ফটাঢোল

ব্যর্থ প্রেমিক– মৃদুল শৰ্মা

দৃশ্যপট : এটা শ্বপিং মল। প্রেমিকাৰ বিয়াৰ পিছত,
সেই ব্যর্থ প্রেমিকৰ সৈতে পুৰণি প্রেমিকাৰ
বহু দিনৰ পাছত দেখা দেখি হ’ল।

(সুধো নুসুধোকৈ)
প্রেমিকা : বিয়া পাতিছা?
ব্যর্থ প্রেমিক : নাই।
প্রেমিকা : কিয়? কেতিয়াও বিয়া নাপাতা নেকি?
ব্যর্থ প্রেমিক : পাতিম। কিন্তু চৰ্ত আছে। হয় তুমি তোমাৰ স্বামীক এৰি মোৰ লগত আকৌ বিয়া হোৱা, নহয় তোমাৰ দৰেই এজনীক বিচাৰি দিয়া।
প্রেমিকা : ঠিক আছে, বিচাৰিম বাৰু।

(প্ৰেমৰ নাটকৰ যৱনিকাবোৰ সাধাৰণতে এনেকুৱাই হয়, কিন্তু এইবাৰৰ যৱনিকা অলপ বেলেগ)

প্রেমিকা : মোৰ নিচিনা অন্য কাৰোবাক আনি দিলে বিয়া পাতিবাতো?

ব্যর্থ প্রেমিক : (অট্টহাস্য) হা হা হা হা… ধেৎ পাগলী! তোমাৰ স্বামীক সেই ছোৱালীজনীক দি তোমাক লৈ আহিম। (চলচলীয়া চকু আৰু উদাস হাঁহিৰে ব্যর্থ প্রেমিক)
“মই যে সদায় তোমাকেই বিচাৰোঁ।”

One comment

  • হেমন্ত কাকতি

    হাঃ হাঃ, বঢ়িয়া দেই ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *