ফটাঢোল

গাৰ্লফ্ৰেণ্ড – মিৰাজুল ৰছিদ

বিন্দাচ লাইফ কটোৱা হিৰো টাইপ ল’ৰা নহয় মই, লগৰবোৰে দেৱদাস বা দুখী আত্মা বুলিয়েই মাতে মোক, ময়ো একো নকওঁ৷ বচ্‌ নিজকে “দুখ নাথাকিলে ক’ত আহি জিৰাবহি সুখৰ চৰাই৷ “টাইপ কবিতা ভালপোৱা ভদ্ৰ ল’ৰা বুলি সান্ত্বনা দিওঁ৷

কলেজত খোজ দিয়াৰ পিছত এটা কথা অনুভৱ কৰিছিলো যে জীৱনত কিবা থাকক নাথাকক গাৰ্লফ্ৰেণ্ড বোলা বস্তু বিধ থকাটো অত্যন্ত প্ৰয়োজনীয়, যেন ই কলেজীয়া ছাত্ৰৰ মৌলিক প্ৰয়োজন৷ কিন্তু গাৰ্লফ্ৰেণ্ড পাবলৈ গাৰ্ল লাগিব ন’? মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰৰ বাবে গাৰ্ল বোলা সম্পদ বিধ লুপ্তপ্ৰায়৷ সেয়া মেকানিকেল ব্ৰাঞ্চ লোৱাজনেহে বুজিব৷ এশজন ল’ৰাৰ মাজত কেতিয়াবা এগৰাকী ছোৱালী আহে মেকানিকেল ব্ৰাঞ্চত, কিন্তু আমি চাগে গোটেইকেইজন শনিবাৰেজন্ম পোৱা আছিলো, যাৰ বাবে আমাৰ লগত ৯৬জন ল’ৰাৰ মাজত এই গাৰ্ল বোলা সম্পদ এজনীও নাছিল৷ গাৰ্ল বিচাৰি আমি চিভিল ব্ৰাঞ্চলৈ ঘনাই গৈছিলোঁ, আচলতে চিভিলৰ ল’ৰা কেইটা আমাৰ ডাঙৰ শত্ৰু আছিল, কি যে ভগৱানৰ অন্যায়, সিহঁতৰ ১৫০জনৰ ১০০জনীয়েই পখিলী, মানে গাৰ্ল৷ আমি কলেজৰ দিনত একেটা কেম্পাচত গাৰ্লফ্ৰেণ্ড পোৱাটো আৰু আকাশৰ পৰা জোনজনী ছিঙি অনাটো একেই কথা হৈ পৰিছিল৷

যি কি নহওক, সময়ত এজনী ছোৱালী আহিল জীৱনত৷ এনে লাগিছিল যেন শ্বাহৰুখ, চলন্ত আৰু আমিৰ তিনিওজনৰ আত্মাই মোৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু গোটেই পৃথিৱীখনত ময়েই মেইন হিৰো৷ আৰে ভাই! ভাবিমেই দিয়কচোন সন্দিকৈ কলেজৰ ছোৱালী এজনীৰ বয়ফ্ৰেণ্ড হোৱাটো কম ডাঙৰ কথা৷ নহয়নে? মোৰ দৰে দুখী আত্মাৰ বাবে এয়া ’দূৰৰ মাণিক হাততে পোৱা’৷

এদিন জীৱনৰ প্ৰথম দেটিংত ওলালোঁ৷ বিশ্বাস কৰক চিনেমাত দেখুওৱাৰ দৰে অলপ অলপ ফিৰ-ফিৰিয়া বতাহ আহি আছিল, ক’ৰবাত যেন মোৰ বাবেই কোনোবাই ৰোমাণ্টিক গান বজাই দিছে৷ উফ কি ৰোমাণ্টিক অনুভৱ …৷

তাইক দেখিলোঁ, হাই-হেল্লো কৰিলোঁ, তাৰ পিছত তাই আগে আগে মই পাছে পাছে আৰু তাই দেখোন লাহেকৈ মস্ত ৰেষ্টুৰেণ্ট এখনত সোমাই গ’ল বে! এতিয়াহে মই অউকাদত আহি গলোঁ, মানে ইমানটাইম বলিউডৰ হিৰোটাইপ ফিল এটা আহি আছিল ন’৷ সঁচা কৈছোঁ সেই সময়ত কবিতা আবৃত্তি, কুইজ আৰু দুটামান অংকজনাৰ বাহিৰে মই একো নাজানিছিলো৷ হোটেলত থিয় দি ৫ টকীয়া পৰঠা খোৱা ল’ৰা এটাই জীৱনত প্ৰথমবাৰ ইমান ডাঙৰ ৰেষ্টুৰেণ্টত গৈছে, তাকো লগত গাৰ্লফ্ৰেণ্ড বোলা বস্তু বিধ, এনে সময়ত কি অৱস্থা হ’ব পাৰে সেয়া মোৰ দৰে দৰিদ্ৰইহে বুজিব৷ আচলতে চৰকাৰে দিয়া বিপিএল কাৰ্ডখন নাছিল যদিও দৰিদ্ৰ হোৱাৰ প্ৰতিটো গুণেই মোৰ লগত আছিল৷ তথাপি এটিটিউড কিন্তু কম নাছিল দেই৷ এৰি দিয়া বিধৰ নহয় বাপ্পেকে ময়ো৷ লেবেলত গৈছোঁ, বহিছোঁ ভৰিৰ ওপৰত ভৰি তুলি৷ গোটেইকেইখন টেবুলতে সন্দিকৈ কলেজৰ পখিলা উৰিছে, আৰু মই ফৰিংটো তাত অকলে৷ তথাপি এটিটিউড এৰা নাই, লেৱেল আছে ন, আফটাৰঅল মেকানিকলৰ ল’ৰা৷ মেন্যু দিলে ৱেইটাৰে, চাল্লা পৰঠা, ঘূগুনী, বইল কণী একো নাই ৰে, কি ৰেষ্টুৰেণ্ট৷ যি যি লিখা আছে এটাৰো নাম কেতিয়াও শুনা নাই, কেনেকৈ খাই সেয়াও নাজানো
৷ তথাপি লেৱেল এৰি দিয়া নাই; পিছত অলপ চিনাকি নাম এটা পালো৷ “ক’ল্ড কফি“ যদিও তেতিয়ালৈ এইবিধো জিভাত লগাই পোৱা নাছিলো, তথাপি মনতে ভাবি ল’লো যে, কোল্ড মানে ঠাণ্ডা আৰু কফিটো চাল্লা বাইদেউৰ দোকানত সদায় খাওঁ ৫ টকাদি৷ নিশ্চয় ঠাণ্ডা কফি দিব, গতিকে মোৰ একদম ভোক নাই বুলি কোল্ড কফিকে অৰ্ডাৰ দিলোঁ৷ তাই কিবা শ্বোলে অৰ্ডাৰ কৰিলে৷ জীৱনত প্ৰথম জানিলোঁ শ্বোলে নামৰ খোৱা বস্তুও থাকে, নহ’লে মইটো ইমান দিনে শ্বোলে অমিতাভৰ চিনেমা বুলিহে জানি আছিলোঁ৷ ক’ল্ড কফিৰ গ্লাচ আহিল, লগত ষ্ট্ৰ’৷ এতিয়া কৰো কি, ল’ৰাই ষ্ট্ৰ’ ৰে খাই নে নাখাই সেয়াও নাজানো; কলো নহয় মস্ত মক্কেল আছিলোঁ, ইমান অসুবিধা হ’ব বুলি জানিলে প্ৰেম কৰাৰ ক্ৰেচ কোৰ্চ এটাকে কৰি ললোহেঁতেন বাপ্পেকে৷ তথাপি এই চিটুৱেচনতো মই লেৱেল এৰি দিয়া নাই ভাৱিলোঁ ল’ৰা হয় বে, কিহৰ ষ্ট্ৰ’? বিন্দাচ ঢোক ঢোক কৈ গোটেই গিলাছটো ১ মিনিটত খালী কৰি দিলোঁ বাপ্পেকে৷

দুখৰ কথাটো হ’ল সেইসময়ত লগত মোৰ আছিল ৩৫ টকা, কথাটো ভবাই নহ’ল, ক’লোৱেই নহয় দৰিদ্ৰ হোৱাৰ সকলো গুণেই আছিল মোৰ;
বিল দেখিয়ে মোৰ ব্ৰেইনত চৰ্ট চাৰ্কিট হ’ল, ইমান দেৰি জীয়াই ৰখা এটিটিউড লগে লগে আই.চি.ইউ পালেগৈ৷ ভাগ্য ভাল মেকানিকেল ব্ৰাঞ্চত মেচিনৰ উপৰিও একাউণ্টটেচি আৰু বিচনেচ মেনেজমেণ্টৰো অলপ আভাস পাইছিলো চাৰৰ পৰা৷ তাকেই এপ্লাই কৰি দিলো৷ “তুমি বিলটো দিয়া মই তোমাক ভ’ডা টু ভ’ডা পেকটো ভৰাই দিম দিয়া সন্ধিয়া৷ “ মোৰ গহীন কথাষাৰ শুনিয়ে তাই বিল দি দিলে, লগতে কলে প্লিজ ৰিচাৰ্জ নিদিবা বেয়া পাম নহ’লে৷ ময়ো কম বস্তু নহয়৷ লগে লগে ক’লো হ’ব দিয়া নিদিও, বেয়া নাপাবা৷

তাৰ পিছত মই বুজিলো গাৰ্লফ্ৰেণ্ডত কৈ ৰেষ্টুৰেণ্টত খাবলৈ শিকাটোহে বেছি দৰকাৰ দেখোন৷ তাৰ পিছতেই অসমৰ বিভিন্ন ৰেষ্টুৰেণ্টত মোৰ দৰে দৰিদ্ৰ কেইটামানক লগত লৈ মোৰ প্ৰেক্টিকেল আৰম্ভ কৰিলোঁ৷ কিন্তু সন্দিকৈ কলেজৰ পখিলাজনী যে প্ৰথম দেটিঙৰ এসপ্তাহ পিছতে এদিন হঠাৎ ক’লে, “মিৰাজ আজি মই ফোন নকৰালৈকে ফোন নকৰিবা প্লিজ৷ মোক ৰবীনে পিক কৰিব আহিব হোষ্টেলত আৰু আমি মোভি চাবলৈ যাম৷ “ …মই কপি কপি সুধিলো কোন ৰবীন? তাই হাঁহি এটা মাৰি ক’লে “মোৰ বয়ফ্ৰেণ্ড, তোমাক কবলৈপাহৰিছিলো৷ “
টুত টুত টু… মই ফোন কাটি দিলো, আব্বে ইমান অপমান? সি যদি বয়ফ্ৰণ্ড মই কি? ঠাৰি ছিঙা বেঙেনা?
যি কি নহওক গাৰ্লফ্ৰেণ্ড বিচাৰি অন্তত ৰেষ্টুৰেণ্টত থকা খুৱাবস্তুৰ নামবোৰটো জানিলো, কিবা এটাটো শিকিলোঁ ন’৷
লেৱেল এৰি দিয়া নাই এতিয়াও৷ আফটাৰঅল ব্লাদ গ্ৰুপো বি পজিটিভ হে মোৰ৷ হে হে হে!

 

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *