পৰিত্ৰাণায়ং সাধুনাং
সত্যেন্দ্ৰস্য পায়জামাং:

এই যে আমাৰ সত্যেন্দ্ৰ দা, ওৰফে সতীদা, মানুহটো বহুত বহুত বাগ্মীবৰ। কথাৰ লাচত কথা কয়, কথাৰ লাচেৰেই কাটি থয়। কথাবোৰ কিন্তু সাংঘাতিক ‘পোষ্ট মডাৰ্ণ’! অসংলগ্ন, কিন্তু সংগতিবিহীন নহয় ।

সিদিনা আহিল নহয় মোৰ কোঠালৈ! আহিয়েই ক’ব ধৰিলে, “ডেকা ল’ৰা। কিনো দিনৰ দিনটো শুই মৰা!? যাওঁ‌ ব’লা ৰাজাবাৰী, ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি৷”
সতীদাই মোক টানি-আজুৰি উঠাই ৰাজাবাৰীলৈ লৈ গ’ল।

ফেন্সীবাজাৰতেই জাহাজঘাটটো। ভট্-ভটী নাৱত উঠি আমি নদীৰ সিপাৰলৈ যাত্ৰা কৰিলোঁ। পানীজাহাজখনত দুজনী ফৰেইনাৰ ছোৱালীও উঠিছে। সতীদা উঠি গৈ ছোৱালী দুজনীৰ ওচৰত বহিল। মই বাদামৰ বাকলি গুচাই-গুচাই চলন্ত জাহাজখনত বাদাম চোবাই গৈ থাকিলোঁ।

“ইয়ে আচাম কা বকাচুৰ হেই। বকাচুৰ কা মতলব বৰা অচুৰ৷” সমুখলৈ আঙুলিয়াই সতীদাই ছোৱালীদুজনীক দেখুৱালে। মই চাই আচৰিত৷ চাল্লা! লাচিত বৰফুকনৰ মূৰ্তিটোক সতীদাই বকাসুৰ বুলি ছোৱালী দুজনীক বুজাই আছে। ছোৱালী দুজনীয়ে হাকৈ মুখ মেলি চাই আছে। ভাগ্য ভাল ছোৱালী দুজনী ইউ.কে.ৰ আছিল আৰু হিন্দী নুবুজিছিল।
মই ওচৰলৈ গৈ খঙতে ক’লো, “সতীদা, আপুনি এইবোৰ কি মিছা কথা কৈ আছে? এয়া ক’ত বকাসুৰ পালে? আপুনিহে বকাসুৰ টাইপ! পেটটো বকাসুৰতকৈয়ো গেৰেলা৷”

“ওহ আকাশ, এয়া বকাসুৰ নহয় নেকি? মই বকাসুৰ বুলিহে ভাবিছিলোঁ‌৷”
সতীদাই এইবাৰ ছোৱালী দুজনীক ক’লে, “এইবিধ বকাচুৰ নেই হ্যে। এইটো মহাত্মা গান্ধী হেই। হামৰা ভুল হৈ গেয়া হ্যে৷”
ছোৱালী দুজনীয়ে ইজনীয়ে-সিজনীৰ মুখলৈ চালে।
“বাট্ গেন্দি নেভা’ ইউজ্ড্ ৱেপ’ন। ইজনট্ ইট্?” সিহঁ‌তে সুধিলে।

“হাঃ হাঃ বহুত গাণ্ডা হ্যে। উপৰচে কাউৰীবোৰে মাথা পৰ বিষ্ঠা চোৰা হ্যে। ইচিলিয়ে গেণ্ডি বন গ’য়া। অচম মে বহুত বৰচুন আতা হ্যে। নিজে-নিজে চাফ হো যায়েগা৷”

“লেকিন গান্ধীজী তলৱাৰ কিউ লেগা? ৱ’ তো অহিংচা কী ৰাষ্টা চে হি লড়াই কী থী৷” ছোৱালী দুজনীয়ে ভঙা-ভঙা হিন্দীত ক’লে। তাৰমানে হিন্দীও শিকিছে!

“আপকো কিচনে বতায়া গান্ধীজী অহিংচা চে লড়া থা? আপ দেখা থা? হিষ্টিৰি-তিষ্টিৰি বুক কো বিস্বাচ্ কৰনা নেই। সেইবোৰ তো জীতা হুৱা পাৰ্টিয়ে লিখে। অপনি মন কি হিচাপ চে। চৰকাৰ কী অপনা আদমী লিখতা হেই এইচব হিষ্টিৰি। চচ্ নামমাত্ৰ ভী নেহি থাকে।
ক্যা পতা, গান্ধী ভী তলৱাৰ লিয়া থা! কিমান কিমান আদমীকো গান্ধীজী তৰোৱাল চে মাৰ দিয়া। কিতনা আদমীকো গান্ধীজী কী তৰোৱালৰ ডৰ কে মাৰে জাপান-জাৰ্মান ভাগনা হুৱা। আউৰ উধৰ মে হি গায়াব হো গয়া।
গতিকে হিষ্টিৰি বেছি বিস্বাচ্ কৰি লাভ নেহি হেয়৷”

চাল্লা, এই সতীদাটো না! এইবাৰ লাচিতক এক্কেবাৰে গান্ধী বনাই দিলে। ধূৰৰ্!!

“সতীদা, এইবোৰ কি বকিছে আপুনি? এয়া লাচিত বৰফুকন হয়। অসমৰ পৰাক্ৰমী বীৰ্যবান বীৰ। ভালকৈ বুজাই কওক। মাৰিব আপুনি মানুহ!” মোৰ সঁ‌চাকৈয়েই এইবাৰ খং উঠিল।

“এহ! হয় নেকি? ঠিক আছে কৈছোঁ‌ ৰহ।”
এইবাৰ সতীদাই ছোৱালী দুজনীক ক’লে, “এক্সুৱেলি এইজন লাচিত বাবা। তামাম বীৰ। একদম বীৰবলৰ মুণ্ডা কাটি পেলাইছিল এখেতে৷”

“বীৰবল নহয় ও দাদা। সেয়া ঔৰংজেৱৰ দিনৰ কথা৷” মই শুধৰাই দিলোঁ‌।

“ও হয় নেকি? ওকে !” সতীদাই ক’লে, “ইছ বীৰ নে ঔৰেংজেৱ কা মুণ্ডা কাট দিয়া থা৷”

“নহয় ঔ। আপুনি যে আৰু !!”
“তো কাৰ মাথা কাটিছিল?” সতীদা কনফিউজড্ হৈ গ’ল এইবাৰ।
ময়ো মনে মনে থাকিলোঁ।
ছোৱালী দুজনীয়ে একো বুজি নাপায় সতীদাৰ পৰা কাট্টি খাই দিলে।
সতীদাও গুচি আহিল মোৰ ওচৰলৈ।

“আকাশ, তই কচোন৷ এই যে লাচিতৰ মূৰ্তিটো। তেখেতে তৰোৱালখন লৈ ইমান খঙত অসমৰ ফালেহে চাই আছে কিয়? ফ’ৰেইনৰ ফালেহে চাব লাগিছিল।” সতীদা চিৰিয়াছ হৈ গ’ল।
“নাজানো মই! বলক এতিয়া ৰাজাবাৰী।”

“মই জানো! বুজিলি? মই জানো!”
সতীদাই বহল শুকুলা পায়জামাটোৰ পকেটৰ পৰা ন’কিয়া ১১০০ ম’ডেলৰ ফোনটো উলিয়াই কাৰোবালৈ ফোন কৰিলে। মানুহটোক দেখি হাঁহিও উঠে, খঙো উঠে। যি তি মানে মানুহজন। এতিয়া তেখেতে এটা প্ৰকাণ্ড পায়জামা পিন্ধি আহিছে। ভিতৰত পৰ্বতো ভৰাই লৈ আহিব পাৰিব। অথবা পায়জামাটোৰে গোটেই উমানন্দ মন্দিৰটো আৰাম চে ঢাকি থ’ব পাৰিব!

ফোন কৰি উঠি আহি মোক ক’লে, “সৰ্বাক ফোন কৰিছিলোঁ‌। সি কিবা ‘হাতী-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে আমি একত্ৰিত ভাবে আগবাঢ়িব লাগিব’ বুলি ক’লে। যা তা আৰু!”

“অঁ মই কি কৈ আছিলোঁ‌? অ’, লাচিতৰ মুখখন কিয় অসমৰ ফালে খং খং হৈ আছে! শুন, হিষ্টিৰি-পিষ্টিৰি বাদ দে। সেইবোৰ ইনেও ৰাজাৰ মানুহেই লিখে। খাঁ‌টি সৰিয়হৰ তেল মাৰি। আচল কথাটো শুন, এইজন লাচিত আজিকালিৰ লাচিত। বুজিলি? মোগল নাকাটে; কাকোৱেই নাকাটে। কাটিব অসমক। বুজিলি? অসমৰ মাটি কাটিব। কোনোবাই যদি বাধা দিয়ে, তাক কাটিব, বুজিলি? নহ’লে আমাৰ ফালে চাই ইমান খং কৰি দেখাই নে ??? শত্ৰু ভিতৰত নাই নহয়! বাহিৰৰ পৰাহে আহে। লাচিত বাবাই বাহিৰৰ ফালে চাই খং কৰিব লাগে। আমাৰ ফালে চাই কিয় ক’লা চকু দেখাব ৰে আকাশ! তই ক’ না বাবা। আমি তো নিৰপেক্ষ-নিৰীহ মানুহ। নহয়নে!???”

আমাৰ নাওখন গৈয়েই থাকিল। বাৰিষা বতৰ। নদীৰ কোবাল ঢৌ। নাপায়হে নাপায় আমাৰ নাওখন। ইফালে ঘাটৰ পৰা ৰাজাবাৰী আৰু বহুত দূৰ যাব লাগিব।

লাচিতৰ মূৰ্তি চকুৰে নমনা হৈ আহিছে। আমাৰ নাওখন বহুদূৰ আহি পাইছে। সতীদাই কিন্তু লাচিতক প্ৰশ্ন কৰিয়েই আছে। জবাবদিহি কৰিয়েই আছে। কাঠগড়াত তুলি দিছে লাচিতক। নিজেই জাজ্ হৈছে। নিজেই উকীল, নিজেই সপক্ষ, নিজেই প্ৰতিপক্ষ।

“লাচিত, আৎসা! আপনি মামাক কাটিলে যে, ঔৰংজেৱ নে ৰামসিংহ নে কি- তাৰ মুণ্ডি কিয় নাকাটিলে?
এতিয়াও আৰু আমাৰ ফালে খঙৰ চকু দেখাই আছে। পিছফালেৰে ’ইনিমি’ সোমায়েই আছে, সোমায়েই আছে। আপনাৰ টিকাটো আমাক দেখাক, লাল আখ সিফালে দেখাক ও! নহ’লে আমি মল্লু আৰু!! সবে আমাকে কাটে, আমাক মাৰিয়েই মাটি কাঢ়ে! মূৰটি অলপ হিলাই দিয়ক ও লাচিত বাবা৷”
এনেকুৱাকৈ অভিনয় কৰি কৰি সতীদাই বচনবোৰ মাতি আছে যে নাৱৰ আটাইবোৰ মানুহ হাঁহিত বাগৰি পৰিছে।

এনেতে আমাৰ নাওখন ৰৈ যোৱাৰ দৰে কৰিলে। ইঞ্জিনৰ ঢপ্-ঢপ্ শব্দ বন্ধ হৈ গ’ল আৰু নদীৰ কোবাল সোঁতত বিপদজনকভাবে ভটিয়াই যাব ধৰিলে।
চালক দুজন যাত্ৰীৰ ওচৰলৈ আহিল। ক’লে- ইঞ্জিন লিক্ হৈ সকলো ইন্ধন নদীত পৰি গ’ল। নাৱৰ তেল শেষ। এতিয়া সোঁতে য’লৈ নিয়ে ত’লৈকে যাব লাগিব। ইফালে কোনো ম’বাইলৰেই নেটৱৰ্ক নাই। “

নাওখন টুলুং-ভুটুংকৈ বৈ যাব ধৰিলে। যাত্ৰীবোৰ ভয়ত পেঁপুৱা লাগিল। চালক এজনে সতীদালৈ বহুসময় একেথৰে চাই আছিল। তেখেত সতীদাৰ ওচৰলৈ আহিল আৰু ক’লে, “এটা উপায় আছে। এতিয়া বতাহ কিন্তু ধুনীয়া বলি আছে। আমি যদি এখন পাল তৈয়াৰ কৰি ল’ব পাৰোঁ‌, তেতিয়াহ’লে আৰামচে সোনকালেই পাৰত উঠিব পাৰিমগৈ। তাৰ বাবে ডাঙৰ-আহল-বহল এখন কাপোৰৰ দৰকাৰ আছিল।”

সকলো মানুহে সতীদাৰ ফালে চালে। আৰু!? সকলোৱে সতীদাক ধৰি-মেলি তেখেতৰ বস্ত্ৰহৰণ কৰিলে। মোৰ বাধায়ো কোনো কাম নিদিলে।

সতীদাৰ পায়জামাটোৰে এখন বৃহৎ পাল তৈয়াৰ কৰা হ’ল। পায়জামাৰ ৰচীৰে সেইখন ধুনীয়াকৈ গাঁ‌ঠি লোৱা হ’ল। সেইখন নাওত লগাই দিয়াত পালতৰা নাওখন ধীৰে-ধীৰে লুইতৰ চাপৰিলৈ আগবাঢ়িল।

টিক্ টিকীয়া ৰঙা গেঞ্জীটোৰ তলত সতীদাৰ ঢোলপেটটো উজলি থাকিল।
সতীদাই ক’লে, “হে লাচিত বাবা! ইহঁ‌তে মোৰ বস্ত্ৰ হৰণ কৰি দিলে। বৃহত্তৰ মানৱতাৰ খাতিৰত মই বাৰু মোৰ সেইটো বিসৰ্জন দিলোঁ‌। তুমি খালি এতিয়া মোৰ ফালে নাচাবা।”

এইবুলি সতীদাই নাওৰ টিঙৰ ওপৰত উঠি দুহাত আকাশলৈ মেলি দিলে।
“ধপছ্ ছৌছৈখিলিখিলিছৌ”
এনেতে এটা ডাঙৰ শব্দ হ’ল। নাওখন পানীৰ পৰা এফুটমান ওপৰলৈ উঠি আহিল। নাওখনৰ পৰা প্ৰচণ্ড ভাৰ এটা সৰি পৰিল। সতীদা পানীত পৰি গ’ল। মই হাতত ধৰিও ৰখাব নোৱাৰিলোঁ‌। মই চিঞৰিলোঁ‌, “সতীদা উটি যায়! সতীদা উটি যায়!”

সতীদাই এখন হাতেৰে কেনেবাকে’ নাৱৰ পঁ‌চা কাঠ এটুকুৰাত ধৰি নাৱৰ লগতেই উটি গৈ আছে। যাত্ৰীবোৰ আগবাঢ়ি আহিল। সতীদাৰ হাতখন ক্ৰমাৎ এৰ খাই গৈ আছে। মই এখন হাতেৰে সতীদাৰ নিম্নবাসৰ ৰচীডালত ধৰি আছোঁ‌।

যাত্ৰীবোৰৰ মাজত এইবাৰ প্ৰচণ্ড বিতৰ্ক হ’ল। উচ্চস্বৰে এটা ভাগে ক’বলৈ ধৰিলে, “এখেতৰ গেঞ্জীটো চাওক! টিকটিকিয়া ৰঙা। বামপন্থাৰ উজ্জ্বল নিদৰ্শন! এখেত নিশ্চয় বামপন্থী৷ তেখেত নিজৰ দোষতেই ডুবিছে।থৈয়া-নথৈয়া সোঁ‌ততো তেওঁ নাৱৰ টিঙত গৈ উঠিছিল। গতিকে ইয়াত আমাৰ হাত নাই। লেট হিম ডাই!!”
সতীদাই চিঞৰিলে, “মোক বচাওক ৰাইজ! মই ডুবিলোঁ‌। মুখেৰে পানী সোমাব লৈছে ও ৰাইজ!”

মই তেখেতৰ নিম্নবাসৰ ৰচীডালত ধৰি হ’লেও তেখেতক সামান্য চাপ’ৰ্ট দিছোঁ‌। তথাপি সতীদা ডুবিব ধৰিছে ক্ৰমশঃ। মানুহবোৰে মজা চাইছে। চকু টিপিয়াইছে।

এনেতে মোৰ হাতৰ টানত তেখেতৰ নিম্নবাসটো খুলি গ’ল । গেৰুৱা ৰঙৰ নিম্নবাসটো লুইতে উটুৱাই লৈ গ’ল। গেৰুৱা ৰঙৰ নিম্নবাসটো দেখি কিছুমান মানুহ কাষ চাপি আহিল। নাওখনৰ বাওঁফালে বহা যাত্ৰীবোৰে উল্লাসত চিঞৰি উঠিল, “ই বেটা সোঁ‌পন্থী! লুকুৱাই ৰাখিছিল তলত। এতিয়া ওলাই সুলকি পৰিল। খুব সাহসী দেখাই টিঙত বহিব গৈছিল; মৰিব দিয়ক তাক। নিজৰ দোষতেই সি ডুবিছে৷” নাওখনত মুঠতে সৰু-সুৰা উৎসৱ এটাই আৰম্ভ হৈ গ’ল। বাওঁফালে বহা মানুহবোৰৰ লগত ইমান সময়ে শুই থকা ওচৰ পাজৰৰ আন কিছুমান মানুহেও যোগ দিলে। সিহঁ‌তৰ উল্লাসিত চিঞৰত সতীদাৰ মৰণকাতৰ চিঞৰ তল পৰি থাকিল।

মই ভাবিলোঁ‌, ‘নাওখনত কোনোবা মানুহ নাইনে!?’ কেইজনমান মানুহ এইবাৰ আগবাঢ়ি আহিল। সিহঁ‌তে হাতখন আগবঢ়াই দিলে সতীদালৈ। কিন্তু তৎমুহূৰ্ততেই হাতবোৰ আকৌ কোঁ‌চাই আনিলে। সতীদাৰ হাতত এটা কটা আঘাতৰ চিন আছিল। কোনোবাই সেইটো ‘আল্লাহু’ যেন দেখিলে। অস্পৃশ্য কিহ’বাত হাত লগাৰ দৰে সিহঁ‌তৰ হাতবোৰ কোচাঁ‌ই আহিল। কেইজনমানে বিতৰ্ক কৰিলে, সেইটো ’আল্লাহু’ নহয়, সেয়া ’ঔম্’ হে! গতিকে যি দুজন গৈছিল সহায় কৰিবলৈ, সতীদাৰ হাতৰ কটা দাগটো ’ঔম্’ যেন দেখি সিহঁ‌তো চুপ-চাপ আঁ‌তৰি আহিল।

এইখিনি সময়তেই মোৰ খংটো উঠি আহিল। সতীদাক মই অকলে নাৱলৈ তুলিবও নোৱাৰোঁ‌, এৰি দিবও নোৱাৰোঁ‌। সহায় বিচাৰি চিঞৰি-চিঞৰি মই ভাগৰি পৰিলোঁ‌। লাহে-লাহে নাওখনৰ সতীদাই ধৰি থকা পঁ‌চা কাঠডাল নাওখনৰ পৰা খহি পৰিল। সতীদাক প্ৰচণ্ড ঢৌৱে উটুঁৱাই লৈ গ’ল। ঈশ্বৰক প্ৰণাম কৰি ময়ো সতীদাক বচাবলৈ নৈত জাঁ‌প দিলোঁ‌। কিন্তু, যোৱাৰ আগতে নাওখনৰ পালখন খুলি লৈ ল’লো।
আমি দুয়ো নৈত সাঁ‌তুৰিছোঁ‌।
“সতীদা, হিম্মৎ নেহেৰুৱাব! সাঁ‌তোৰক! সাঁ‌তোৰক! আপোনাৰ পেটটো কামত লগাওক। ইয়ে আপোনাক ওপঙাই ৰাখিব। বুঢ়া লুইতৰ ইম্মানো শকতি নাই, আপোনাৰ নাগাৰা পেটটো ডুবাব পাৰিব; দম নেৰিব। সাঁ‌তোৰক! সাঁ‌তোৰক! পায়জামাৰ কচম৷”

আমি মৰোঁ‌-জীউসোঁ‌-আধিকৈ সাঁ‌তুৰিলোঁ‌। নৈৰ সোঁ‌তেও আমাক চাথ দিলে। উটি ভাঁহি আমি গৈ থাকিলোঁ‌।
গৈ গৈ আমাৰ মূৰটো কিবা টান পকা এটুকুৰাত খুন্দা মাৰিলে। হাত মেলি দুয়ো তাতেই ধৰিলোঁ‌ আৰু জাঁ‌প মাৰি পকী ডোখৰত উঠি ল’লো।

ধুনীয়া পকী ডাঙৰ বেচমেন্ট এটা। আহল বহল। পানীৰ ঢৌবোৰ অলপ শান্ত হওঁ‌তে দেখিলোঁ‌ পানীত লাচিতৰ কঁ‌পি থকা প্ৰতিবিম্ব। হাতত উদ্যত তৰোৱাল, দুচকুত উগ্ৰ খং!

আমি দুয়ো বাচি গ’লো। আমি লাচিতৰ প্ৰতিমূৰ্তিৰ পকী আধাৰত বহি ল’লো। সতীদাই মোৰ পৰা ফালি যোৱা পায়জামাটো পিন্ধি ল’লে। তলৰ পৰাই লাচিতৰ মুখলৈ চাই প্ৰকাণ্ড, প্ৰচণ্ড, দীৰ্ঘ প্ৰণাম এটা জুৰিলে।

“এই যুগৰ শেষত হৈবো কল্কি অৱতাৰ,
কাটি মাৰি তহঁ‌তক কৰিব বোন্দামাৰ৷” সতীদাই নামঘোষা এফাকি জুৰিলে।

এনেতে আমি মৰণকাতৰ তীব্ৰ চিৎকাৰ শুনা পালোঁ‌। সেইফালে চাই দেখিলোঁ‌ আমি উঠি যোৱা নাওখন ক্ৰমাৎ ডুবিব ধৰিছে। মানুহবোৰে মৃত্যুভয়ত চিঞৰিব ধৰিছে। সতীদাই মোক সেইফালে আঙুলিয়াই দেখ্যৱালে, “আকাশ! চা চা টাইটানিক। টিকট নালাগে। চাই ল’ লাইভ শ্বো। গিৰিব দে চাল্লা! তাত মানুহ নাও নহয়। এই ঔম্, আল্লাহু, বাওঁ‌হতীয়া, সোঁ‌হতীয়া আৰু হিজৰা বোৰহে আছে। লেট ডেম ডাই!!”

“সতীদা, আপোনাৰ ফোনটো মোৰ পকেটতেই আছে। নেটৱৰ্ক দেখাই আছে চোন৷” মই পকেটৰ পৰা সতীদাৰ ফোনটো উলিয়াই ল’লো।

“কি ফোন বুলি ভাবিছ এইটো!? ন’কিয়া ১১০০ হয়। বুজিলি? ময়ো নমৰোঁ‌, তয়ো নমৰ! আৰু আমাৰ ১১০০ ও নমৰ৷” গৌৰৱেৰে সতীদাই ক’লে।

“পুলিছক এটা ফোন কৰি দিওঁ‌ নেকি? আহি সিহঁ‌তক বচাওক৷” মই ক’লো।

“বাদ দে! সেইবোৰ স্মাৰ্ট ফোনৰ মানুহ। তথাপি কৰিব খুজিছ যদি কৰ বাৰু৷” সতীদাই ক’লে।

মই পুলিছলৈ ফোন লগালোঁ‌, “ইউ হেভ ইনচাফিচিয়েন্ট বেলেন্স টু মেক দ্য কল। প্লিজ ৰিচাৰ্জ ইম্মিডিয়েটলি।” মেকানিকেল ভইচত ছোৱালী এজনীয়ে কৈ উঠিল।

চকুৰ আগতেই নাওখন ডুবিল। যাত্ৰীবোৰৰো জীৱনৰ ভেলিডিটি খতম হৈ গ’ল। বেলেন্স ভৰোৱাৰ আৰু সুবিধা নহ’ব। আমি লাচিতৰ ভৰি চুই সেৱা কৰিলোঁ‌।

“পৰিত্ৰাণায়ঃ সাধুনাং, বিনাশায়চঃ দুষ্কৃতম!”
ক’ৰবাৰ পৰা সুৰ এটি ভাঁহি আহিল।

☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *