ফটাঢোল

কাহানী হৰ ঘৰ গীৰাণে কী – কৌশিক দাস

দুপৰীয়াৰ ভাতসাজ লৰালৰিকৈ গিলি ইদিয়ট বক্সৰ সন্মুখত একান্তমনেৰে ব্যস্ত হৈ পৰিল লভিতাৰ মাক। এইখনি সময়ে তেওঁক পৃথিৱীৰপৰা আঁতৰাই লৈ যায়। পাৰিবাৰিক খৰিয়ালৰ ধ্যানযোগত থকা আত্মা বিলীন হয় পৰমাত্মাৰূপী চেনেলবোৰত। ইয়াত থকা প্ৰায় প্ৰতিগৰাকী হাইপ্ৰফাইল শাহুৰ বহু ভিতৰলৈ সোমাই গৈছে তেওঁ! লোকৰ নিদ্ৰা, সুখ হৰণ কৰি হ’লেও সিহঁতৰ উদ্ভট আদৱ কায়দাৰ শৰণ লৈছে। কেৱল “কাহানী হৰ ঘৰ গিৰাণে কী”ক ধিয়াইয়েই পাৰ হৈছে সময়। মজি থকাৰ মাজতে কলিং বেল বাজি উঠিল।

“কোন আছ? বোলো শুনিছনে জোনালী। ক’ত মৰিল ঔ এই ফকটিয়াসোপা!” (চিৰিয়েলৰ নিচাত লভিতাৰ মাকৰ হুঁচ নাই। বোৱাৰীয়েক জোনালী যে যোৱা তিনিদিন ধৰি মাকৰ ঘৰত আছে) এলাহভাৱ প্ৰকট কৰি দুৱাৰখন তেওঁৱেই খুলি দিলে।

“কি মানুহ হে আপোনালোক! পোন্ধৰবাৰৰ কম বজোৱা নাই। ওলাই নাহেহে নাহে।”

“এ নক’বা আৰু, সব “কাহানী হৰ ঘৰ গিৰাণে কী”ৰে কৃপা। চৰিত্ৰবোৰ ইমান নিখুটকৈ সজাইছে যে নিজৰ গাত বিছাই কুটকুটাই থাকিলেও গম নোপোৱা হ’লো।”

“হা: হা:। নক’ব আৰু, মোৰো আপোনাৰ দৰেই অৱস্থা হয়। মূৰত কেতিয়াবা আমৰলিয়ে বাঁহ সাজিব খোজে।”

“আহক ভিতৰলৈ।”

” হ’ব, নালাগে। আৰু দুঘৰমান ঘূৰিব লগা আছে। বাৰু দেৰি নকৰি মুখ্য উদ্দেশ্যলৈ আহোঁ । ১২ তাৰিখে ছোৱালীজনীৰ সংগীত পাৰ্টিভাগ আগবঢ়াম। আপোনালোকক গোটেই ৰাতিটোৰ বাবে নিমন্ত্ৰণ জনালোঁ।”

“নিশ্চয় যাম! ক’কটেইল হ’বতো!”

“ইচ সেইটোও সুধিব লাগিছেনে!”

খোঁচি খোঁচি মিচেছ হাজৰিকাক বিদায় দি লভিতাৰ মাকে পুনৰ খুলি দিলে ইডিয়ট বক্সটো।
“চেহ্! এই মৰতীজনীৰ লগত মেল মাৰি থাকোতে “কাহানী”ৰ দেখোন যবনিকাই পৰিল। ৰিপিটলৈ ৰ’ব লাগিব। বৈশালীয়ে জিন্নতলৈ হাতখন দাঙিছিলহে! চৰটোবা শোধালেনে নাই! মই হ’ব লাগিছিল। চাল্লিক ইধৰইছ তপকাই দিলোহেঁতেন!”
শয়নে সপোনে ঘূৰি থকা চিৰিয়েলবোৰৰ বেসুৰা লয়ে কব্জা কৰি লৈছে মানুহজনীক। উৰ্বশী ধোলাকিয়া, সুধা চন্দন অভিনীত “খল” চৰিত্ৰসমূহে তেওঁৰ মাজত নতুনকৈ গঢ়ি তুলিছে এটা অশুভ প্ৰতিমূৰ্তি। আত্মপ্ৰকাশৰ সন্ধানত লভিতাৰ মাকে অাপ্ৰাণ চেষ্টা চলাইছে। এটাই চিন্তা, ক’ত কেনেকৈ বিস্তাৰ কৰিব পাৰে তেওঁৰ মাহাত্ম্য! ঘূৰি পকি ভবাৰ অন্তত নিজৰ ঘৰখনতকৈ উপযুক্ত আৰু সহজ প্লেটফৰ্ম আৰু ক’তো নোলাল। পৰ্যায়ক্ৰমে বোৱাৰীয়েকৰ সৰু সুৰা কাম কাজ, খোজ-কাটলৰ ওপৰত চলিল আক্ৰমণ। যেনে, চাহ-ভাতত চেনী নিমখৰ কম বেছি পৰিমাণৰপৰা ৰাতিপুৱা তাই চাফা কৰি অহা বাহি চোতালখনত দিনটো দূৰ মুহূৰ্তৰ ভিতৰত এটা সৰাপাতৰ উপস্থিতিও সহ্য নকৰা হ’ল। জোনালীৰ অন্যমনস্কতাৰে সম্পন্ন হোৱা প্ৰতিটো নগণ্য ঘটনাতে শাহুৱেকে আক্ৰোশমূলক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গ’ল। প্ৰথম দুদিন লভিতাৰ মাকে অকলেই মুখ চলালে। জোনালী নিৰৱে থাকিল। এনে নহয় যে তাইৰ মুখ নাই। কিন্তু এইখন যুদ্ধহে তাই অলপ বেলেগকৈ জিকাৰ ইচ্ছা কৰিলে। লভিতাৰ মাকে গালি পাৰি থাকোঁতে ইচ্ছা কৰিয়েই সকলোৱে শুনাকৈ জনাই দিলে তাই, “আজি কি হ’ল জানো! কাণদুখন ইমান গধুৰ হৈ গ’ল! আগত জগমগ ব’ম ফুটালেও নুশুনিম হ’বলা এতিয়া!”

“নাই নাই! এই জৰুৰ ভাও ধৰিছে! আজিৰ নহয় এই বিয়াৰ আগৰেপৰাই কলা।” লভিতাৰ মাকৰ মুখত এইবাৰ বিলাপৰ সুৰ।

“হায় ঐ! মই কালৰীজনীকহে বোৱাৰী কৰিবলৈ পালোঁ অ আই!”

জোনালীৰ সুবিধাৰ্থে লভিতাৰ মাকে গালিবোৰ বেছি উচ্চস্বৰত প্ৰকাশ কৰিবলৈ ধৰিলে। বোৱাৰীয়েক কিন্তু সিমানেই নিৰ্বিকাৰ। বুদ্ধিটোৱে মানুহজনীক সলনি কৰিব নোৱাৰিলেও একপক্ষীয় যুদ্ধখন কিছুদিনতে শাম কাটিব যেন লাগিল। কণ্ঠত বল দি দি ভাগৰি পৰিব লভিতাৰ মাক। শৰীৰৰ সহাৰি সদায় একেধৰণে নাহে বুলি জোনালী নিশ্চিত।

লভিতাৰ মাক সিদিনালৈকে সলনি হোৱা নাছিল। গালি শপনিবোৰে ৰামকলা বোৱাৰীয়েকৰ অকণো গাত লগাব নোৱাৰিলে! এইবাৰ তৎকালীনভাবে নিজৰ জীয়েককে টেষ্ট কৰি চোৱাৰ সিদ্ধান্ত লৈ পেলালে।

“তইনো সেই ধেকেৰী গাওঁখনতে সোমাই থাকিবিনে! বিয়ৈ-বিয়ৈনীক আলধৰিয়েই জীৱনটো শেষ কৰিম বুলি ভাবিছ নেকি!”

“মানে, তোমাৰ মহান উদ্দেশ্যটোৰ আঁৰত কি আছে?”

“ধেই এইজনী! তই মোৰ ছোৱালী হৈয়ো বুজা নাই! শুন, জোঁৱাইক কৈ চহৰলৈ ওলাই অহাৰ ব্যৱস্থা কৰ! আমাৰ ওচৰৰ হাজৰিকা হাউচিং কমপ্লেক্সতো ফ্লেট এটা লৈ থ’ব পাৰ! চা, তহঁতে বিচাৰিলে মই আজিয়েই নামটো ভৰাই থৈ আহিম।”

“অ’হ মম! ইউ আৰ চৌ চুইট, মুউউ……আ! ইমান ধুনু প্লেনিং! হ’ব কিন্তু তাৰ বাবদ মইয়ো তোমাক এটা চৰ্ত দিওঁ বুলি ভাবিছোঁ। তোমাতকৈও ধুনু। শুনাৰ লগে লগে তোমাৰো জন্নত প্ৰাপ্তি হ’ব।”

“কি চুইটহাৰ্ট?” (লভিতাৰ মাক, সামান্য আচৰিত হৈ)

“সেইখন ঘৰ এৰি অহাৰ দিনাখনৰপৰা তোমালোকেও মোৰ লগত সম্পৰ্ক শেষ কৰিব লাগিব। তেওঁ যদি নিজৰ মাক-দেউতাকক এৰিবই লাগে মই কিয় ধৰি ৰাখিব লাগে। এৰো যদি ভালকৈ দুয়োফালেই এৰি হিচাপ বৰাবৰ কৰি দিওঁ! নে কি কোৱা? বঢ়িয়া হ’ব। মই দাদাক ফোন কৰি জনায়ে দিওঁ ৰ’বা।”

“আইজনী, তই!

“অঁ মই। ঘৰ ভাঙিব খোজাগৰাকী মাতৃ কেতিয়াও হ’ব নোৱাৰে! নাৰীয়ে সৃষ্টি কৰিলেহে শুৱায়। দাদায়ো যদি তোমালোকক….?

লভিতাৰ মাকে হাৰ মানিলে। সমগ্ৰ শৰীৰত ৰঙা ফুটফুটীয়া ফোঁহা কিছুমানৰ অস্তিত্বত জিকাৰ খাই উঠিল তেওঁ। অতদিনে পিয়াপি দি ফুৰা ক্ষুদ্ৰ উৰহটোৰ নাম আছিল, “কাহানী হৰ ঘৰ গীৰাণে কী!”

☆★☆★☆

2 Comments

  • Gitika Saikia

    বাস্তৱৰ চিৰাচৰিত ছবি হৈ পৰিছে। আগতেই পঢ়িছিলো। খুব ভাল লাগিছিল।

    Reply
  • নীত কাশ্যপ

    অাগতেই পঢ়িছো। ইয়াত পঢ়ি অাৰু ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *