ফটাঢোল

ছেল্ফীৰ দহবিধ উপকাৰিতা – মনমী ভট্টাচাৰ্য্য

গৱেষণাৰ ওৰ:::ফটো মোৰ চখ। জনাই নজনাই ক্লিক কৰি ভাল লাগে। পিছে ছেল্ফী-গ্ৰুপফীৰ কৌশল আয়ত্ব কৰাত অমুকী অপাৰগ। সিদিনা তাৰ পৰিণাম ভূগিলো। মানে পাৰ্টী এটাত মান বচাই আহিবলৈ কি কি যে কৰিবলগীয়া হ’ল। ভেৰী ইচমাৰ্ট এজনীয়ে টো মুখ টিপি ঢেকেৰী জাতীয় কিবা এটা ভোৰভোৰালে।

এই কথাই কথা নহয়।ঢেকেৰী টেগ আঁতৰাবলৈ ছেল্ফীৰ ওপৰত পাৰদৰ্শিতা দেখুওৱা অত্যাৱশ্যকীয়। কাৰিকৰী দিশত পণ্ডিতালি দেখুওৱাৰ চূড়ান্ত মূৰ্খামি কৰিব নোৱাৰি। জ্ঞানগৰ্ভ গৱেষণা এটিকে প্ৰস্তুত কৰা যাওক। পইণ্ট নোট ডাউন কৰি ললো।

,,,,ছেল্ফীৰ দহবিধ উপকাৰিতা,,,

ছেল্ফী মাথোঁ এটি শব্দ নহয়। জাতি-ধৰ্ম-আয়ু-লিঙ্গ নিৰ্বিশেষে কোটি কোটি মানুহৰ ই হিয়াৰ আমঠু, প্ৰাণৰ স্পন্দন, কলিজা শাঁত পেলাব পৰা ব্ৰহ্মাস্ত্ৰ। আধুনিক যুগৰ ৰঙীন জীৱনৰ এক অত্যাৱশ্যকীয় অংগ ছেল্ফী। আত্মপ্ৰেমৰ নিৰ্ভেজাল বৰ্হিপ্ৰকাশ। ছেল্ফীৰ স্থান লিঙ্গ বৈষম্যৰ উৰ্ধত যদিও স্ত্ৰীলিঙ্গৰ দ্বাৰা ই অধিক সমাদৃত তথা লালিত পালিত। অমুকীৰ দ্বাৰা আৱিষ্কৃত দহ বিধ অনন্য উপকাৰিতা আপোনালোকলৈ আগবঢ়ালো

১ ছেল্ফী এক বিশাল অনুভূতি। তিলকে তাল কৰাত ছেল্ফীৰ অৰিহনা অপৰিসীম। সাধাৰণক ই অসাধাৰণ ৰূপত দাঙি ধৰে। উদাহৰণ স্বৰূপে , মোৰ মোবাইল ফুচকা বেপাৰীৰ হাতত, মোৰ হাতত প্ৰথমটো ফুচকা (লিপষ্টিকৰ প্ৰশ্ন আছে), ফুচকাৰ ওপৰত মোৰ লোলুপ দৃষ্টি , মোৰ বিশেষ ভংগীমা আৰু ফুচকাৱালাৰ আশ্চৰ্য মিহলি চাৱনি। এই ছেল্ফীয়ে প্ৰতিফলিত কৰে মোৰ উদাৰতা, বদান্যতা ,সকলো শ্ৰেণীৰ লোকৰ প্ৰতি মোৰ অকৃত্ৰিম মৰম , আৰু মোৰ ইগো আৰু ঘিণবিহীন সাধাৰণ জীৱন যাপন প্ৰণালী।

২ ছেল্ফী এক আৱেগ নিয়ন্ত্ৰণৰ আহিলা। মনে বিচৰা জনৰ সৈতে কটোৱা মুহুৰ্তক বন্দী কৰি ৰখাটো ভূক্তভোগী মানে অভিজ্ঞ জনেহে হৃদয়ঙ্গম কৰিব পাৰে। কল্পনা কৰক, এক বিশেষ অন্তৰংগ মুহুৰ্তৰ বাবে আপুনি অগ্ৰসৰ হৈছে আৰু আপোনাৰ ছেল্ফী প্ৰেমী প্ৰেয়স/প্ৰেয়সীয়ে বিচাৰে এক ছেল্ফী। অবিলম্বে আৱেশসনা চকু বহলকৈ মেলি আপুনি প’জ দিয়াত ব্যস্ত। আৱেগ আপোনাৰ নিয়ন্ত্ৰণাধীন।

৩ ছেল্ফী আত্মপ্ৰতিষ্ঠাৰ মাধ্যম। সমাজৰ মূধাফুটা জনৰ সৈতে এটা অনুপলক স্থবিৰ সময়ৰ ৰূপ প্ৰদান কৰে ছেল্ফীয়ে। এই ক্ষেত্ৰত ই অদ্বিতীয় আৰু প্ৰতিযোগিতাৰ উৰ্ধত। গাঁতৰ পৰা নিগনিয়ে মুণ্ড উলিওৱা পৰ্যায়ত ভিৰৰ মাজত মূৰ উলিয়াব পাৰিলেই চমৎকাৰ ফেৰা ঘটি যাব পাৰে।

৪ ছেল্ফী এক ৰোগ নিৰাময়ৰ সাধন। ই কঢ়িয়াই অনা আনন্দৰ প্ৰাবল্যই নিৰাশা ধুই নিয়ে। ই আশাৰ প্ৰতিচ্ছবি আৰু প্ৰেৰণাৰ উৎস। বন্ধুত্বৰ সম্পৰ্কত নিৰ্ভেজাল ডেনড্ৰাইট ছেল্ফী। প্ৰেমাচ্ছন্নৰ পাৰফেক্ট সংগী। এনে বহু সকাৰাত্মকতাই ছেল্ফীক ঔষধৰ শ্ৰেণীলৈ উন্নীত কৰে। উদাহৰণ স্বৰূপে, নিদ্ৰাহীনতাত ভুগি থকা সকলক ই শান্তিৰ শয়ন উপহাৰ দিয়ে।

৫ ছেল্ফী আত্মপ্ৰেম উদ্ভাসিত কৰা মাধ্যম।ই নৰ-নাৰীক আত্মসচেতন কৰে। ছেল্ফী মাইক্ৰোস্কোপৰ নুমলীয়া ভনীটি। মহৰ সৰু চুমা এটাও এই ভনীটিৰ চকুত বৃহদাকায় ৰূপ ল’ব পাৰে। প্লাষ্টিক বিউটী হ’ব নিবিচৰা সকলৰ বাবে মানে,বিউটী এপ যাৰ পিয়লা চাহ নহয় তেওঁ সচেতন হোৱা নিতান্তই প্ৰয়োজনীয়।

৬ ছেল্ফীয়ে কেৱল চৌখিন মানসিকতা প্ৰতিপালন কৰাই নহয়, ই আমিবোৰক পাৰিপাৰ্শ্বিকতা সচেতন কৰি তোলে। যেনে এটাৰ উদ্ধৃতি দিওঁ, কোনোবা বৃহৎ শ্বপিংমলৰ চেঞ্জিং ৰুমত (বা এৰিয়াত)লোৱা ছেল্ফীয়ে যাতে মৰ্যদা হানি নকৰে তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন।

৭ ছেল্ফী স্মৃতিশক্তি আখৰাৰ অন্যতম পাথেয়। মিছেছ চলিহাৰ পায়জামা পাৰ্টীত কোনে স্পেচিয়েল কেজুৱেল পিন্ধিছিল তাক জোৰ দি মনলৈ আনিবলৈ প্ৰয়োজন নাই। পাৰ্টীৰ গ্ৰুপফী চাই নেক্সট পাৰ্টীত নিৰ্দিষ্ট ডিজাইন আৰু ৰং পৰিহাৰ কৰক। “আপুনি এই নেইল আৰ্টটো তিনি মাহ আগতেও ব্যৱহাৰ কৰিছিল” জাতীয় কথাৰে ছেল্ফী প্ৰদত্ত স্মৃতিৰ পৰিচয় দিব পাৰে।

কিম অধিকম!!

৮ ছেল্ফী এক বিশ্বাস। এক প্ৰমাণ। আপুনি ডুবাইৰ শ্বপিং বোনাঞ্জাত গৈ বুৰ্জ খলিফাৰ সৈতেই উঠক অথবা নলবাৰী ৰাসৰ ভিৰ ফালি জিলাপীৰ সৈতেই উঠক,আপুনি যে বিদ্যমান তাৰ প্ৰমাণ আপোনাৰ সংগী ছেল্ফী।

৯ ছেল্ফী এক বিশ্বস্ত গুপ্তচৰ। কিয় ক’ত কিদৰে সেয়া যেনিবা সদ্যহতে গুপুতে ৰাখো।

১০ ছেল্ফী মুখমণ্ডলৰ উন্নত স্তৰৰ ব্যায়াম। মুখৰ বিভিন্ন মাংসপেশী আৰু সিৰা আলোড়িত কৰি তেজ চলাচল উন্নত কৰে। যৌৱনোদীপ্ত কৰি তোলে। যোগাৰ খৰছ আৰু ৰাহি কৰে।

মুঠতে ছেল্ফী এক শিল্প। প্ৰতিগৰাকী আত্মপ্ৰেমী ব্যক্তি ইয়াৰ মায়াজালত বন্দী। সম্প্ৰতি অমুকী ছেল্ফীৰ গৱেষণাত ব্ৰতী। নতুন তথ্যৰ আশাত।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *