ফটাঢোল

বানান পুৰাণ – অনুভৱ আকাশ

ভোলটোকে ভূল বুলি নকৰিবি ভুল।
গোল-আকাৰ পৃথিৱীক নুবুলিবি গুল।।
মাছৰ জোলত নাই এককৰ জুল।
কন্দলীৰ টোলত বাৰু আছিলেনে টুল।।
বাঁহৰ আগত সাজে বগলীয়ে বাহ।
কাঁহৰ বাতিত টেঙা খালে হ’ব কাহ।।
হাতীয়ে ভাঙিলে হেৰ’ ভকতৰ হাটী।
মাটিৰ মালিক কোন আনগৈচোন মাতি।।
বহি বহি পঢ়ি থাক বিজ্ঞানৰ বহী।
ৰাতিপুৱা বাহি গাতে নবজাবি বাঁহী।।
ভোট জলকীয়া দেখি ভূতে কৰে ভয়।
চোক থকা দাখন চুকত কোনে থয়।।
ক’লা হ’লেই কলা নহয় মনত ৰাখিবি।।
অসমীয়া বানানৰ শ্ৰাদ্ধ নকৰিবি।।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *