মই স্বভাৱতে বৰ লাজকুৰীয়া আৰু উদাৰ। বহুতৰে থকাৰ দৰে মোৰ বৰ ঈৰ্ষা-চিৰ্ষা নাই। কিহক লৈ ঈৰ্ষা কৰিমনো? কাৰোবাৰ সমান বা কাৰোবাতকৈ“মই কিহত কম” বুলি ভাবিলেহে মানুহক ঈৰ্ষা কৰা যায়। কাকো হিংসা কৰিবলগীয়াও নাই মোৰ। কাৰণ জানোৱেই যে মই কোনোপধ্যেই কাৰো সমান হ’ব নোৱাৰোঁ। মই মোৰ সমানহে হ’ব পাৰোঁ। মই মোৰ সৈতেহে তুলনা কৰিব পাৰোঁ। মই মোৰ সৈতেহে বাজী মাৰিব পাৰোঁ। এই কথাকেইটা পঢ়ি মোক নিশ্চয় আপোনাৰ জ্ঞানী মানুহ যেনেই লাগিছে। কোনোবাই হয়তো স্থিতপ্ৰজ্ঞ লোক বুলিও অভিহিত কৰিব। কিন্তু ভুল ধাৰণা। মই মোক এতিয়াও সম্পূৰ্ণৰূপে ঈৰ্ষা বা হিংসাৰ পৰা মুক্ত কৰিব পৰা নাই। খুব চেষ্টা কৰোঁ নিজক সংশোধন কৰিবলৈ। তাৰ কাৰণে যোগ-প্ৰাণায়াম বা ধ্যান-প্ৰাৰ্থনা সকলো কৰোঁ। তথাপি মোৰ মনৰ পৰা হিংসা বা ঈৰ্ষাৰ ভাবটো নগ’ল। এদিনাখনৰ কথা, ভাবিলো এইবিলাক বাদ দি বুদ্ধৰ শৰণ লওঁ। বুদ্ধং শৰণং গচ্ছামি। কেইদিনমান ছান্টিঙো কৰি চালোঁ। নাই। মানুহৰ ওচৰত সকলো ধৰ্ম, সকলো দৰ্শন অসাৰ। মানুহ নিজৰ দৰ্শনৰ খোলাটোৰ পৰা ওলাব নোৱাৰে। সেই খোলাৰ পৰা ওলাব নোখোজা মানুহক বুদ্ধ-হজৰত কোনেও বাহিৰলৈ উলিয়াই আনিব নোৱাৰে।

মই আনৰ সকলো সুখ আৰু ভোগক সহ্য কৰিব পাৰোঁ। কাৰোবাৰ পৰ্বতসম উন্নতিয়েও মোক টলাব নোৱাৰে। কিন্তু কিয় ক’ব নোৱাৰোঁ, ছোৱালীবোৰলৈ মোৰ বৰ ঈৰ্ষা হয়। ছোৱালী মানে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছোৱালীৰ পৰা আৰম্ভ কৰি জে আৰ এফ পোৱা ল’ৰা-ছোৱালীৰ মাকপৰ্যন্ত, ভণ্টি বুলি কোৱা ছোৱালীজনীৰ পৰা আৰম্ভ কৰি বৰমা বা জেঠাই বুলি কোৱা ছোৱালীজনীলৈকে, এই সকলোবোৰলৈকে মোৰ ঈৰ্ষা হয়। মই তেওঁলোকৰ ভালখিনি সহ্যই কৰিব নোৱাৰোঁ। প্ৰচণ্ড ঈৰ্ষা হয় মোৰ। ঈৰ্ষাত ছাটি-ফুটি মৰোঁ। কিবা পোৰা পোৰা গোন্ধ এটা নাকত লাগেহি। মোৰ বুকুখনৰ এটা অংশ পোৰা যেনেই লাগে মোৰ। ৰাতি টোপনি নাহে। ইকাটি-সিকাটিকৈ বাগৰ সলাই সলাই ৰাতিটো পাৰ কৰোঁ। মাজনিশা উঠিও যোগ-প্ৰাণায়াম কৰোঁ। মুখখন ঠাণ্ডা পানীৰে তিয়াই লওঁ। মনৰ ভিতৰতে পৰমাত্মাৰ সৈতে মিলি যাবলৈ চেষ্টা কৰোঁ। নাই। তথাপি শান্তি নাই।

নিজক বুজাওঁ। নাই, মনে বুজি নাপায়।

নিজক সোধোঁ। কি হৈছে? ইমান নিস্পৃহ মানুহজনৰ ইমান আকুলতা কিয়?

সকলো বুজি পাওঁ, কিন্তু নিজক বুজাব নোৱাৰোঁ। অবুজন মন। অঁকৰা কলিজা। গোঁৱাৰ হৃদয়। কোনোপধ্যে বুজি নাপায়। মাজে মাজে এনে লাগে যেন লাহে লাহে বুজি উঠিছে। এতিয়াৰ পৰা আৰু চিন্তা নাই। ছোৱালী মানুহৰ কোনো কথাই মোক আমনি কৰিব নোৱাৰে আৰু। ঠিক তেনেতে কোনোবা ধুনীয়া ছোৱালী এজনীয়ে দিলেই নহয় ছেলফি এখন আপলোড কৰি। লগে লগে চৌপাশ ধোঁৱা ধোঁৱা। পোৰা পোৰা গোন্ধ।

কিয় নাজানো, ছোৱালীবোৰৰ কাৰণে ভগৱানে ইমানবোৰ কাপোৰ স্ৰজন কৰিলে। পেটিকোটৰ পৰা প্লাজ্জোলৈকে – কিমান যে কাপোৰ। আমাৰ সেই ঘেদেলা মৰা সেই একেকেইটাই কাপোৰ। ৰঙো সেই একেকেইটাই। অথচ ছোৱালী মানুহৰ কাৰণে কিমান যে ৰং। আৰু আচৰিত কথা কি, কোনোবা ছোৱালী এজনীৰ গাত দেখি ভাল লগা ৰং এটাৰ কাপোৰ কিনি পিন্ধি দেখা গ’ল ল’ৰা মানুহক মুঠেই ভাল নালাগে। চাওকচোন – পুৰুষসকলৰ প্ৰতি ভগৱানৰ কেনে অন্যায় আচৰণ। ছোৱালীৰ বাবে স্ৰজন কৰা ৰংটোৰো আমি ভাগ ল’ব নোৱাৰোঁ। তাৰ পাছত বাৰু ছোৱালীবোৰক ঈৰ্ষা নকৰাকৈ কেনেকৈ থাকোঁ কওক। ৰঙৰ কথা কওঁতে মনত পৰিছে, আমাৰ এজনে এইবোৰ কথাৰ কাৰণে নিজৰ এটা স্থায়ী ৰঙেই ঠিক কৰি লৈছে। ক’লা পেণ্ট, নীলা ছাৰ্ট। সদায় সেই ৰঙতে দেখিব। নতুন কাপোৰ নে পুৰণি কাপোৰ সেইটোও ধৰিব নোৱাৰি, আৰু দামী কাপোৰেই নে কম দামী কাপোৰেই তাকো ধৰিব নোৱাৰি। গাৰ ৰং হৈছে নিভাঁজ ক’লা। গতিকে নীলা চোলাৰ সৈতে মানুহজনক গাত নীল সানি দিয়া ক’লা খাহী ছাগলীটোৰ দৰেই লাগে একেবাৰে। চাওকচোন পুৰুষৰ কি কপাল।

আৰু ছোৱালী মানুহৰ কাপোৰো বহুত হে।

আমাৰ আৰু এযোৰ পিন্ধি ছেলফি দুখন তুলিলোঁ মানে নতুন কাপোৰ নোলোৱালৈকে ছেলফি দিয়া বন্ধ। আৰু আমি লোকৰ ছেলফিত লাভ বা ৱাও ৰিয়েকশ্যন দি দি হৰেক ৰকমৰ, হৰেক কাপোৰৰ আৰু হৰেক ৰঙৰ ছেলফিত লাইক কৰি থাকোঁ। এদিন এজনে ক’লে বোলে আপুনিনো মিছাতে ছোৱালীবোৰক ঈৰ্ষা কৰে কিয়? ছোৱালীবোৰৰ ইজনীৰ লগত সিজনীৰ মিলা-প্ৰীতি আছে, গতিকে ইগৰাকীৰ কাপোৰ সিগৰাকীয়ে নিও ছেলফি উঠে। সঁচা কথা কবলৈ গ’লে এযোৰ কাপোৰতে বহুত মুখৰ ছেলফি হয়। মতা মানুহৰ জানো ইমান মিল আছে?

মানুহজনৰ কথাখিনি ইমান বিশ্বাসযোগ্য নহয়। ইমান এনে কি গৰজ পৰিছে যে আনৰ কাপোৰ আনি হ’লেও ছেলফি উঠিব আৰু ফে’চবুকত আপলোড কৰিব। আচলতে ছোৱালী মানুহৰ কাপোৰেই থাকে বহুত বহুত। ভগৱানে তেওঁলোকক হাত খুলি দিছে। কিন্তু এটা কথা হয় যে আমাৰ মতা মানুহবোৰৰ মুঠেই মিল নাই।

আচলতে কি জানে, ওলাওঁতে-সোমাওঁতে ওচৰ-চুবুৰীয়াৰ ধুনীয়া শ্ৰী-চেহেৰাৰ তন্বী গাভৰু ছোৱালী দেখি থাকিলে বুঢ়া মানুহৰো জীমলৈ যাবলৈ মন যোৱাৰ দৰে মোৰো আনৰ ধুনীয়া ধুনীয়া ছেলফিবোৰ দেখিলে বৰ জোৰকে ছেলফি উঠিবলৈ মন যায়। কিন্তু কৰিম কি? পোৰা কপাল। কাপোৰ সেই একেকেইটাই। অলপমান ক’লা পেণ্ট নীলা ছাৰ্টৰ দৰে। গতিকে ঈৰ্ষাত জ্বলি-পুৰি মৰোঁ। হিংসাত চকুৰে জুই ওলাই থাকে। নাকেদি ফাউচ ফাউচ ক’লা ধোৱা ওলায়।

আকৌ ভাবিবলৈ ধৰোঁ। কিবা উপায় উলিয়াবলৈ চেষ্টা কৰোঁ। কিবা বুদ্ধিৰ আমদানি হয় নেকি গভীৰভাৱে অপেক্ষা কৰোঁ। যিমানেই দিন যায় সিমানেই হতাশাৰ ক’লীয়া ডাৱৰে মনটো আন্ধাৰ কৰি পেলায়। মই ধ্যানৰ সময়ত পৰমাত্মাৰ কথা নাভাবোঁ। মই নতুন নতুন ছেলফি উঠাৰ কিটিপৰ কথা ভাবোঁ।

এই হতাশাৰ মাজতে এদিন পূব আকাশত আশাৰ বেলিয়ে দেখা দিয়া যেন পালোঁ। সপোন সাকাৰ হোৱাৰ আনন্দত মই জঁপিয়াই দিলোঁ।

সপোনত পোৱা ঔষধ সযতনে কঢ়িয়াই অনাৰ দৰেই ময়ো মোৰ ধ্যানপ্ৰদত্ত উপায় অনুসৰি পইচা পোৱাৰ পিছদিনাই দুপৰীয়া গ্ৰাহকৰ বেছি ভিৰ নথকা সময়ত এখন কাপোৰৰ দোকানত সোমালোঁ। খুব গহীনত ক’লোঁ যে মোক ছাৰ্ট লাগে, ভাল ছাৰ্ট কেইটামান দেখুৱাওক।

মোৰ মোচন দেখি আটাইকেইগৰাকী ছেলছমেনেই বৰ আগ্ৰহেৰে কাপোৰ উলিয়াই দিলে। মেনেজাৰগৰাকী আছিল ছোৱালী। সুধিলে – কেইটা লাগিব ছাৰ্ট?

ময়ো কম নহয়। লগে লগে ক’লোঁ – পছন্দ হ’লে কেইবাটাও ল’ম।

গ্ৰাহক নোহোৱাৰ সময়ত কেইবাটাও ছাৰ্ট লোৱা কোনোবা গ্ৰাহক সোমালে সি কিমান সন্মান পায় সেইদিনাহে বুজি পালোঁ। ময়ো ভালৰো ভাল ছাৰ্ট চাই চাই বাৰে বাৰে ট্ৰায়েল ৰূমত সোমাওঁ আৰু অলপ দেৰিৰ মূৰত ওলাই আহি মূৰ জোকাৰোঁ – নাই, মোক এটায়ো ছুট কৰা নাই।

তেওঁলোকে আকৌ দহটামান দিয়ে। মই আকৌ ট্ৰায়েল ৰূমত সোমাওঁ আৰু বহু দেৰিৰ পাছত ওলাই আহি মূৰ জোকাৰোঁ।

মোৰ মতি-গতি দেখি খুব সম্ভৱ তেওঁলোক আটাইকেইজন অলপ বিৰক্ত হ’ল। এজনে ক’লে – চাই লওক, আপোনাৰ যিটো ভাল লাগে।

মই দেখিলোঁ যে মোৰ ইমানতে সামৰিব হৈছে আৰু। এইবাৰ কিবাকে বাজেট মিলাই ছাৰ্ট এটা পছন্দ কৰিলোঁ আৰু তাকে লৈ তাৰ পৰা নিৰাপদে ওলাই আহিলোঁ।

মনটো বৰ ভাল লাগি আহিছে। এটা ছাৰ্ট কিনিবলৈ গৈ এমাহমান একেৰাহে ফে’চবুকত আপলোড কৰি থাকিব পৰাকৈ ছেলফিখিনি যোগাৰ হোৱা কথাটোৱে মনত বৰ আনন্দ দিলে। হতাশাৰ ডাৱৰ আঁতৰি গৈ এতিয়া একেবাৰে মনত দুপৰৰ জলমল ৰ’দ। কেৱল এটাই কাম বাকী থাকিব, ফটোশ্বপত ট্ৰায়েল ৰূমৰ বেকগ্ৰাউণ্ড কাটি বিভিন্ন ঠাইৰ বেকগ্ৰাউণ্ড একোটাহঁত লগাই দিব লাগিব।কথাবোৰ যিমানেই ভাবিবলৈ ধৰিলোঁ সিমানে আনন্দই হিয়া নধৰা হ’ল।

আৰু বেছি ফূৰ্তি লাগিবলৈ ধৰিলে যেতিয়া এই কথা মনলৈ আহিল যে ছোৱালীবোৰেও কিজানি কাপোৰবোৰ এনেকৈয়ে যোগাৰ কৰে।

ইয়াৰ পাছত খুব সম্ভৱ মোৰ ছোৱালীবোৰৰ প্ৰতি থকা ঈৰ্ষা ভাবটো লাহে লাহে নাইকিয়া হৈ যাব।

☆★☆★☆

Comments

  1. আইঐ। এতিয়া হে উৰহি গছৰ ওৰ ওলাল। খিয়াল টো মানে লাগে । এই বাৰ আৰু খিয়াল লগাকে দিম। মানে চেলফি।

Leave a Reply

Your email address will not be published. Required fields are marked *