(পট খোল খোৱাৰ লগে লগে দেখা যাব এটা সুদৃশ্য কাৰ্যালয়, বেৰত মহাত্মা গান্ধী আৰু আন কেইবাজনো নেতাৰ ফটো ওলমি থাকিব। প্ৰকাণ্ড অফিচ টেবুলখনৰ সিপাৰে এজন ব্যক্তি। তেওঁক দেখিয়েই গম পোৱা যাব তেওঁ এজন প্ৰভাৱশালী মন্ত্ৰী, চুলি তেল লগাই পৰিপাটিকৈ ফনিওৱা, গাত জহৰ কোট। টেবুলখনৰ ইটো পাৰে কেইবাখনো গেষ্ট চেয়াৰ। সকলো আচবাবেই মূল্যবান। টেবুলত কেইটামান ফাইল থাকিব। দুটামান মোবাইল ফোনো থাকিব। মন্ত্ৰীজনে ফাইলত চহী কৰি থাকিব। তেনেতে চাপ্ৰাছীৰ পোচাক পিন্ধা মানুহ এজন সোমাই আহি মন্ত্ৰীৰ কাণে কাণে কিবা এটা ক’।ব। মন্ত্ৰীয়ে মূৰ দুপিয়াই ফাইল সামৰিব, আৰু চকুৰে ইংগিত কৰিব। ছাপ্ৰাছী আকৌ ওলাই যাব। কিছুসময় ‘এটা নাটকীয় বিৰতি’। ৱিংছৰ কাষত আগন্তুকক দেখা যাব। মানুহজন দেখিলেই উকীল যেন লাগে। অৱশ্যে কাপোৰ-কানিত বৰ বেছি গুৰুত্ব নিদিয়ে তেওঁ, চকুত ষ্টীলৰ ফ্ৰেমৰ চচমা, গাত জধলাকৈ কোট এটা। তেওৰ কথাত অলপ অনা-অসমীয়া ট’ন এটা থাকিব। স, ত, চ আদি কওঁতে উচ্চাৰণ সমস্যাবিলাক শুনা যাব। তথাপি মানুহজনে ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰি শুদ্ধ অসমীয়া কবলৈ আপ্ৰাণ চেষ্টা কৰিছে বুলি ধৰিব পাৰিব লাগিব।‘সিদ্ধাৰ্থ’ শব্দটো কওঁতে ‘চিদ-দাৰ-থু’ বুলি কোৱা যেন লাগিব লাগিব।)

আগন্তুক : (মুখত মোলায়ম হাঁহি এটা লৈ)- মে’ আই কাম ইন চাৰ?

মন্ত্ৰী : অ’ আপুনি? আহক আহক আহক। মই আপোনাৰ কাৰণেই ৰৈ আছো। ভালে আছে নে?

আগন্তুক : আছো আছো চাৰ। আপোনালোকৰ আখিৰ্বাদত হকলো ঠিক ঠাক চলি আছে।

মন্ত্ৰী: বহক চোন বহক! (অলপ ডাঙৰকৈ বাহিৰৰ ফালে চাই) চাহ দুকাপ আনিবা হে!

আগন্তুক : না না না চাৰ, চাহ নালাগে! আজিকালি চাহটো কামাই দিছো! চুগাৰ অলপ হাই আছে। কিন্তু কওকচোন চাৰ কিয় মাতিছিলে মোক? পৰীক্ষা আহি আছে তো, মই বহুত বিজি আছো। লিষ্ট বানাব লাগে, হিচাপ পত্ৰ বিলাক চাব লাগে, ৰেট লাগাব লাগে, এজেণ্ট ডেভেলপ কৰিব লাগে, এডভান্স কালেক্ট কৰিব লাগে। একদম হময় না-এপাইছো।

মন্ত্ৰী:- কম কম! আৰু আপোনাৰ কথা আমি শুনিছো। চাৰৰ লগতো পাতিছো। আপুনি যিমান নিষ্ঠাৰে কাম কৰিছে, আমি খুব ভাল পাইছো। আপোনাৰ দৰে লোকৰ বাবেই আমি সুকলমে দেশখন চলাব পাৰিছো।

আগন্তুক : চাৰ, আপনালোকে বিচ্ছাচ কৰি কেনে মোক একটা কাম দিছে, আদাৰৱাইজ মই তু এতিয়াও ষ্টাম্প পেপাৰত দলিল বানাই কিনে থাকিব লাগিছিলে, হেই কাৰ্ণে মই যি পাৰে নিজৰ আউটপুট পুৰা দিবলৈ চেষ্টা কৰিছো । ডাচ কেপিটেলত বাৰাক ওবামাই কৈ গৈছে ‘কৰ্মন্যেৱাধিকাৰমস্তে…..’! মই বহুত ৱচুলৱালা মানুহ চাৰ। মই ৱচুলৰ লগত কম্প্ৰমাইজ নকৰো।

মন্ত্ৰী:- সেইটো কথা শ্ৰীকৃষ্ণই গীতাতহে কেছিল হ’বপায়! বাৰু……যি কি নহওক, আমিও আপোনাক লৈ গৌৰৱান্বিত। আচ্ছা শুনক, মই আজি এটা বিশেষ কামৰ কাৰণে আপোনাক মাতিছো।

আগন্তুক : কওক চাৰ! জল্দি কওক। মোৰ পাছত বেছি টাইম নাই, বদ্দ বিজি।

মন্ত্ৰী:- (অলপ সময় বিৰতি লৈ), হমম!! শুনক, মোৰ ল’ৰাটোক এইবাৰ আপুনি চাকৰি দিব লাগে, মেজিষ্ট্ৰেট বনাই দিব লাগে।

আগন্তুক : আসসসস!! চাৰ, আপুনি বহুত লে’ট কৰি দিলে নহয়। প্ৰিলিমচলৈ মাত্ৰ দুই মাহ আছে, মই অলৰেডী ফাইনেল লিষ্ট বানাইছোৱেই। এডভান্সো মোটামুটি আহি গৈছে!! বৰ বেয়া টাইমত কথাটু ক’লে নহয়!

(লগে লগে তেও নিজৰ হাতত থকা কাগজ-পত্ৰবোৰ খুচৰি মনোযোগেৰে লুটিয়াই পুতিয়াই চাবলৈ আৰম্ভ কৰে, মন্ত্ৰীয়ে কৈ যায়)

মন্ত্ৰী : বুজিছো। কিন্তু মোৰ ল’ৰাটোৱে নেমানে, তাক কনভিন্স কৰোতে মোৰ বহুত সময় লাগি গ’ল, সেইকাৰণে এতিয়া আপোনাক অসুবিধা দিব লগা হ’ল।

(আগন্তুকে বহু সময় কাগজ পত্ৰবোৰ লুটিয়াই চাই, অলপ পাছত তেওঁৰ মুখ উজলি উঠে)

আগন্তুক : এক মিনিট চাৰ, এটা চান্স আছে! ডি এচ পি নোৱাৰো, কিন্তু মেজিষ্ট্ৰেট পাৰিম! এটা ল’ৰা আছে, তাক আউট কৰিব লাগিব। যি এডভান্স দিছে ঘূৰাই দিব লাগিব আৰু। নহ’লে এলাইড দি পতাব পাৰি নেকি চাব লাগিব।

মন্ত্ৰী : অহহ!! থেংক ইউ, থেংক ইউ চ’ মাচ্ছ! আপুনি মোক বৰ সকাহ দিলে দেই। টেনচনত আছিলো বৰ।

আগন্তুক : নাই নাই চাৰ, এইটো মোৰ কামেই। আপুনিও মোক বহুত হেল্প কৰিছে। মই মেনেজ কৰিম! আচ্ছা, আপনি টাকাটো এতিয়াই দিবনে, মই পিছত আন কাৰোবাক পঠাম?

মন্ত্ৰী : টকা? কি কৈছে আপুনি? মই মোৰ নিজৰ ল’ৰাৰ কথা কৈছো। আপুনি নিশ্চয় জানে, মই এইখন চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী, আপোনাক এইটো পদত নিযুক্তি দিয়াতো মোৰ বহুত অৱদান আছে। আৰু আপুনি মোকে পইচা বিছাৰিছে?মোৰ পৰা? মোৰ নিজৰ ল’ৰাটোৰ চাকৰিৰ বাবে! (অলপ উত্তেজিত হৈ), আপুনি জানেনে আপুনি কাৰ লগত কথা পাতি আছে?

আগন্তুক : জানো চাৰ জানো! কিন্তু আপুনি নিশ্চয় জানে মই ‘ৱচুলৱালা’ মানুহ! মই জান দি দিম, কিন্তু ৱচুল নেৰো!মই চবৰ পৰা ফিক্সড ৰেট পইচা লৈছো, আপনাৰ পৰাও ল’ম! নহ’লে আই এম চৰি, আপুনাৰ ছেলেই চাকৰি না-এপায়! মাই ফাইনেল ডিচিছন।

মন্ত্ৰী : আসস, কি স্পৰ্ধা আপোনাৰ। জানেনে, মই কালিৰ ভিতৰত আপোনাক এই পদবীৰ পৰা আঁতৰাব পাৰো। যিজন মানুহৰ চুপাৰিশত আপুনি এইটো পদ পালে, তেওঁৰ লগতে আপোনাৰ এনে ব্যৱহাৰ? কি বুলি ভাবিছে নিজকে?

আগন্তুক : মই জানো চাৰ! মই চব জানো! আপুনি মোক কালিয়েই লাঠ মাৰি উলাই দিব পাৰে। কিন্তু মই কেনেকৈ মোৰ কৰ্তব্যক হেলা কৰিম? আপুনি মোক চাকৰি দিছিলে, মই পাহৰা নাই! কিন্তু সেই সময়তে আপুনি মোক কিছুমান কামো দিছিলে, আপোনাৰ মনত আছেনে? কি ধৰণে চাকৰি বিক্ৰী কৰিব লাগে, কি ধৰণে এসোপা বিক্ৰী যোৱা আমোলা সৃষ্টি কৰি দেশখন নিজৰ হাতৰ মুঠিত ৰাখিব লাগে, কেনেকৈ ভাগে ভাগে কমিছন ৰেগুলাৰ আহি থাকিব লাগে,…..কৈছিল নে নাই? আৰু মই সেইমতেই কাম কৰি আছো। আজিলৈকে কেতিয়াবা আপোনাৰ কমিছনৰ হেৰফেৰ হৈছে? কেতিয়াবা দেৰি হৈছে? মই চাকৰি দিয়া কোনোবা আমোলা আপোনাৰ বিৰূদ্ধে গৈছে? ক’ব পাৰিব আপুনি?

কিয় হৈছে জানেনে? কাৰণ মই ৱচুলৰ পাক্কা মানুহ। মই মোক দিয়া দ্বায়িত্ব পুৰা পালন কৰিম। তাৰ বাবে লাগিলে মোৰ চাকৰিয়েই নেযাওক কিয়?

আৰু এটা কথা চাৰ, মোৰ দৃষ্টিত সকলো সমান, আপোনাৰ ল’ৰাও যি, বৰুৱা চাৰৰ ল’ৰাও সি, খেতিয়কৰ ল’ৰাও সি। ‘অসীমত যাৰ হেৰাল সীমা’ কিতাপত আব্দুল কালামে কৈছিল – কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম…. ভগৱানৰ সৃষ্টিত সকলো সমান। মোৰ দৃষ্টিতো! গতিকে নিয়মমতে যি ত্ৰিশ লাখ টকা দিব, সি চাকৰি পাব, নহ’লে নেপায়। সেইটো ৱচুল মোক ভাঙিবলৈ নক’ব চাৰ! মই হাতযোৰ কৰিছো, নিজৰ চোখেই মই গিৰি যাম। মোক মাফ কৰক চাৰ, আপোনাৰ ল’ৰাক বিনা পইচাত মেজিষ্ট্ৰেট বনোৱাৰ গ্লানি মোক নিদিব! এনে কাম কৰিলে মোৰ অন্তৰাত্মাই মোক কখনো ক্ষমা নকৰিব চাৰ, মই দৰকাৰ হ’লে আত্মহত্যা কৰিম চাৰ।

(আগন্তুক কান্দোনত ভাগি পৰে)

অলপ দীঘলীয়া নাটকীয় প’জ, বেকগ্ৰাউণ্ডত কৰুণ সুৰ।

মন্ত্ৰী : (মাত অলপ থোকাথুকি) নেকান্দিব! উঠক! আৰে মই কৈছো, উঠকচোন। শুনক, মই আচলতে আপোনাৰ পৰীক্ষাহে লৈছিলো।

(আগন্তুকে আচৰিত হোৱাৰ দৰে মূৰ তুলি চায়)

মন্ত্ৰী : হয়, মই পৰীক্ষা লৈছিলো। মই চাইছিলো আপুনি কৰ্তব্য পথৰ পৰা বিচ্যুৎ হৈছে নেকি? আপুনি কেনেবাকৈ পদবীৰ লোভত আপোনাৰ আদৰ্শৰ পৰা আঁতৰি আহিছে নেকি? আপুনি এই পইচা দি চাকৰি লোৱাৰ মহৎ পৰম্পৰাক অপমান কৰিছে নেকি?

(আকৌ দীঘলীয়া প’জ)

কিন্তু মই আজি বহুত সুখী! আপোনাৰ কৰ্তব্যনিষ্ঠা দেখি মই আপ্লুত। অভিভুত!! বিস্মিত!!!! পৰ্যুদস্ত!!!!!আপুনি আমাৰ আদৰ্শ ৰক্ষা কৰিবলৈ নিজৰ চাকৰি পৰ্যন্ত আহুতি দিবলৈ প্ৰস্তুত। আহ… আজি মই সুখী…বহুত সুখী মই আজি!! আজি মই আপোনাৰ দৰে আদৰ্শবান ব্যক্তিৰ সান্বিধ্যত পৰিতৃপ্ত!মোৰ আদৰ্শৰ বাস্তবায়নত মই উৎফুল্লিত! আহ…ইমান সুন্দৰ এই পৃথিৱী!!

এইয়া চাওক, মই আপোনাক দিবলৈ ত্ৰিশ লাখ টকা ইতিমধ্যে এই ছুটকেছটোত সাজু কৰি ৰাখিছো, বিশ্বাস হোৱা নাই যদি গণি লওক। মোৰ ল’ৰাটোক চাকৰিটো দিয়ক! মোৰ সন্তান বাবে নহয়, এই ত্ৰিশ লাখ টকাৰ বাবে দিয়ক………….. পাল বাবু!

(কথা কৈ কৈ মন্ত্ৰী নিজৰ চকীৰ পৰা উঠি আহে, আহি প্ৰসাৰিত হাতেৰে আগন্তুকক আলিংগন কৰে, দুয়োৰে চকুৰ পৰা দোটোপাল অশ্ৰু বাগৰি আহে, চেতাৰৰ শব্দ বাঢ়ি যায়….বেকগ্ৰাউণ্ডত ৰেডিঅ’ৰ আঞ্চলিক তৰিৰ শব্দ ক্ৰমান্বয়ে বাঢ়ি আহে…..……………………”

লাহে লাহে পট পৰি আহে)

=সমাপ্ত=
☆★☆★☆

Comments

  1. উপভোগ কৰিলো ঝেংকাংকিকা নাটখনি । সুন্দৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *