ৰাতিপুৱা শুই উঠি দাত ঘঁহি থাকোতেই মোবাইলত এটা বাৰ্তা আহিল। পংকজ দাৰ। পংকজ বৰদলৈ।বিশ্ববিদ্যালয়ৰ আমাৰ আবাসৰ প্ৰাক্তন আবাসী।যোৱাবাৰ ‘সতীৰ্থ সন্মিলন’ত চিনাকী হোৱা। আবাস এৰা মোৰেই সাত বছৰ হৈ গ’ল। তেখেতে মোতকৈ ২০বছৰ আগতেই মই থকা আবাসৰ আবাসী আছিল।খুব ৰঙীন মেজাজৰ মানুহ। বয়সত বহুত ডাঙৰ যদিও দাদা ‘ বুলিয়েই মাতোঁ।

মেছেজটো পঢ়ি চালোঁ- ‘বহুত মিছ্ কৰিলা তুমি। যোৱা কালি খুউৱ ফূৰ্তি কৰিলোঁ।’

ফূৰ্তিৰ কথা শুনি ততাতয়াকৈ পংকজ দাক ফোন কৰিলোঁ।

“কি ফূৰ্তি কৰিলে হে পংকজ দা?”

“এহ নক’বা। যোৱা ৰাতি ৰাম, গাহৰি আৰু ধোঁৱা মিহলি সংগীত সন্ধিয়া। দীপকৰ ৰূমত।”

“দীপকৰ ৰূমত? গীতা মানে ন-বোৱাৰী নাই নেকি?”

” নাই। বৌৱেৰাৰ লগত তাই তেজপুৰলৈ গৈছে কামত।”

দীপক মোৰ হোষ্টেলৰ ৰূম-মেট আছিল। সেইসূত্ৰে তাৰ পংকজদাৰ লগতো চিনাকী। মোতকৈ এবছৰ জুনিয়ৰ। দীপকৰ পত্নী মানে গীতা আৰু পংকজ দাৰ পত্নী -জোনালী বৌৰ মাকৰ ঘৰ তেজপুৰত। তেজপুৰলৈ তেওঁলোক আহি থাকে মাজে মাজে। মোৰ পত্নী ৰাণীৰ পৰা গম পাওঁ তেওঁলোক আহিলে। ৰাণীৰ ভাৰাঘৰলৈ এপাক আহেই দুয়ো তেজপুৰলৈ আহিলে।
” আচ্ছা। আপোনালোকে মানুহ দুজনীক তেজপুৰলৈ পঠিয়াই অকলে অকলে ফূৰ্তি কৰি আছে?”

” হেহ! অকল আমি দুজনেই নে? আমাৰ হোষ্টেলৰ বিবাহিত গুৱাহাটীত থকা প্ৰায়খিনিয়েই একগোট হৈছিলো। আয়োজন আগৰ পৰাই চলি আছিল।পিছে সুবিধাহে মিলাব পৰা নাছিলোঁ।”

“সুবিধা মানে? পনীয় খাবলৈ গুৱাহাটীত দেখোন কিমান ‘বাৰ’ আছে? লগত সুস্বাদু মাংস !!”

” ধেই! তুমি কিবা অকৰাৰ দৰে কোৱাহে কথাবোৰ! তাত জানোঁহোষ্টেলৰ দৰে উদ্ভণ্ডালি কৰিব পাৰি? দীপকৰ ভাৰাঘৰৰ মালিক পুনেলৈ গৈছে। পুতেক আৰু বোৱাৰীয়েকৰ খবৰ ল’বলৈ। সেয়েহে অলপ হোষ্টেলৰ কায়দাত এটা দিন পাৰ কৰাৰ বাবে লকলকাই থকা মনবোৰৰ বাবে এই সুবিধাজনক আয়োজন।”

“আচ্ছা। কি কি কৰিলে?”

“কি কৰিম আৰু- নাচ, গান, গীটাৰ, মাংস, পানীয় আৰু ধোঁৱাৰ মাজত সম্পূৰ্ণ আবাসিক কায়দাত এনিশা।”

“আপোনাৰ ল’ৰা এইবাৰ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰা নাই জানো? সি দেখোন ঘৰৰ পৰাই অহা-যোৱা কৰে। সি অকলে ঘৰ ৰখি আছিল নেকি?”

“নাই। তাকো পঠাই দিলো আবাসলৈ। তাক ক’লো- কিনো সদায় সদায় ঘৰত থাকি পঢ়ি ভাল পাৱ। আজি মই থকা আবাসতে এক ৰাতি পঢ়ি আহ।সি বেয়া নাপালে বুদ্ধিটো।”

জোনালী বৌলৈ বেয়া লাগিল। গীতা মানে দীপকৰ পত্নীৰ লগত কি কামত বা আহিছিল তেজপুৰ! এনেই খবৰ এটা লওঁ বুলি ফোন কৰিলো জোনালী বৌক।দুবাৰ মান ৰিং হৈ কাটি যোৱাৰ পিছত উঠালে ফোন।

“বৌ ভাল নে খবৰ?”

“এহ্ নকবা। মূৰৰ বিষত থাকিব পৰা নাই। কালি ৰাতি অলপ উৎপাত বেছি হ’ল!”

” উৎপাত? চোৰ-তোৰ সোমাইছিল নেকি ঘৰত?”

” নাই অ’ । তুমিও কিবা অকৰাৰ দৰে কোৱাহে কথাবোৰ? কালি অলপ মন গ’ল। বিয়েৰ আৰু ৰাণীয়ে বনোৱা চিলী-চিকেন খালোঁ। লগতে ফুল ভলিউমত গানৰ তালে-তালে দোভাগ নিশালৈ নৃত্য। বিয়েৰ অলপ বেছিয়েই হ’ল নেকি! ৰাণীয়ে কোৱা নাই নেকি একো তোমাক?”

” কোৱা নাই! মানে নেটৱৰ্ক নাছিল কালি ইয়াত!”

“চেহ্! মোৰ ওলাই গ’ল মুখেৰে। অ শুনা, দাদায়েৰাক নক’বা এইবোৰ হা! আমি এতিয়াও ৰাণীৰ ভাৰাঘৰতে আছোঁ। বুইছা বহুত দিনৰ পৰা সুবিধা বিচাৰি আছিলোঁ। যোৱা সপ্তাহতে গ’ম পালোঁ- ৰাণীৰ ভাৰাঘৰৰ মালিক পুৰীলৈ গৈছে-তীৰ্থযাত্ৰা।”

“ঠিক আছে দিয়ক।”

ফোনটো কাটি দিলো মোৰো মূৰটো বেয়াকৈ বিষালে।নেমু চৰবত অলপ বনালো। যোৱা নিশা ৰাম,গাহৰি আৰু ধোঁৱাৰ তালে তালে উদ্দাম নৃত্যৰ অত্যাচাৰ মোৰ শৰীৰতো বাৰুকৈয়েই হৈছিল। ভাৰাঘৰৰ মালিক গুৱাহাটীলৈ গৈছে। সুযোগ বিচাৰিয়েই আছিলো- বিবাহিত বৰলাজাকে।

☆★☆★☆

Comments

  1. আমাৰ এনেকুৱা দিন কেতিয়া আহিব জানো!!!

    বঢ়িয়া লাগিল পঢ়ি

Leave a Reply

Your email address will not be published. Required fields are marked *