: পাণ এখন বনাচোন যাদৱ। মিঠা পাত্তি এশ ষাঠি মাৰিবি। কাঠা, চেখা-চুপাৰি। পাতলা চুপাৰিটো দিবি। আৰু এটা ফিল্টাৰ দে। খাই দিছে বে… ! থানাৰ কাষতে দিন দুপৰতে ডকাইতি! এইটো কি নিউজ হ’ল! আৰে থানাত যে ডকাইতি হোৱা নাই সেইটোৱেই ডাঙৰ কথা! … এশটা পুলিচে দুইলাখ মানুহক কিদৰে চোৰ ডকাইতৰ পৰা বচাব? এশটাৰ আশীটাই মিনিষ্টাৰৰ পিছে পিছে ঘূৰি ফুৰিব লাগে! সেইবোৰ লিখ চাল্লা… । হুঃ! থানাৰ কাষতে ডকাইতি! মাথা গৰম হৈ যায় … ।

: ছাৰৰ আজি মূৰটো উতলি আছে যেন পাইছোঁ।

যাদৱে মুখত হাঁহি এটা লৈ টাউন হাৱালদাৰ ৰাজবংশীক পেকেটৰ পৰা উইলচ্ ফিল্টাৰ এটা উলিয়াই দিলে।

: নকবি আৰু চাল্লা … !

: ছাৰ, এই হানিফটো মহা বদমাচ। এমাহৰ আগতেও সি মোৰ জেওৰা ঠেলিছিল। মই খেদি যাওঁতে সি দা জোকাৰি ওলাই আহিছিল। মইতো ছাৰ কানুনত বিশ্বাস কৰা মানুহ! কেইটকা হ’ব?

ক্ষীণকৈ লগত অহা মানুহটোৱে ৰাজবংশীক কৈ কৈ যাদৱক সুধিলে।

: বাইছ টকা।

মানুহটোৱে জেপৰ পৰা হিচাপ কৰি টকা বিছটা উলিয়াই দিলে।

: দুটকা খুচুৰা নাই। পিছত দি দিম, হ’বনে?

: দি যাব। সেই দুটকাই লাভ।

যাদৱে গোল মাৰিডালেৰে পাণখনত কাঠাখিনি ঘঁহি চুপাৰি কেইটুকুৰামান পাণখনত পেলালে।

: আৰু ছাৰ, তাৰ ভায়েক ইকবাল, আৰু হাৰামী!ৰাস্তাইদি জীয়ৰী-বোৱাৰী ওলাবই নোৱাৰে তাৰ প্ৰতাপত। সিও মোলৈ খেদি আহিছিল। মই কানুন হাতত নুঠালো! আপোনাৰ ওপৰত বিশ্বাস আছে।

: হ’ব যা। ৰাতিলৈ যাম। ক’লো নহয়।

ৰাজবংশীয়ে চিগাৰেটটোত হোপা দি মানুহটোক ক’লে।

: ছাৰ, অলপ সোনকালে অহা হ’লে….

__ ঐ,…. মূৰটো নাখাবিচোন। যাম বুলি কৈছোঁ যাম আৰু। এতিয়া মই তোৰ জেওৰা ঠেলা কেচৰ পিছত লাগিমনে গ’ল্ড ৰবাৰী কেচৰ পিছত লাগিম!

ৰাজবংশী জকজকাই উঠিল।

: চাওক ছাৰ। এই ৰফিক কানুনত বিশ্বাস কৰা মানুহ। আপোনাৰ হাতত কেচ দিলো যেতিয়া কোনো চিন্তা নাই। হিঃ…হিঃ…হিঃ…

মানুহটোৱে ৰাজবংশীক কৈ অলপ ইফালে সিফালে চাই আকৌ ৰাজবংশীৰ ফালে চালে।

: ছাৰ এইফালে শুনক না…

মানুহটো যাদৱৰ দোকানখনৰ পিছফালে গৈ ৰাজবংশীক মাতিলে। ৰাজবংশী আগবাঢ়ি গ’ল। মানুহটোৱে হাতৰ টিপতে ৰাজবংশীৰ হাতত কিবা এটা দিলে।

: কিমান আছে?

: ……..

: এইটোৰে কিটো হ’ব? কাক কাক বিলাম?

: ছাৰ বাকীখিনি পাই যাবতো।

: ৰাজবংশীয়ে … বাকীত কাম নকৰে। চিধা কথা।

মানুহটোৱে আকৌ পকেটৰ পৰা কেইটকামান উলিয়াই হাতৰ টিপতে ৰাজবংশীক দিলে।

: ছাৰ, কিন্তু ভালকৈ এসেকা দিব লাগিব! একেবাৰে চুলিত ধৰি লক আপত ভৰাই, ওলোমাই লৈ…

ৰফিকে দাঁত মূৰ কৰচি কৈ উঠিল। মুহূৰ্তৰ বাবে যেন সি ৰাজবংশী পুলিচ হৈ পৰিল।

: মইতো কৈছোঁৱেই ৰফিকে নিজেই হাতত কানুন কেতিয়াও নুঠায়।

: হ’ব। হ’ব। যা এতিয়া। মই কি কৰিব লাগে কৰিম।

ৰাজবংশীয়ে কৈ উঠিল। মানুহটো গ’লগৈ। ৰাজবংশী আকৌ যাদৱৰ দোকানৰ সন্মুখলৈ আহিল। যাদৱে পাণখন নুৰিয়াই ৰাজবংশীলৈ আগবঢ়ালে। ৰাজবংশীয়ে পাণখন লৈ চিগাৰেটটোত এনেকুৱা ব্ৰহ্মহোপ তিনিটা মাৰিলে যে চিগাৰেটটো একেবাৰে তুলালৈকে পৰ পৰকৈ অঙঠা হৈ পুৰি আহিল। তেওঁ তাৰপাছত চিগাৰেটৰ টুকুৰাটো দলিয়াই পাণখন মুখত ভৰালে।

: ছাৰক বহুদিনৰ পৰা কথা এটা ক’ম ক’মকৈ আছিলো।

যাদৱে কাগজৰ টুকুৰা এটাত চূণ অকণ লগাই ৰাজবংশীলৈ আগবঢ়ালে।

: কি কথা অ’ যাদৱ?

ৰাজবংশীয়ে তৰ্জনী আঙুলিৰ আগৰে চূণ অলপ টানি নি তলপাৰি দাঁতেৰে চুচি নিলে।

: শুনিছোঁ, থানাৰ চি.আই.ডি কামো বোলে আপোনালোকে দিব পাৰে। কমিচন পোৱা যায়। তেনেকুৱা এটা কাম দিয়ক না পাৰিলে ছাৰ! এই ঘুমটিৰে আৰু নচলিছে।

: অ’ তই তাৰমানে ইনফৰ্মাৰৰ কথা কৈছ হ’বলা।

ৰাজবংশীয়ে পাণ চোবাই-চোবাই মুখত এসোপা পিক্ লৈ ফল-ফলকৈ ক’লে।

: অঁ…অঁ…অঁ..ছাৰ! ছাৰ, চুপাৰি লাগিব নেকি?

যাদৱ বেচ উৎসাহিত হৈ উঠিল। সি কেইটুকুৰামান চুপাৰি ৰাজবংশীলৈ আগবঢ়ালে। ৰাজবংশীয়ে হাতখন জোকাৰি বুজালে যে তেওঁক চুপাৰি নালাগে। জৰ্দা অকণমানহে লাগে। যাদৱে লগে লগে ৰাজবংশীৰ হাতৰ তলুৱাত অলপ জৰ্দা টুক-টুককৈ বাকি দিলে। ৰাজবংশীয়ে এইবাৰ ফাৰাককৈ পিকসোপা ৰাস্তাৰ ফালে মাৰি পঠিয়ালে। বাটৰুৱা এজন জাঁ‌প মাৰি আঁ‌তৰি দিলে। হয়তো তেওঁ পুলিচ নহৈ আন কোনোবা হোৱা হ’লে ফেপেৰি পাতি ধৰিলেহেঁতেন!

: তই পাৰিবি জানো? এই ইনফৰ্মাৰ আৰু চোৰ ডকাইতৰ মাজত একো পাৰ্থক্য নাই! মহা বদমাচ নহ’লে এইবোৰ কাম সকলোৱেই কৰিব নোৱাৰে। তই থাক দিনৰ দিনটো দোকানতে বহি। এইবোৰ কামত অলপ ঘূৰাঘূৰিও লাগে। নহ’লে ক’ত কি হৈছে কেনেকৈ গম পাবি!

ৰাজবংশীয়ে হাতৰ তলুৱাৰ পৰা জৰ্দাখিনি মুখৰ ভিতৰলৈ মাৰি পঠিয়ালে।

: ছাৰ, সঁ‌চাকৈ ক’বলৈ গ’লে মোৰ বৰ পুলিচত চাকৰি কৰাৰ ইচ্ছা এটা আছিল। ভাগ্যই নাটানিলে! কিন্তু এটা কথা ঠিক। ভগৱানে মোক এটা শক্তি দিছে মই সন্দেহ কৰা বা ধাৰণা কৰা কথাবোৰ সত্যই হয়।

: তেনেহ’লে আৰম্ভ কৰি দে! কিবা যদি চিক্ৰেট খবৰ পাৱ চিধাই মোক জনাবি। ফোন নম্বৰটো আছেই। কমিচনৰ কথা চিন্তা নকৰিবি। এই নগৰত চাল্লা বহুত দুই নম্বৰ কাম চলি থাকে যাদৱ! এবাৰ এনেকুৱা দুই এটা কেচ আনি দে, তাৰপাছত চাবি। তই আৰু ঘুমটিত বহিবলৈ সময় নাপাবি।

: জানো ছাৰ! সেইকাৰণেইটো আপোনাক কৈছোঁ।

যাদৱৰ মুখখন উজ্জ্বল হৈ উঠিল।

: ঐ তই এপেকেট ফিল্টাৰ দি দেচোন। পইছাটো কাৰোবাক দি পঠিয়াই আছো ৰ।

ৰাজবংশীয়ে প্ৰায় নিৰ্দেশ দিয়াৰ দৰেই যাদৱক ক’লে। যাদৱে চিগাৰেটৰ পেকেট এটা ৰাজবংশীৰ হাতত দিলে। ৰাজবংশী উভটিল। পিছে তেওঁ কিবা এটা মনত পৰাৰ দৰে আকৌ যাদৱৰ ফালে আহিল।

: ঐ, তই এই কেচটোৰ পিছতো লাগি চাব পাৰ। মোটা কেচ।

: কোনটো ছাৰ?

: এই যে হীৰা-মণি জুৱেলাৰীত কালি ডকাইতি হ’ল। আঠ কেজি সোণ লৈ যে ডকাইত ফুট!

: ডকাইতি! হীৰামণি জুৱেলাৰ্চত!

: ই….ই…ই….কে…! তই নাজানয়! গোটেই অসম গৰম হৈ আছে কেচটোত! এনেকৈ আৰু তই কি ইনফৰ্মাৰৰ কাম কৰিবি? ধু…উ…ৰ … !

: নহয় মানে….

: হোঁ। ল। এইখন পঢ়!

ৰাজবংশীয়ে কঁকালৰ পিছফালৰ খোচনীৰপৰা ভাঁজ কৰা বাতৰি কাকত এখন উলিয়াই যাদৱৰ ফালে দলিয়াই থৈ আকৌ গ’লগৈ। যাদৱে এবাৰ ৰাজবংশী যোৱালৈ চাই কাকতখনলৈ চালে। জাপকেইটা খুলি সি কাকতখন চকুৰ আগত মেলি ল’লে। হেড লাইনতে তাৰ বাতৰিটো চকুত পৰিল। “হীৰামণি জুৱেলাৰ্চত লোমহৰ্ষক ডকাইতি।” লগতে চি.চি.টি.ভি কেমেৰাত ধৰা পৰা মুখত কাপোৰ বন্ধা তিনিজন যুৱক আৰু এজনী যুৱতীৰ অস্পষ্ট ফটো। যাদৱে লগে লগে বাতৰিটো পঢ়ি গ’ল।

যোৱাকালি সন্ধিয়া নগৰৰ থানাৰ কাষতে অৱস্থিত হীৰামণি জুৱেলাৰ্চত অতৰ্কিতে এটা ডকাইতৰ দল প্ৰবেশ কৰি পিষ্টল দেখুৱাই মুঠ আঠ কেজি সোণৰ অলংকাৰ নিমিষতে ডকাইতি কৰি উধাও হয়। এই ঘটনাত দোকানখনৰ কৰ্মচাৰী জড়িত হৈ আছে বুলি সন্দেহ কৰা হৈছে। পুলিচ অনুসন্ধানত নামি পৰিছে। মালিক পক্ষই এই ঘটনাত জড়িত কাৰোবাৰ সন্ধান দিব পাৰিলে নগদ পাঁচলাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ইত্যাদি, ইত্যাদি।

আঠ কেজি সোণ ডকাইতি! কিমান কোটি টকা হ’ব পাৰে আঠ কেজি সোণত!

যাদৱে নিজৰ মনৰ ভিতৰতে চিঞৰি উঠিল। সি দুনাই বাতৰিটো পঢ়িলে।

: যাদৱ দা, কমলা পচন্দ হ’ব নেকি?

কোনোবা এজন গ্ৰাহকে আহি সুধিলে।

: নাই।

যাদৱে মূৰ নোতোলাকৈয়ে গ্ৰাহকজনক ক’লে। আচলতে ৰজনীগন্ধা, শিখৰ, কমলা পচন্দ সকলোবোৰ পাণমছলাই যাদৱে ৰাখে যদিও বাতৰি কাকতখনৰ শিহৰণকাৰী খবৰটোৰ মাজৰ পৰা তাৰ ওলাই আহিবলৈ মন যোৱা নাছিল।

: তেনেহ’লে শিখৰেই দি দিয়ক এপেকেট।

গ্ৰাহকজনে বোধহয় শিখৰৰ পেকেটকেইটা দেখিলে।

যাদৱ এইবাৰ বিৰক্ত হ’ল। অনিচ্ছা স্বত্বেও কাকতখনৰ পৰা মূৰ ডাঙি শিখৰৰ পেকেট এটাৰ সৈতে জৰ্দাৰ পেকেট এটা ফালি গ্ৰাহকজনক দিলে।

: মোৰ হিচাপত মাল পাৰ হোৱা নাই। মাল টাউনৰ মাজতে ক’ৰবাত লুকাই আছে।

মানুহটোৱে শিখৰৰ পেকেটটো ফালি তাত জৰ্দাখিনি ঢালি পেকেটটো লৰাই-লৰাই ক’লে।

: মানে?

: এই আঠ কেজি সোণৰ কথা কৈছোঁ। মাল টাউনৰ ভিতৰতে আছে।

মানুহটোৱে মিশ্ৰণখিনি মূৰটো আকাশৰ ফালে কৰি মুখত ঢালি ক’লে। বিজ্ঞৰ দৰে।

: কিবা খবৰ আছে নেকি অ’ মুকুন্দ?

যাদৱে এইবাৰ বেচ উৎসাহেৰে মুকুন্দক সুধিলে।

: নাই আন্দাজ এটা লগাইছোঁ।

যাদৱ আকৌ নিৰাশ হ’ল। মুকুন্দই কাণত ইয়েৰ ফোনটো লগাই গৈছিলগৈ।

: কিবা লেটেষ্ট খবৰ পাৱ নেকি অ’ হৰেন?

যাদৱে হৰেনৰ পাণখনত কাঠা ঘঁহি ঘঁহি সোধে।

: কিহৰ খবৰ?

: কেলেই এইযে আঠ কেজি সোণৰ ডকাইতিৰ কেচটো…

__ ধু..উৰ! এইবোৰ চব মালিকৰ চাল! আৰে! ইঞ্চুৰেঞ্চত আঠ কেজি সোণৰ ডবল দাম উঠাই ল’ব! আঠশ গ্ৰাম মাল চুৰ হৈছেনে নাই ভগৱানে জানে!

যাদৱ আকৌ হতাশ হয়।

: এই যে হীৰামণি জুৱেলাৰীৰ কেচটো কি বুলি ভাবে দৈমাৰীদা?

যাদৱে দৈমাৰীক চিগাৰেটৰ পেকেটটো দি সোধে।

: তাকেইটো! আমাৰ গাঁৱৰ আনন্দই তাতে কাম কৰে।তাক ফোন কৰিছিলো।

: কি ক’লে? কি ক’লে সি?

যাদৱে উৎকণ্ঠিত হৈ সোধে।

: চুইচ অফ!

যাদৱ পুনৰ হতাশ হয়।তথাপি সি কিবা লিংক পোৱাৰ আশা এটা এৰি নিদিয়ে।

: দৈমাৰী দা, তাক লগ ধৰক। কিবা খবৰ পাই যাব পাৰে! মালিকে পাঁচ লাখ টকা দিব। কিবা খবৰ দিব পাৰিলে!

: হেই! আমাৰ এনেকৈয়ে ঠিক আছে। মেছটো দিয়কচোন যাদৱদা!

যাদৱৰ খঙেই উঠে। ইমান নিৰ্বিকাৰ মানুহবোৰ! জুইশলাৰ বাকচটো সি দৈমাৰীৰ ফালে দলিয়াই দিয়াৰ দৰে দিয়ে!

যাদৱে এইদৰে দোকানত বহি-বহিয়েই হীৰামণি জুৱেলাৰীৰ ডকাইতিৰ ঘটনাটোৰ বিষয়ে কিবা ক্লু পোৱা যাব পাৰে নেকি বুলি আপ্ৰাণ চেষ্টা চলাই গ’ল। কিন্তু সি সফল নহ’ল। এটা সময়ত সি হতাশেই হৈ পৰিল। সি ভাবিলে ৰাজবংশী পুলিচে ঠিক কথাই কৈছিল। এইবোৰ কাম দোকানত বহি বহি নহয়। ঘূৰাঘূৰি কৰিব লাগিব।

দুপৰীয়া একমান বাজিছিল। চহৰত মানুহ-দুনুহ কমি আহিছিল। তাতে জুলাই মাহৰ প্ৰচণ্ড গৰম। ৰ’দটো খাওঁ খাওঁকৈ ওলাইছে। এনেকুৱা লাগিছে সূৰুয দেৱতাৰ আৰু অকণমান খং উঠিলেই সকলো পুৰি চাৰখাৰ কৰি পেলাব! এই সময়ত কোনো গ্ৰাহকো নাহে। যাদৱে নিজৰ টিফিনটো উলিয়ালে। মগু দাইল, বেঙেনা ভাজি, আৰু ভাত। ওপৰতে কেঁচা জলকীয়া দুটা আৰু পিয়াঁজ দুটুকুৰা। যাদৱে ঘুমটিখনৰ ভিতৰতে বিপৰীত দিশে মুখ কৰি বহি সৰু টিফিন বাতিটোত আটাইবোৰ একেলগে সানি তৃপ্তিৰে খোৱা আৰম্ভ কৰিলে। মাজে-মাজে জলকীয়াটোত একামোৰ মাৰি কাঁৰাচকৈ পিয়াঁজৰ টুকুৰাত কামোৰ মাৰি গ’ল।খোৱা শেষ হোৱাৰ পাছত যাদৱে পানীৰ বটলটোৰে ঘোট-ঘোটকৈ তিনিঘোটমান পানী ডিঙিৰে পেটলৈ পাৰ কৰি গৰ..ৰৌ কৈ উগাৰ এটা মাৰিলে। তাৰপাছত বটলটোৰ পানীৰে সামান্যভাৱে আঙুলিৰ আগকেইটা আৰু ওঁঠখন তিয়াই ডিঙিত ওলমি থকা গামোচাখনেৰে মুখখন আৰু আঙুলিকেইটা মচি ল’লে। এইবাৰ সি জেপৰ পৰা ৰঙা চাদাৰ টেমা এটা উলিয়াই চূণ অলপ বাওঁহাতৰ তলুৱাত লেটিয়াই লৈ চাদা অলপ ওপৰত বাকি সোঁহাতৰ বুঢ়া আঙুলিটোৰে ৰগৰি থাকিল। এই চাদা মলা হোৱাৰ পাছত থাপ-থাপকৈ তিনিটা থাপৰ মাৰি ধূলিখিনি উৰুৱাই দুয়ো আঙুলিৰে তলুৱাৰ পৰা মিশ্ৰণখিনি উঠাই ওঁঠত ভৰালে। জিভাৰে অদৰকাৰী চাদাৰ কণাকেইটা থুঃ থুঃকৈ বাহিৰলৈ চিটিকাই পঠিয়ালে।হাত দুখন পেণ্টতে ঘঁহি সি আঁ‌ঠুৰ ওচৰতে ভৰি দুটা কোঁচাই কাঠৰ বেৰখনতে মূৰটো দি আঁ‌উজি দিলে।এইখিনি সময়ত কিছু জিৰণিৰ দৰকাৰ।

: হেল্ল’…হেল্ল…..হেল্ল’…

এনেতে যাদৱে শুনা পালে; তাৰ কাষতে যেন কোনোবাই ফুচফুচাইছে! সি ইফালে সিফালে চালে, কিন্তু কাকো নেদেখিলে। সি আকৌ তক্তাৰ বেৰখনত মূৰটো এৰি দিলে।

: হেল্ল’…হেল্ল’…

আকৌ কোনোবা নাৰীৰ ফুচফুচনি শুনিবলৈ পালে সি।এইবাৰ সি অনুভৱ কৰিলে ফুচফুচনিটো বাহিৰৰ পৰা আহিছে। সি যিখন কাঠৰ বেৰত মূৰটো আঁউজাই থৈছে; ঠিক সেইখিনিৰ পৰাই মানে ঘুমটিখনৰ পিছফালৰ পৰা মাতটো আহিছে। যাদৱে তক্তাৰ বেৰৰ ফাঁকেৰে বাহিৰলৈ জুমি চালে। সি দেখিলে বাহিৰত জীনচ্ টপ পিন্ধা, চকুত ক’লা চশমা লগোৱা এক যুৱতী থিয় হৈ কাৰোবাৰ লগত মোবাইলত কথা পাতিবলৈ চেষ্টা কৰি আছে। সিফালৰ পৰা ফোনটো আহিলেও কাট খাই গৈছে। ছোৱালীজনীয়ে ফোন কৰিলেও কাট খাই গৈছে। ছোৱালীজনীৰ কাষত এটা মজলীয়া আকাৰৰ চুটকেচ। তাইৰ মুখত দুঃচিন্তাৰ চাপ।কিবা এটা উৎকণ্ঠাত তাই চটফট কৰি আছে। বাৰে বাৰে তাই চুৰ্ণী জাতীয় কাপোৰ এখনেৰে কপালখন আৰু মুখখন মচি আছে। যাদৱে ছোৱালীজনীক ভৰিৰ পৰা মূৰলৈকে লক্ষ্য কৰিলে।তাৰপাছত চুটকেচটোলৈ চালে।

ছোৱালীজনী ঘুমটিখনৰ পিছফালে কিয় লুকাই থকাৰ দৰে আছে? কিয় তাই ইমান টেনচনত আছে? তাই কাৰ লগত কথা পাতিব বিচাৰিছে? এই চুটকেচটোত কি আছে?

কেইবাটাও প্ৰশ্নই যাদৱৰ মনটো দোলা দি গ’ল। সি লাহে-লাহে বাতৰি কাকতখন আনি আকৌ চি.চি.টি.ভি. কেমেৰাত ধৰা পৰা ডকাইতকেইটাৰ অস্পষ্ট ফুটেজটো চালে। তাত ক’লা চশমা পিন্ধা মুখ ঢকা এক যুৱতীৰ ফটোও আছে। যাদৱে ফটোখন চাই আকৌ তক্তাৰ ফাঁকেৰে বাহিৰলৈ জুমি ছোৱালীজনীলৈ চালে। যাদৱ উচাপ খাই উঠিল। ফটোখনৰ সৈতে বাহিৰত ৰৈ থকা ছোৱালীজনীৰ চেহেৰাৰ সাদৃশ্য আছে! যাদৱ এইবাৰ ঘামি উঠিল। সি কি কৰো কি নকৰোকৈ ছোৱালীজনীলৈকে মনে মনে জুমি চাই থাকিল।

ধোঁৰ….ধোঁৰ….

এনেতে ছোৱালীজনীৰ হাতত ভাইব্ৰেছনত থকা ফোনটো কঁপি উঠিল।

: হে হে হেল্লো!

: কিয় কাটি দিছা ফোনটো বাৰে বাৰে? মোৰ টেনচন হৈ গৈছে। কিবা দিগদাৰী হোৱা নাইতো।

সিফালৰ পৰা কোনোবা পুৰুষৰ কণ্ঠ যাদৱে শুনা পালে।

: মই ক’ত কাটিছোঁ! নিজে নিজে কাট খাই গৈছে। মই তোমালৈ মাৰি মাৰি হাৰি গৈছো। টাৱাৰৰ প্ৰব্লেম। তুমি সোনকালে আহি যোৱা। পুলিচে পিয়াপি দি ফুৰিছে কিজানি! বিৰাট টেনচেনত আছোঁ মই।

ছোৱালীজনীয়ে ফুচফুচাই কৈ উঠিল।

যাদৱ উচাপ খাই উঠিল। তাৰমানে….. ছোৱালীজনী!

: অহ্ গড্! তুমি এতিয়া ক’ত আছা?

সিফালৰ পৰা আকৌ পুৰুষৰ কণ্ঠস্বৰ শুনা গ’ল।

: থানাৰ ওচৰত!

: কি! পাগল হৈছা!

: মই কি কৰিম। সি এইখিনিতে নমাই দি ক’লে যে আগত পুলিচ চেকিং এটা আছে। আগলৈ যোৱা ভাল নহ’ব। তুমি আহি বোলে লৈ যাবা। থানাৰ আগত এনেয়েও কোনেও সন্দেহ নকৰে বোলে।

: পাগল হ’ল সি!

: প্লীজ, তুমি আহি যোৱানা। মোৰ ভয় লাগিছে।

আকৌ যুৱতীৰ ভয়াৰ্ত ফুচফুচনি।

: মোক কোনোবাই দেখিলেওতো সন্দেহ কৰিব। মোকোতো পুলিচে বিচাৰি আছে চাগৈ।

: কথাটো হয়। কিন্তু মোৰ মূৰে কাম কৰা নাই।

: একো ভয় নকৰিবা! বস্তু আনিছা?

: একেবাৰে থেচি থেচি ভৰোৱা আছে! এই চুটকেচটোৰ পৰাহে মোৰ ডাঙৰ অসুবিধা হৈছে। ইমান গধুৰ এইটো মই কেনেকৈ ডাঙি লৈ চহৰৰ মাজে মাজে ফুৰিছোঁ কি ক’ম। সকলোৱে ঘূৰি ঘূৰি চাইছে। মই ভয়তে এঠাইত লুকাই থকাৰ দৰে আছোঁ। কোনোবাই যদি সন্দেহ কৰি….

ছোৱালীজনীয়ে আকৌ ভয়াৰ্ত কণ্ঠেৰে ফুচফুচালে।যাদৱে মাথো দুই চকু স্থিৰ কৰি তক্তাৰ ফাঁকেৰে তাইলৈ চাই থাকিল।

: ভয় নকৰিবা। তুমি বহুত সাহসী ছোৱালী। ইমান ডাঙৰ কাম এটা তুমি কৰিব পাৰিলা যদি বাকীখিনিও পাৰিবা। এটা কাম কৰা। অটো বা টেক্সী এখন লৈ তুমি সাউতকৈ আহি যোৱা। পৰ্বতপুৰ তিনিআলিলৈ। তাৰ পৰা ক’লৈ আহিব লাগিব তুমিতো জানাই। তাতে আমি আটাইকেইটা থাকিম।

: কিন্তু……

: কোনো কিন্তু নাই। মই তোমাক উঠাবলৈ তালৈ গ’লে বিপদ হ’ব পাৰে। তুমি চুৰ্ণীখনেৰে ৰ’দৰ পৰা বাচিবলৈ মুখখন ঢাকিও ল’ব পাৰা। কিন্তু আমিতো নোৱাৰো, বুজিলা!

সিফালৰ পৰা ফোনটো কাটি দিলে। ছোৱালীজনীয়ে দীৰ্ঘ নিশ্বাস এটা এৰিলে।যাদৱে কি কৰো কি নকৰোকৈ বহি থাকিল। এবাৰ ভাবিলে ৰাজবংশীক ফোন কৰি জনোৱা যাওক নেকি। তাৰপাছত ভাবিলে “হীৰামণি জুৱেলাৰী”ৰ ফোন নম্বৰটোলৈকে ফোন কৰা যাওক। পাঁচলাখ টকাৰ পুৰস্কাৰৰ কথা আছে।

: হেই হেই… অটো অটো…

এনেতে ছোৱালীজনীয়ে চুটকেচটো হাতত লৈ জাঁ‌প মাৰি ওলাই অহাদি যাদৱৰ দোকানৰ আগলৈ ওলাই আহিল। তাইৰ মুখখন চুৰ্ণী এখনেৰে ঢকা। তাই ৰাস্তাৰে আহি থকা এখন অটো খৰধৰকৈ ৰখালে। অটোখন ৰৈ দিয়াৰ লগে লগে তাই চুটকেচটোৰ সৈতে জাঁ‌প মাৰি পিছফালে উঠি ল’লে। অটোখন আগবাঢ়িল। যাদৱে কি কৰো কি নকৰোকৈ মুহূৰ্তৰ বাবে থমকি ৰ’ল। তাৰ পাছত সি হঠাতে ঘুমটিখনৰপৰা জাপ মাৰি নামি দোকানখনৰ জাপখন তললৈ পেলাই কাষতে ৰখাই থোৱা টি.ভি.এচ. মপেদখন একে কিকে ষ্টাৰ্ট কৰি অটোখনৰ পিছে পিছে তীব্ৰ গতিৰে আগবাঢ়িল। চহৰৰ যান-জঁতৰ মাজেদি অকাই পকাই অটো আৰু মপেদ দুয়োখনেই নিজৰ সমস্ত শক্তি লগাই আগলৈ দৌৰি গৈ থাকিল। যাদৱ জুলাই মাহৰ তীব্ৰ গৰমত আৰু দম বন্ধ হৈ যাব পৰা উৎকণ্ঠাত ঘামি জুৰুলি জুপুৰি হৈ পৰিছে।

এটা সময়ত অটোখন গৈ পৰ্বতপুৰ তিনিআলি পালেগৈ। অটোখন বাওঁহাতৰ ৰাস্তাটোৰে আগবাঢ়িল।যাদৱেও সেইটো ৰাস্তাৰ ফালে মপেদ ঘূৰালে। সেইফালে গৈ থাকিলে আগলৈ পাহাৰ এটা পাই। একেবাৰে ওপৰৰ ফালে জনবসতি কম। অঞ্চলটো একেবাৰে নিজান। গাখীৰৰ খুটি দুটামান আছে মাত্ৰ। সেই অঞ্চলটো না না ধৰণৰ অপৰাধৰ বাবে কুখ্যাত। যাদৱ অলপ সাৱধান হ’ল।

এসময়ত অটোখন এঠাইত ৰৈ গ’ল। অটোখনে আৰু ওপৰলৈ নাটানে। ছোৱালীজনী নামি পৰিল। অটোচালকজনক ভাড়াটো দি ছোৱালীজনীয়ে হাতত চুটকেচটো লৈ এইবাৰ লুংলুঙীয়া পথটোৱেদি ওপৰলৈ খোজকাঢ়ি গৈ থাকিল। যাদৱেও লৰালৰিকৈ মপেদখন ৰাস্তাৰ কাষতে থিয় কৰি মনে মনে ছোৱালীজনীৰ পিছ ল’লে। ছোৱালীজনীয়ে নেদেখাকৈ সি তাইক অনুসৰণ কৰি গৈ থাকিল। দুয়োফালে ঘন পাহাৰীয়া জংঘল। ছোৱালীজনীয়ে কেকোঁজেকোঁকৈ গধুৰ চুটকেচটো লৈ আগলৈ গৈ থাকিল। এটা সময়ত ছোৱালীজনীৰ বোধহয় ভাগৰ লাগিছিল। তাই অলপ ৰৈ দিলে। লগে লগে যাদৱো গছ এজোপাৰ আঁৰত লুকাই ৰৈ দিলে। তাই ইফালে সিফালে কিবা এটা চালে। ৰাস্তাটোৰ কাষতে পুৰণি ভগা ঘৰ এটা আছে। হাবি জংঘলেৰে আগুৰি আছে সৰু ঘৰটো।হয়তো ফৰেষ্ট ডিপাৰ্টমেন্টৰ অলাগতিয়াল পুৰণি ঘৰ।

তাই কিবা এটা ভাবি ৰাস্তাটোৰ কাষতে চুটকেচটো থিয় কৰি তাৰ ওপৰতে বহি দুবাৰমান দীঘলকৈ উশাহ সলালে। তাৰপাছত তাই কাৰোবালৈ ফোন কৰিলে। যাদৱে মন কৰিলে অলপ দেৰিৰ পাছত সেই ঘৰটোৰ ফালৰ পৰা এজন যুৱক ওলাই আহিল। তেওঁ ইফালে সিফালে চাই ছোৱালীজনীৰ কাষলৈ আহিল। যুৱকজনক যাদৱৰ চিনাকী চিনাকী যেন লাগিল। হয়, সেই বাতৰি কাকতখনত ওলোৱা ফটোখনৰ সৈতে মিল আছে যুৱকজনৰ!

: আহিলা? বাটত কোনো অসুবিধা হোৱা নাইটো!

যুৱকজনে সুধিলে ছোৱালীজনীক।

: নাই, কিন্তু বিৰাট টেনচনত আছিলো জানা।

ছোৱালীজনী বহাৰ পৰা থিয় হ’ল।

: একো নাই। সকলো টেনচন দূৰ হৈ যাব।

যুৱকজনে ছোৱালীজনীক কৈ এইবাৰ লাহেকৈ চুটকেচটোৰ লকটো খুলিলে। ক্লাককৈ শব্দ এটা হ’ল। ঢাকনখন দাঙি দিয়াৰ লগে-লগে চুটকেচটোৰ ভিতৰৰ পৰা এক উজ্জ্বল সোণালী আভাই সিহঁতৰ লগতে যাদৱৰো চকু চাট্ মাৰি ধৰিলে! চুটকেচটোৰ ভিতৰত ঠাহি ঠাহি ভৰোৱা আছে এদ’ম সোণৰ অলংকাৰ! যাদৱৰ মূৰটো ঘূৰাই যোৱাৰ দৰে লাগিল।

: ভেৰী গুড!

যুৱকজনে আকৌ চুটকেচটো বন্ধ কৰি কৈ উঠিল।

: এতিয়া আমি ক’লৈ যাম?

ছোৱালীজনীয়ে সুধিলে যুৱকজনক।

: সকলো বন্দবস্ত হৈ আছে। সকলো তাতে তোমালৈ ৰৈ আছে। ব’লা ভিতৰলৈ যাওঁ। ইয়াত কোনোবাই দেখিলে কথাটো বেয়া হ’ব।

যুৱকজনৰ পিছে পিছে ছোৱালীজনী সেই ভগ্নপ্ৰায় ঘৰটোৰ ফালে আগবাঢ়িল।যুৱকজনৰ হাতত চুটকেচটো। যাদৱো লগে-লগে গছজোপাৰ আঁৰৰ পৰা ওলাই আহি মনে-মনে সিহঁতৰ পিছ ল’লে। যুৱক-যুৱতীহাল ইতিমধ্যে ঘৰটোৰ ভিতৰত সোমাই পৰিছিল। যাদৱে বহি বহি যোৱাৰ দৰে গৈ মনে মনে ভগা খিৰিকী এখনেৰে সিহঁতক জুমি চালে।

: সিহঁত ক’ত?

ছোৱালীজনীয়ে সুধিলে যুৱকজনক।

: সেয়া শুই আছে দেখা নাই! সিহঁত চিৰদিনৰ বাবে শুই পৰিছে!

যুৱকজনে কোঠাটোৰ অন্ধকাৰ চুকটোলৈ আঙুলিয়াই ক’লে। যাদৱেও সেইফালে চাই পঠিয়ালে। তাৰ মুখৰ পৰা কোনোমতেহে চিৎকাৰ এটা নোলাল। চুকত দুটা মৃতদেহ পৰি আছে!

: আ আ….

হঠাৎ ছোৱালীজনীয়ে চিঞৰি উঠিব খুজিছিল। কিন্তু তাৰ আগতেই যুৱকজনে ছোৱালীজনীৰ মুখত সোপা দি বেৰখনত মূৰটো হেঁচি ধৰিলে।

চিউব! চিউব! চিউব!

তিনিটা শব্দ শুনা গ’ল। লগতে সামান্য জুইৰ স্ফুলিংগই কোঠাটো সামান্য পোহৰাই তুলিলে।ছোৱালীজনী লেউসেউ হৈ দমহকৈ মজিয়াখনত বাগৰি পৰিল। তাইৰ তলপেটৰ পৰা এসোঁতা তেজ মজিয়ালৈ বাগৰি আহিল। যুৱকজনে পিষ্টলটো লগে লগে কঁকালৰ খোচঁনীত ভৰাই ছোৱালীজনীৰ মোবাইলটো হস্তগত কৰিলে। তাৰপাছত হাতত চুটকেচটো লৈ লগে-লগে বাহিৰলৈ ওলাই আহিল। যাদৱে কি কৰো কি নকৰোকৈ হঠাতে পিছফালৰ পৰা যুৱকজনৰ ওপৰত জঁ‌পিয়াই পৰিল। যুৱকজন কৰ্ফাল খাই পৰিছিলগৈ। যাদৱে লগে-লগে তাৰ পৰা পিষ্টলটো কাঢ়ি আনিলে। সি যুৱকজনৰ বুকুৰ ওপৰত বহি পিষ্টলটোৰ নালটো যুৱকজনৰ কপালত হেঁচি ধৰিলে।

: হেল্ল’ হেল্ল’…..

এনেতে যাদৱৰ কাণত আকৌ কোনোবাই ফুচফুচাই উঠিল! সি উচাপ খাই উঠিল।

: যাদৱে মন কৰিলে সি ঘুমটিখনৰ ভিতৰতে আঁ‌উজি বহি আছে! তেনেহ’লে, তেনেহ’লে, এইমাত্ৰ ঘটি যোৱা ঘটনাবোৰ! সি আকৌ তক্তাখনৰ ফাঁকেৰে বাহিৰলৈ চালে। ছোৱালীজনীয়ে ফুচফুচকৈ কাৰোবাৰ লগত ফোনত কথা পাতিয়েই আছে!

: ভয় নকৰিবা। তুমি বহুত সাহসী ছোৱালী। ইমান ডাঙৰ কাম এটা তুমি কৰিব পাৰিলা যদি বাকীখিনিও পাৰিবা। এটা কাম কৰা। অটো বা টেক্সী এখন লৈ তুমি সাউতকৈ আহি যোৱা। ঐপৰ্বতপুৰ তিনিআলিলৈ। তাৰ পৰা ক’লৈ আহিব লাগিব তুমিতো জানাই। তাতে আমি আটাইকেইটা থাকিম।

: কিন্তু……

ছোৱালীজনীয়ে কৈ উঠিল পুৰুষ কণ্ঠটোৰ উত্তৰত।

যাদৱে আকৌ একেকেইটা কথোপকথন শুনাৰ দৰে পালে। কিন্তু……

: হেই, অটো, অটো।

এনেতে যাদৱে দেখিলে সেই আগৰ দৰেই ছোৱালীজনীয়ে ঘুমটিখনৰ পিছফালৰ পৰা মুখখন চুৰ্ণী এখনেৰে মেৰিয়াই ওলাই আহিল। অটো এখন লৰালৰিকৈ ৰখাই চুটকেচটোৰে সৈতে জাঁ‌প মাৰি উঠিল! অটো আগবাঢ়িল। সেই আগৰ দৰেই ঘটনাবোৰ আগবাঢ়ি গ’ল।

যাদৱ ঘুমটিখনৰ পৰা জাঁ‌প মাৰি নামি দোকানখনৰ জাপখন তললৈ পেলাই, কাষতে ৰখাই থোৱা টি.ভি.এচ. মপেদখন একে কিকে ষ্টাৰ্ট কৰি, অটোখনৰ পিছে পিছে তীব্ৰ গতিৰে আগবাঢ়িল। চহৰৰ যানজঁতৰ মাজেদি অকাই পকাই অটো আৰু মপেদ দুয়োখনেই নিজৰ সমস্ত শক্তি লগাই আগলৈ দৌৰি গৈ থাকিল। যাদৱ জুলাই মাহৰ তীব্ৰ গৰমত আৰু দম বন্ধ হৈ যাব পৰা উৎকণ্ঠাত ঘামি জুৰুলি জুপুৰি হৈ পৰিছে।

এটা সময়ত অটোখন গৈ পৰ্বতপুৰ তিনিআলি পালেগৈ। অটোখন বাওঁহাতৰ ৰাস্তাটোৱেদি আগবাঢ়িল।যাদৱেও সেইটো ৰাস্তাৰ ফালে মপেদ ঘূৰালে। সেইফালে গৈ থাকিলে আগলৈ পাহাৰ এটা পাই। একেবাৰে ওপৰৰ ফালে জনবসতি কম। অঞ্চলটো একেবাৰে নিজান। গাখীৰৰ খুটি দুটামান আছে মাত্ৰ। সেই অঞ্চলটো না-না ধৰণৰ অপৰাধৰ বাবে কুখ্যাত। যাদৱ অলপ সাৱধান হ’ল।

এসময়ত অটোখন এঠাইত ৰৈ গ’ল। অটোখনে আৰু ওপৰলৈ নাটানে। ছোৱালীজনী নামি পৰিল। অটোচালক জনক ভাড়াটো দি ছোৱালীজনীয়ে হাতত চুটকেচটো লৈ এইবাৰ লুংলুঙীয়া পথটোৱেদি ওপৰলৈ খোজকাঢ়ি গৈ থাকিল। যাদৱেও লৰালৰিকৈ মপেদখন ৰাস্তাৰ কাষতে থিয় কৰি মনে মনে ছোৱালীজনীৰ পিছ ল’লে। ছোৱালীজনীয়ে নেদেখাকৈ সি তাইক অনুসৰণ কৰি গৈ থাকিল। দুয়োফালে ঘন পাহাৰীয়া জংঘল। ছোৱালীজনীয়ে কেকোঁজেকোঁকৈ গধুৰ চুটকেচটো লৈ আগলৈ গৈ থাকিল। এটা সময়ত ছোৱালীজনীৰ বোধহয় ভাগৰ লাগিছিল। তাই অলপ ৰৈ দিলে। লগে লগে যাদৱো গছ এজোপাৰ আঁৰত লুকাই ৰৈ দিলে। তাই ইফালে-সিফালে কিবা এটা চালে। ৰাস্তাটোৰ কাষতে ওপৰলৈ মানে পাহাৰটোলৈ খটখটিৰে এটা ৰাস্তা উঠি গৈছে। ওপৰত এটা সুন্দৰ মন্দিৰ। ৰাধা-কৃষ্ণ মন্দিৰ। মন্দিৰলৈ সোমোৱা তোৰণখনত লিখা আছে নামটো।

: হেল্ল’

তাই সেই খটখটিটোৰ কাষত থিয় হৈ কাৰোবালৈ ফোন কৰিলে। এটা সময়ত দেখা গ’ল ওপৰৰ পৰা খটখটিটোৱেদি এজন যুৱক নামি আহিছে। যুৱকজনক যাদৱে চিনি পালে। ৰমানন্দ! তাৰ দোকানলৈ প্ৰায়েই আহে পাণ খাবলৈ।

: আহিলা! বাটত কোনো দিগদাৰী…..

: নাই নাই! সকলো অ’কে। অলপ টেনচন হৈছিল আৰু।

ছোৱালীজনীয়ে কৈ উঠিল।ৰমানন্দই চুটকেচটো ডাঙি ছোৱালীজনীক কৈ উঠিল, “ব’লা তোমাৰ কাৰণেই সকলো ৰৈ আছে!”

ছোৱালীজনী তাৰ পাছে পাছে খটখটিৰে ওপৰলৈ আগবাঢ়িল। যাদৱো সিহঁতৰ পিছে পিছে মনে মনে আগবাঢ়িল। এটা সময়ত সিহঁত মন্দিৰটোৰ ওপৰ পালেগৈ। যাদৱে দেখিলে মন্দিৰত এজাক যুৱক-যুৱতী হাঁহি খিকিন্দালি কৰি ৰৈ আছে।

: আৰে যাদৱ দা! আপুনি ইয়াত কি কৰিছে?

হঠাতে ৰমানন্দই যাদৱক দেখি চিঞৰি উঠিল। যাদৱ অলপ অপ্ৰস্তুত হ’ল।

: নাই নাই। মানে এনেয়েই আৰু। চাকি এগচ দিবলৈ আহিছিলো। হিঃ হিঃ হিঃ। তুমি আকৌ ইয়াত কি কৰিছা?

: এ নক’ব আৰু! আজি দিপালীক একেবাৰে পলুৱাই লৈয়ে আনিলো! তাইৰ ঘৰৰ পৰা নিদিয়ে। কি কৰিব আৰু! এতিয়াও বোলে চাৰিওফালে পুলিচ লগাই দিছে। কিদালনো কৰিব অ’ যাদৱ দা। মিঞা বিবি ৰাজী, ত’ ক্যা কৰেগা কাজী! কি কয় যাদৱ দা! ইয়াতে নিয়মটো কৰি আজি ফুটিম! ভালেই হ’ল আপুনি আহিলে। এটা আশীৰ্বাদ কৰি যাব আৰু!

ৰমানন্দই কৈ উঠিল যাদৱক।

: ইয়ে ৰাম! হয় নেকি! অতি ভাল খবৰ। অতি ভাল খবৰ। ব’লা ব’লা। হিঃ হিঃ হিঃ!

যাদৱ ৰমানন্দৰ পিছে পিছে আগবাঢ়িল। সি ৰমানন্দৰ হাতৰ চুটকেচটোলৈ সন্দেহৰ দৃষ্টিৰে চাই গ’ল। এপাকত যাদৱে ধেমালিৰ চলেৰে ৰমানন্দক সুধিলে,

: ঐ ৰমানন্দ! ইমান ডাঙৰ চুটকেচটোত কি আনিলি ঐ? হিঃ হিঃ হিঃ।

: এ দাদা, আপুনিটো জানেই মোৰ অৱস্থাৰ কথা। মই দিপালীক আগতেই ক’লো, “ভাই আহিছ আহ। কোনো কথা নাই। কিন্তু মোৰ অৱস্থাটো জানয়। একেবাৰে ফকীৰ। তই আহোঁতে কিন্তু যি পাৰ কাপোৰ কানি, গহনা-গাঁ‌থৰিৰে বেগটো ঠেচ্চি ঠেচ্চি ভৰাই আনিবি!”

☆★☆★☆

Comments

  1. আলোচনীৰ পাতত প্ৰথমেই বৈদুৰ্য্য বৰুৱাৰ লিখনি বিচৰা আৰু পঢ়া অভ্যাসেই হৈ গৈছে। ভাল লাগিল বহুত।

  2. ধন্যবাদ দাদা …..আগলৈ আৰু পঢ়িবলৈ পাম বুলি আশা ৰাখিছোঁ

Leave a Reply

Your email address will not be published. Required fields are marked *