ফটাঢোল

পুতাইলৈ চিঠি – সোণটো ৰঞ্জন বৰুৱা

মৰমৰ ধন,

এই চিঠিখন তোৰ বেগৰ ভিতৰত পাই আৰু বিশেষকৈ খামৰ ওপৰত “কোনেও নেদেখাকৈ খুলিবি” শীর্ষক শিৰোনামা দেখি তোৰ কেনেকুৱা অৱস্থা হৈছে মই গম পাইছোঁ‌।

পোনাকণ বাপেৰৰ মৰম ল’বি। এই মৰম বোলা বস্তুটো চিঠিখনত এনেই লিখিব লাগে কাৰণে লিখা নাই। বহুত বেছিকৈ মৰম আছে কাৰণেহে এই চিঠিখন লিখিছোঁ। এই চিঠিখন তই সময়ত পঢ়িবি বুলি আজিৰ পৰা ষোল্লবছৰৰ আগতেই তোৰ জন্মৰ দিনাই লিখি ৰাখিছিলোঁ‌। আজি তোৰ কলেজৰ প্রথম দিন। গতিকে আজিয়েই এইখন চিঠি তোক হেণ্ড অভাৰ কৰাটো ভাল বুলি বিবেচনা কৰিলোঁ‌।

বোপাই আজিৰ পৰা তই মোৰ শাসনৰ পৰা অলপ বাহিৰলৈ ওলাবি গতিকে কিছুমান কথা এতিয়াই ক্লিয়াৰ কৰি দিয়াতো ভাল বুলি মই ভাবোঁ‌। আগৰ বুঢ়া মেঠাই কৈ গৈছে বোলে, ” পোন্ধৰৰ পিছত ল’-ছালিক বন্ধু ব্যৱহাৰ কৰিব লাগে।” গতিকে মইয়ে আগেয়ে তোলৈ বন্ধুত্বৰ প্রথম হাতখন আগবঢ়াই দিছোঁ‌। আশা কৰোঁ‌ তইও বাপেৰক বাপেৰ বুলি ভয় কৰি নহয়, বন্ধু বুলি তোৰ অসুবিধাবোৰ ভগাই ল’বলৈ অসুবিধা নাপাবি।

আজিৰ পৰা তোৰ ন-ন বন্ধু-বান্ধৱী গোট খাব। ন-ন বন্ধু-বান্ধৱীৰ ন ন মনৰ মাজত ঘূৰোতে তোৰ কিছুমান পাজল লগাতো স্বাভাৱিক। একেবাৰে স্বাভাৱিক। মোৰো হৈছিল। এইসৱ বন্ধু-বান্ধৱীৰ মাজত বিশেষকৈ বান্ধৱীৰ মাজত কোনোবা এজনী তোৰ অলপ বেলেগকৈ ভাল লগা হ’ব। স্বাভাৱিক বুজিছ, মোৰো হৈছিল। আৰু মই ভাবোঁ‌ এইখিনিৰ পৰাই অলপ জ্ঞান তোক দিয়াটো বৰ জৰুৰী। বাকী মদ,ভাং,জুৱাৰ ওপৰত জ্ঞান দিবলৈ এদল চিনিয়ৰ সাজু হৈ থাকে। কিন্তু ‘প্রেম!’ বোপাই প্রেমৰ ওপৰত জ্ঞান, আই মিন “হাউ টু মেইনটেইন প্রেম” ইয়াৰ ওপৰত খুব কম সংখ্যক মানুহে লেকচাৰ বকিব পাৰে। আৰু তোৰ বাপেৰে তেনেকুৱা ৰেয়াৰ পিচ এটাৰ ভিতৰত এটা।

কোৱা হয় বোলে”প্রেমত ফুলে শতদল, প্রেমত ঘূৰে ভূমণ্ডল।” একেবাৰে সঁচা কথা। পিৰিতী কালতে যিকেইটা অৱস্থাৰ মাজেৰে এজন প্রেমিক যাবলগীয়া হয় সেইটো সময়ত তাৰ মূৰঘূৰণিত ভূমণ্ডল ঘূৰেই। প্রেমিকা বনোৱাৰ আগৰ কেৰামতালিখিনি বাৰু নকওঁৱেই! প্রেমিকা হোৱাৰ পিছত যিখিনি কেৰামতালি -আজলমথালি সহ্য কৰিবলগীয়া হয় সেইখিনি চার্ভাইভ কৰি যদি কেনেবাকৈ সেইখন সংসাৰলৈ পৰিণত হয়গৈ, তেন্তে মইতো কওঁ‌ সেইবছৰৰ শান্তিৰ নোবেল বঁ‌টা সেইজন প্রেমিকক প্রদান কৰিব লাগে। বোপাই আন্তঃৰাষ্ট্ৰীয় সম্বন্ধবোৰ গঢ়োতে যিমান ডিপ্লমেচিৰ দৰকাৰ হয় তোৰ পিৰিতি কৰোঁতে তাতকৈ বেছি ডিপ্লমেচিৰ দৰকাৰ। পিৰিতিৰ মাজেৰে যোৱা আৰু নর্থ কোৰিয়া-চাউথ কোৰিয়াৰ ন’ মেনচ লেণ্ডৰ মাজেৰে নমৰাকৈ সাৰি অহা একেই কথা। পিৰিতিৰ আৰম্ভণিৰ সময়ছোৱা প্রেমিক-প্রেমিকাৰ সম্বন্ধটো একেবাৰে চীন-পাক সম্বন্ধটোৰ নিচিনা। একেবাৰে ‘মাটিত থ’লে পৰুৱাই পাব, মূৰত ল’লে ওকনিয়ে খাব।” নতুন ৰাষ্ট্ৰ এখন গঠন হোৱা আৰু নতুন ৰিলেচন এট আৰম্ভ হোৱা একেই কথা বুজিছ। নতুনকৈ গঠন হোৱা ৰাষ্ট্ৰ এখনক যেনেকৈ সৱেই “মাচাল্লাহ, চুভানাল্লাহ, হাউ কিউট ” বুলি এডমায়াৰ কৰে। ঠিক তেনেকৈ তোৰ ৰিলেচনৰ আৰম্ভণিও একেদৰে হ’ব। বেছি উৎসাহ দেখিবি আগৰ পৰা চলি থকা যোৰাবোৰৰ মাজত, মানে যিয়ে জানে ৰাষ্ট্ৰ এখন গঠন হৈ নিজকে প্রতিষ্ঠা কৰা কামটো কেনেকুৱা হয়। তই ভাবিবি সৱেই ভাল পাইছে তহঁতৰ প্রেম দেখি। কিন্তু মোৰ পোনা তই ভালকৈ সেই যোৰাবোৰৰ ল’ৰাকেইটাৰ চকুত চা। সিহঁতৰ চকুৱে তোক কৈ আছে,”আ গয়া অপনি মৰৱানে।” আৰু ছোৱালীকেইজনীৰ চকুত ভালকৈ চালে দেখিবি ‘আ গয়া বকৰা।” কিন্তু মই জানো তোৰ চকুত সেইসময়ত প্রেম সাগৰৰ নিমখে এনেকুৱা চামনি বান্ধিব যে তোৰ চকুত সেইবোৰ একো সাৱধানবানী নপৰে। গতিকে ইয়াৰ পিছত কি হ’ব সেইটোহে তোক মই জনাব বিচাৰিছোঁ‌।

ত’ বোপাই হ’ব এনেকুৱা যে না না দেশৰ সমর্থন চাপ’র্ট,সহযোগিতা পাই পাই এখন দেশে সার্বভৌমত্ব লাভ কৰাৰ দৰে তইয়ো তোৰ বন্ধুমহলৰ সহযোগত এদিন তোৰ ঈপ্সিত প্রেয়সী লাভ কৰিবি। পার্থক্য মাথো এটাই হ’ব ইয়াত তোৰ সার্বভৌমত্ব যাব।

প্রেমিকাৰ বোকোচাত উঠি একেবাৰে বিশ্বজয় কৰিলোঁ‌ বুলি ভাবি গৈ থাকোতে থাকোতে কোনদিনা তাই চীন হৈ তোক তিব্বত বনাই অধিকাৰ কৰি ল’ব তই গমেই নাপাবি। দুমাহমান মৰমৰ চোকতে তই তিব্বতৰ নিচিনাকৈ কেলঢোপ কেলঢোপ কৰি তাই চীনজনীৰ মাজত হেঁচা খাই থাকিবি। আৰু কেইমাহমান যোৱাৰ পিছত তহঁতৰ সম্বন্ধটো কেতিয়া ভাৰত-পাকিস্তান হৈ পৰিব তই গমেই নাপাবি। আৰু বাপা ইয়াৰ পৰাই এখন দেশে যেনেকৈ নিজৰ অস্তিত্ব বজাই ৰখাৰ সংগ্ৰাম চলাই ৰাখে তোৰো লাইফত তেনেকুৱা এটা সংগ্ৰাম আৰম্ভ হ’ব। তই ভাবিছ তই ভাৰত। না বাবা না। তই সদায় পাকিস্তান। প্রেমিক সদায় পাকিস্তান। তোৰ প্রেমিকাহে ভাৰত। ভাৰতৰ যিদৰে কেতিয়াও ভুল হ’ব নোৱাৰে তোৰ প্রেমিকাৰো কেতিয়াও ভুল হ’বই নোৱাৰে। ভুল সদায় তোৰেই হ’ব। লাগিলে সেইয়া পৃথিৱীৰ আন কোনো মানুহৰ চকুত ভুল নহ’বও পাৰে।কিন্তু তোৰ প্রেমিকাই কৈছে যেতিয়া তোৰ ভুল। এতিয়া ভাৰত-পাক টাইপ মনোভাৱ লৈ যদি তই আগবাঢ় তেন্তে তোৰ বোপাই পিৰিতি ইয়াতে সমাপ্ত। হয়তো ওচৰ-চুবুৰীয়া দুই এখন দেশে বুজনি বাঢ়নি দি ভাৰত-পাক সম্বন্ধটো ঠিক কৰিবলৈ বিচৰাৰ দৰে তহঁতৰ ফ্রেণ্ড চার্কলৰ দুই এটাই মিতমাত কৰিবলৈ যত্নও কৰিব। হয়তো মিতমাত হ’বও দুদিনমানৰ বাবে। পিছে বোপাই তই হ’লি পাকিস্তান। গতিকে তোৰ ওপৰত প্রেমিকাৰ নজৰ একেবাৰে RAWৰ নিচিনাকৈয়ে থাকিব। তই এদিন কৰবাত ভুলক্রমে লাইন এডাল ক্রছ কৰি দে তাৰপিছত বোপাই তই চাবি তোৰ প্রেমিকাই মুখেৰে বমবার্ডিং কৰি তোৰ মন-হৃদয় সৱতে চার্জিকেল ষ্ট্রাইক চলাব। আৰু বোপাই আটাইতকৈ জৰুৰী কথা এটা কৈ থওঁ তোৰ যিমানজনী বান্ধৱী আৰু মৰমতে পতা ভন্টী আছে এইমুহূর্তৰ পৰা সেই গোটেইকেইজনী তোৰ প্রেমিকাৰ চকুত চীন। মানে তই সিহঁতৰ লগত সম্বন্ধ ৰখাৰ কথাটো লৈ তোক দিনে ৰাতিয়ে খেদালি থাকিব বুইছ। কিন্তু ভাৰতে যেনেকৈ হুংকাৰি থাকিলেও চীনৰ লগত বেহা-বেপাৰ নেৰে ঠিক তেনেকৈ তোৰ প্রেমিকাইও সিহঁতৰ লগত মিঠামুখ নেৰে। মাজেমাজে হয়তো চীন-ভাৰতৰ ড’কলাম যুঁজৰ দৰে তোৰ বান্ধৱী-ভন্টীৰ মাজত দুই এখন চুর্চুৰীয়া লাগিব পাৰে কিন্তু অন্তত গৈ যত দোষ নন্দ ঘোষ হৈ তোৰ প্রেমিকাৰ পৰা বকনি আহিব বোলে তইহে সিহঁতক কিবা লগাই এইবোৰ কৰালি। আৰু এইটো বিৰাটেই কন্ফিউজিং চিটুৱেশ্যন। তই এইমুহূর্তত দুটা কথাই ভাবিব পাৰ। হয় যুদ্ধ ঘোষণা কৰি একেবাৰে সম্বন্ধ এৰিব পাৰ নহয় যেনেতেনে মুখ বন্ধ কৰি সম্বন্ধ চলাই ৰাখিব পাৰ। পিছে বোপাই তই হ’লি তোৰ বাপেৰৰ দৰেই । উত্তৰ কোৰিয়া হৈ অকলে থকাৰ তাগজ তোৰ নাই। দুদিনমান থাকিলেও তোৰ অৱস্থাটো কোৰিয়ানখিনিৰ নিচিনা নথৌ নফৌ হ’ব। সেইটো সময়ত আমাৰ টাইমৰ কে.কে, অৰিজিতৰ নিচিনা কোনোবা নতুন গায়কৰ বুকুভঙা গান শুনি শুনি ছোমালিয়া টাইপ ৰূপ এটা ল’বি। পিছে বোপাই তই নিশ্চিত থাক তোৰ এই বাপেৰে লিৰিক্স শুনিয়েই গম পাই যাব তোৰ কি চলি আছে। গতিকে সেইসময়ত মই ৰাষ্ট্ৰসংঘৰ নিচিনা ভূমিকা এটা লৈ তোক দুই এটা উপদেশ দিবলৈ চেষ্টা কৰিম কিন্তু লাভ যে একোডাল নহয় সেইটো মই জানো।

এতিয়া বোপাই তোক দুটামান চার্ভাইভিং টিপচ শিকাই দিওঁ যদিও এইকেইটা ব্যৱহাৰ কৰিলে হাণ্ড্রেড পার্চেণ্ট চার্ভাইভ কৰাৰ সম্ভাৱনা খুবেই কম। আমাৰ দিনত বোপাই কোনোবা এজন মহাপণ্ডিতে কৈ গৈছিলে বোলে “নাৰীৰ মন দেৱতাইও নুবুজে।” বোপাই এইটো একেবাৰে ফকটিয়া কথা। তই অকণমান মন দিলেই সৱ নাৰীৰে মন বুজি পাবি, যেতিয়ালৈকে বোপাই তাই তোৰ প্রেয়সী নহয়গৈ। প্রেয়সী হোৱাৰ পিছত বোপাই তই এটা চোৰাংচোৱাৰ নিচিনাই সর্বক্ষণে এলার্ট হ’ব লাগিব। তোৰ প্রেমিকাই কি কৈছে শুনাতকৈ কি বুজাইছে সেইটোত বেছি মন দিব লাগিব। মানে এককথাত তোৰ প্রেমিকাৰ মুখৰ পৰা কি ওলাইছে তাতকৈ বেছি কি অৱস্থাত কেনেকুৱা সুৰত ওলাইছে সেইটো ডিক’ডিং কৰিব লাগিব। তই নিজে কি অৱস্থাত থাকোতে সেই কথোপকথনখিনি হৈছিল সেইটোও মনত ৰাখিব লাগিব। উদাহৰণস্বৰূপে সকলো প্ৰেমিকাৰ জিভাৰ আগতে লাগি থকা লাইনটো হৈছে, “মোকনো কিয় সুধিব লাগে, তোমাৰ যি মন যায় কৰা।” বচ বাপা তই ইয়াতে এলার্ট হৈ মন দে লাইনটো কোৱাৰ সময়ত তাইৰ সুৰটো কেনেকুৱা আছিল। দেখাত একেবাৰে নিৰীহ বাক্য এইটো। কিন্তু ইয়াৰ ভিতৰত কি ধৰণৰ বাৰুদ সোমাই আছে তই গম নাপাবি। তই হোলাৰ ভাই মোলাই ভাবিবি তোক স্বাধীনতা দিছে নিজৰ ইচ্ছামতে চলিবলৈ। কিন্তু না মুন্না না। তোৰ প্রেয়সীয়ে তোক ঠিকা দিছে এনেকুৱা এটা বোমা বনাবলৈ যিটো এদিন তাই তোৰ টিকাৰ তলত ফুটাব। সেই লাইনটোৰ আচল অর্থ হ’ল “তই কৰি চাচোন।” সেই বোমাটো ফুটাৰ পিছত তোৰ হতভম্ব মুখৰ পৰা ওলোৱা প্রথম বাক্যটো হ’ব “কিন্তু তুমিয়েতো কৈছিলা সেইদিনা আপত্তি নাই বুলি।” তাৰপিছত তাই বকিবলৈ আৰম্ভ কৰিব। কি প্রসংগ কি বিষয় তাৰ মাজত সোমাই আহিব। তই ভাবিবও নোৱাৰ কিন্তু আহিব। মাজে মাজে হয়তো তই দুর্বল কন্ঠেৰে ‘কিন্তু’ ‘নাই কৰা’ ‘তেনেকৈ কোৱা নাছিলোঁ‌’ ‘তুমি ভুল বুজিছা’ ধৰণৰ দুই এটা ডিফেঞ্চ দিব পাৰ। কিন্তু মোৰ বেটা তোৰ সেইমুহূর্তৰ ডিফেঞ্চ তোৰ আটাইতকৈ ডাঙৰ অফেঞ্চ। আৰু ‘তুমি ভুল বুজিছা’ এই বাক্যটো তোৰ প্রেমিকাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ পাহৰি যা। আগতেই কৈছোঁ‌ তোৰ প্রেমিকা ভাৰত আৰু তাইৰ ভুল হ’বই নোৱাৰে। গতিকে এই মুহূর্তত তোৰ কাম হ’ল ছানী দেউল অৱতাৰ লোৱা। না বোপাই না। গডৰ, দামিনীৰ ছানী দেউলৰ অৱতাৰ নহয়, তই অৱতাৰ ল’ব লাগিব মা তুঝে চালামৰ ছানী দেউলৰ। বিপক্ষই গুলীৰে চালনী বনাই দিয়ক তোক কিন্তু তই বুকু পাতি লৈ আগুৱাই গৈ থাকিব লাগিব। এনেকৈ গৈ গৈ হে তই এদিন প্রেমৰ শৃংগত ঝাণ্ডা উত্তোলন(ঘাণ্টা) কৰিব পাৰিবি।

আৰু এটা লাইন হৈছে “তুমি মোক জনাবতো লাগে।” এইটো বিৰাট অসুবিধাজনক লাইন বোপাই। মই আজিলৈকে বুজি পোৱা নাই তোৰ মাৰক মই কোনকেইটা কথা জনাব লাগে কোনকেইটা কথা জনাব নালাগে। কেতিয়াবা পেট বিষ হ’লে ক’ব, “তুমি মোক আগতে ক’ব লাগে তোমাৰ শৌচ এনেকুৱা হৈছে। মই এইটো কৰিলো হয়, সেইটো কৰিলো হয়।” তাৰপিছত তই মনেমনে শপত খাই ল’বি সৱ কথা জনাম বুলি। নেক্সট ডে’ তই ক’বি মোৰ আজি শৌচ এনেকুৱা বুলি। তাৰপিছত তই গালি খাবি “ইমান খেচেৰা, ইমান অসভ্য তুমি।” মুঠতে বোপাই তই ৱর্ডিং আৰু ট’ন সৱৰে ওপৰত ধ্যান দি তোৰ উত্তৰটো দিব লাগিব।

পোনা, মই ইমানখিনি জ্ঞান দিয়াৰ পিছতো যদি তোৰ পিৰিতি কৰিবলৈ মন যায় তেন্তে বেষ্ট অৱ লাক বোপাই। হৌনী কো কৌন তাল চকতা!

ইতি,

দুনিয়াৰ ম’ষ্ট আণ্ডাৰষ্টেণ্ডিং বাপেকটো

(বি.দ্র. = এই চিঠিখনৰ পিছফালে যিকেইটামান খালী পে’জ মই লগাই থৈছোঁ‌। সেইকেইটা এনেই তোক চানা বান্ধিবলৈ দিয়া নাই। মই বিচাৰোঁ‌ তইও তোৰ পুতেৰলৈ এনেকুৱা এখন উপদেশমূলক চিঠি লিখিবি আৰু তাৰ সময়ত তাক পঢ়িবলৈ দিবি। এনেকৈ সিও তাৰ পুতেকলৈ এখন চিঠি লিখিব আৰু এনেকৈ আমাৰ বংশৰ মতাবোৰৰ মাজত নিজৰ প্রেমৰ অভিজ্ঞতাৰে উপদেশ দি চিঠি লিখাৰ এটা গোপন পৰম্পৰা আৰম্ভ হওঁক, যিয়েই এটা সময়ত আমাৰ বংশৰ কোনোবা এটা প্রজন্মক পৃথিৱীৰ পার্ফেক্ট প্রেমিক হিচাপে স্বীকৃতি লাভ কৰাত সহায় কৰিব। এইখন যদি কেনেবাকৈ মাৰৰ হাতত পৰে নহয়, বোপাই মইতো মৰিমেই তোকো শান্তিত থাকিব নিদিম। তোৰ প্রতিটো গতিবিধি মাৰৰ আৰু জি এফৰ কাণত পেলোৱাৰ ব্যৱস্থা মই কৰি দিম।)

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *