ককাজনে দশমীৰ দিনা তেওঁৰ আপুৰুগীয়া হাৱাই চেণ্ডেলযোৰ হেৰুৱাই পেলালে৷ মানে ককাৰ বৰ্তমান হাহাকাৰ৷ মানসিক কষ্টত জীয়াই আছে৷ সেই দশমীৰ সন্ধিয়া কেইবাখনো পূজাথলীত অনাই বনাই ঘূৰি জেলেপীৰ দোকানবোৰত আধা ভঙা, গ্ৰাহকে কিনিব নোখোজা জেলেপীৰ টুকুৰাবোৰ ফ্ৰিতে মস্ত পেটটোত সুমুৱাই আৰু কেইবাদিনলৈ খাব পৰাকৈ নিজৰ লগত নিয়া মোনাখনত ভৰাই লৈ ঘৰলৈ উভতি আহে মানে কানি-মুনি বেলিকাই হৈ গ’ল৷

এনেয়ে থকাত সেই ৰাস্তাত গাড়ী-মটৰৰ সুবিধা আছে যদিও ককাই তেনেকৈ পইচা-পাতি খৰচৰ পক্ষপাতি নহয়৷ টকা-পইচা অনৰ্থক খৰচৰ ককাই মুঠেই সমৰ্থন নকৰে৷ অৱশ্যে অহা-যোৱা কৰোঁতে চিনাকি মানুহবোৰৰ গাড়ী-গুড়াতে উঠি ককাই চলা-ফিৰা কৰি আহিছে৷ মানুহে যদিও জানে যে বুঢ়া চেঙেলী অধইচ কৃপণ তথাপিও হাজাৰ হ’লেও বুঢ়া মানুহ বুলিয়েই লিফ্টকণ দি আহিছে৷

সেইদিনাও ককাই তেনে এটা অনুমান কৰিয়েই জেলেপী বুটলি বুটলি আহি আছিল৷ এনেই মানে যাওঁতে চুবুৰীয়া এজনৰ গাড়ীতে গৈ আটাইতকৈ দূৰৈৰ পূজাথলীখনতে নামিছিলগৈ৷ ভাবিছিল তাৰ পৰাই জেলেপী বুটলা আৰম্ভ কৰি লাহে লাহে যাৰ-তাৰ গাড়ীত উঠি এখোপ এখোপকৈ ইখনৰ পিচত সিখনকৈ পাক মাৰি মাৰি ক্ৰমে ঘৰৰ কাষৰখনত আহি ওলাব পাৰিলেই হ’ল৷ বচ! কোনো অসুবিধা নাই৷ সেইকণৰ পৰা নিজৰ ঘৰলৈও বেছি দূৰ নহয়৷ কাৰোবাৰ গাড়ী নাপালে খোজ দিয়েই ঘৰ সোমাবহি পাৰিব৷

পিচে ঘৰৰ পূজা থলীখনলৈ অহাৰ আগতে ককাই আৰু এখন আগতে নোযোৱা পূজা থলীৰ খবৰ যাৰে-তাৰে মুখত শুনি ৰ’ব নোৱাৰিলে৷ শুনা মতে সেইখনত বোলে বহুত বেছি মানুহ হৈছে৷ ককাই মনতে অংক এটা কৰি ল’লে! তাত মানুহ বেছি মানে মিঠাইৰ, মানে জেলেপীৰ দোকানবোৰো বেছি হ’ব৷ মোনাটোলৈ চাই দেখিলে যিখিনি জেলেপীৰ টুকুৰা গোট খাইছে সেইখিনিৰে খুব বেছি এসপ্তাহহে যাব৷ ইফালে ভালেৰে ৰাখিবলৈ পৰিবাৰে ফ্ৰিজডালো চলাব৷ তাৰমানে বিজুলীৰ খৰচ৷ নাই নাই! এসপ্তাহৰ কাৰণে ইমান বিজুলীৰ বিল বঢ়াব নোৱাৰি৷ আৰু এসপ্তাহৰ বাবে পোৱা হ’লে৷

ককাই অচিনাকি পৰিয়াল এটাকে কাবৌ কোকালি কৰি তেওঁলোকৰ গাড়ীতে উঠি সেই পূজা থলী পালেগৈ৷ ককাৰ অনুমান মিছা নহয়৷ ঢেৰ মানুহ, ঢেৰ মিঠাইৰ, মানে জেলেপীৰ দোকান৷ ককাই এৰা-চেৰেহা বহুখিনি জেলেপী গোটালে৷ গোটালে মানে মোনা ভৰি গ’ল৷ গতিকে ওচৰে-পাঁজৰে পৰা থকা প্লাষ্টিকৰ পেকেট আদিতো ঠাহি ঠাহি ভৰাই ল’লে৷ ককাৰ ভোক লাগিছিল যদিও মোনাত থকা জেলেপী কমি যাব বুলি নাখালে৷ লগতে দেৱী ককাৰ প্ৰতি ইমান সুপ্ৰসন্ন হোৱাৰ আনন্দতে আৰু সেৱা কৰিলে পূজাৰীৰ পৰা প্ৰসাদ পোৱাৰ আশাৰে ককাই পিন্ধি থকা হাৱাই চেণ্ডেলযোৰ খুলি মণ্ডপলৈ সোমাল৷ ইতিমধ্যে দেৱীসকলক বিসৰ্জনৰ কামত সকলো ব্যস্ত আছিল৷ ককাই এই ছেগতে সৰহকৈ নৈবেদ্যৰ ফলমূল, মিঠাই আদিৰে পেট পূৰাই খাই পৰাখিনি বান্ধি বাহিৰলৈ ওলাই আহিল৷

পিচে মনৰ আনন্দত ককাই নিজৰ আপুৰুগীয়া চেণ্ডেলযোৰকে এৰি আহিল৷ ইফালে ঘৰলৈ যোৱাৰ বাবেও ওচৰ-পাঁজৰৰ কোনো চিনাকি-অচিনাকি কাকো বিচাৰি নাপালে৷ সেয়ে লাহে লাহে ঘৰলৈ বুলি খোজ দি অলপদূৰ আহি শ্বৰ্টকাট ল’বলৈ শিলগুটীয়া ৰাস্তা লওঁতেহে ককাৰ চেণ্ডেললৈ মনত পৰিল৷ ইফালে গধুৰ হৈ পৰা কেঁকো-জেকো মোনাৰে, মোনাৰ তলৰে বৈ পৰা চেনিৰ জোলেৰে ককাৰ ভৰিৰ ফালৰ বস্ত্ৰ লেটু-সেতু হৈ পৰিছিল৷ হাজাৰ মন থকা স্বত্বেও ককাই উভতি গৈ চেণ্ডেলযোৰ বিচাৰিবলৈ সাহস কৰিব নোৱাৰি লাহে লাহে ঘৰলৈ গমন কৰিলে৷

পিচদিনা ব্ৰহ্মপুৱাতে উঠি প্ৰথমে জেলেপীৰে প্ৰাতঃভোজন কৰি ল’লে৷ অৱশ্যে আগদিনা ৰাতিহে অনা বুলি জেলেপী সহিত আন মিঠাইবোৰ ডাঙৰ চৰুৰ তলত পানী থৈ ডলাৰে ঢাকি থোৱা হৈছিল৷ ককাৰ আদেশ দুদিনমান এনেকৈ ৰাখি তাৰ পিচতহে ফ্ৰিজত থৈ অন কৰিব লাগিব৷ খাই লৈ ককা চিধাই সেই পূজাথলী পালেগৈ যদিও তেতিয়া তাত চাফাই কৰ্ম চলাই থকা হৈছিল৷ ককাৰ চেণ্ডেলৰ খবৰ কোনেও দিব নোৱাৰিলে৷

দুখে-ভাগৰে তাৰ পৰা খোজ কাঢ়ি আহি থাকোঁতে ৰাস্তাৰ এঠাইত পুলিচ থানাখন দেখি কি জানো ভাবি ককা পুলিচ থানালৈ গ’ল৷ পুলিচ অফিচাৰজনে বুঢ়া মানুহ দেখি আথে-বেথে বহিবলৈ দি কি কামত আহিছে জানিবলৈ বিচাৰিলে৷ ককাই অফিচাৰৰ আগ্ৰহ দেখি চাহ এটুপি এই ছেগতে খাই লওঁ বুলি সেহাই সেহাই ক’বলৈ ধৰিলে, ’বোপা, পানী এগিলাছ পাম নেকি… পুৱাই ওলালো…’
অফিচাৰে ককাই ভবাৰ দৰেই পানীৰ লগতে চাহ-মিঠাই আনিবলৈ মহিলা পুলিচ কনিষ্টবলগৰাকীক আদেশ দিলে৷ চাহ-মিঠাই অহালৈকে প্ৰথমে পোৱা পানীখিনিকে অলপ অলপকৈ পি থাকি ককাই চাহ অহাত একেকোবতে চাহ-মিঠাই খোৱাত লাগিল৷
অফিচাৰজনৰ বেয়াও লাগিল, ’আয়ৈ দেহি! কি বা হেৰুৱালে বুঢ়া মানুহজনে! হোজা মানুহ…টাউনত দেখি কোনোবাই জৰুৰ পকেট মাৰিলে…! অফিচাৰজনে মনত পৰা সকলো পকেটমাৰৰ পৰা গভাইত চোৰলৈকে সকলোৰে নামবোৰ মনত পেলাবলৈ চেষ্টা কৰি মনতে পাঙিলে যে যিকোনো প্ৰকাৰে বুঢ়া মানুহজনক সহায় কৰিব লাগিব৷

কওকচোন ককা, আপুনি কি হেৰুৱালে—অফিচাৰৰ প্ৰশ্ন…

ককাৰ উত্তৰঃ এহ বোপা! কিনো ক’ম মোৰ দুখৰ কথা! মোৰ জীৱনৰ প্ৰায় পঞ্চাছ বছৰৰ লগৰীক কালি মই হেৰুৱাই পেলালো৷

: কি.. আপুনি আপোনাৰ পৰিবাৰক হেৰুৱালে….অফিচাৰ জাপ মাৰি চকীৰ পৰা উঠিল…তেন্তে আপুনি এতিয়ালৈকে ৰিপোৰ্ট কৰা নাই কিয়… কিমান বয়স তেখেতৰ… আপোনাতকৈ কিমান সৰু বাৰু… সৰু হ’লেও তেখেতো নিশ্চয় বয়সীয়াল…এনেদৰে হাজাৰটা প্ৰশ্নৰে সচেতন বিষয়াজন ব্যতিব্যস্ত হৈ পৰিল…

: নাই অ’ বোপা! মোৰ পৰিবাৰ ঘৰতে আছে….ককাই উত্তৰ দিলে৷

: তেন্তে কাকনো হেৰুৱালে ?—অফিচাৰৰ আশ্চৰ্যচকিত প্ৰশ্ন…

: হেৰি মানে, মোৰ মানে বোপা, কালী দশমীৰ ভিৰত মোৰ বৰ মৰমৰ চেণ্ডেলযোৰ হেৰুৱালো৷ তাৰে এফআইআৰ লিখোৱাবলৈ আহিছো—ককাই লাহে লাহে ক’লে…

ইতিমধ্যে অফিচাৰে টেবুলত থকা চাহকাপ হাতত লৈ এঢোক মুখত লৈছিলহে মাথোঁন, ককাৰ কথা শুনি এটা চৰ্চৰণিয়েই খাই গ’ল৷

: কি…! কি কয় আপুনি…! চেণ্ডেল হেৰুওৱাৰ ৰিপোৰ্ট লিখুৱাব আহিছে? অফিচাৰৰ প্ৰশ্ন৷ লগতে সন্মুখত থিয় হৈ থকা কনিষ্টবল, ছাব-ইন্সপেক্টৰলৈ চাৱনি… চাৱনিটো মানে হাঁহো হাঁহো…। পিচে বুঢ়া মানুহজনৰ আগত হাঁহিবও বেয়া পাইছে…

তাৰপাছত লাহেকৈ ক’লে, ‘ককা, এনেই মানে আ-অলংকাৰ, টকা-পইচা হেৰুওৱা, মানুহৰ হানি হোৱা, আপদ-বিপদ আদিতহে ৰিপোৰ্ট লিখোৱা হয়৷ আপোনাৰ চেণ্ডেলৰ বাবদ ৰিপোৰ্ট লিখিব নোৱাৰি৷ আৰু দশমীত হেৰুৱা বস্তু ক’ত পাবনো… এযোৰ কিনি লওকগৈ যাওক৷ কিমাননো পৰিব…

পিচে অফিচাৰে ককাৰ ভৰিলৈ চাইহে আচৰিত হ’ল৷ সুধিলে, ‘ককা, আপোনাৰ আৰু চেণ্ডেল নাই নেকি?

: নাই, মানে প্ৰয়োজনো হোৱা নাছিল৷ সেইযোৰ চেণ্ডেলে বহুদিন তৰালে বুইছা৷ — ককাৰ উত্তৰ৷
: তাৰ মানে আপুনি সঁচাকৈ সেই পঞ্চাছ বছৰ ধৰি একেযোৰ চেণ্ডেলেই পিন্ধি আছে?

অফিচাৰ এইবাৰ সঁচাই আচৰিত৷
: ঠিক আছে, আপুনি সেইযোৰ হেৰুৱালে৷ কিন্তু এনেকৈ খালী ভৰিৰে অহাতকৈ ঘৰৰ হাৱাই চেণ্ডেলযোৰকে পিন্ধি আহিব পাৰিলে হয়…এনেকৈ খালী ভৰিৰে আপুনি চাগৈ কষ্ট পাইছে…অফিচাৰে আকৌ ক’লে…

: নহয় মানে, মোৰ সেইযোৰেই হাৱাই চেণ্ডেলেই আছিল…ককাই সেমেনা-সেমেনিকৈ ক’লে৷
: কি….?
অফিচাৰৰ মাতটো চিঞৰাৰ দৰে লাগিল… পঞ্চাছ বছৰ ধৰি এযোৰ হাৱাই চেণ্ডেলেৰে কটাইছে৷ কি কওঁ কি নকওঁ বুলি অফিচাৰে নিজৰ মূৰটোকে খজুৱাই থাকিল৷

ককাই লাহেকৈ ক’লে, ‘হেৰা বোপা, সেইযোৰ চেণ্ডেলে মোক ইমান বছৰ তৰালে, এদিনো কষ্ট নিদিয়াকৈ, এতিয়া মই কেনেকৈ বেলেগ এযোৰৰ লগত সন্ধি পাতোঁ বাৰু?

অফিচাৰৰ অলপ সন্দেহ হ’ল৷ ভাবিলে কিজানি বাৰ্ধক্যজনিত বেমাৰতো ভুগিব পাৰে৷ সেয়ে সাধাৰণকৈ ৰিপোৰ্ট লিখিবলৈ কনিষ্টবলগৰাকী ইংগিত দি বুঢ়াক গাড়ীৰে ঘৰত থৈ অহাৰ অৰ্ডাৰ দিলে৷ লগতে বুঢ়াক থ’বলৈ যাওঁতেই বজাৰৰ পৰা এযোৰ হাৱাই চেণ্ডেল কিনি দিবলৈ আৰু ওচৰ-চুবুৰীয়াকো বুঢ়াৰ বিষয়ে খবৰ কৰিবলৈ নিৰ্দেশ দিলে৷

যথা সময়ত কৰাইচ বুঢ়াৰ খবৰবোৰ জানি পুলিচৰ দল হৰ্যোল্লাসে থানা পাই অফিচাৰক সকলোখিনি কৈ পাৰে মানে হাঁহিৰ খোৰাক তুলিলে৷ অফিচাৰে সকলোকে বুজাই দিলে যে ককা থানালৈ আহিলে সকলোৱেই কিবা কিবি কৈ যেন ওভতাই পঠিয়াই দিয়ে৷

পিচে তাৰ পাছৰে পৰা বুঢ়াৰ থানালৈ গৈ দিনৰ দিনটো সকলোকে চেণ্ডেলৰ বিষয়ে সুধি থাকি চাহ-তামোলৰ শ্ৰাদ্ধ কৰাটো এটা অভ্যাসতে পৰিণত হ’লগৈ৷ অফিচাৰজনে কিবা কিবি কামৰ কথা গৈ যেনিবা বুঢ়াৰ পৰা আঁতৰি থাকিল৷ কিন্তু বাকীসকলৰ কোনেও বুঢ়াৰ নজৰৰ পৰা সাৰি যাব নোৱাৰিলে৷ উপায়বিহীন হৈ কনিষ্টবলগৰাকীয়ে অফিচাৰৰ আগত এটি প্ৰস্তাৱ দিলে যে বুঢ়াৰ চেণ্ডেলযোৰৰ বিযয়ে বাতৰি কাকতত এটি বিজ্ঞপ্তিয়েই দি দিয়া যাওক৷ অন্ততঃ বুঢ়াক দেখাই কিছুদিনলৈ ৰক্ষা পাব পাৰিয়েই কিজানি৷ এনেই চেণ্ডেলযোৰ কোনোবাই পালেও পিন্ধিব যে নোৱাৰি পেলাইহে দিব সেইটো খাটাং৷

অফিচাৰৰ কথাটো মনপুতঃ হ’ল৷ ফটো নথকা বিজ্ঞপ্তিটো অন্তৰস্পৰ্শী কৰিবলৈকে এনেদৰে লিখি দিলে-
‘এজন বয়োজ্যেষ্ঠ  নাগৰিকে তেখেতৰ জীৱনৰ প্ৰায় পঞ্চাছ বছৰৰ লগৰী এযোৰ চেণ্ডেল হেৰুৱাই বৰ মনোকষ্টত ভুগিছে৷ যদি কোনো সদাশয় ব্যক্তিয়ে তেখেতৰ চেণ্ডেলযোৰ বিচাৰি পাইছে তেন্তে অনুগ্ৰহ কৰি অমুক পুলিচ থানাত জমা দিয়েহি যেন৷ দিব পাৰিলে মোটা ধনৰ মাননি দিয়া হ’ব’ বুলি অফিচাৰজনে এনেই লিখি দিলে৷

পিচে দুদিনমানৰ পাছতে সকলোকে আচৰিত কৰি অফিচাৰৰ মোবাইলত অহা ফটো এখনে সমস্ত পুলিচ থানাত ভূমিকম্প অহাৰ দৰে অৱস্থা কৰিলে৷ ফটোৰ লগতে লিখা আছিল যে সেই চেণ্ডেলযোৰৰ গৰাকীক চেণ্ডেল বিচাৰি দিওঁতাক দিব লগা ধনৰ পৰাই এযোৰ চেণ্ডেল কিনি দিয়াবৰ ব্যৱস্থা কৰিব লাগে৷ এনেহেন আপুৰুগীয়া চেণ্ডেল ক’ৰবাত অক্সন কৰিব পাৰিব বুলিহে ৰাখি থোৱা হৈছিল৷

অফিচাৰ খঙত টিঙিৰিতুলা হৈ পৰিল৷ পৰাহেঁতেন বুঢ়াক এশিকনি দিলোহেঁতেন বুলিও হুংকাৰ কৰি উঠিল৷ তথাপি কনফাৰ্ম কৰি লওঁ বুলি বুঢ়াক থানালৈ মাতি ফটোখন দেখুৱালে৷ বুঢ়াই ফটো দেখি উত্ৰাৱল হৈ পৰিল আৰু কেনেকৈ সেইযোৰ ঘূৰাই পাব তাৰ বাবে কাও-বাও কৰিবলৈ ধৰিলে৷

অফিচাৰে ক’লে, ’ককা, এইযোৰ আপুনি কেনেকৈ পিন্ধে বাৰু…একো দেখোন অস্তিত্বই নাই৷ আৰু আপুনি আজিও খালী ভৰিৰে আহিছে৷ আমি দিয়া চেণ্ডেলযোৰ পিন্ধা নাই কিয়…

:নাই, মানে, হ’ব দিয়াচোন.. খালী ভৰিৰেই খোজ কাঢ়ি ভাল লাগে…(মনে মনে.. অন্ততঃ মোৰ চেণ্ডেলযোৰ হেৰুওৱাৰ নামতে খৰচ নকৰাকৈ পোৱা নতুন চেণ্ডেলযোৰ পিন্ধিলে দেখোন ক্ষয় যাবই৷ তেতিয়া আৰু দহবছৰমান কেনেকৈ চলাব)।

আনহাতে অফিচাৰৰ মন গ’ল সঁচাকৈয়ে সেই চেণ্ডেলযোৰ ইমান পুৰণি হয় নে নহয় জানিবলৈ! সেয়ে বুঢ়াক বেলেগ এদিন চেণ্ডেল আনিবলৈ যাব বুলি ওভতাই পঠালে৷ কনিষ্টবল এজন পঠিয়াই চেণ্ডেল থানালৈ আনি ‘চিল’ কৰি অফিচাৰে ফৰেনছিক লেবৰটৰিলৈ পঠিয়ালে৷ তাৰ পৰা ৰিপোৰ্ট আহিল যে সেই চেণ্ডেলযোৰ সঁচাকৈয়ে পঞ্চাছ বছৰৰ অধিক কাল পুৰণি৷

বুঢ়াৰ লগৰ এজনক অফিচাৰে চিনি পাইছিল৷ তেখেতৰ পৰা গম পালে যে সেই চেণ্ডেলযোৰ সেই তাহানিৰ, মানে ষাঠিৰ দশকত নিৰ্মিত অসমীয়া ছবি ‘লাচিত বৰফুকন’ৰ সময়ৰ৷ আচলতে বুঢ়াই বোলে ‘লাচিত বৰফুকন’ত এজন সৈনিকৰ ভূমিকাত অভিনয় কৰিছিল৷ ইফালে চিনেমাখন চোৱাসকলৰ পৰা জানিব পৰা মতে এটা দৃশ্যত লাচিতক কোনো এজন সৈনিকে এনেদৰে কোৱা এটা ডায়লগ আছিল, ‘হে লাচিত চাওক, সৌৱা মোগল সৈন্য.. ব্ৰহ্মপুত্ৰইদি আহি এতিয়া পাৰ পাবহিয়েই লাগে৷’

লগে লগে কেমেৰাই গৈ টুলুং-ভূটুংকৈ আহি থকা এখন টুলুঙা নাও দেখুৱাই…. কেমেৰাই লাহে লাহে ’ক্ল’জ আপত যায়… প্ৰথমে দেখুৱা হৈছিল ভৰিকেইখনমান৷ আচৰিতজনকভাৱে সেই ভৰিকেইখনত পাদুকা অথবা খৰমৰ পৰিৱৰ্তে হাৱাই চেণ্ডেলহে পিন্ধা আছিল৷ সেই তাৰেই এজন মোগল সৈন্যৰ ভাৱত আছিল কৰাইচ ককা৷ সেই চিনেমা বনোৱা মানুহৰ পৰা বিনা পইচাতে পোৱা চেণ্ডেলযোৰকে ককাই পঞ্চাছ বছৰৰো অধিক কাল পিন্ধি কটালে৷

আপোনালোকৰো জানিবলৈ, চাবলৈ মন নাযায়নে বাৰু, কেনেকুৱানো আছিল সেই চেণ্ডেলযোৰ!

হয় এশটামান গাঁঠি থকা এযোৰ তলি ফুটা চেণ্ডেল। এইযোৰৰ ছবি কেতিয়াবা কেতিয়াবা চ’চিয়েল মেডিয়াত দেখা যায়।

★★★★

Comments

  1. বঢ়িয়া। মোৰো এযোৰ আছে, মান্ধাতা যুগৰ নহ’লেও বেছ কিছু বয়স হ’ল। এতিয়াও সেইযোৰে সংগ এৰি দিয়া নাই। গতিকে ককাৰ দুখটো বুজি পাইছো।

    সুন্দৰ প্ৰকাশভংগী

Leave a Reply

Your email address will not be published. Required fields are marked *