দায়িত্বত কোন আছে, তেওঁকেই মাতক।

: আপুনি ইতিমধ্যে তেখেতৰ লগতে কথা পাতি আছে। মানে ময়েই সেইজন৷

: আপোনালোকৰ মেনেজাৰক কাইলৈ লগ পাম নে?

: নাপাব।

: তেখেতক কেতিয়াকৈ লগ কৰিব পাৰিম?

: অহা সোমবাৰে।

: ঠিক আছে, তেন্তে মই অহা সোমবাৰে আহিম।

: ঠিক আছে ছাৰ। মই আপোনাক অন্য কিবা সহায় কৰিব পাৰিম নেকি?

: আশা কম।

: ঠিক আছে ছাৰ। আপুনি আমাৰ মেম্বাৰশ্বিপ কাৰ্ড এখন ল’ব বিচাৰিব নেকি? সেইখন সম্পূৰ্ণ বিনামুলীয়া আৰু প্ৰত্যেকবাৰেই আমাৰ দোকানৰ পৰা কিবা সামগ্ৰী ক্ৰয় কৰিলে আপুনি সম্পুৰ্ণ পাঁচ শতাংশ ৰেহাই পাব।

: নাই, প্ৰয়োজন নাই। অশেষ ধন্যবাদ।

: যদি আপুনি আজিৰ দিনটোত আমাৰ দোকানৰ মেম্বাৰশ্বিপ কাৰ্ড লয়, তেন্তে এটা বিনামুলীয়া উপহাৰ পাব।

: সেইটো কি হ’ব?

: এটা এলাৰ্ম ক্লক!

☆★☆

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *