সন্ধিয়া মটৰচাইকেলখন লৈ ওলাই আহি তিনিআলিটো পাৰ হৈছোহে মাত্ৰ, এনেতে কোনোবাই পাছফালৰ পৰা মতাৰ দৰে শুনি ব্ৰেক ধৰিলো৷ ভূৰুক-ভুক ষ্টাৰ্ট বন্ধ৷ ঘূৰি চাই দেখিলো, “কুবুদ্ধিৰ ভড়াল” জয়ন্ত৷ ওচৰ পায়েই মটৰ চাইকেলৰ পিছ ছিটত বহি ক’লে – ‘ব’ল স্কুলৰ কাষৰ পুললৈ ব’ল৷’ কনৰ দোকানৰ পৰা হাফ এটা আনিছোঁ, জোনহঁত তাতে ৰৈ আছে, জৰুৰী কথা এটা আছে৷
: ব’ল তেন্তে৷
এইবুলি কৈ বাইকত কিক মাৰিলো, চাৰিবাৰমান কিক মৰাৰ পাছত বাইক ষ্টাৰ্ট হ’ল৷ পুলৰ কাষ পাই দেখিলো জোন, অভি, ভাই, ধন গোটেই কেইটা বহি আছে৷ বটলটো উলিয়াই ডিছপ’জেবল গ্লাচত পেগ বাকিয়েই জয়ন্তই কৈ গ’ল –
: বুজিছ, মজা আইডিয়া এটা পাইছোঁ, ছাকচেছ হ’লে এই OC মাল খাব নালাগে আৰু, ডাইৰেক্ট Black dog খাম৷
: কি আইডিয়া? — গিলাছত পানী ঢালি ঢালি অভিয়ে সুধিলে৷
: শিয়ালৰ মূৰত কি আইডিয়া খেলাব আৰু! পাহাৰৰ কয়লা চুৰি, কনডেনচেট চুৰি, ঢেকীয়া ফুল বিচৰা এনেকুৱাই কিবা এটা হ’ব আৰু! — গিলাছটো হাতত লৈ ধনে কলে৷
: চুপ ভঙুৱা, বলো বুঢ়াৰ লগত ভাং টানি টানি তোৰ মুৰত কিবা বাকী আছেগৈ জানো? শুন! দুৰ্গা ককাইদেউহঁতৰ নৈ কাণৰ বাৰীৰ জৰীগছজোপা যে, তাৰ তলত বোলে জংঘলী পাৰ্টীয়ে মাল পুতিছিল৷ ত্ৰিছ লাখগমান হ’ব ছাগৈ৷ তহঁতে কথাটো গম পাৱ নে নাই? — এইবুলি কৈ জয়ন্তই পেগ টানিব ধৰিলে৷
: শুনিছিলো, ছমাহমান আগতে মনিহতে হেনো মায়ঙৰ বেজ আনিছিল৷ উলিয়াব নোৱাৰিলে, ধন যখে পালে হেনো৷ কিন্তু তাৰ লগত তোৰ সম্পৰ্ক কি? — পৰম উৎস্যুকতাৰে মই সুধিলো৷
: কাৰেক্ট জেগাত ধৰিলি বেটা৷ সেইদিনা পূজাত তিনিচুকীয়াৰ সূৰ্যৰ ৰুমলৈ যাওঁতে সি ক’লে, তাৰ লগত বোলে ডাঙৰ বেজ এটাৰ চিনাকি আছে। বিহাৰী বেজ, কুকুৰা মেলি চায়েই কৈ দিয়ে ক’ত মাল আছে৷ মাল উলিওঁৱাৰ পাছত টেন পাৰ্চেন্ট দিলেই হ’ল৷ — বৰ ডাঙৰ বাতৰি দিয়াৰ দৰে জয়ন্তই গৰ্বৰে কলে৷
তাৰ পাছত আটাইকেইটাই আলোচনাত বহিলো, কিদৰে উলিওৱা হ’ব, কি কি বস্তু লাগিব, দিন বাৰ ইত্যাদি৷ আলোচনাৰ মাজতে সূৰ্যলৈও দুবাৰমান ফোন কৰা হ’ল৷ শেষত জয়ন্তই ক’লে “আজি ৬ নবেম্বৰ, দেওবাৰ, পৰহিলৈ মঙ্গল বাৰ, সেইদিনাই ভাল হ’ব৷ কিন্তু কথাটো ছিক্ৰেট ৰাখিবি, কাকো নকবি৷”
ঘৰলৈ উভতি আহি মুখতে হিচাপ কৰিলো। যদি ত্ৰিছ লাখ ওলায়, তাৰে দহ শতাংশ বেজৰ, বাকী থাকিল সাতাইছ লাখ৷ মানুহ হ’লো জয়ন্ত, মই, অভি, জোন, সূৰ্য, ভাই আৰু ধন৷ গাইপতি চাৰি লাখৰ ওচৰা-ওচৰি৷ ৱাহ! মনটো কিবা আনন্দৰে ভৰি পৰিল৷ কল্পনা কৰিব ধৰিলো মই! বুলেট এখন, বিশ হাজাৰমান টকীয়া মবাইল এটা, এডিডাচৰ জোতা, দামী ছানগ্লাছ এযোৰ ল’ম৷ তাৰ পাছত ধুনীয়া ছোৱালী এজনী পতাই লৈ সদায় ডেটিংত যাম৷ গধূলি কাজু বাদামৰ লগত কনৰ দোকানৰপৰা OCৰ হাফ এটা (…… ধেইততেৰিকা, OC ভিক্ষাৰীয়েহে খায়!!!) নহয়! ৱাইন ষ্টৰৰপৰা Black Dogৰ ফুল এটা আনি খাই খাই গাৰ্লফ্ৰেন্ডৰ লগত Whatsappত মেছেজ দিম৷ পাৰিলে ভন্টীকো স্কুটি এখন দিব লাগিব৷ বেচেৰীজনীৰ কলেজলৈ অহা-যোৱা কৰিবলৈ বৰ কষ্ট হয়৷ ইত্যাদি ইত্যাদি ৷
পৰম উৎকন্ঠাৰ মাজেৰে সোমবাৰটো পাৰ হ’ল৷ মঙ্গলবাৰে ৰাতিপুৱাই সূৰ্যৰ ফোন ৰিচিভ কৰিলো।
“হেল্ল’! সূৰ্য ক।”
: অ’ ভাই মন, মই বাইকত শনিদেওক লৈ ৰাতি আঠবজাত গাওঁ পামগৈ, বাকী বস্তুবোৰ বাবাই লৈ যাব৷ তহঁতে মাত্ৰ দা, কোৰ আৰু মতা কুকুৰা এটা ৰেডি কৰি থবি৷
: কোন শনিদেও? — মই সুধিলো৷
: আৰে বেজ বাবাৰ নাম আকৌ৷
: অ হয়নেকি? হ’ব, মই ৰেডি কৰি থম৷ — এই বুলি ফোন কাটিলো৷
বিচনাৰ পৰা উঠিয়ে পাকঘৰত ভাত ৰান্ধি থকা মাক ক’লো “ঐ মা, আমাৰ ডাকুৱা কুকুৰাটো বেচিবি নেকি? পাঁচশ টকা দিম, জয়ন্তহতৰ ঘৰত খানা এটা আছে৷ পইচা কাইলৈ লৈ লবি”
বৰলৰ বাঁহত যেন জুইহে দিলো, “পইচা দিবি ধদুৱা কেইটাই, আগতে যে নিছিলি হাঁহটো, কাইলৈ পইচা দিম বুলি, সেই এমাহৰ আগৰ কাইলৈটো চোন আজিও নাহিল৷……” — মায়ে বকিবলৈ আৰম্ভ কৰিয়েই দিলে৷
উহ ৰাম! ৰাতিপুৱাই আৰম্ভ হৈ গ’ল আৰু৷ কুফাই লাগিল ছাগৈ দিনটোলৈ৷
“হ’ব দে বকি নাথাক, পইচা হাতে হাতে দিম, সন্ধিয়া ধৰি থবি আৰু ভাত হ’ল যদি দে৷ এফালে কাম এটাত যাব লগা আছে৷” — এই বুলি কৈ ব্ৰাছডাল হাতত লৈ দমক’লৰ পাৰ পালোগৈ৷
…………………………………………
সন্ধিয়া মাক টকা পাঁচশ দি কুকুৰাটো, আৰু টৰ্চটো হাতত লৈ পুলৰ ওচৰ পালোগৈ৷ তাত দেখিলো গোটেই কেইটাই দা, কোৰ লৈ সাজু৷ চিগাৰেট হুপি হুপি আটায়ে সূৰ্যহঁত অহালৈ আপেক্ষা কৰিলো৷ ঠিক চাৰে সাত বজাতেই সূৰ্য বাইক লৈ পালেহি৷ বাইকৰ পিছৰ ছিতত অদ্ভূত বেশভূষাৰ বিহাৰী বেজ ‘বাবা শনিদেও’।
সময় নষ্ট নকৰি সূৰ্যৰ মটৰ চাইকেলখন জাৰ্মানী বনৰ মাজত লুকুৱাই থৈ আটায়ে দূৰ্গা ককাইদেউহঁতৰ নৈ কাণৰ বাৰীৰ ফালে খোজ ললো৷ উৎকণ্ঠা, উত্তেজনাত কাৰো মুখত মাত নাই৷ অলপ সময়ৰ পাছত নিৰ্দিষ্ট জৰীজোপাৰ কাষ পালোগৈ৷ শনিদেও বাবাই বেগৰ পৰা লামলাকটি উলিয়াই মঙল চাই, টিলিকি বজাই ক’লে–
“চূৰ্য ভাই, ইহামে বহুত মাল আছে, কমচেকম চাল্লিচ লাখ, চব হাজাৰ, পানচ’ৰ ন’ট৷ যিটো লৰকাই মালটো পুতিছিলে সি আৰ্মিৰ গুলি খায় মৰি গ’ল৷ এতিয়া তাৰ আত্মা থোৱে মালখিনি ৰখৱালী কৰি আছে৷
: তেন্তে আত্মাটোৱে আমাক দিগদাৰি কৰিব নেকি? — ভয়ে ভয়ে ধনে মাত লগালে৷
: টেনচন নাই, কনো টেনচন নাই৷ এই বাবা চনিদেউ থাকোতে কনো টেনচন নাই৷ চাওঁ মূৰ্গীটো দে৷” — এইবুলি কৈ বাবাই মন্ত্ৰ মতাত লাগিল৷
ক্ষন্তেক পাছত বাবাই কুকুৰাটোৰ মূৰত সেন্দুৰ লগাই ক’লে–
“মই ইয়াক মন্ত্ৰ মাৰি দিছো, ই যুন জাগাত ৰখিব, গম পাবি তাৰ নিচতে মালটো আছে।”
বাবাই কুকুৰা এৰিলে৷ কুকুৰাৰ পাছত সকলোৰে দৌৰ, ক’ত ৰয় চাবলৈ৷ শেষত গৈ যেনিবা কুকুৰা জোপোহনিৰ মাজত লাগি ধৰিলেগৈ৷ তৎক্ষণাত জোপোহনি চাফা৷ বাবাই মন্ত্ৰ মাৰি খান্দিবলৈ ক’লে৷ জোনে খান্দিবলৈ আৰম্ভ কৰিলে৷ একঘন্টা মানত পাঁচ ফুট মান খান্দিলে সি, তাৰ পাছত মই কোৰ ধৰিলো৷ ফোঁফাই-জোঁফাই আধাঘন্টা মান খান্দিলো, আঠফুটমান দ গাঁত হ’ল৷ নাই টকাৰ কোনো চিন মোকাম নাই৷ উঠি আহিলো৷ এইবাৰ গাঁতত সোমাল জয়ন্ত, সি অলপ বহলকৈ খান্দিছে কিজানি কাষে কাষে মালটো সৰকি যায়৷
বাবাক সুধিলো: ‘‘নাই ওলোৱা যে?’’
: চনিদেউ আজতক ফেল হোৱা নাই৷ ধ্যান কৰি দেখিছোঁ, নীলা পলিঠিনৰ ভিতৰত চব হাজাৰ পানচ’ৰ নোট৷ ইমান আচানিচে নাপাবি ত’৷ আত্মাটোৱে মালটো তলত নি থাকে, খান্দি থাক, ওলাব এতিয়া৷
সকলোৰে মনত দুগুন উৎসাহ জাগিল৷ হঠাৎ মোৰ ফোনটো বাজিল৷ চাই দেখিলো ভন্টীৰ ফোন৷ ৰিচিভ নকৰিলে চিন্তা কৰি থাকিব বুলি অলপ আঁতৰি গৈ ৰিচিভ কৰিলো৷
: হেল্ল’! কি হ’ল?
: হেল্ল’ দাদা, তই ক’ত আছ ইমান দেৰিলৈকে? সোনকালে আহ!
: গৈ আছোঁ, এতিয়া ফোন ৰাখ৷
: অ কথা এটা গম পাইছ নে নাই? — ভন্টীয়ে খৰখেদাকৈ ক’লে৷
কি যে কামোৰ আৰু! “কি কথা সোনকালে ক!”
: পাঁচশ, হাজাৰ টকীয়া নোটবোৰ নচলা হ’ল নহয়৷ মোদীয়ে ঘোষণা কৰিছে, বাতৰিত দিয়েই আছে৷
: কি ফটুৱামি কৰিব আহিছ ৰাতিখন? — পৰম শংকাৰে ভন্টীক ধমক দিলো৷
: অ বিদ্যা শপত! মোদী ওলায়ে আছে টিভিত৷ আজি ৰাতি ১২ বজাৰ পাছৰপৰা পাঁচশ, হাজাৰ টকীয়াবোৰৰ কাম নাইকীয়া হ’ব৷ কিবা ক’লাধন বোলে৷
: হ’ব দে, তোৰ লেকচাৰ বন্ধ কৰ৷ ফোন স্পিকাৰত দে আৰু হিন্দী নিউজ চেনেল লগা৷ অসমীয়া চেনেলৰ ভৰসা নাই৷ জলদি লগা৷
: শুন তেন্তে৷
সচাঁয় !!! টিভিত সেয়া প্ৰধানমন্ত্ৰী মোদীৰ চিৰ পৰিচিত মাত–
‼ মেৰে প্যাৰে দেশবাসীও,আজ ৰাত বাৰ বজে কে বাদ পানচ- হাজাৰ কে ন’ট লিগেল টেণ্ডাৰ নহী ৰেহেংগে৷ইচচে আপ কিচি ভী তৰহ কে লেন দেন য়া খৰীদদাৰী নহী কৰ চকেংগে…..‼
পিছৰ খিনি শুনাৰ শক্তি আৰু মোৰ নহ’ল৷ মূৰতো কিবা আচন্দ্ৰাই কৰিব ধৰিলে৷ চকুৰ আগত ক্ৰমান্বয়ে মোৰ বুলেট বাইকখন দেউতাৰ দিনতে লোৱা ঘেগলা য়ামাহা খনলৈ আৰু Black Dogৰ বটলটো কনৰ দুকানৰ Ocৰ বটললৈ পৰিৱৰ্তন হ’ব ধৰিলে…

☆★☆★☆

Comments

  1. মজ্জা লাগিল। ভাল উদ্দেশ্যত কৰা পৰিশ্ৰমেহে ফল দিয়ে। I find difficulty while trying to type inAssamese in this comment box. May be due to font (I usr Lipikar). It getschanged .

Leave a Reply

Your email address will not be published. Required fields are marked *