ফটাঢোল

নেপচুন যাত্ৰা – সমুজ্জ্বল কাশ্যপ

নেপচুন ভৱনৰ পৰা ইন্টাৰ প্লেনেট ভিজা খন লৈ দৌৰা-দৌৰি ঘৰ পালোঁহি। বোলো খবৰটো দিওঁ মানুহজনীক।

“অ’ ৰা শুনিছা? টিকট পালোঁ হে।”

“ইয়ে হয়? যাব পাৰিম মানে এইবাৰ আমিও?”

“পাৰিম পাৰিম, টালি টোপোলা বন্ধাহে কথা এতিয়া। সোনকাল কৰা বুজিছা, পোন্ধৰ দিন পিছতেই আমাৰ যোৱাৰ দিন ঠিক হৈছে।”

যোৱা তিনি বছৰৰ পৰা চেষ্টা কৰি আছো দুয়ো নেপচুনলৈ যাবলৈ। মানে নেপচুন গ্ৰহৰ কথা কৈছো। লগৰ বোৰে গৈ তাতে মাটি বাৰিও কিনিলে হেনো! আমাৰহে Inter Planet Visa খন হোৱা নাছিল ইমান দিনে। ভাষাটোৱেই শিকিব পৰা নাছিলোঁ নহয়। তাত গৈ পোৱাৰ পিছত কথা নাই, এডজাষ্ট হৈ যাব। IPVisa অফিছটোত পাঁচখন কাণ থকা ঘৰিয়ালৰ নিছিনা প্ৰাণী এটা বহি থাকে। সেইটোৱেই ইন্টাৰভিউ লয়। তাৰ আগত সিহঁতৰ গ্ৰহৰ ভাষাটো কব নোৱাৰিলে সি পাৰমিটখন নিদিয়ে। দুবাৰো ফেল মাৰিছো আগতে।অৱশ্যে আমাৰ দুয়োৰে ভিতৰত যিকোনো এজনে দিলেই হ’ল ইন্টাৰভিউ টো as per Neptune planet rules। এইবাৰ ফেল মাৰিলে তিনিমাহ পিছত মানুহজনীক পঠিয়াম ভাবি আছিলো। তেওঁ ‘৩০ দিনত নেপচুনিজ শিকোঁ আহক’ টাইপৰ কিতাপ দুখনমান যোগাৰ কৰিছেই ইতিমধ্যে। পিছে পাছ হৈ গলো, থাৰ্ড টাইমত।

পইছা পাতি দুটামান যোগাৰ কৰি থৈছোঁ। তাতে আকৌ চৰকাৰী চাৰ্টিফিকেটখন আছেই নহয়, পঞ্চাশ শতাংশ চাবচিডি পাম চৰকাৰৰ পৰা। তাত গৈ নেপচুন বেংকৰ একাউন্ট এটা খুলি একাউন্ট নম্বৰটো পঠিয়াই দিব লাগিব ইয়ালৈ আৰু পইছাটো ট্ৰান্সফাৰ হৈ যাব সাউতকৈ। আৰু শুনিছো বোলে তাৰে বেংকত সোমোৱাৰ লগে লগে টকাটো সিহঁতৰ কাৰেনচিলৈ নিজে নিজে সলনি হৈ যাব। এ মজ্জা !! ছিষ্টেমটো বৰ ভাল।

আমাৰ চৰকাৰৰ আঁচনিখন ভাল লাগিছে। বহুতেই এপ্লাই কৰিছে। বহুলোক গুছি গৈছে ইতিমধ্যে। কিয়নো নাযাব আমাৰ ইয়াত আজি বানপানী, কালি বোলে ভূমিকম্প, পৰহি ব’ম ব্লাষ্ট, তাৰ পিছদিনা কিবা হস্পিতাল খোলা ঠাইক লৈ মাৰা-মাৰি, পাৰিনে সহ্য কৰি থাকিব। কাৰেণ্ট বোলা বস্তুটোতো বহুতে পাহৰি গৈছে কি আছিল। বিশ ঘণ্টামানটো নাথাকেই দিনটোত। সেইবোৰ অসুবিধা নেপচুনত নাই বাবে চৰকাৰে কিছুমানক এনেদৰে সুবিধা কৰি দিছে তালৈ যোৱাৰ। চৰকাৰী চাৰ্টিফিকেট থাকিলে সোনকালে হয় কামবোৰ। কিন্তু ভাতমুঠি মোকলোৱাৰ দ্বায়িত্ব হলে নিজৰ দেই তাত। তাত চাকৰিৰ অভাৱ নাই বুলি শুনিছোঁ । চোৱা যাওঁক কি হয়। ইফালে গৰমটোও যিহে বাঢ়ি গৈছে ইয়াত দিনে দিনে, তাত আকৌ ঠাণ্ডা। নেপচুনটো সূৰ্যৰ পৰা বহু আঁতৰত হোৱা বাবে বেছি গৰম নাই হেনো। বিৰাট এক্চাইটেড হৈ আছো যাবৰ কাৰণে।

চাবচিডি পোৱা টকা কেইটাৰে অলপ মাটি কিনিব লাগিব তাত।বৰ কমতে দি আছে বোলে বৰ্তমান। প্লেনেট আৰ্থ(earth)ৰ জীৱ বোৰৰ কাৰণে স্পেছিয়েল ডিছকাউণ্ট হেনো। মোৰ লগৰ এজন গৈ তাত ৰিয়েল ইষ্টেটৰ কামত হাত দিয়া বুলি শুনিছো।চৰকাৰৰ লগতো বোলে তাৰ বৰ ভাল। কিবা এটা মিলাব লাগিব তাৰ লগত। লাগিলে আমাৰ ইয়াৰে মাটিখিনি লিখি দিম তাৰ নামত ।

“খবৰদাৰ!!!! কোনো মাটি-চাটি দিয়া নহ’ব দেই কাকো, এয়া তোমাৰ দেউতাৰ মাটি।” খঙত একো নাই হৈ শ্ৰীমতি পাকঘৰৰ পৰা ওলাই আহিল।

“হ’ব দিয়া হে, নিদিওঁ কাকো। ব’লা এতিয়া টোপোলা বন্ধা ষ্টাৰ্ট কৰো। অ’ শুনা, পঞ্চাশ কেজিৰ বেছি নিব নোৱাৰি দেই পাৰ পাৰচন ।

অ’ পাহৰিছিলোঁৱেই,আপোনালোকো যাব নেকি? গ’লে তলৰ ইমেইলটোত আপোনাৰ ফোন নম্বৰটোৰ সৈতে এবাৰ মেছেজ এটা দি চাব, কোনোবাই কল বেক কৰিব। এইটো নেপচুন ভৱনৰ বেৰত আঁৰি থোৱা পাইছিলো।

[email protected]

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *