ফটাঢোল

অথঃ ফেচবুক সংবাদ – দিতীমণি দত্ত

আপোনালোক সকলোৱে কম-বেছি পৰিমাণে বিভিন্ন ধৰণৰ পুথিতো নিশ্চয় পঢ়িছে।কিন্তু আজি মই সকলোৰে পৰিচিত এখন বিশেষ পুথিৰ বিষয়ে আপোনালোকক কিছু কথা বেকত কৰিব খুজিছো। পুথি মানে এইখন মহাকাব্য বুলি ক’লেহে বেছি ভাল হ’ব। আমাৰ দৰেই কিন্তু মগজুত আমাতকৈ অলপ বেছিকৈ সাৰ থকা এজন নৰমনিছে এই পুথিভাগ ৰচনা অ নহয় ৰচনা বুলি কলে ভুল হ’ব উদ্ভাবন কৰিছিল বুলি ক’লেহে শুদ্ধ হ’ব।এই বিশেষ উদ্ভাৱক জনৰ নাম হ’ল মাৰ্ক জুকাৰবাৰ্গ। এইভাগি পুথি উদ্ভাবন কৰাৰ মূল উদেশ্য কি আছিল সেইবোৰ কথা বাৰু এতিয়া থাকক। কিন্তু এই পুথিভাগে যে মোৰ দৰে জকাইচুকীয়া অনেকক বেছ্ মডাৰ্ণ কৰি তুলিছে সেইটো কিন্তু একদম ঠিক। এফবি নামেৰে জনাজাত এই পুথিভাগৰ আউটডেটেড কোনেও ব্যৱহাৰ নকৰা অসমীয়া নাম হ’ল “মুখপুথি”। এবাৰ এইভাগ পুথি মেলি ল’ব লাগিলে সামৰাটো ইমান সহজ নহয়। ইয়াৰ সোৱাদ পুৰণি হালধীয়া ৰহীকণৰ নিচাতকৈও সোৱাদলগা ।
জুকাৰবাৰ্গ দাদাই ইমান সুবিধা কৰি পুথিভাগ আমালৈ যুগুতাই দিছে যে পুথিভাগত আমিয়েই সম্পাদক,আমিয়েই লেখক, আমিয়েই সমালোচক, আমিয়েই দৰ্শক আৰু আমিয়েই শ্ৰোতা। মুঠতে আমিয়েই সৰ্বেসৰ্বা। কাৰোবাক গুৱাল-গালি দিয়াৰ পৰা তোষামোদ কৰালৈকে , কাৰোবাৰ প্ৰতি ঘৃণা উজাৰি দিয়াৰ পৰা কাৰোবাক হৃদয়ৰ নিভৃত কোণৰ অনুৰাগ প্ৰকাশ কৰালৈকে, সাজিকাছি বান্দৰীৰ পৰা সুন্দৰী হোৱা চেহেৰাৰ পৰা স্পেছিয়েল ৰেছিপি প্ৰদৰ্শন কৰালৈকে, দেশ-প্ৰীতিৰ পৰা নিজৰ পিৰিতিলৈকে, ভক্তিবাদৰ পৰা সমাজবাদলৈকে, ফিলিং ভেৰাইটিজৰ পৰা ফিলিং এভৰীথিং সকলো এই পুথিতে সম্ভৱ। মুঠতৈ এই পুথিত আপুনি আপোনাৰ মৰ্জীৰ মালিক।
ইয়াৰ উপৰিও এটা বিশেষ প্ৰথা এইভাগ পুথিত জনসমাদৃত। ওঁঠ দুটি অলপ জোঙা কৰি বা অন্য কিবা টপমষ্ট ভংগীমাৰে নিজৰ ভ্ৰাম্যমান যন্ত্ৰটোৰে নিজে নিজৰ ফটো তুলি মুখপুথিত প্ৰদৰ্শণ কৰা প্ৰথাটি জনমানসত “চেল্ফি” নামেৰে জনাজাত।আজিকালি মুখপুথি প্ৰেমী প্ৰায়সকলে য’তে ত’তে যেতিয়াই তেতিয়াই এনেদৰে চেলফিয়াই থকা সততে চকুত পৰে। গতিকে বাটে-ঘাটে কোনোবাই এনেকৈ চেলফিয়াই থাকিলে সহজে অনুমেয় যে তেৱোঁ এই পুথিৰ দুৰন্ত পাঠক।
মুখপুথি ভাগিত আকৌ ভিন্ন প্ৰজাতিৰ পঢ়ুৱৈৰ সমাহাৰ ঘটে। এচাম আছে তেওঁলোকে হোৱাই নোহোৱাই সকলোকে লাইক কমেন্ট দি যায়। তেখেতসকল বৰ দয়ালু অন্তৰৰ, কোনেও বেয়া নোপোৱাকৈ সকলোকে সন্তুষ্ট কৰি ৰাখে। এনে কৰোতে তেওঁলোকে কেতিয়াবা কাৰোবাৰ মৃতদেহৰ ফটো বা দুখজনক বাতৰিটো লাইক মাৰি দায়িত্ব ভাগ পালন কৰি থয়। এচাম আছে তেওঁলোকে আকৌ সেইসকলকহে লাইক কমেন্ট কৰে যি সকলে তেওঁক লাইক কমেন্ট কৰে। অৰ্থাৎ মোক দিলেহে তোক দিম এনে মনোভাৱ ।আৰু এচাম আছে তেওঁলোকে নিজকে চেলিব্ৰেটি বুলি ভাবে। কোনোদিন কাৰো লিখনিত লাইক কমেন্ট কৰাটো দূৰৰ কথা, পৃথিৱী বিখ্যাত সুন্দৰতম ছবি এখনকো লাইক দিয়াৰ যোগ্য বুলি নাভাবে। অবশ্যে তেওঁৰ সমপৰ্যায়ৰ বা অলপ নামী-দামী মানুহক লাইক কমেন্ট কৰিবলৈ তেওঁলোকক আগৰণুৱা হোৱা দেখা যায়। অন্যমানুহক লাইক কমেন্ট কৰিলে তেওঁৰ চেলিব্ৰেটিৰ(নিজে ভিবি লোৱা) ওজন পাতল হয় বুলি তেওঁলোকে ভয় কৰে।
মুখপুথিত লাইক কমেন্ট বেছি পোৱাটো এটা গৰ্বৰ কথা কিন্তু দেই। লাইক কমেন্ট বোলা এই দৰকাৰী বস্তুদুবিধ বঢ়োৱাৰ কেইটামান কৌশল আছে। প্ৰথমতে যিমান পাৰি সিমান ৰিকুৱেষ্ট পঠাই বন্ধুৰ সংখ্যা বঢ়াব লাগিব।হোৱাই নোহোৱাই ভাল-বেয়া সকলোৰে প’ষ্টত লাইক কমেন্ট দিয়া আৰম্ভ কৰিব লাগিব।এইভাগ পুথিত আকৌ লেটাৰ বক্স এটাও আছে দেই ।তাক ইনবক্স বুলি কোৱা হয়। তাতো আপুনি ভূমুকি মাৰি সেউজীয়া লাইট জ্বলি থকা সকলোকে আপুনি হাই,হেল্ল’ গুদমৰ্নিং, গুদইভিনিং আদিৰে সম্ভাষণ জনাই থাকক। তাৰ পাছত চাওক আপোনাৰ প’ষ্টত লাইক কমেন্টৰ ঢল।
ফেবুখনিত সঘনাই কিছুমান ইংৰাজী শব্দ, বাক্য ব্যৱহাৰ হৈ থাকে যেনে “মাদাৰছ ডে”, “ফাদাৰছ ডে”, “হাগ ডে”, “ৰ’জ ডে”, “কিছ ডে”, “প্ৰপজ ডে”, আদি । গতিকে আমাৰ দৰে জকাইচুকীয়া বোৰেও এই ডে’ সমূহ এই পুথিত ওলহ-মালহেৰে উদযাপন কৰিবলৈ নাপাহৰো।

মুঠতে ফেবুৰ গুণবখানি শেষ কৰিব নোৱাৰি। আজিকালি ফেবু নথকা মানে আউটদেটেত । নহ’বনো কিয়? দ্ৰুততকৈও দ্ৰুততম সংবাদদাতা, বিতৰ্কৰ প্ৰসাৰক ফেবুয়েই আমাক মদাৰ্নিজিমৰ অৰ্থ বুজাই দিলে। কিছুলোকে অৱশ্যে হেকাৰছ নে কি নামৰ ডকাইট এবিধৰ ভয়তে হেঁপাহ থকা স্বত্বেও পুথিভাগি খোলাৰ পৰা নিজকে আতৰাই ৰাখিছে। ভালবেয়া দিশ সকলো বস্তুৰে থাকে ।এই এটা বেয়াৰ বাবেই ইমান জৰুৰী নিত্যব্যৱহাৰ্য্য পুথিভাগিৰ পৰা নিজকে আতৰাই ৰাখিব নোৱাৰি দেই!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *