ফটাঢোল

দ্য ঈগল এণ্ড দ্য স্কাইলাৰ্ক (মুল: খলিল জিব্ৰান) – অনুবাদ: নৱজিৎ বৈশ্য

ওখ পাহাৰ এখনৰ শিল এছটাত এটা ঈগল আৰু এটা স্কাইলাৰ্ক মুখামুখি হ’ল৷ স্কাইলাৰ্কটোৱে প্ৰথমে মাত দিলে- “সুপ্ৰভাত মহাশয়!” ঈগলটোৱে তাৰ ফালে অৱজ্ঞাৰ দৃষ্টিৰে চাই নিস্পৃহভাৱে প্ৰতি-শুভেচ্ছা জনালে – “সুপ্ৰভাত৷”

স্কাইলাৰ্কটোৱে পুনৰ ক’লে – “আশাকৰো আপোনাৰ সৰ্বতোপ্ৰকাৰে ভাল, মহাশয়৷”
“হয়!” ঈগলটোৱে ক’লে,“আমাৰতো সকলো ফালে জয় জয় ময় ময়৷ কিন্তু তই নাজান নেকি আমি যে চৰাইবোৰৰ ৰজা আৰু তহঁতে আমি নিজৰ ফালৰ পৰা আৰম্ভ নকৰালৈকে আমাৰ লগত কথা পাতিবলৈ আগবঢ়াটো যে অনুচিত?”

তেতিয়া স্কাইলাৰ্কটোৱে বোলে, “মই আকৌ আমি একেটা পৰিয়ালৰ বুলিহে ভাবিহে আপোনাৰ সুখ-দুখৰ খবৰ ল’লো৷”

ঈগলটোৱে তাৰ ফালে ঘোপাকৈ চাই ভেকাহি মাৰি সুধিলে,“কোন বাপেৰে তোক কৈছে, তোৰ দৰে নগন্য এটা আৰু মই একে পৰিয়ালৰ বুলি?”

স্কাইলাৰ্কটোৱে নম্ৰভাৱে অথচ দৃঢ়তাৰে উত্তৰ দিলে,“চাওক মহাশয়, মই আপোনাক এই কথা সোঁৱৰাই দিয়াৰ বোধহয় দৰকাৰ নহ’ব যে মই আপোনাৰ সমানেই উচ্চতাৰে উৰিব পাৰো৷ তাৰ উপৰিও মই গীত গাই পৃথিৱীৰ অন্য প্ৰাণীবোৰক আনন্দ যোগাব পাৰো৷ আপুনি কিন্তু কাকো সুখী বা আনন্দিত কৰিব নোৱাৰে৷”

ঈগলটোৰ এইবাৰ ভীষণ খং উঠিল আৰু উষ্মাৰে ক’বলৈ ধৰিলে, “হুহ্! সুখ? আনন্দ? বাটলুগুটি গঙাটোপ! মোৰ ঠোঁটৰ একেটা খোঁচতে তোৰ প্ৰাণবায়ু উৰি যাব! তোৰ শৰীৰটো মোৰ ভৰিখনৰ সমান ডাঙৰ হে!”

তেতিয়া স্কাইলাৰ্কটোৱে উৰি গৈ এপাকত ঈগলটোৰ পিঠিত বহি লৈ তাৰ পাখিবোৰ টানি উভালিবলৈ ধৰিলে৷ ঈগলটো তিক্ত-বিৰক্ত হ’ল । খুব জোৰে বহু ওপৰলৈ উৰা মাৰিলে৷ ভাবিলে এনেকৈ তীব্ৰ বেগেৰে উৰা মাৰিলে সৰু চৰাইটোৰ আক্ৰমনৰ পৰা সি সহজতে নিজক বচাব পাৰিব৷ কিন্তু সি ভবামতে নহ’ল৷ স্কাইলাৰ্কটোৱে তাৰ পাখিত জোৰকৈ কামোৰ দি ধৰি থাকিল৷
বহু সময় উৰাৰ পিছত ভাগৰত লবেজান হৈ ঈগলটোৱে নামি আহি পুণৰ আগৰ শিলছটাতে বহি পৰিল৷ ক্ষুদ্ৰ চৰাইটো তেতিয়াও তাৰ পিঠিত৷ সি নিজৰ নিয়তিক ধিক্কাৰ দিলে৷

সেই মূহূৰ্ততে তাত এটা দুৰা কাছ ওলালহি৷ দৃশ্যটো দেখি সি হাঁহি ৰাখিব নোৱাৰা হ’ল৷ তাৰ ইমান হাঁহি উঠিল, যেন হাঁহিত সি লুটি খাইহে পৰিব৷

ঈগলটোৱে দুৰা কাছটোৰ ফালে খঙেৰে চাই বোলে “ঐ অপগণ্ড! পৃথিৱীত তোৰ মান লেহেম গতিত চুচুৰি ফুৰা দ্বিতীয় এটা প্ৰাণী নাই৷ তোৰ কিহতনো ইমান হাঁহি উঠিল হা?”

কাছটোৱে বোলে, “হাঁহি উঠাৰ কাৰণ হ’ল আপুনি এটা ঘোঁৰাত পৰিণত হৈছে৷ আৰু ক্ষুদ্ৰ চৰাই এটাই আপোনাৰ পিঠিত উঠি ভ্ৰমি ফুৰিছে৷ সি সৰু হ’ব পাৰে কিন্তু আপোনতকৈ গুণী৷”

ঈগলটোৱে বোলে,“ঐ যা তই নিজৰ কামত লাগ গৈ৷ এয়া আমাৰ পাৰিবাৰিক কথা৷ মোৰ ভাই স্কাইলাৰ্ক আৰু মোৰ মাজৰ কথা৷”

☆★☆★☆

One comment

  • বিজিত নাথ

    বিপদত ভাই ভাই !
    সম্পদত কাই কাই ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *