ফটাঢোল

বেলনা মাৰি – অমিতাভ মহন্ত

মেচত খানাৰ যোগাৰ চলিছে৷ পঙ্কজে চাকৰি পোৱাৰ স্ফূৰ্তিতে গাহৰিৰ খানা পাতিছে৷ গৰমত গোটেইকেইটাৰ অৱস্থা নাই৷ উদি মুদি হৈ বহি আছো৷ মনোজ আৰু আলোকৰ পেটত ইতিমধ্যে ঘুটুং পানী পৰিলেই৷ দুয়ো প্ৰকাণ্ড পেট দুটা উলিয়াই দেৱদাস চিনেমাখনৰ ‘দোলা ৰে দোলা’ গানটোৰ তালে তালে তামাম নাচি আছে৷ আমিও গাহৰি ভাজি আৰু ভাঙৰ ধোঁৱাৰ মাজত দুয়োৰে নৃত্যৰ মজা লৈ আছো৷ নৃত্য, বস্ত্ৰ, ধোঁৱা এই সকলোবোৰ মিলি এক ব্যভিচাৰ পৰিবেশ৷

একে জাপে গোটেইকেইটা এটেনচন পজিচনত আহি গ’লো৷ দুৱাৰমুখত দেখোন এয়া মিলি৷ ঢিলা ইলাষ্টিকৰ হাফপেন্টটো টানি টানি পঙ্কজে ক’লৈ দৌৰ মাৰিলে আমি তৰ্কিবই নোৱাৰিলো৷ আলোক, মনোজৰ পেট তেনেকৈ ওলায়েই থাকিল৷ ময়ো কোনোমতে গাটো গামোচা এখনেৰে ঢাকি বেঙা হাঁহি এটা মাৰি লাহেকৈ মাত দিলো,
-ইয়াতে আহি পালা যে?
-তুমি বিৰাট বেয়া৷ ইমান ফোন কৰিছো ৰাতিপুৱাৰ পৰা, ফোন উঠোৱা নাই যে?
– মানে…. এই পাৰ্টীৰ জা-যোগাৰত অলপ লাগি আছিলো৷ আৰু আবেলিটো শ্ৰদ্ধাঞ্জলি কাননত একেলগে যামেই৷
– নাযাওঁ পাৰ্কে চাৰ্কে৷

গৰজি উঠিল মিলি৷ অলপ সাহস গোটাই লাহেকৈ মাত দিলো৷
– কিয়? কি হ’লনো?
– নাযাওঁ কৈছো নাযাওঁ৷ এইফালে মই মৰিছো টেনচনত, আৰু তুমি গাহৰি খোৱাত বিজি৷ যিদিনা গৰমত ফুটি মৰিবা সেইদিনাহে গম পাবা৷
– ধেই নমৰো ইমান সোনকালে৷ জিমত গৈ এনেই বডী বনাই আছোনে? বাৰু কি হ’ল কোৱাচোন৷ একেবাৰে তুফান হৈ আহিছা যে?
– মই ঘৰত নাথাকো আৰু৷ আজিও সেই শগুনটো আহিছিল৷ দেউতাই তাৰ লগতে মোক বিয়া দিব বোলে৷
– হমমম৷
– কি হমমমম্ মাৰি আছা? মোক নিবা নে নিদিয়া এতিয়াই কোৱা৷ নহ’লে মই…
– ৰ’বাহে৷ চাঞ্চ পালেই গৰম হৈ যোৱা৷ নিনিম আকৌ কিয়? দস্তুৰমত তিনি বছৰ প্ৰেম কৰিছো৷
– তেন্তে ব’লা৷
– ক’লৈ ?
– বিয়া পাতিবলৈ৷

আজি আমাৰ বিয়া৷ এইকেইটাই কি কৰিলে পাত্তাই নাপালো৷ একো ভাবিব সময়েই নাপালোঁ৷ কিডনেপ কৰাদি মোক এইকেইটাই ডাঙি আনিছে৷ এতিয়া বহি আছো মন্দিৰত৷ মোৰ মুখ ফুলা, কেনেকৈ আহিলো একো পাত্তা নাপালো কাৰণে৷ মিলিৰ মুখ ফুলা, দৰাটোক লংপেন্টটো পিন্ধিব সময় নিদিলে এই অসুৰকেইটাই৷ হাফ পেন্ট পিন্ধিয়ে আহি গ’লো৷ বামুণৰ মুখ ফুলা, মাননি যে নাপায় সেয়া সি ঠিক বুজিছে৷ এইফালে শিয়ালকেইটাই মুখ টিপি টিপি হাঁহিব ধৰিছে৷ মনোজে চাগে মন্দিৰলৈ অহাৰ আগে আগে বটলৰ বাকীখিনি এবাৰতে মাৰি আহিছে৷ বাহিৰৰ চিৰিত বাগৰি বাগৰি নাগিন ডেঞ্চ কৰাত লাগি গৈছে৷ বেটাহঁতৰ বিয়াত ময়ো বদলা ল’ম৷ মই ৰুমত আনি থৈ দিয়া সেই ভালুককেইটাৰ কচম৷

ৰিক্সাত কইনা আনি আছো৷ পাছে পাছে কিডনেপাৰ প্লাছ বৰযাত্ৰীৰ দলটো৷ হাজাৰ হ’লেও মিলি ছোৱালী, তাতে আজি কইনা৷ চুৰ্ণীখনকেই ওৰণিৰ দৰে লৈছে৷ ৰিক্সাৱালা তুফান গতিত উৰি গৈছে৷ মিলিৰ মুখত হাঁহি৷ উপায় নাই, ময়ো মিলমিলিয়া হাঁহি দি গৈ আছো৷ ইফালে মনত হাজাৰটা চিন্তা৷ মাহৰ শেষ৷ শিয়াল কেইটাৰ পাল্লাত পৰি এক কেচ ভালুক বধিলো৷ এতিয়া পইচা পাতি একো নাই লগত৷ মান সন্মান যাব আৰু, উপায় নাই৷ এ বাদ দে, তিৰি মোৰ, লাজ কৰিবলৈ কি আছে৷

মেচ পালো৷ মিলিক লাহেকৈ মাত দিলো,
– শুনাছোন৷
– কি?
– ভাৰাটো দি দিয়াছোন, মাহৰ শেষ নহয়৷ টান পৰিছে অলপ৷

গজেনৰ দোকানত বাকীত তামাম পাৰ্টী চলিছে আজি৷ দালি, ভাত, আলু পটলৰ ডালনা, লাব্ৰা, বিলাহী দি মাছ, ব্রইলাৰ, নেমু… কি নাই আজি৷ বিয়াৰ পাৰ্টী বুলি পকৰী কমপ্লিমেন্টেৰী৷ আচলতে দোকানৰ পিছফালে আলোকহঁতে ভালুক খহাইছে৷ তাতে ভাগ পাইছে সি৷ নহ’লে সি কৃপনে ফ্ৰি পকৰী দিবনে?
গধুলিৰ পৰা পাৰ্টী আৰম্ভ৷ গজেনে ক’ৰবাৰ পৰা টেপ এটাও আনিছে৷ বাপ্পা ঐ কি চাউণ্ড! কুমাৰ চানুই চেহাই দিছে একেবাৰে৷

বিয়াৰ পাৰ্টী ভালে ভালে গ’ল৷ বকাসুৰ কেইটাই দগৰি খালে৷ সিহঁতৰ অত্যাচাৰত শেষত মই আৰু মিলিয়ে গজেনৰ হেল্পাৰ কেইটাৰ লগত অকল দালি, ভাত আৰু আলু-পটলৰ ডালনা হে খাব পালো৷ দিনটো ভোকত আছিলো, তাকেই খাই আঠমঙলা খোৱা যেন তৃপ্তি পালো৷

মেচত মিলি আৰু মই অকলে৷ এইকেইদিন মোৰ বাবে মেচ এৰি দিছে ৰাইজে৷ দিনটো ইমান দৌৰাদৌৰিত কি হ’ল পাত্তাই নাপালো, ল’ৰাৰ পৰা মৰদ হ’লো৷ এতিয়াহে কিবা লাজ লাগিব ধৰিছে৷ মিলি বহি আছে সন্মুখত৷ কি কওঁ ভাবিয়েই পোৱা নাই৷

চক খাই উঠিলো৷ কথা নাই বতৰা নাই, মিলিয়ে মোক সেৱা এটা কৰি দিলে৷ হে ভগৱান, কি কৰে এইজনীয়ে৷ নাৰায়ণ… মোকো সেৱা কৰা মানুহো আছে!

এতিয়াহে মনত পৰিল, আলোকে মোক মিলিক দিবলৈ কিবা এটা প্ৰেজেণ্ট কিনিব দিছিল, ৰাতি দিবলৈ৷ পাহৰিলো নহয়৷ কি কৰা যায় এতিয়া?
হঠাৎ দেখিলো সিদিনা পঙ্কজে নতুনকৈ কিনি আনি থোৱা বেলনা আৰু মাৰি৷ অলপ ভাবি লাহেকৈ তাকে আনি মিলিক দি ক’লো,
– মিলি শুনাছোন৷ অলপ টান পৰিছে বুলিটো গম পাইছাই চাগে৷ বিয়া বুলি এয়াই দিলো দিয়া৷ মানুহটো অলপ এলেহুৱা বুলিটো জানাই তুমি৷ কিবা খং উঠিলে লাহেকৈ মাৰি দালেৰে এক দুই কোব মাৰিব পাৰিবা বুলিয়ে দিলো দিয়া৷
পাছে এটা কথা, সদায় খুণ্ডা খুন্দি লাগিলেওঁ এই দুয়ো কিন্তু লগ নেৰে৷ আমিও সদায় বেলনা আৰু মাৰি হৈ থাকিম দিয়া৷ সদায় একেলগে, নে কি কোৱা…….

– হ’ব দিয়া, পিছত কিন্তু এইডালৰ কোব খালেও বেয়া নাপাবা দেই৷ মৰমতহে মাৰিম কিবা৷ এতিয়াই কৈ থলো দেই৷

লাজ লাজকৈ মিলিয়ে তাইৰ মূৰটো মোৰ কান্ধত পেলাই দিলে৷

☆★☆★☆

11 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *