ফটাঢোল

ধনী আৰু চহকীৰ তফাৎ – প্ৰতিভূ দত্ত

ঘটনাৰ দৃশ্যপটঃ
২০১৬ চনৰ নবেম্বৰ-ডিছেম্বৰ মাহৰ ভাৰত । বিমূদ্ৰাকৰণৰ সময়ত চাৰিওফালে ধনৰ উজান । শ্ৰীমানৰো ধনী হ’বৰ মন । খালে ডোঙে ধনৰ টোপোলা বিচাৰি ফুৰোতে হাতত লাগিল এটা চাকি।
তাৰ পাছত…
ঘটনাটোঃ
“আলাদিনৰ নেকি বাৰু?”, বুলি ভাবি চাকিটোত মোহাৰি দিওঁতে চাকিটোৰ পৰা সঁচাকৈয়ে এটা জিন ওলাই আহিল ।
“হুকুম কৰক মোৰ আকা । মই আপোনাৰ এটা আশা পূৰণ কৰিম ।”,জিনটোৱে হাত জোৰ কৰি কলে ।
“মই বিচাৰো সকলোৱেই মোক ধনী হিচাবে চিনি পাওক, চহকী হিচাবে চিনি পাওক ।”, শ্ৰীমানে উত্তৰ দিলে ।
“মোৰ আকা, মই কৈছোৱেই আপোনাক যে মই এটা আশাহে পূৰ কৰিব পাৰিম । কি হিচাবে আপুনি নিজৰ পৰিচয় বিচাৰিছে কওক – ধনী নে চহকী ?”,জিনে প্ৰশ্ন কৰিলে ।
“ধনী হিচাবে’, বুলি শ্ৰীমানে উত্তৰ দিলে যদিও তেওঁ বুজি নাপালে ধনী আৰু চহকীৰ মাজৰ তফাৎ ।
“মোৰ আকা, আপোনাৰ আশা পূৰ হ’ল । এতিয়াৰে পৰা আপুনি ধনী হৈ পৰিল “,কথখিনি কৈ জিনটো অদৃশ্য হৈ পৰিল ।
শ্ৰীমানে চিন্তা কৰিলে,”ভাগ্যে দ্বিতীয় বাৰ সোধোতে ধনী হ’বৰ মন বুলি কৈছিলো । চহকী হ’ব মন বুলি কোৱা হ’লে কি যে হ’ল হয় ঔ !!!! চহকী দত্ত নামটো ইমান বেয়া শুনি !”
কৈ দিয়া ভাল হ’ব যে জিনটোৱে অদৃশ্য হোৱাৰ আগেয়ে শ্ৰীমানৰ নামটো ধনী দত্ত ওৰফে ধনীৰাম কৰি থৈ গৈছিল । জিনটোৱে ধনীৰ পাছৰ ৰামটো মৰমতে লগাই গৈছিল । এতিয়া আশা কৰা মতেই শ্ৰীমানক সকলোৱেই ধনী বুলি জানে আৰু ধনী সম্বোধন কৰে ।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *