প্রেম এক স্বর্গীয় অনুভূতি।প্রেমৰ কোনো ৰীতি- নীতি নাই।কোনো জাতি- ধর্ম,ধনী-দুখীয়াৰ ভেদাভেদ নেমানে প্রেমে।হিয়া দিয়া-নিয়া মানে কাৰোবাৰ হৃদয়ৰ নিভৃত কোনত দংশন কৰি হৃদয়ৰ গভীৰতম গোপনীয়তাক চুৰকৰি নিয়া কার্যকে যথার্থতে প্রেমৰ আখ্যা দিয়া হয়।

প্রেম দিল্লীৰ লাডু, খালেও পস্তাই নেখালেও পস্তাব লাগে। মথুৰাত মুৰুলী মোহনৰ প্ৰেম,কলিত মোবাইল-মোহনৰ প্ৰেম। মহাভাৰতত এক ফুল পঞ্চ মালি, আজি এক ফুল বহুমালি ভাইছি-ভাৰচা। আপোনাৰো যদি প্রেম গজিছে তেনেহ’লে মনৰ অব্যক্ত ,স্বতঃস্ফূৰ্ত অনুভূতি আৰু মনৰ দুদোল্যমান অৱস্থাটোক ভালকৈয়ে উপলব্ধি কৰিছে।

মিছা ক’লেনো কিডাল হ’ব,এই প্রেমৰ ৰহঘৰাটোত সবায়ে চুমুক দিয়ে।মনে মনে নিজকে প্রশ্ন কৰে, এয়া মনত কুটকুটাই থকা, উদং কৰি গোপনে দিয়া জনৰ লগত বন্ধুত্বই নে আন কিবা ???

জীৱনৰ প্ৰকৃত কোলাহলত সপোন সদৃশ বৰহেঁপাহৰ বঙিয়াত কুহুমীয়া ৰ’দকাচলি আৰু হৃদয়লৈ প্ৰসাৰিত উমাল উকমুকনিত ব্যস্ততাই প্ৰেম।বিৰামহীন ব্যস্ততা প্ৰেমৰ। উৰুৱাই নিব খোজে সীমাৰ পৰিধি ভাঙি য’ত নাথাকিব কোনো অভিযোগ-প্ৰতিঅভিযোগ,থাকিব কেৱল উমাল সহাৱস্থান।প্ৰেমিকে ৰং সানিব খোজে দুষ্টালি জনীৰ দুগালত। শিমলুৰ ৰঙাখিনিৰ ৰঙীন খবৰ লৈ সৰা পাতত লিখিব খোজে অনেক চিঠি কাষলৈ আহিব খোজা প্ৰেমিকাৰ বাবে।চঞ্চলা চাৱনিৰে কমোৱা তুলাৰ উৰণীয়া ডাকত
প্ৰেমিকে যাঁচে হৃদয়ৰ সাঁচতীয়া খিনি।প্ৰেমে কেতিয়াও নেৰাখে জাপ জাপ অহেতুক সোঁৱৰণি।।গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ প্ৰত্যয় বোৰক প্ৰশ্ন কৰি ৰাখিব নোখোজে প্ৰেমে।

সময়ে দিয়া ভাকুটকুট,উথপথপ বিলাক জাপি-কুচি অনুভৱী মন দাপোনত খিৰিকি খুলি সোমাই অহা উগুলথুগুল উখল-মাখল বোৰক ইতিবাচক দৃষ্টিভঙ্গীৰে প্ৰেমৰ তলত দিয়া স্তৱক সমূহ পোৱা যায়‌।

১) চালুকীয়া প্রেম::

ভেলেঙা হাঁহিটোত ভোল গৈ এইকণ প্রেমত লাজে দেখোন দুই হাতে দুচকু জপাই দিয়েহি।মার্বল গুটি খেলি থকা বয়সতে নিচেই চালুকীয়াতে এইকণ ভাবে আলসুৱা হিয়াখনত অজানিতে তোলেহি অচিনাকী বুৰবুৰনি।এইকণ হ’ল আটাইতকৈ নিষ্পাপ,চালুকীয়া মনৰ কঠিয়াতলিত থোৰ মেলি লহপহাই উঠা নিভাঁজ আত্মীয়তা। কোনো অভিযোগ,প্রতিঅভিযোগ নেখাতে ইয়াত। জলফাই এচিকুট, টকৌ দুটা,আমলখি তিনিটাতে এই প্রেমৰ পৰিধি।ইয়াত পাব নিভাজ বন্ধুত্ব তথা আবেগসনা আত্মীয়তা। শেঙুন উজাই উজাই টাংগুটি খেলা,লুকাভাকু,খলিগুটি,ছেংগুটি,অলৌগুটি তলৌগুটি খেলোতে এইকণ সময়ত মন উৰে হাতত হাত থৈ।গৰখীয়া ভোগ,নৰাৰ পেঁপা বজাই ,ধূলি বালি খেলি ফুৰোতে গঢ় লোৱা এইকণ আত্মীয়তাত কোনো স্বাৰ্থ নেচেল ।হুচৰি গাই খুচুৰা পইচা ভাগ ল’বলৈ থপিয়াথপি কৰোতে এইকণে বৰকৈ মনত সুখ দিয়ে। অৱশ্যে এইকণ ৰস অতিকে ঠুনুকা। অলপতে ঠেঁহপেছ লাগে। ঠেঁহ ভাঙিদিলে আকৌ আত্মীয়তা উথলি উঠে ,একেলগে খেলে, ওমলে।

২)প্ৰেমলৈ সাজু::

হাঁহিত তৰাফুল সৰা প্ৰেমৰ এটাই মাথোঁ পৰিচয়।প্ৰেম বৰ গতিশীল। সুখে-দুখে প্ৰেমীয়ে ভিজা দুচকুত কঢ়িয়াই ফুৰে সুপ্ত বিষাদ, আনে নেদেখাকৈ।তোমাৰ পৰা বিদায়লৈ প্ৰেমীৰ উমাল ৰ’দজাকে তেওঁকহে অৰ্থাৎ নতুন ট্ৰেণ্ডতহে পোছাক পিন্ধায় বাস্তৱত।গোটেই জীৱনটোৱেই প্ৰেমৰ আখৰা ঘৰ। বাস্তৱত যিয়েই ঘটিছে তাৰে আখৰা কৰিছো,ছংভাও দিছো। কিয়নো মই প্ৰেমলৈ সাজু হৈছো।।

অপৈণত কালতে অভজা প্রেমে বাটবুলে একলা দুকলাকৈ।উদঙীয়া বতাহ জাকত গইনা লৈ উমাল যৌৱনে খুপি খুপি নমাই আনিব খোজে কিছু অধিক হেঁপাহৰ বালিচন্দা। গতানুগতিকতাক নেওঁচি উন্মনা মনটোক জোনাকত ভিজাব খোজে।সময়েও সৌৰভ বিচাৰিছে,ওঁঠ পাতি বাকি দিয়া মৌ।

জাপিছে সপোন পেৰাটো। সোণাৰুৰ দৰে খিলখিলাই উঠা সপোন,নাহৰৰ দৰে জিলমিলাই উঠা সপোন। বুকু ভঙাৰ সপোন নেলাগে হৃদয়ক।প্রাপ্তি প্রাচুৰ্যপূর্ন টলমল দুচকু।হৃদয় আলয়ত সপোনৰ থৌকিবাথৌ, হেঁপাহৰ উল্লাসিত কল্লোল। জীৱনত যেন প্রথমজাক বৰষুণ।আঃ,কি যে গুণগুণ । এই গুণগুণ সুঁৱৰি প্ৰেমীয়ে হাঁহিবই নে কান্দিব মই নেজানো।কিন্তু তুমি যদি প্ৰেমলৈ সাজু,বহুত সপোন দেখিবা।বহুত সময় পাৰ কৰিব পাৰিবা কিন্তু প্ৰেমৰ অৰ্থ বিচাৰি ভুল নকৰিবা।।

কিতাপ পত্ৰবোৰ এলাগী হৈ গ’ল।খাৱন-শোৱন বোৰ সুকীয়া হ’ল।টোপনি নোহোৱা হ’ল।সাৰে থাকি সপোন দেখা হ’ল। পকেটমণি বেছি লগা হ’ল,দিঅ’ৰ গোন্ধবোৰ চিনি পোৱা হ’ল, এলেনচলে ,লিভাইএছ ,উদলেণ্ড,পিউমা, এডিডাচৰ বাহিৰে একো ব্ৰেণ্ড নলগা হ’ল।হেয়াৰ কাটৰ ভিন্ন ৰূপ। অপূৰ্ব সংযোগ সময়ৰ। মনত উথপথপ যেন সৰগৰ সপোন দিঠকত।‌

বিউটি পাৰ্লাৰৰ সঘন তাঁতবাতি,ষ্ট্ৰেইটণিং, থ্ৰেডিং বোৰ ঘনাই লগা হ’ল।টোপনিক আহিবলৈ শেষনিশাহে সুবিধা দিয়া হ’ল।ৰুমত অকলে থাকি ভাল লগা হ’ল।ঘনে ঘনে চেলফি উঠি আপলোড হ’ল।বুটজোতা যোৰৰ লগত যে চৰ্টহে মেটচিং কথাবোৰ বুজি পোৱা হ’ল।কেট-ৱাক কেইযোৰো এলাগী হ’ল।টপ-লেগিনচ বোৰ অখজা অখজা লগা মানেই বুজিলো,এওঁ প্ৰেমলৈ সাজু হ’ল।।

এচ এম এচ, এম এম এচ,মিচ কল,হোৱাটচ এপ, ফেচবুকৰ লগত চিনাকী হৈ গ’ল। আপুনি গম পাব কেনেকৈ,তেওঁলোকৰ কামত লাগক বুলি দিয়া ফোনটোও যে আমাৰ বাবে নিমাত হৈ গ’ল।মানে দে’ আৰ ৰেডি ফৰ লভ।

সখী -সখিয়নী, কথাটো মন কৰক।সিহঁত ডাঙৰ হ’ল।।আমিও হাতত সাৰে ভৰিত সাৰে সচেতন হ’বলৈ হ’ল।।।

৩) পগলা প্রেম

উতলা যৌৱনৰ বাটচ’ৰাতে বিজুলী চমকা এইকণ অনুভূতিক পগলা প্রেম বোলে। লুকাই চুৰকৈ আৰু কিমান দিন।প্রেমিকৰ বিলাসী বাইকত লিপিত খাই বহি পুষ্পকত উৰাৰ দৰে উৰিবৰ মন।বৰ্হমথুৰি বুলিয়া ওঁঠৰ উগুল-থুগুল পৰিভাষাৰ গুণগুণনিত উদ্বাউল পগলা প্ৰেমী। দুচকুৰ ভ্ৰূ-যুগল আৰু দেহৰ ৰূপত তন্দ্ৰাছন্ন মন।টোল পৰা দুগালত যেতিয়া লাজবোৰ থুপখায়,নিজৰ কৰি পোৱাৰ হেঁপাহত তৰা-নৰা চিঙি চঞ্চল হয় পগলা প্ৰেম।।

******তোৰে শপত

ভাল পাম দুৱৰি হবলৈ।

যদি তুমি লাগি ৰোৱা

নিয়ৰৰ মুকুতা হৈ।।****

ধাবাবোৰ,ৰিজর্টবোৰ,বিভিন্ন পার্কৰ আচুতীয়া কোণবোৰ ,মঠ মন্দিৰৰ নির্জন পৰিবেশবোৰ এই সময়ত কেৱল এওঁলোকৰ বাবেই আচুতীয়াকৈ সংৰক্ষিত হয়। সেয়ে এই পগলা প্রেমিকে তৃতীয় পক্ষৰ উপস্থিতিক সহজ ভাৱে ল’ব নোখোজে অথবা কেৰেপ নকৰে।গুৱাহাটীত শ্ৰদ্ধাঞ্জলি কানন, নেহেৰু পাৰ্ক, চাইন্স মিউজিয়াম,গীতা মন্দিৰ, চিৰিয়াখানাৰ লগতে হাইৱে ধাবা বোৰত,তেজপুৰৰ কল্ড-পার্ক, অগ্নিগড়ৰ উপৰি ভাগ,যোৰহাটৰ ৰাজ-মাও পুখুৰী পাৰ,শিৱসাগৰৰ তলাতল বাকৰিত আপোনাৰ প্ৰৱেশ restricted, ।।

মিচ কলতো এই প্রেমে পোখা মেলে।এনে ক্ষেত্রত মোবাইল ৰিছার্জ শেষ নোহোৱালৈকে শেষ নিশা পর্যন্ত প্রেমালাপ চলে।

ডেটিং,চ্যাটিং,আপলোড হোৱাটচ এপেৰে এওঁলোক এনেকৈ মগন হয় যে অভিভাৱকত্বই ঢুকি নাপালেও নিজাববীয়াকৈয়ে বহুত সিদ্ধান্তই লৈ পেলায়।লিভিং-টুগেদাৰৰ দৰে মহা ব্যাধিৰ ভাইৰাছ এই সময়ত বৰ ভয়ঙ্কৰ।।

সতৰ্ক-অসতৰ্ক সময়ত কৈ পেলাই মনৰ কথা আপোন-পাহৰা হৈ।কিবা এক অনামী নিচাত ডুবি থাকে দিন ৰাতি।কেতিয়াবা ঠেঁহ,কেতিয়াবা অভিমান‌। কেতিয়াবা উৎসৰ্গিত হয় চকুৰ পানী, ভালপোৱাৰ নামত।।

পগলা প্ৰেমীজন সপোন ৰোগী।সুৰ আৰু সপোনৰ মালাগুঠি পৃথিৱীখন ৰঙীন কৰি তোলে। সপোনৰ হাতী-পটি আঁকে ভালপোৱাৰ আকাশত।সুখ বোৰে খেদি খেদি সাৱটি ধৰে,আমন্ত্ৰণ নকৰাকৈয়ে।

(৪)মধুচন্দ্ৰিকা:::

পগলা প্রেমক গতি দিবলৈকে বিবাহ নামৰ ডাকোদাল দিঙিত ওলোমাই লগুণ-গাঠি দিয়ে।চৌ চৌ কৰি বয় ৰহঘৰা কিছুদিন।পিছে বছেৰেক হ’ল কি নহ’ল,প্ৰেমনদীত খহনীয়াই খহায়।তলিফুটি ৰহঘৰা উদং।।তইহে তই মইহে মই ভাৱত,এই পিয়লা প্রেম মধু অতিকে সুস্বাদু।পান খালো চূণ খালো আৰু খালো লং,প্রেম কৰি পতি পালো পাট-ৰাণীত মন॥

কিনো চাবা বাপ্পেকে,হনিমুন বেংককত, চিঙ্গাপুৰত।কি খাবা,ক’লৈ যাবা,কিমান শ্বপিং কৰিবা, ইত্যাদি।ডিনাৰৰ লিষ্ট খনত হোটেল বোৰৰ,ধাবা বোৰৰ নাম। মতিমহল,ভোট জলকীয়া, ক্ৰেকলিং মাষ্টাৰ,দি ধাবা, চিটি ধাবা,মিচিং কিচ্ছেন,নগা কিচ্ছেন একো বাদ নপৰে।

অনুভৱ::::

যৌৱনৰ উপহাৰ,অনুভৱ বোৰৰ গাতে গা লগাই চাই থাকো নিশাৰ জোন।জোনাকেও নাচে বিবসনা হৈ।তৰাই তিৰবিৰাই, সপোনৰ বাট দেখুৱায়।যেনিতেনি উৰিফুৰা জোনাকীয়েহে আউল লগায়। সপোনৰ বাটত নৱদম্পতিক পৰুৱাই পায়।

কথোপকথন::

তোমাৰ উশাহটোও মই চিনি পাওঁ। মইতো তোমাৰ অনুভৱেৰে জীয়াই থকা এটি কায়া।মই হেৰাইছো তোমাত।মুচকছ গৈছো তোমাৰ মৰমৰ বন্যাত।তুমিতো মোৰ জীৱনৰ প্ৰথমজাক বৰষুণ। আহ,কিযে গুণগুণ।শীতে ঠেৰেঙা কৰা শেৱালি জোপাতে মোৰ সপোন চেলেংখন মেৰিয়াই দিলো জীৱনৰ কুঁহিপাত মেলিবলৈ।।।

আশংকা:::

যুগ্ম জীৱনৰ কুঁহিপাত মেলিব। ঢলপুৱাতে উঠি চাবা,কুঁহিপাতৰ প্ৰতিটো নিয়ৰকণাত দেখা পাবা আমাৰ নাম।হয়তো সময় তথা বেলিৰ পোহৰত হেৰাই যাম।বেলিৰ টেকটেকীয়া খিনিৰ পৰা আঁতৰি থাকিব নোৱাৰোনে ????

আকাশত বহি চন্দ্রমায়ো জোনাক সিঁচে,যেন বুটা বাছে নৱমিলনত। আমোলমোল সুবাস কেওদিশে।পশ্চিমত বলীয়া বান,পূৱত বাজিছে জিয়া মৰমৰ গান।অনুভূতিত অলীক কল্পনা,এখৰাহি সোনগুটী সিঁচিব।প্রযত্ন এটি নতুন চিকুন প্রভাতৰ।চাৱনি বোৰ লাজ হ’ব, লাজ বোৰ মৰম হ’ব,মৰম বোৰ চুমা হ’ব আৰু চুমা বোৰ,,,,,,,,,,,,

আঃ জীৱনৰ কি বিচিত্র ছন্দোময় ঘ্রাণ।মেলি দিয়ে প্রতিশ্রুতিৰ দুহাত।যেন সেয়াই চিনাকী স্পন্দন।

চৌ চৌ কৈ বয় প্রেমৰ বলিয়া বান।নৱ দম্পতিৰ প্রেম প্লাৱনত গৃহৰ অন্যজন থৰহৰি কম্পমান। চকুৰে সৰিয়হ ফুল দেখি বুলিলা ত্রাহি মধুসূদন।পিছে কেতপৰ, সমাগত কল্যান খৰমানৰ।নৱ দম্পতিৰ ধৰফৰ ,বিচাৰ খোচাৰ প্রসূতি গৃহৰ।

৫) অনুভৱ

প্ৰেম প্ৰেমে বুলি:::শালিকী প্রেম:::

বর্তমান আটাইতকৈ বহুলভাৱে প্রচলিত ফেচবুক প্রেমকে শালিকী প্রেম বুলিব পাৰি।ঘৰ শালিকা,চুটীয়া শালিকা,মইনা,কানকুৰিকা আদি একে প্রজাতিৰ পক্ষীগনে একে ধৰণে পোহ মানি মাত লয়।তাকে দেখি আমাৰ প্রজন্মৰো একে ভাৱৰে উদ্রেক হয়।সেয়ে হয়তো হাজাৰ যোজন দূৰৰ সোনালী চুলীয়া বগী ধকধকী ,এঙ্গাৰ বৰণীয়া কেঁকোৰা চুলীয়া জনীৰ লগত ফেচবুকত প্রেমৰ সম্পর্ক কৰে ঘৰ পতাৰ মনেৰে অথবা ঘৰ পাতিছেও।দেটিং,
স্যাটিং,কৰি থাকোতেই কিছু অনামী উখল মাখলে হৃদয় দুৱাৰত কতঙ্গ কতঙ্গ কৈ টোকৰ মাৰে আৰু তাৰ ফলতে প্রজন্মই হেজাৰৰ লগত ফ্রেণ্ডশ্বিপ পাতি বিভিন্ন ৰীতি-নীতি,আচাৰ ব্যৱহাৰৰ খিচিৰি পগাই ৰিমিক্সত মচগুল হয়।তেওঁলোকৰ মতে এই প্ৰেমিক হেনো সপোন ৰোগী।শালিকী প্ৰেমত হেনো প্ৰেমৰ বাটতে তেওঁলোকক পৰুৱাই পায়।।সুৰ আৰু সপোনৰ মালা জপি এই বিধ প্ৰেমিকৰ হৃদয় আলয়ত সাত ৰঙী ৰামধেনু ওলায়, আবতৰটো।।

বঙহৰ কুটুম্বক আউতডেটেড বনাই আপডেটেড সকলক লৈ তেওঁলোক ব্যস্ত থাকে অনবৰতে। পিছে শালিকীৰ ৰেহ ৰূপ, ৰীতি নীতি,ধৰণ কৰণ, আচাৰ ব্যৱহাৰত বিনা মেঘে ব্ৰজপাত পৰি হুঁচ অহাত মূধচত বহি লৈ শালিকাই বিনায়,

শালিকী এ

ৰটৌ টৌ,

ভাত হ’ল শাক হ’ল

শালিকী ক’লৈ গল,,,,,,,,,

ধকধকী শালিকীও পৰদেশত পাকঘূৰণি খাই সংসাৰৰ মায়ামোহ এৰি চেগবুজি উৰি গুচি যায়। আমাৰ প্রেমধৰেও নঙলা মুখত ৰৈ ইনাব বিনাব, কৈত গ’লা পানেশৈ বুলি।

বিতত শাহু আয়ে থাপনাত মূৰ থৈ গোঁসাইক খাটনি ধৰিব ধকধকী ঘূৰি নাহিবলৈ॥

৬)পৰকীয়া প্রেম::

পবিত্র লগুন গাঠিত মূৰ পোলোকা দিওঁতা জনক পৰকীয়া প্রেমিক আখ্যা দিয়া হয়।অসুখী মন এটাৰে এওঁলোকে অনবৰতে আচুতীয়াকৈ গোপন কৰা প্রেমকনক সম্বোধি আহ্বান কৰি কয় আই মিছ ইউ। এবেগেতীয়া মোবাইলটো এই ক্ষেত্রত ভাল কামত আহে।এইকন বৰ ৰসাল প্রেম।

বহুজনক এই পৰকীয়া প্রেমত মগন হৈ থকা দেখিছো। অৱশ্যে বহুলোকৰ ঘৰৰ মূধচ খহি চুচুর্মৈ হৈ পৰাও দেখিছো।নিয়ৰৰ টোপাল বোৰে দুবৰিৰ দলিচাত থিতাপি লোৱাৰ দৰেই এই শ্রেনী প্রেমিকে পৰত ওলোমাবাদুলী দি নিজৰ লগতে আনকো ধংস কৰে।পৰকীয়া প্রেমত গিভ এণ্ড টেক পলিচি চলে।মুঠি খুলি দিলে চমৎকাৰ, মুঠি বন্ধ হলেই ঘটনা হয় বলৎকাৰ। বয়সৰ তুলবুলীয়া আঙুলিত ধৰিও এই প্রেমৰ বা বলে।

হুমুনিয়াহ,প্রতাৰনা,প্রবঞ্চনা আদি ফাইলবোৰ হৃদয় ফোল্ডাৰত বেছি হ’লেও পৰকীয়া প্রেমে থোৰ মেলে।দুকুৰি দেওনা পাৰ হ’ল কি নহ’ল, ওচৰৰ বস্তুক ধোন্দোলা দেখা নিছিনাকৈ এই সকল প্রেমিকে ওচৰৰ জনীক ধোন্দোলা দেখে, দূৰে দূৰে থকা জনীক ফটফটীয়াকৈ দেখাৰ প্রয়াস কৰে।আমোলমোলালে চকুচৰহাহঁতে ঘটনা বোৰত চূণ তেল সানি খবৰ কাগজত লিখে ,বৰ বৰ হৰফেৰে।।নিউজ চেনেল বিলাকেও বিগ ব্রেকিং দিয়ে।গতিকে মনত থাকক, পালে যিমান তাতকৈ অধিক হেৰাল॥॥॥

৭) অমৰ প্রেম(শ্রদ্ধাঞ্জলী)::::

অমৰ প্রেম গাথাই হৃদয় চুই যায়।শ্রদ্ধা জনাই এই অনুভূতিক মই শীর্ষস্থান দিলো।জীৱনৰ বিয়লী পৰত পো-জী-পুত্রবধু আদিৰ অনীহাই বৃদ্ধাশ্রমকে শেষ আশ্রয় হিচাবে সাৱটি ল’ব লগা জনক কোনোবাই সমভাগী হওঁ বুলিলে দুখন ভগ্ন হৃদয় কাষ চাপে।পো-জী-নাতি-নাতিনীক উচ্চতালৈ প্রক্ষেপৰ আখৰাৰে ভাগৰি -জুগৰি সমাপ্তি ঘটা জীৱন নাটৰ স্মৃতি -কুঁকিটো শেষ বয়সত প্রচণ্ড ঘৃণালৈ পৰিৱর্তিত হওঁতে ফেঁকুৰি উঠা শোতোৰা দুগালত কোনোবাই অকণমান আলফুলীয়া পৰশ দিওঁতে অনুভূত আবেগকে অমৰ প্রেম বোলে।

মৰতত সৰগ ৰচা এই আশ্রমত মাক-দেউতাকক গতাই দিয়া কুলাঙ্গাৰে এইকন মৌ নেপায়। এই আশ্রমতে বিয়লী বেলাত ককা আইতাই অনুভৱ বোৰৰ মাজত নিজৰ আকাশখন বিচাৰি চায়,য’ত থুপিতৰা হৈ জিলিকে ককা আইতাৰ ন-ভেটীৰ কুসুম।

অশ্রুদিয়া অনুভূতিক উভতি নেচাবা ককা।শূন্যতাত উপঙক তোমাৰ আচ্ছাদিত অতীতৰ ছৈ।অতীতক কবৰ দিয়া আনে নেদেখাকৈ।সমাগত দিনত পথ-উপপথ বোৰ মসৃন কৰি আইতাই জ্বলাব ককাৰ উশাহৰ শলিতা।সপোনে সকীয়াই,শিকাই দিয়ে বহুকথা। সপোনত আপোন পাহৰা হৈ ইজনে নিচুকায় সিজনক,সাধু কয়।অমৰ প্রেমৰ সুষমা সুবাসে তোমাৰ যাত্রাপথত এখন অবাধ্য চিলা হৈ,সীমাৰ পৰিধি ভাঙি উৰাই নিয়া আইতাক নীলাৰ দেশলৈ।নাথাকিব কোনো অভিযোগ, প্রতিঅভিযোগ,থাকিব মাথোন উমাল সহাৱস্থান॥॥॥।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *