ফটাঢোল

কৌতুক- লোকেশ্বৰ পাটগিৰি

এজনী ছাগলী ভয়ত হাবু দাবু খাই হাবিলৈ তামাম দৌৰি আছে৷তাকে দেখি এটা নিগনিয়ে সুধিলে :
“কি হ’ল হে ভন্টি কিয় ইমানকৈ দৌৰি আছা?জগিং কৰি আছা নেকি ?”

ছাগলী :-” বন্ধু, হাবিত পুলিচে হাতী ধৰিবলৈ আহিছে সেইকাৰণে দৌৰিছো৷”

নিগনি :- “অ ! তাতে আকৌ তোমাৰ কি গৰজ পৰিল দৌৰিবলৈ?তুমিতো ছাগলীহে ?”

ছাগলী :- “এইখন ভাৰতবৰ্ষ হয় ভাই ।
ধৰা পৰিলে,২০ বছৰ অফিচ-কাছাৰি ঘূৰি ফুৰিব লাগিব, হাতী নহয় ছাগলী বুলি প্ৰমাণ কৰিবলৈ।”

এই কথা শুনিয়েই নিগনিও ছাগলীৰ লগত সমানে দৌৰিব ধৰিলে ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *