ফটাঢোল

যুগৰ ফটা লিমাৰিক – বন্দিতা গগৈ বৰা

(এক)
অসম মুলুকত বহিছিল চাকৰিৰ মেলা,
লাখ টকাৰ বিনিময়ত চাকৰি কিনাৰ খেলা,
পালৰ পাল্লাত পৰি,
আগ-পিছ বিচাৰ নকৰি,
চাকৰি কিনিবলৈ গৈ হ’লগৈ দুটামান জেলৰ ভাত বুটলা।

(দুই)
লাখটকীয়া পাল পৰিল জালত,
চাকৰি কিনাবোৰৰ চৰ পৰিল গালত,
পাল ঔ পাল,
কিযে তোৰ ফুটা কপাল,
বুঢ়াবয়সত ধৰিবগৈ লাগিব নেকি হালত!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *