তাৰ ওফোন্দা মুখ, চলচলীয়া চকু, নাকৰ তললৈ বৈ অহা শেঙুনৰ টোপাল, হাতত লাগি থকা ড্ৰয়িঙৰ দীঘল বহীটো, চকুৱে-মুখে বিয়পি পৰা ক্ষোভৰ প্ৰলেপ – এইবোৰ অনুধাৱন কৰি গম পালো সি মোক নিশ্চিতভাৱে অভিযোগ দিছেহি যে মই এইমাত্ৰ তাক দোকানৰ পৰা ইৰেজাৰ আনি দিব নোৱাৰিলে সি স্কুল নাযায়। অতএব, পিন্ধি থকা হাৱাই চেণ্ডেল চোচৰাই মই আবিৰ্ভাৱ হ’লো নবীনৰ মণিহাৰী দোকানত, ক’লো – ‘ইৰেজাৰ –এই যে পেঞ্চিলেৰে লিখা ভুল-চুলবোৰ মচি পেলাব পাৰি, যাক আমি সৰুতে পঢ়াশালিত ৰবৰ বুলিয়েই কৈছিলো।’ মই ইমানবোৰ ব্যাখ্যা শেষ কৰাৰ আগতে নবীনে মোৰ হাতত গুজি দিলে নামজ্বলা কোম্পানী এটাৰ ইৰেজাৰ এক ডজনৰ পেকেট, ল’লো আৰু মূৰ ঘূৰালো, লগ পালো বহুদিন লগ নোপোৱা তালুকদাৰক আৰু তেওঁ মোৰ হাতৰ পেকেটটোৰ ওপৰত কিবা এটা মন্তব্য দিয়াৰ আগতে ক’লো যে আজি কিছু বছৰৰ আগত জ’ন ব্ৰকম্যান নামৰ মানুহ এজনে ইণ্টাৰনেটৰ জৰিয়তে জানিব বিচাৰিছিল যোৱা দুহেজাৰ বছৰৰ আটাইতকৈ ডাঙৰ আবিষ্কাৰসমূহ কি আছিল – যিয়ে মানৱ সভ্যতাত এক যুগান্তকাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হ’ল। তেওঁৰ প্ৰশ্নৰ সমিধান আহিল অজস্ৰ বিজ্ঞানী, দাৰ্শনিক আৰু মূধাফুটা ব্যক্তিৰ পৰা। কোনোবাই ক’লে প্ৰিণ্টিং প্ৰেছ, কাৰোবাৰ বিবেচনাত উঠিল থাৰ্মোফ্লাক্স। মুঠতে কেলকুলেটৰৰ পৰা কম্পিউটাৰ, কাগজৰ পৰা চছমা, গণতন্ত্ৰৰ পৰা চকী-মেজ আৰু ওপৰলৈ বগাব পৰা জখলা – এইবোৰৰ মাজত আহিল নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পণ্ডিত ডগলাচ ৰুচকফৰ নিজৰ বাছনি, তেওঁৰ মতে, ইৰেজাৰৰ উদ্ভাৱন সমাজৰ বাবে এক ডাঙৰ বৰঙণি। ‘ইৰেজাৰৰ ধাৰণাই এতিয়া বিভিন্ন ৰূপত দেখা দিছে, এই যে কম্পিউটাৰত তুমি পালা ডিলিট কী বা ভুলকৈ টাইপ কৰা কাগজখনৰ ওপৰত তুমি ঘঁ‌হি দিলা বগা ৰঙৰ চিয়াহীৰ টোপাল, চাফ হৈ গ’ল নিবিচৰা কথাখিনি বা কুশ্ৰাব্য হোৱা কাৰোবাৰ উচ্চবাক্য, ইৰেজ বুটামেৰে মচি দিলা কেছেটৰ চুম্বকীয় ফিটাৰ পৰা — হয়তো মগজুৰ স্মৃতিকোষৰ পৰা মচি দিলে কাৰোবাৰ গালি-গালাজ, অফিচাৰৰ ধমকি, ঘৰুৱা কন্দল – মুঠ কথাত এক মজাৰ ব্যাপাৰ, কি যে ইৰেজাৰ।’

তালুকদাৰৰ চকু-মুখ ফিল হেপ্পী ফেক্টৰৰ লেখীয়া কিবা উপাদানে উজলাই তুলিলে। এই মহাৰ্ঘ্য দিনত তেওঁৰ মনৰ খুচ নজৰে মোক আপ্লুত  কৰিলে।

এই ধৰা, নিৰ্বাচনী বতাহে কঢ়িয়াই আনিছে প্ৰতিশ্ৰুতি, শপত, নতুন আশা, কবিতা, ছন্দ, গান, শ্ল’গান যিবোৰ আমি জানো যে পাঁ‌চ বছৰ বা কেতিয়াবা তাতোকৈ আগতে আহেই আৰু যিবোৰ আমি গম পাওঁ‌ যে ইৰেজাৰৰ মাহাত্ম্যৰ ফলতে নিজে নিজে মচ খাই যায়, লগতে আমাৰ মস্তিষ্কয়ো ডিলিট বা মচি দিয়া বুটামৰ অদৃশ্য প্ৰভাৱেৰে এখন পৰিষ্কৃত শ্লেটৰ দৰে মচিপিহি থয় – এইবোৰৰ বাবে ইৰেজাৰৰ উদ্ভাৱন কি কম ডাঙৰ কথা।

মোৰ এই বাক্যখিনি মুখ ফালি ওলাই নাহিল, গম পালো তালুকদাৰে মোক মৌন হৈ আছো বুলিয়েই ধৰি ল’লে আৰু নীৰৱতা ভংগৰ প্ৰয়াসেৰে ক’লে – ‘আমাৰ পাৰাৰ ৰাস্তাটোও ইৰেজাৰে মচি পেলালে।’ তেওঁৰ কথাষাৰত মোক ইতিকিঙৰ সুৰ এটা বাজি উঠা যেন লাগিল, সুধিলো – ‘মানে?’

‘ৰাস্তাটো কাগজে-কলমে পুননিৰ্মিত হ’ল, বিলৰ টকাও হেনো ওলাই গ’ল, আজি এবছৰ আগতেই, কিন্তু আমি চকুৰ আগত আগৰ ভগ্নপ্ৰায় ৰাস্তাকে লৈ বহি আছো, খোজ কাঢ়িছো, সৰ্বাংগৰ বিষৰে গম পাইছো ৰাস্তাটো হেনো মেপতেই নাই, – বচ্ ইৰেজাৰৰ মাহাত্ম্য, ঠিকা-ঠুকুলিৰ হুকুম, অফিচাৰৰ অৰ্ডাৰ, এই সকলোবোৰৰ এতিয়া চিন-চাব নাই।’

তালুকদাৰৰ এই ক্ষুদ্ৰ ‘আঞ্চলিক’ মনোভাবৰ বক্তব্যত মই কিছু পৰিমাণে ক্ষুণ্ণ হ’লো, কাৰণ মই আচলতে তেওঁক ক’ব খুজিছো ইৰেজাৰৰ এক বিশ্বজনীন মাহাত্ম্যৰ কথা। এই যে সিদিনা লণ্ডনৰ ওচৰত এটা ডাঙৰ ঘৰ ধূলিস্যাৎ কৰা হ’ল, তাত দুজনী ছোৱালীক হত্যা কৰা হৈছিল, এতিয়াও ঘৰটোৰ আচবাব, সা-সৰঞ্জাম, বালি, লোহা-লক্কৰ আনকি ইটাৰ টুকুৰাও ধূলিস্যাৎ কৰি দিয়া হ’ল যাতে এক ভয়াৱহ স্মৃতি নাগৰিকৰ মনৰ পৰা নস্যাৎ হৈ যায় – এইধৰণৰ এক পাণ্ডিত্যপূৰ্ণ কথাৰ মাজত তেওঁৰ পাৰাৰ ৰাস্তাৰ কাহিনীয়ে মোক উৎসাহিত নকৰিলে। কাৰণ, এনেধৰণৰ সৰু-সুৰা ইৰেজাৰৰ ব্যৱহাৰ আমাৰ বাবে কি নতুন বস্তু – এই চোৱা, অঞ্চলটোৰ মানুহমখা গোটেই ওলাই আহিল, দাবী কৰিলে ঘটনাটোৰ এক অনুসন্ধান হ’ব লাগে, এনকুৱাৰী কমিছন হ’ব লাগে, ৰাইজৰ দাবীত মানি লোৱা হ’ল তেনেধৰণৰ পৰামৰ্শ – তাৰপিছত মাহ-বছৰ-দশক বাগৰিল, ক’ত গ’ল অনুসন্ধানৰ প্ৰতিবেদন, আমি খবৰ নকৰিলো। কাৰণ, আমি ইতিমধ্যে বগা চিয়াঁহীৰে মচি পেলাইছো দাবী চনদ, ইৰেজাৰেৰে নিশ্চিহ্ন কৰিছো সেইবোৰ আয়োগৰ কথা, প্ৰতিবেদনৰ আশা।

মোৰ মনৰ উষ্মা প্ৰকাশ কৰিবলৈ তেওঁক সুধি দিব পাৰো কিধৰণে তেওঁ ইটোৰ পৰা সিটো দললৈ যাবৰ সময়ত পাৰ্টিৰ মেম্বাৰশ্বিপ মচি পেলালে, নুসুধিলো। ক’লো – ‘ইৰেজাৰ নহ’লে দেশো নচলে। এই যে সংবিধান বদলোৱা হৈছে, আইন বদলোৱা হৈছে, লাগ বুলিলেই সালসলনি কৰি লোৱাৰ ব্যৱস্থা হৈছে – এইবোৰ কি সম্ভৱ হ’লহেঁ‌তেন? বা এই যে দেখিছা বিহুগীতৰ সুৰ বদলিছে, ঠাচঁ‌ বদলিছে, ভাংৰা সোমাইছে, ফক্স ট্ৰট নৃত্যৰ পদধ্বনি আহিছে, এইবোৰো এই ‘কাট’ এণ্ড ‘পেষ্ট’ জাতীয় কাৰুকাৰ্য্য বা ইৰেজাৰৰ ধাৰণাৰ বাহাদুৰি।’ বিশেষ কোনো প্ৰতিক্ৰিয়া তেওঁৰ মুখত নোলাল, মাথোন ‘আকৌ লগ পাম’ ধৰণৰ এক ইৰেজ কৰিবলগীয়া কথাৰে তেওঁ আঁতৰি পৰিল। ভাবভংগীত মই অনুমান ল’লো যে তেওঁৰ আজি বহুত প্ৰ’গ্ৰাম আছে, বিহু সন্মিলনী উদ্বোধন সভা আৰু এই জটিল মুহূৰ্তত তেওঁ ইৰেজাৰৰ কথা বেছিকৈ নভবাই ভাল। তেওঁক ক’ব খুজিও নক’লো যে এনে বহুত কিবা-কিবি আছে যিবোৰ ইৰেজাৰেৰে মচা নাযায়। এই ধৰা, বিশ্বকাপ ফুটবলৰ ফাইনেলত ব্ৰাজিলৰ স’তে হাৰি জাৰ্মানীৰ গ’লকীপাৰ কানে যে মৰ্মাহত হৈ বহি আছিল উদং খেলপথাৰৰ গ’লপোষ্টৰ তলত, দেশৰ সন্মান হৃত হোৱাৰ বেদনাৰে, বা এই যে ভূপাল গেছ ট্ৰেজেদিত চকু ঘোলা হোৱা শিশুটিৰ দুৰ্বিসহ চকুহাল বা এই যে —‘

গম পালো, ইতিমধ্যে স্বগৃহত মোৰ প্ৰত্যাৱৰ্তন ঘটিছে, বাৰাণ্ডাৰ ছিৰিৰে উঠি আহোঁতে মই নবীনৰ দোকান, তালুকদাৰৰ স’তে মুখা-মুখি, কথোপকথন – এইবোৰ মনৰ পৰা ইৰেজ কৰিবৰ চেষ্টা কৰিলো, ঠিক কেলিফৰ্নিয়াৰ এতিয়াৰ গৱৰ্নৰ আৰ্নল্ড চোৱেজনেগাৰে তেওঁৰ ‘ইৰেজাৰ’ কথাছবিত যেনেদৰে গুৰুত্বপূৰ্ণ সাক্ষীবোৰ নাইকিয়া কৰিবলৈ কৈ উঠিছিল, ‘ইউ আৰ ইৰেজড’, তোমাক নিশেষ কৰি দিলোঁ — ঠিক তেনেদৰে–

ড্ৰয়িঙৰ বহীটোৰ ওপৰত আঁ‌ক-বাক চলাই থকা তাক ক’লো – ‘পূৰা এক ডজন আছে, ইচ্ছামতে মচিব পাৰিবি।’ মোৰ কথাত এক স্ফূৰ্তিৰ ভাব নিশ্চিতভাবে ফুটি ওলাল, আৰু ক’লো – ‘ বৰ ধুনীয়া আঁ‌কিছ, লোকেল বান্দৰ নে বাহিৰৰ কিবা জাত। যেনে ধৰ গেবন, ওৰাংওটা বা তেনে কিবা?’

সি তাৰ ছবিৰ ওপৰেদি ইৰেজাৰ ফুৰালে – খচ খচ, ক’লে – ‘মানুহ আঁ‌কিছো, ভুলতে পেঞ্চিল পিছলি যোৱাত পিচফালে নেজ গজি উঠিছে।’ যিয়েই নহওক, সি নেজডালৰ বিলুপ্তি ঘটাই মোৰ সন্মুখত এটা মানুহৰ ছবি দাঙি ধৰিলে। মই চালো, মানুহ —, সি হাঁ‌হি ক’লে – ‘একদম লোকেল জাতৰ —‘

তাক নক’লো যে মানুহৰ ক্ৰমোজমৰ মূৰৰ ভাগৰ অংশ, যাক টেলিওমাৰ বুলি কয়, যি লাহে লাহে ক্ৰমাৎ বিৱৰ্তনত হ্ৰাস পাবলৈ ধৰা বুলি জীৱ বিজ্ঞানীয়ে মতামত দিছে, সেই টেলিওমাৰ এটা সময়ত নাইকিয়া হৈ যাব পাৰে আৰু মানৱ জাতিও বিশ্বৰ পৰা বিলুপ্ত হ’ব পাৰে – মানে ধৰা, ইউ আৰ ইৰেজড —-

বাহিৰলৈ ওলাই আহি চকীত বহিলো, দূৰৰ পৰা ভাঁ‌হি আহিল লাউড স্পীকাৰত তালুকদাৰৰ উদাত্ত কণ্ঠৰ নিৰ্বাচনী সভাৰ ভাষণ, ক’ৰবাত শোভাযাত্ৰাৰ জয়ধ্বনি – মই শুনিলো আৰু স্মৃতিৰ কোঠালৈ যোৱাৰ আগতে সেইবোৰ ‘ইৰেজ’ কৰিলো — বাঃ কি এক মাৰাত্মক আবিষ্কাৰ – ইৰেজাৰ! কি এক অনুভূতি, আৰাম!

ভিতৰৰ টিভিৰ পৰা ভাঁ‌হি আহিল বিজ্ঞাপনৰ সুৰ – ‘আৰাম ডা মামলা হ্যায় ……’

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *