ফটাঢোল

চচমা–মমিতা দাস

গাৱঁৰ ধনী মানুহ এজনে তেওঁৰ কেইজনমান বন্ধুৰ লগত তেওঁৰ নিজৰ গাড়ীৰে বনভোজ খাবলৈ গ’ল। মানুহজনে গাড়ী নিজে চলাইছিল। লগৰ বন্ধু কেইজনে সম্মুখৰ গ্লাছ খনেৰে একো দেখা পোৱা নাছিল । কিন্তু মানুহজনে বাটটোৰ গাত বোৰৰ পৰা বচাই আৰামত গাড়ী খন চলাই নিছিল। বন্ধু কেইজনে আচৰিত হৈ মানুহ জনক সুধিলে।

বন্ধু , সম্মুখৰ আইনা খনেৰে আমি একো দেখা নাই । তুমি ইমান ধুনীয়াকৈ কেনেকৈ গাড়ী চলাইছা ?
মানুহজনে কলে “কি ক’ম বন্ধু , মোৰ এই পাহৰি যোৱা স্বভাৱটোৰ বাবে এতিয়ালৈকে প্ৰায় ৯৫১ যোৰ চশমা হেৰুৱালো।”
বন্ধু কেইজনে ক’লে “আৰে বন্ধু আমি তোমাৰ ড্ৰাইভিংৰ কথা সুধিছো।”
ধনী মানুহ জনে ক’লে “তাকেটো ক’বলৈ লৈছো । চশমা বনোৱাই বনোৱাই মই হায়ৰাণ হৈ গ’লো। সেই বাবে গাড়ীৰ আইনা খনতে চশমাৰ নম্বৰটো দি বনোৱাই গাড়ী খনত লগাই লৈছো। “

★★★★

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *