উস্ কি জ্বালা। মাইকী মানুহবোৰে দিনে ৰাতিয়ে এইগাল পিন্ধি কেনেকৈ যে থাকে ঐ। তাৰ দেখোন চাইকেলখনেই আগ নাবাঢ়ে। ধুৰ, এইখনো আজি চলাবলৈ ইমান বেয়া লাগিছে। তাতে পিছফালে ৰণ্টুকো বহাই লৈছে। হওঁতে তাৰ ওজন তেনেই কম। চাদৰ মেখেলাৰে সৈতে তেনেই লাহী পাহী গাভৰুজনীৰ দৰেই লাগিছে। পিছে এই চাদৰ-মেখেলাযোৰ পিন্ধি থকাৰ বাবেহে অশান্তি লাগিছে। পেডেল মাৰিলেও দেখোন ভৰি দুটাত কিহবাই সাৱটি ধৰে।
ধেই ধিন ধিত থেই
ধিন ধিত থেই
তাত তাও খ্ৰী খিতি
তাও তাত তাও
নামঘৰৰ পৰা ভাঁহি অহা খোলৰ শব্দ শুনি পাছফালে কেৰিয়াৰত বহি অহা ৰণ্টুৱে অপুক পাছফালৰ পৰা খোঁচ এটা মাৰি ক’লে,
:কৃষ্ণৰ প্ৰৱেশ ঘটিলেই বুজিছ। দেৰিকৈ পালেগৈ ঘনশ্যাম দাইটিয়ে থ’ব। বেগাই ব’ল।
:ৰ, যাওঁ বুলিলেই যাব নোৱাৰি নহয়। এইসোপা পিন্ধি চলাবকে নোৱাৰি দেখোন। আৰু এদিনৰ বাবেহে মাইকী হৈছ’। স্বভাৱো সলালি নেকি? মাইকী মানুহৰ দৰে খোঁচ মাৰি কথা ক’বলৈ ল’লি যে? ভৰি দুখনো কিবা টানি ধৰিছে। ধুৰ, এইবুলি জনাহেঁতেনতো নোলালোৱেই হেতেন।
:ঐ তোৰ মেখেলাখন কি হ’ল? নাইচোন।
ৰণ্টুৰ কথাতহে অপুৱে মন কৰিলে। এৰা, সি দেখোন অতপৰে হাফপেণ্টটো পিন্ধিয়েই চাইকেল চলাই আছে। মাকে তাক পেটিকোট এটা পিন্ধি ল’বলৈ কৈছিল। পিছে নাচিবলৈ অসুবিধা হয় বুলি সি হাফপেণ্টটোতে মেখেলাখন গুজি লৈছিল।তাতে ইমান দূৰ চাইকেল চলোৱাৰ কথা। এতিয়া দেখোন মেখেলাখনেই নাই। চাদৰখনে গোটেই ৰাস্তাটো সাৰি আনিছে। সি ক’বই নোৱাৰে। বৌৱেকে কাপোৰযোৰ পিন্ধিবলৈ দিওঁতেই দহাই দহাই কৈছিল সাৱধানে পিন্ধিবলৈ আৰু এতিয়া মেখেলাখনেই নাই। পিছে মেখেলাখন গ’ল ক’লৈ। অ’ পেডেল মাৰোতে ভৰি কেইটা টানি ধৰাৰ ৰহস্য সি এতিয়াহে ভেদ কৰিব পাৰিলে। জোনাকৰ ফটফটীয়া পোহৰত সি দেখিলে, ইমানপৰে মেখেলাখন তাৰ দুইখন ভৰিতে জোঁট লাগি আছিল। চাইকেলখন ৰাস্তাৰ দাঁতিত ৰখাই সি পুনৰ হাফপেণ্টটোতে মেখেলাখন ভালদৰে গুজি ল’লে। চাদৰখন পিন্ধি থাকোতেই ৰণ্টুৰ মোবাইল ফোনটো ৰিং হ’ল। অভ্যাসবশতঃ সি পেণ্টৰ পকেটত ফোনটো খেপিওৱাৰ দৰে পিন্ধি থকা মেখেলাখনতে ফোনটো খেপিয়াবলৈ ধৰিলে। তাৰ কাণ্ড দেখি অপুৱে তাৰ ব্লাউজৰ ফাঁকত ভৰাই থোৱা ফোনটো ৰণ্টুৰ হাতত তুলি দিলে। ঘনশ্যাম দাইটিৰ ফোন। কৃষ্ণৰ প্ৰৱেশ কেতিয়াবাই হ’ল। এতিয়ালৈকে ৰাধাৰ ভাৱত থকা ৰণ্টু গৈ নোপোৱা দেখি ফোন কৰিছে।
:গৈ আছোঁ দাইটি। এই পালোহিয়েই আৰু।
ফোনটো ৰাখি থৈ সি অপুক উদ্দেশ্যি ক’লে,
:বেগাই ব’ল। দাইটিয়ে ফোনতে গালি পাৰিছে।
অপুৱে লৰালৰিকৈ চাইকেলত উঠি এইবাৰ তীব্ৰ গতিত পেডেল মাৰিলে। ঘনশ্যাম দাইটি গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ এজন। গাওঁখনৰ সকলোৱে তেওঁক সন্মান কৰে। এইবছৰ সিহঁতৰ গাঁৱত বছৰেকীয়া ৰাসোৎসৱৰ ৰূপালী জয়ন্তী উদযাপন কৰিছে। সেয়ে এইবাৰ গাঁৱৰ ল’ৰাখিনিৰ লগতে ল’ৰা ৰাসত নাচিবলৈ ওচৰ পাজৰৰ গাঁৱৰ ল’ৰাবোৰকো আমন্ত্ৰণ কৰি অনা হৈছে। দাইটিৰ নিৰ্দেশ, এইবাৰ গাঁৱৰ প্ৰত্যেক ঘৰৰ ল’ৰাই ৰাসত নাচিবই লাগিব। যদি নানাচে তেনেহ’লে দ্বন্দ ভৰিব লাগিব। দাইটিৰ নিৰ্দেশ মানি এইবাৰ অপুৱেও ৰাসত নাচিবলৈ ওলাইছে। নহ’লে সি আগতে কাহানিও নাচি পোৱা নাই। এইবাৰেই প্ৰথম। নামঘৰ পায়েই চাইকেলখন থৈ সিহঁতে পোনে পোনে দাইটিক মুখখন দেখা দি নাচিবলৈ বুলি আনসমূহ গোপীৰ লগত শাৰী পাতিলেগৈ।
শৰত কালে চন্দ্ৰাৱলী
ৰাতি..ধিন দাও তাক
তাক তৌ খিত..
দুপাক নাচোতেই অপুৱে হঠাৎ মৃদু উজুটি এটা খোৱাত তললৈ চালে। সৰু ল’ৰা দুটাই তাৰ ভৰিৰ ওচৰৰপৰা কিবা এটা বুটলি লৈ গ’ল। ঘপহকৈ তাৰ মনত পৰিল নাৰিকলৰ কোৰোকা বিচাৰি নোপোৱাত ভতিজাকৰ ক’স্ক’ বল দুটাকে কোৰোকাৰ ঠাইত ব্যৱহাৰ কৰিছিল। অ’ তাৰমানে… সি লাহেকৈ ইফালে সিফালে চাই কোনেও নেদেখাকৈ ব্লাউজৰ ফাঁকেদি হাতখন ভৰাই আনটো বলো উলিয়াই ল’ৰাকেইটাৰ ফালে দলিয়াই দিলে। বলটো দেখি সিহঁতেও ফূৰ্তিতে লৰ মাৰি আহি বুটলি লৈ গ’ল।
অলপপৰ নাচি অপুৰ আমনি লাগিল। অসুৰ ওলাবলৈ এতিয়াও বহুতপৰ আছেই। ডিঙিটোকে অকণ তিয়াই ল’ব পৰা হ’লে। কথাটো ভাবি সি কাৰোবাক পায় নেকি ইফালে সিফালে চালে। ৰণ্টুকো লগ ধৰিব নোৱাৰে, অলপ পাছতেই তাৰ বচন আছে। তাৰ ওচৰে পাজৰে নাচি থকা ল’ৰাকেইটাও দেখোন অচিনাকি। সম্ভৱ কাষৰীয়া গাঁৱৰ কোনোবা হ’ব। কাকো নেদেখি সি অকলেই ৰাসথলীৰ পৰা ওলাই আহিল। পানীটুপিৰ যোগাৰৰ কথা চিন্তা কৰি সি ইফালে সিফালে চালে।
: কি বিচাৰিছে দাদা?
হঠাৎ পাছফালৰ পৰা কাৰোবাৰ মাত শুনি অপুৱে উভটি চালে। তাৰ কাষতেই নাচি থকা সাইলাখ ছোৱালীহেন দেখা ল’ৰাটো। হয়তো ওচৰৰে কোনোবা গাঁৱৰ হ’ব। মুখখন অচিনাকি।
: অকণমান ডিঙিটো তিয়াই লওঁ বুলি ভাবিলো।
অপুৱে উত্তৰ দিলে।
:বস্তু আছে জানো?
ল’ৰাজনে সুধিলে।
:নাই। তাকেই বিচাৰি ফুৰিছোঁ।
: মোৰ তাতেই আছে ব’লক।
অপুৱে ভালেই পালে। লগ এটাও পালে।
:ব’লা তেনেহ’লে। তোমাৰ ঘৰ?
:মোৰ নাম মোহন বৰা।ওচৰৰে বালিগাঁৱত ঘৰ।আপুনি এইখিনিতে ৰওক। মই সাউতকৈ গৈ বস্তুটো লৈ আহোগৈ।
কথাকেইটা কৈ মোহন আঁতৰি গ’ল। অপুৱে তাতেই অপেক্ষা কৰি ৰ’ল।
প্ৰায় পাঁচ মিনিটমানৰ পাছত মোহন আহিল। হাতত কাগজেৰে মেৰিয়াই থোৱা বটল আৰু দিচপজেবল গিলাচ দুটা।
:ব’লক।
অপুক উদ্দেশ্যি সি ক’লে।
অপুৱে চানাৱালা এটাৰ পৰা চানা দুভাগ লৈ ল’লে। দুয়ো ৰাসথলীৰ পৰা আঁতৰত নিৰাপদ ঠাই এডোখৰ বিচাৰি বহি ল’লে।
অপুৱে সন্মুখত চাকনাখিনি মেলি ল’লে। মোহনে গিলাচত বস্তু বাকি পেগ দুটা বনাই এটা পেগ অপুলৈ আগবঢ়াই দিলে। অপুৱে গিলাচটো লৈ দুঢোকমান গিলিছেহে, এনেতে অনুভৱ কৰিলে মোহন যেন তাৰ বেছি কাষ চাপি আহিছে। বহিবলৈ ঠাইৰ অসুবিধা হৈছে বুলি অপু অলপমান আঁতৰি দিলে। এইবাৰ মোহনে কাষ চাপি আহি অপুৰ হাতখনত খামুচি ধৰি তাৰ কান্ধতে মূৰটো পেলাই দিলে। অপুৰ কাণ মূৰ গৰম হৈ গ’ল। এনেকুৱা কাম কেতিয়াবা নৈৰ পাৰত অকলে বহোতে তাৰ মালতীজনীয়েও কৰি পোৱা নাই দেখোন। এইডাল বলীয়া নেকি!
:হেৰা তুমি আকৌ এইখন কি লেটি পেটি কৰিছা? বলীয়া হ’লা নেকি?
এইবুলি সি গাৰ বলেৰে মোহনক ঠেলা মাৰি দিলে।
:উই মা, তুমি কিন্তু তামাম হেণ্ডচাম। মোক পছন্দ হৈছে যদি চুমু এটাকে দিয়ানা।
এইবুলি মোহনে চকুকেইটা মুদি ছোৱালীবোৰে ফটো উঠিলে ওঁঠখন যেনেকৈ জোঙা কৰে, তেনেকুৱা ভংগীমাত বহি থাকিল। অপুৱে তেতিয়াহে বুজিলে। অ’ তাৰমানে মেনুফেক্সাৰিং ডিফেক্ট। আজি তাৰমানে সি মোহিনীৰ কবলতহে পৰিল। নাই মালতীক বিয়া কৰোৱাৰ আগতেই সি তাৰ পুৰুষত্বত কলংক সানিব নোৱাৰে। অপুৱে এবাৰ চাৰিওফালে দৃষ্টি নিক্ষেপ কৰিলে কোনোবাই তাক এই অৱস্থাত দেখিছে নেকি বুলি। তাৰ পাছত পিন্ধি থকা মেখেলাখন দক্ষিণৰ চিনেমাৰ নায়কে লুঙীখন মোটোকাই কঁকালত বন্ধাৰ দৰে বান্ধি লৈ চকু মুদি বহি থকা মোহন ওৰফে মোহিনীৰ মুখত এটা প্ৰচণ্ড ঠিয় গোৰ মাৰিলে। তাৰ পাছত ফোঁফোৱাই সেই ঠাইৰপৰা আহি সি ৰাসথলীলৈ নগৈ চিধা তাৰ চাইকেলখনৰ গুৰি পালেহি।
চাইকেলৰ তলাটো খুলি চাইকেলখনত উঠিছেহে…
:অপু, ঐ অপু।
হঠাৎ পাছফালৰ পৰা কাৰোবাৰ মাত শুনি ঘূৰি চাই দেখে ৰণ্টু ৰৈ আছে। ইয়াৰ আকৌ হ’ল কি! কাপোৰ কানিৰ যে বিলৈ। পিন্ধি থকা মেখেলাখন কান্ধত আৰু চাদৰখন লুঙীৰ দৰে কঁকালত মেৰিয়াই ৰৈ আছে।
:ঘৰলৈ যাবি নেকি? ব’ল ময়ো যাওঁ তোৰ লগতে। ৰণ্টুৱে ক’লে।
অপুৱে কি হ’ল বুলি সোধাৰ আগতেই ৰণ্টুৱে পুনৰ ক’লে,
:নক’বি আৰু। বচন মাতি হ’লত সৰুপানীকণ চুই আহো বুলি নামঘৰৰ ওচৰে পাজৰে ভাল নালাগে দেখি অলপ আঁতৰলৈ গ’লো। পাষণ্ড কেইটামানে পাই গাভৰু ছোৱালী বুলি ভাবি এই দশা কৰিলে। মই কথা ক’বলৈ সুযোগেই নাপালো বুজিছনে।কোনোমতেহে এইডোখৰ পাইছোঁহি।
ৰণ্টুৰ এই বিলাই দেখি আনকালে হোৱা হ’লে অপুৰ হাঁহি উঠিলে হয়। পিছে আজি তাৰ হাঁহি নুঠিল। সি চাইকেলখনৰ ওপৰত উঠি ৰণ্টুক উদ্দেশ্যি গহীনত ক’লে,
:ৰৈ আছ যে, নুঠ কেলৈ?
:নহয় ৰ। আজি অনুভৱ কৰিছোঁ, মাইকী মানুহ হোৱাটো কিন্তু বৰ সহজ কথা নহয় বুজিছ।
এৰা, কথাটো হয়। কিন্তু অকল মাইকী মানুহেই নে? মোহন ওৰফে মোহিনীৰ কথাটো ৰণ্টুৰ আগত কওঁ বুলি ভাবিও কিবা এটা ভাবি সি নক’লে।
:ঠিকেই কৈছ। এতিয়া এইবোৰ ভাবি থাকিব নালাগে। ব’ল ঘৰলৈ যাওঁ।
ৰণ্টু জাঁপ মাৰি চাইকেলত উঠিল। অপুৱে জোনাকৰ ফটফটীয়া পোহৰত প্ৰয়োজনতকৈ বেছি জোৰতেই পেডেলডাল মাৰিলে। শিলগুটিৰ ৰাস্তাত খটং খটংকৈ যোৱা চাইকেলখনৰ গতিৰ লগতে অলপ আগতে হৈ যোৱা ঘটনা দুটাইও তাৰ মনত দোলা দি থাকিল।

★★★★

Comments

  1. বহুত হাঁহিলো৷ এজ ইউজুৱেল চুপাৰ্ব৷ “কাকতিৰ সংসাৰ”ৰ পিছৰ খণ্ড লাগে দেই৷

  2. ধেত তেৰি। হাঁ‌হি মৰিছো। দুই চাৰিদিনৰ পিছত মাজুলীলৈ ৰাস চাবলৈ যোৱাৰ প্ৰগ্ৰেম এটা বনাই থৈছো

  3. অকলে অকলে হাঁহি আছো অ’।
    বহুত ভাল লাগিল । আশাকৰিছো সাৰখিনিযেন পুৰুষসকলে বুজে দেই।

  4. তামাম তৃপ্তি পালো তৃপ্তি! টেনিচ বলৰ পৰা মেনুফেকচাৰিং ডিফেক্টলৈ তামাম কল্পনা ৷ আগতে গোটত পঢ়া মনত আছে, আজি মেগাজিনত পঢ়ি আকৌ ৰিফ্ৰেচ হল ৷ মজ্জা ৷ গোটৰ ষ্টাৰ ৰাইটাৰ বুলি ধৰি লৈছো ৷ এনেকে বৰঙনি আগবঢ়াই থাকিবা বুলি আশা কৰিলো ৷

  5. বহুত সুন্দৰ হৈছে .. আগলৈকো এনে লেখাৰ আশা ৰাখিলো!!

Leave a Reply

Your email address will not be published. Required fields are marked *