‘হেভ এ চেফ জাৰ্ণি…’ – ব’ৰ্ডিং পাছ দুখন হাতত লৈ মই নৰহৰি দাৰ ওচৰ পালোঁ৷

‘কি ক’লে ও সেইজনীয়ে হাঁহি মাৰি?’

‘নাই, হেপী জাৰ্ণি দিছে৷ আৰু এয়া লোৱা তোমাৰ টিকেট৷ এইখন দেখুৱালেহে তুমি ফ্লাইটত সোমাব পাৰিবা৷’

এক গভীৰ প্ৰশান্তিত উজ্জ্বল হৈ উঠা নৰহৰি কাইৰ দুচকুত জিলিকি উঠিল ব’ৰ্ডিং পাছখন৷

‘বহুদিনৰ আশা আছিল উৰাজাহাজত উঠি চোৱাৰ, আজি পূৰণ হ’ব!’ -ফুচফুচাই ক’লে মোক।

নৰহৰি কাই আমাৰ একে গাঁৱৰে৷ সৰু গেলামালৰ দোকান এখন আছে তেওঁৰ৷ পঞ্চাশোৰ্ধৰ নৰহৰি কায়ে বিয়া বাৰু কৰোৱা নাই৷ নাৰীজাতিৰ প্ৰতি এক তীব্ৰ বিদ্বেষ মানুহজনৰ৷ কিয়, নাজানো৷ সুধিলেও নকয়৷ এমাহমানৰ আগতে মোলৈ ফোন কৰিলে, ‘মই আমাৰ গাঁৱৰে দুজনক লৈ বোম্বেলৈ যাম৷ কিবা অসুখ দেখুৱাব সিহঁতে৷ মই তাৰপৰা তোৰ ঘৰলৈ যাম, বুজাই ক’বি ঠিকনা’৷

‘বঢ়িয়া, আহি যাবা৷’

‘তই বোলে ঘৰলৈ আহিবি নৱেম্বৰত৷ উৰাজাহাজেৰে আহিবি নহয়? মোৰ কাৰণেও টিকেট এটা কাটি থ’ব পাৰিবি নে? বৰ মন অ’ এবাৰ আকাশেৰে অহাৰ৷ তোৰ লগত একেলগে আহিলে ভয়ো নালাগিব হে: হে:৷’

নৰহৰি কাই আহিল৷ বহুদিনৰ মূৰত নিজ গাঁৱৰ মানুহ এজন দেখি কিমান যে ফূৰ্তি পালো! চাৰিদিন থকাৰ পিছত আজি দুয়ো একেলগে পুনেৰপৰা অসম যাবলৈ ওলাইছোঁ৷

‘অ’ হৰি কাই, কি সুধিলেনো ছোৱালীজনীয়ে?’

‘এহ, এই ছোৱালী জাতিটো এনেকুৱাই! যি ইষ্টাইল মাৰি আহিছে যেন পদূলিলৈ গ’লেও উৰিহে যায়! পিছে মোক ফুচফুচাই সুধিলে বাঙালীতে ব’ৰ্ডিং পাছ নে কিখন ক’ত পোৱা যাব? হে: হে: গম পাই গ’লো নহয়, তাইৰো আজি মোৰ দৰে প্ৰথম!’

‘পিছে বাঙালীত সুধিলে কিয়?’

‘এইখন চা’, নৰহৰি কায়ে হাতৰ মোনাখন দেখুৱালে৷ ঘূৰণীয়া জনতা চাবোন এটুকুৰাৰ ছবি, তলত লিখা আছে ডাঙৰকৈ ‘জনতা চাবোন’৷

‘ইয়াত ‘ৰ’টো নাই৷ সিহঁতৰ আকৌ ‘ৰ’টো হেনো বেলেগ৷ তাই ভাবিলে চাগে ময়ো বঙালী৷’

‘হয় এই ‘ৰ’, ’ৱ’ এই বেচেৰাকেইটাই যুঁজ দি আছে আৰু অসমীয়া লিপিটোক বেলেগ বুলি বুজাবলৈ৷ মোনাখনত তোমাৰ ‘নৰহৰি’ নামটোও লিখি ল’বা৷ নাভাবে আৰু’ – হাঁহিলোঁ মই।

দুয়ো আগবঢ়িলো ছিকিউৰিটি চেক-ইন কৰিবলৈ৷

‘এইবাৰ আকৌ কি? পুলিচ থানা যেন দেখোন ও। মোৰ আকৌ এই আৰ্মি-পুলিচ দেখিলে সৰুপানী চুবলৈ লাগি যায়। আলফা বিচাৰি গাঁৱলৈ আহোঁতে এবাৰ কম পূৰ্ণহতীয়া এটা খাইছিলোঁ নে।’

‘একো ভয় নাই, এইটো লাষ্ট৷ ইয়াৰ পিছত ডাইৰেক্ট ফ্লাইটত বহিব পাৰিবা।’

মোৰ হৈ গ’ল৷ ৰৈ আছো হৰি কাইলৈ৷ দেখিলো ছিকিউৰিটি ইন-চাৰ্জজনৰ সৈতে তেওঁৰ কিবা তৰ্ক লাগিছে৷

‘আৰে চাচোন বাপুকণ, কালি দুশটকাৰে এইটো কিনি আনিলো৷ ট্ৰেইনৰ দৰে ইয়াতো সৰুকে দুগিলাচ খাই শুই যাম বুলি ভাবিছিলো৷ এই পুলিচকেইটাই নিবলৈ নিদিয়ে বোলে৷’

নৰহৰি কাইৰ মোনাত হুইস্কীৰ বটল এটা৷

‘ধেৎতেৰি, মোক আগতে ক’ব লাগিছিল৷ হেণ্ড বেগত আজিকালি পানীয়েই নিবলৈ নিদিয়ে, তুমি আৰু লৈছা এই বিলাতী! উপাই নাই, এৰি থৈ যাব লাগিব এইটো৷’

‘তুমলোগ হম জেছা ‘সোটা’ আদমী কো ধৰ সকতে হো৷ বটল লে সকতে হো। সেই ডাঢ়িয়া বটল কোম্পানীৰ মালিকে ইতনা টকা-পেইচা মাৰ কে ভাগ গয়া, তব কহা থা তুমহাৰা চেকিং? চাল্লা নিধক লোগ!’

হৰিকায়ে ছিকিউৰিটি এজনক দম দি আহিল৷ মই হাঁহি ৰখাব পৰা নাই৷ দুয়ো গৈ ফ্লাইটত উঠিলোঁ৷

‘গুড মৰ্ণিং, ছাৰ’৷

‘আৰে বাপু, এইকেইজনী দেখোন আমাৰ গাঁৱৰ ছোৱালী হাইস্কুলখনৰ যেন পাইছোঁ৷’

‘নহয় হে, সিহঁতৰ ড্ৰেছযোৰ অলপ তেনেকুৱা৷’

এয়াৰ হোষ্টেজ কেইগৰাকীয়ে ছিট বেল্ট মৰা, অক্সিজেন মাস্ক লগোৱাবোৰ শিকালে৷ হৰিকায়ে মনোযোগেৰে চালে সকলো৷

‘এটা কথা শিকিলো দে৷ অলপ ধুনীয়া হ’লে য’ত ত’ত চাকৰি পাব পাৰি৷ আমাৰ গাঁৱৰ হীৰেণহঁত ভালদৰে বি.এ পাছ কৰি বেকাৰ হৈ বহি আছে৷ ইহঁতকেইটাই আকৌ চেহেৰা দেখুৱাই, মিঠা হাঁহি মাৰি চাকৰি কৰি আছে আৰামত৷ এই নাৰী জাতিটোৰ কাৰণেই সব বিপদ৷’

বিমানে আকাশলৈ উৰা মাৰিলে৷ ঘৰ-ৰাস্তা-পথাৰ, সকলো সেউজীয়াবোৰ ক্ৰমাৎ ধূসৰ হৈ আহিল৷ খিৰিকীৰে আপোনমনে হৰিকায়ে উপভোগ কৰি গৈ থাকিল সেই দৃশ্য!

দুজনী এয়াৰ হোষ্টেজ আহিল খাদ্যবস্তুৰ ট্ৰ’লীখন ঠেলি ঠেলি৷

‘ওহ, অকল হাঁহিলেই নহয় বেচেৰীহঁতে, ৰান্ধিবও লাগে, বেচিবও লাগে৷ হে: হে: ভাল খটুৱাইছে দে ইহঁতক৷’ – নাৰীৰ কষ্ট দেখি কিয় জানো সুখ পায় হৰি কায়ে, বুজিবই নোৱাৰো!

‘ঘৰলৈ এটা খবৰ দে ফোন কৰি আমি উঠিলো বুলি৷’

‘কি কোৱা হে? এতিয়া তুমি-মই পৃথিৱীৰপৰা সম্পূৰ্ণ বিচ্ছিন্ন৷ ইয়াৰপৰা একো কৰিব নোৱাৰা আৰু৷’

‘কি কথা কৈছ? ৰেডিঅ’ত গান-বাতৰি একো শুনিব নোৱাৰিম?? মোৰ কিন্তু কিবা ভয় ভয় লাগিছে দেই৷ তই কেনেকৈনো আহ অ’ এইবোৰত?’

‘ভয় সকলোৰে লাগে৷ নেদেখুৱাইহে৷ ট্ৰেইনেৰে গ’লে তিনিদিন লাগে৷ ফ্লাইটেৰে তিনি ঘণ্টা৷ সময় বুজিছা, সময়৷ সময় বচাবলৈ মন নাথাকিলেও এতিয়া উৰি উৰি যাব লগা হৈছে৷’

আমাৰ বিমানখন উৰি গৈ আছে মেঘৰ মাজে মাজে৷ খিৰিকীৰে বাহিৰলৈ চালে হৰিকায়ে৷ মেঘৰ ওপৰত আমাৰ বিমান৷ হৰিকায়ে সুধিলে, ‘হেৰৌ, সন্মুখত একোৱেই নেদেখি দেখোন৷ ড্ৰাইভাৰে কেনেকৈ চলাইছে অ’ এইখন?’

‘চিগনেল কিছুমান পায় থাকে তলৰ পৰা৷ সেইমতে পাইলটে চলাই যায়৷’

‘তাৰমানে আন্দাজতে চলায়? এইবোৰ কথা আগতে কোৱা নাছিলি কিয়? তলৰ চিগনেল পঠোৱাজনে চাহ খাই, চাধা মাৰি থাকোতে চিগনেল পঠিওৱাত দেৰি কৰে যদি, আমি দেখোন শেষ! হে ভগৱান, ক’ত উঠালা আজি?’

‘চিন্তা নকৰিবাচোন, একো নহয়৷ আৰু আধাঘণ্টাহে আছে গুৱাহাটী পাবলৈ৷’

‘বঙাইগাওঁ পাৰ হ’লো নেকি অ’? বৰপেটা হাই-ৱেৰ ওচৰতে মামাহঁতৰ ঘৰখন দেখি নেকি চাই যাম৷’

‘তেনেকৈ বঙাইগাওঁ-বৰপেটা-নলবাৰী হৈ গুৱাহাটী নাহে নহয় ফ্লাইট৷ ইয়াৰ ৰাস্তা বেলেগ৷’

হঠাতে ফ্লাইটখন কঁপি উঠিল৷ জিলিকি উঠিল ছিট বেল্ট বান্ধিবলৈ দিয়াৰ সংকেত৷ আকৌ মৃদু জোকাৰণি৷

‘ঐ ইয়াতো স্পীড-ব্ৰেকাৰ যে!’ হৰিকায়ে চিঞঁৰিলে৷

আৰম্ভ হ’ল এয়াৰ হোষ্টেজকেইজনীৰ দৌৰা-দৌৰি৷ এজনীয়ে ঘোষণা কৰি বিমানত কিবা বিজুতি ঘটা বুলি ক’লে৷ কি হ’ল জানো হঠাতে৷ মোৰো টেনশ্যন আৰম্ভ হ’ল৷ আকৌ এয়াৰ-হোষ্টেজৰ ঘোষণা৷ সকলো যাত্ৰীকে নিজৰ ছিটত বহি থাকিবলৈ অনুৰোধ কৰিছে৷

ঘোষিকাৰ মাততো ফুটি উঠিছে উৎকণ্ঠা আৰু সংশয়৷ যাত্ৰীবোৰৰ মাজত হুৱাদুৱা লাগিল৷ হৰিকাইৰ মুখখন শাওণমহীয়া শোতোৰাপৰা আমটোৰ দৰে হৈছে৷ ময়ো জ্বৰ ঘমাদি দি ঘামিলোঁ৷ তেনেকৈ এঘণ্টা পাৰ হ’ল৷ বিমানখনে মাটিত নমাৰ কোনো নামেই নলয় দেখোন!

আমাৰ কাষৰ আদহীয়া মানুহজনে চলচলীয়া চকুৰে মানীবেগৰপৰা ফেমিলী ফ’টোখন উলিয়াই চাই আছে৷ কঁপা কঁপা মাতেৰে তেওঁ ক’লে, ‘ছোৱালীজনীৰ বিয়া দুসপ্তাহৰ পাছত..কন্যাদান কৰা নহ’ল আৰু..৷’

‘খুড়া, চিন্তা নকৰিব..একো নহয়’ – আৰু কি কৈ বুজাম বুজি নাপালো মই৷

‘এইবাৰ কালীপূজাত ডাঙৰ পঠা এটা আগবঢ়াম৷ হে মা কালী, এইবাৰলৈ বচোৱা আৰু….’, হৰিকায়ে একেকেইটা বাক্য নন-ষ্টপ আওৰাই আছে অথনিৰে পৰা৷

পিছৰ ছিটৰ ছোৱালীজনীয়ে কাষৰ ল’ৰাজনৰ বুকুত কুচিমুচি সোমাই পৰিছে মেকুৰী পোৱালীটোৰ দৰে৷ ল’ৰাজনে তাইৰ কপালত চুমা খাইছে৷ ‘তোমাৰ কপালত এয়াই মোৰ শেষ চুমা, প্ৰিয়ে..’, হয়তো ভাবিছে সি৷ প্ৰেমিক-প্ৰেমিকা নেকি বাৰু সিহঁত? না:, বিবাহিত দম্পতীও হ’ব পাৰে৷ আজিকালি আকৌ ছোৱালীৰ শিৰৰ সেন্দূৰৰ ৰেখা মেগনিফায়িং গ্লাছেৰে চালেও দেখি নাপায়৷ লগুণডাল বিচাৰিলোঁ সোঁহাতেৰে৷ ক’লৈ গ’ল জানো! সেইডালেও নিৰাপদ দূৰত্ব বিচাৰি বিচাৰি ক’ৰবাত লুকাল নেকি? চাৰ্টৰ ক’লাৰটোতে দুই আঙুলিৰে চেপি ধৰি আৰম্ভ কৰিলোঁ গায়ত্ৰী মন্ত্ৰ৷

তললৈ চালোঁ৷ তলৰপৰা সেউজীয়া অসমখনে হাতবাউল দি মাতিছে৷ ইমান ধুনীয়া আমাৰ জনমভূমি অসমখন! দুই ওঁঠে ‘ওঁম ভূৰ্ভৱ: স্ব:’ৰ পৰা ‘ধৰেনে জনম কেৱে..জনমভূমি’লৈ ট্ৰেক সলনি কৰিলে৷

লাহে লাহে বিমানখন তললৈ নামি আহিল। ক্ৰমাৎ স্পষ্ট হৈ আহিবলৈ ধৰিলে ৰাস্তা, ঘৰ, পথাৰ সকলো৷ সকলোকে ছিট বেল্ট ভালকৈ মাৰি সন্মুখৰ ছিটটোত সজোৰে ধৰি থাকিবলৈ কৈ গ’ল এয়াৰ-হোষ্টেজে৷ এক কৰ্কশ শব্দ কৰি ৰান-ৱেত অৱতৰণ কৰিলে আমাৰ বিমানখন৷ হৰিকায়ে মোক সাবটি ধৰিলে জোৰেৰে৷ লাহে লাহে বিমানখনৰ গতি কম হৈ আহিল৷ এটা সময়ত ৰৈ যোৱাৰ লগে লগে সকলো যাত্ৰীৰে মুখতে হাঁহি বিৰিঙিল৷

‘বাপু, নমৰিলোঁ দে…বাচি গ’লো….’ – ফূৰ্তিতে চিঞঁৰিলে হৰিকায়ে৷ ইকাণ-সিকাণকৈ গম পালোঁ বিমানখনৰ হেনো সন্মুখৰ চকা এটা ক’ৰবাত সুলকি পৰিছিল৷ বুকুখন আকৌ এবাৰ কঁপি উঠিল৷ এটা চকা নোহোৱাকৈয়ে লেণ্ডিং! ভগৱানে বচালে এইবাৰ!!

‘ঐ বাপু, আমাক সৰুতে প্ৰভাত মাষ্টৰে কৈছিল – ‘তোমালোকে আকাশ চুবলৈ যত্ন কৰিবা সদায়৷’ আজি আকাশৰ বুকুত ইমান দেৰি থাকি ভাৱ হৈছে, আমি মাটিৰ মানুহ ভাই…মাটিৰেই অহা-যোৱা কৰিম আৰু৷ উৰাজাহাজ, তোমাক নমস্কাৰ!’

ক’কপিটৰপৰা ওলাই আহিল মহিলা পাইলটজনী৷ সকলোলৈ চাই হাত জোকাৰিলে৷ মুখত সাফল্যৰ হাঁহি৷

‘হৰি কাই, দেখিলা আজি লেডী পাইলটে আমাক সকলোকে বচালে৷ তুমি হে নাৰী জাতিটোক দেখিব নোৱাৰা৷’

‘সেইজনী মানুহ নহয় অ’ বোপাই৷ দেৱী! ত্ৰাণকৰ্তা দুৰ্গা মাৰ ৰূপ লৈ আহিছে তেওঁ৷’

মোৰ বুকুখনে এতিয়াও ধপধপাই আছে৷ পাইলটজনীয়ে হাতখন জোকাৰিয়ে আছে৷ কাষৰ মানুহজনে ফেমিলী ফ’টোখন চাইয়েই আছে৷ হৰিকায়ে কৰযোৰে পাইলটজনীলৈ চাই সেৱা কৰিয়েই আছে৷ আৰু…..পিছৰ ছিটত এতিয়াও চুমাৰ আদান-প্ৰদান চলিয়েই আছে৷

★★★★

Comments

  1. উৰাজাহাজত উঠাৰ পাছত সকলোৰে হয়তো এই অজানা ভয়টোৱে মনত দোলা দি থাকে। এটা সুন্দৰ পৰিসমাপ্তিয়ে মনটো ভাল লগাই দিলে।

  2. কি যে ক’ম! হাঁহিতো হাঁহিয়েই, কিমান যে সুন্দৰ, সৰল বৰ্ণনা।

  3. ইমান ভাল লাগিল পঢ়ি, বুজাব নোৱাৰিম। সুন্দৰ সচাকৈয়ে

  4. বহুত ভাললাগিল দাদা।হাঁহিৰ মাজতো সুন্দৰ সমাপ্তিয়ে মনটো ভৰাই তুলিলে।

  5. এজ ইউজুৱেল, দিগন্তৰ স্বভাৱসিদ্ধ পাঞ্চ। শেষৰ শাৰীটো পঢ়ি আৰু সুখ পালো

    1. জিলা -tinsukia ,চহৰ-মাকুম ,গাঁও-হেবেদা বিষয়ে ৰচনা কৰি মোৰ whatsapp numbe -7638849631 অনুগহ (please) এই numberot shere কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *