ফটাঢোল

উত্তৰাধিকাৰ – ভাস্কৰ শৰ্ম্মা

(শিক্ষামন্ত্ৰীৰে শিক্ষা সচিবৰ বৈঠকৰ ৰেঙনি:)

শিক্ষামন্ত্ৰীঃ কওকচোন, কি আপত্তি আহিছে জিলা শিক্ষা বিষয়াসকলৰ পৰা ?

শিক্ষা-সচিবঃ সকলো জিলাৰপৰা নহয় ছাৰ। উজনিৰ দুখন আৰু নামনিৰ পাঁচখন জিলাৰপৰা আপত্তি আহিছে নিম্ন বুনিয়াদী পাঠ্যক্ৰমক লৈ।

শিক্ষামন্ত্ৰীঃ কি আপত্তি তাকে কওক । বেছি পেঘেনিয়াই থাকি লাভ কি ?

শিক্ষা-সচিবঃ ছাৰ, ইংৰাজী পাঠ্যক্ৰমটো অধিক জটিল হৈ পৰিছে বুলি ব্লক অফিচাৰসকলৰ যোগেদি আপত্তি আহিছে। বহুকেইজন প্ৰধান শিক্ষকে জনাইছে যে যি পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰভাইড কৰা হৈছে, সেইবোৰ পঢ়ুৱাবলৈ শিক্ষকসকল অপাৰগ হৈ পৰিছে। প্ৰথম-দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথিত voice, narrationৰ অধিক প্ৰয়োগ ঘটিছে, কিন্তু Passive voice, Direct-Indirect Speech সেইদুটা শ্ৰেণীৰ গ্ৰামাৰত নাই ।

শিক্ষামন্ত্ৰীঃ কিয় ? আমিতো টেট শিক্ষক নিযুক্ত কৰিছো। তেওঁলোকক পৰীক্ষাৰ যোগেদি বাছি উলিওৱা হৈছে।

শিক্ষা-সচিবঃ সকলো বিদ্যালয়ত টেট শিক্ষক নিযুক্ত হোৱা নাই ছাৰ। আৰু চৰকাৰী বিদ্যালয়ত যি শ্ৰেণীৰ ষ্টুদেণ্টে পঢ়ে, তেওঁলোকৰ পেৰেণ্টেই ইংৰাজী বিষয়ত প্ৰায় অজ্ঞ।

শিক্ষামন্ত্ৰীঃ কিন্তু শিক্ষক সকলক ট্ৰেইনিং দিয়া হৈছে….। তেওঁলোকে পঢ়ুওৱাৰ দায়িত্ব অভিভাৱকক কিয় দিয়ে?

শিক্ষা-সচিবঃ সেইখিনিতে গণ্ডগোল ছাৰ। নামনি অসমৰ কেইগৰাকীমান প্ৰধান শিক্ষকে অসমীয়া ভাষাৰ ট্ৰেইনাৰৰ ওপৰতো অভিযোগ আনিছে। উজনিৰ ট্ৰেইনাৰ সকলে বোলে স্বৰে অ, তালবীয়া হ, দন্তীয়া ত – এনেকুৱা উচ্চাৰণ কৰি ট্ৰেইনিং দিয়ে। ত, ট, শ, ষ এইবোৰ একাকাৰ কৰি পেলায়। তদুপৰি বহুত শিক্ষকে ইংৰাজী টেক্সবুকৰ অধিক শব্দই বুজি নেপায়, উচ্চাৰণ কৰিব নোৱাৰে।

শিক্ষামন্ত্ৰীঃ আচ্ছা, আপোনাৰ দুটাই ল’ৰা নহয় জানো?

শিক্ষা-সচিবঃ হয় ছাৰ।

শিক্ষামন্ত্ৰীঃ সিহঁতক পঢ়াইছিল ক’ত?

শিক্ষা-সচিবঃ লৱাৰ প্ৰাইমেৰী চেক্সনত সিহঁতক অসমতে পঢ়ালো, গুৱাহাটীৰ ডনবস্কোত। আপাৰ চেক্সনত সিহঁতক বাহিৰলৈ পঠালো। এটাই এতিয়াও ডুন স্কুলত পঢ়ি আছে, সিটো আছেগৈ আমেৰিকাত।

শিক্ষামন্ত্ৰীঃ অসমৰ চৰকাৰী স্কুলত নপঢ়ালে কিয়?

শিক্ষা-সচিবঃ ষ্টেটাছৰ কথা আছে ছাৰ। তাৰোপৰি এইবোৰ স্কুলত পঢ়ুৱালে কোনো ফিউচাৰ নাই।
শিক্ষামন্ত্ৰীঃ তাৰমানে চৰকাৰী বিদ্যালয়ৰ ওপৰত আপোনাৰ কোনো ফেইথ নাই?

শিক্ষা-সচিবঃ অপ্ৰিয় হলেও সত্য ছাৰ।

শিক্ষামন্ত্ৰীঃ মোৰো সেয়ে অভিমত। মইতো মোৰ ল’ৰা-ছোৱালীক আৰম্ভনিৰেপৰা দিল্লীত ৰাখিয়ে পঢ়ুৱাইছো। প্ৰতিজন মন্ত্ৰী, এম. এল.এ., এম. পি., বিৰোধী দলৰ নেতা বা উচ্চ পৰ্যায়ৰ বিষয়াৰ ল’ৰা-ছোৱালী কেতিয়াও অসমৰ চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়ত পঢ়া নাছিল, এতিয়াও পঢ়া নাই। সিদিনাতো হেড মাষ্টাৰবোৰক মাতি আনি সকীয়াই দিয়াৰ পাছত মই মুকলিভাৱেই ঘোষণা কৰিছো যে চৰকাৰী বিদ্যালয়ৰ ওপৰত মোৰ কোনো ফেইথ নাই, আৰু সেইকাৰণেই মোৰ ল’ৰা-ছোৱালীক এনেবোৰ স্কুলত পঢ়ুওৱা নাই।

শিক্ষা-সচিবঃ সেইটো বিষয়ত কন্ট্ৰভাৰ্চি হৈছে চাৰ।

শিক্ষামন্ত্ৰীঃ গুলী মাৰক কন্ট্ৰভাৰ্চি। আপুনি কেৱল তলৰখিনি মানুহক সতৰ্ক কৰি দিয়ক। হলী নেম, ছেইণ্ট মেৰিজ, ডনব’স্কো আদিত নিজৰ নিজৰ ল’ৰা-ছোৱালী পঢ়াওক। অ’ত-ত’ত গহৰা গজা ইংৰাজী মিডিয়ামৰ স্কুলবিলাকৰ অৱস্থাও তথৈবচ। মই ইতিমধ্যে শিক্ষাখণ্ডক মাল্টিনেচনেল কোম্পানীৰ হাতত গটাই দিয়াৰ আঁচনি লৈছোৱেই। তেতিয়া সেইবোৰ গহৰা গজা স্কুল অট’মেটিকেলি উৰি যাব।

শিক্ষা-সচিবঃ কিন্তু সাধাৰণ স্তৰৰ ল’ৰা-ছোৱালীবোৰৰ অৱস্থা কি হব ছাৰ?

শিক্ষামন্ত্ৰীঃ শুনক মি. দাস, লাওৎজেই এষাৰ বৰ লাগতীয়াল কথা কৈ গৈছে- মানুহক পেটবোৰ পুৰ কৰি, মূৰবোৰ খালী কৰি ৰাখিব পাৰিলেহে এজন শাসক সফল হব পাৰে। এতিয়া চৰকাৰী স্কুলবোৰত মই তাকে কৰি আছো। দুপৰীয়া পেট ভৰাই ভাত খাওক, পঢ়াৰ নামত মূৰবোৰ খালী কৰক। বুজিছে দাস, উত্তৰাধিকাৰৰ কথা আছে, পাহৰি নাযাব। যদি সেইসোপাৰ মূৰবোৰ পূৰা হয়, আপোনাৰ-মোৰ ল’ৰা-ছোৱালীৰ কি হব? সিহঁতো যদি মন্ত্ৰীত্বৰ দাবীদাৰ হয়, সিহঁতো যদি আই. এ. এছ., আই. পি. এছ. অফিচাৰ হয়, আমাৰবোৰৰ ল’ৰা-ছোৱালীবোৰ আমাৰ উত্তৰাধিকাৰৰ পৰা বঞ্চিত নহ’বনে? আমি সিহঁতৰ ভৱিষৎ এতিয়াই গঢ়ি যাব লাগিব।

শিক্ষা-সচিবঃ হয় ছাৰ, হয়।

শিক্ষামন্ত্ৰীঃ মনত ৰাখিব দাস, আমি এ. পি. জে. আব্দুল কালাম, অটল বিহাৰী বাজপায়ী, নৰেন্দ্ৰ মোডীৰ দৰে ডাং বৰলা নহয়। আমি হ’ব লাগিব জৱাহৰলাল নেহৰুৰ দৰে। লালবাহাদুৰ শাস্ত্ৰী, ৰাজেন্দ্ৰপ্ৰসাদৰ দৰেও নহয়। বাৰু এতিয়া যাওক।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *