ফটাঢোল

গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড – অপূৰ্ব শইকীয়া

জীৱন যৌৱন বৰ অনুপম
সুখ দুখৰ সমষ্টি আমাৰ এই জীৱন ।
যৌৱনত থাকে এটি লেঠা
ভাল সম্বন্ধ এটি গোটোৱা,
গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ৰ বাবে
কিছু লোক হাবাথুৰি যে খোৱা ।
দূৰৈৰ পাহাৰ বোলে দেখাতহে ভাল
গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ৰ বাবে
বহুতৰে হয় যে কিছু পয়মাল।
গোলাপী গাল, উঠন বুকু,
দীঘলীয়া চুলিৰে তাই অনন্য
লৰাজনে বোলে তাইক পালে মোৰ জীৱন
হৈ যাব ধন্য।
কলেজীয়া সেই ছোৱালীজনী
সঁচাকৈয়ে ধুনীয়া,
তাইক বোলে পতাবই
কিয়নো তাইৰ অবিহনে নহয় হেনো সুন্দৰ
তাৰ এই দুনীয়া।
দেখি আহি তাইক সি বন্ধুগণে ক’লে,
সিহঁতেও দিলে তাক উৎসাহ
পতাই ল তাইক তই সেইজনী মাথো তোৰে ।
উগুল-থুগুল মন তাৰ
আজিযে প্ৰপজ মাৰিব তাইক,
ৰোমাণ্টিক হিৰ’ হৈ সি
ষ্টাৰ্ট দিলে তাৰ বাইক্।
বন্ধুগণে দিলে তাক বেষ্ট অফ লাক,
তাইক বোলে প্ৰপজ মাৰিব নোৱাৰিলে
সি নাখায় আজি ভাত ।
সঁচাকৈয়ে বহুত সাহসেৰে তাইক
ভাল পাওঁ বুলি কলে,
সুন্দৰীয়ে কিন্তু তাৰপৰা
কিছু সময় বিচাৰিলে ।
সুন্দৰী গ’ল ঘৰলৈ
অতি আনন্দিত মন,
জীৱনত প্ৰথম বাৰৰ বাবে কোনোবাই
কৰিছেযে প্ৰেম নিবেদন।
তাইও ভাৱিলে
লৰাটো দেখোন নহয় সিমান বেয়া,
ভাল পাওঁ বুলি কৈয়েই দিওঁ
এয়াইটো সময় আমাৰ প্ৰেমৰ মজা লোৱাৰ ।
হোৱাটচএপতে দিলে ৰিপ্লাই
যদিও শংকিত তাইৰ মনটো,
কঁপা কঁপা আঙলিৰে লিখিলে
বোলে আই লাভ ইউ টু।
পজিটিভ উত্তৰ পাই আমাৰ ৰোমিঅ’ৰ
অতি আনন্দিত মন,
পিছদিনাই লগ কৰিব জুলিয়েটক
খৰছ কৰিবলৈ নকৰে ভয় দেউতাকৰ ধন ।
প্ৰথমবাৰৰ বাবে দুয়ো সেইদিনা
পাৰ্কত লগ হ’ল,
ৰোমিঅ’ই ভাৱিলে মোৰ কষ্ট
দেখোন অথলে নগ’ল,।
মাজনিশা এতিয়া দুয়ো ফোনত কথা পাতে
ইটোৱে সিটোৰ মাত নুশুনিলে
থাকিবকে নোৱাৰে ।
মিঠা মিঠা কথাৰে দুয়ো
হৈ পৰিল অতি বেছি আপোন,
নাম দুটা সলাই লৈ কৰি ললে
দেহা আৰু সোণ।
মাজে মাজে জুলিয়েটৰ
অভিমানি মন,
ব্যস্ততাৰ মাজত ৰোমিঅই বোলে
নধৰে হেনো ফোন ।
এনেকৈয়ে সৰু কথাতে
কাজিয়া বাঢ়ি গ’ল
নকমিল কিন্তু সিহঁতৰ মাজত
মৰমৰ জীয়া-ঢল।
প্ৰেমত দুয়ো মগ্ন দুবছৰেই হ’ল,
এই সময়তেই সিহঁতৰ মাজত
বহুত ঘটনা ঘটি গ’ল ।
কিবা কথাত সিহঁতৰ মাজত
সম্পৰ্কত লাগিল কেণা,
ৰোমিঅ জুলিয়েটৰ দিনবোৰ বোলে
এতিয়া অশান্তিৰে ভৰা ।
বন্ধুগণক কয় সি এতিয়া বোলে
নলবি তহঁতে কেতিয়াও
প্ৰেম ভালপোৱাৰ টেষ্ট,
জাননে বাৰু তহঁতে
চিংগল লাইফ ইজ অলৱেইজ বেষ্ট।
(কাক-তালীয় ভাৱে কাৰোবাৰ লগত মিলিলে
ক্ষমাহে আৰু)

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *