“ভূ”মানে হেনো পৃথিবী, “গোল” মানে গোলাকাৰ।
ঘূৰণীয়া পৃথিবীখনৰ কথাই আছে ভূগোলত সোমায়।
নদ-নদী, সাগৰ-বিল, দেশ-মহাদেশে
পৃথিবীখনি শুৱনি কৰি ৰাখিছে অতিকে।
তাকে পঢ়ি যাবলৈ চাৰে দিছে সকিয়নী
নোৱাৰিলে বাচিব পিঠিত ফুলৰ বাগিছাখনি।
পঢ়া টেবুলত থম-থমকৈ বহি ভাবি আছো মই
এটা প্ৰশ্নৰো উত্তৰ নোৱাৰিম কাইলৈ শ্ৰেণীত গৈ–
সাতে-পাঁচে চিন্তা কৰি মেলি ল’লো ভূগোলখন
অংক-চংক পাছত কৰিম জানি লও পৃথিবীখন।

সাত বৃহৎ মহাদেশ আৰু পাঁচখন মহাসাগৰ
একেলগে মিলি গঢ়িছে আমাৰ ধৰণী সুন্দৰ
বায়ু, পানী, মাটি আৰু সাগৰৰ তলিখন
কেনেকৈনো গঠন হৈছে জানো আমি ভূগোলত।
পৰ্বত, পাহাৰ, নদী, দ্বীপ, হ্ৰদ আৰু মালভূমি
কাক বোলে মুখস্থ কৰি হৈ আছো আজৰি।
ভূচিত্ৰাৱলীখন মেলি লৈ বহি আছো মুখ মেলি
মহাদেশ কেইখন চিনিবলৈ লাগিল বৰ খেলিমেলি।
এচিয়াখন- বৰ বিশাল ইমুৰ সিমুৰ যোৰা
ইউৰোপখন- লাগি আছে যেন মাকৰ বুকুত কেঁচুৱা।
আফ্ৰিকাখন- ঠৰঙাকৈ যেন খোলাচাপৰিয়া পিঠা,
দুইখন আমেৰিকাই ধৰা-ধৰিকৈ যেন খেলি আছে দোলনা।
অষ্ট্ৰেলিয়াখন অকলশৰীয়া, যেন হাতীৰ কাণ,
এন্টাৰ্কটিকা বৰ ঠাণ্ডা বৰফ খাবলৈহে যাম।
উত্তৰ আৰু দক্ষিণ মহাসাগৰ দুই মুৰত আছে
প্ৰশান্ত আৰু আটলান্টিকৰ মাজত আমেৰিকা দুখন আছে।
ভাৰত মহাসাগৰ আমাৰ ভাৰতৰ দক্ষিণ সীমাত আছে,
আৰব আৰু বংগোপ সাগৰক যেন দুইহাত মেলি ধৰিছে।

ভূগোল দেখোন তেনেই উজু
নপঢ়িহে পাইছিলো টান
অংকৰ দৰে জংক পংক অকণো নহয় ভাই!
সাহিত্যখন পঢ়িবলৈ মই বৰ ভাল পাওঁ
চকু মুদিয়েই সলসলিয়াকৈ চিঞৰি গাই যাওঁ।
নেওতা কেইখন মুখস্থ নকৰিলে
স্কুলত পিতন দিয়ে,
বিজ্ঞানৰ পৰীক্ষাবোৰহে কৰি ভাল লাগে।
লেমৰ চিমনি ক’লা পৰিল টোপনিয়েও ধৰিছে হেঁচি
ভাত খাবলৈ মায়ে চিঞৰাত
থ’লো পঢ়া সামৰি।
সৰস্বতীৰ প্ৰাৰ্থনাটি লৰালৰিকৈ গালো
পাহৰাখিনি সোঁৱৰাই দিবলৈ
চুক্তি কৰি গ’লো।।

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *