ফটাঢোল

চেলুলইডত হাস্য-ব্যংগঃ চাৰ্লি চেপলীন, ‘দি গ্ৰেট ডিক্টেটৰ’ ইত্যাদি – গীতিকা শইকীয়া

হাঁহিয়ে জীৱন সহজ কৰে। হাঁহিয়ে আয়ুস বঢ়ায়। জনজীৱনৰ বিৱৰ্তনৰ বিভিন্ন ক্ষেত্ৰত হাঁহি এক অপৰিহাৰ্য অংগ হৈ আহিছে। সাহিত্য-সংস্কৃতি সকলোতেই হাঁহিৰ ভৰপূৰ প্ৰয়োগ-প্ৰসাৰ ঘটি আহিছে। এই হাঁহি তথা হাস্য-ব্যংগক মনোৰঞ্জনৰ এক অন্যতম আহিলা চলচ্চিত্ৰত কিদৰে সংপৃক্ত কৰা হ’ল অথবা হৈ আহিছে তাৰ এক সম্যক আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে। যিহেতু ইউৰোপ আৰু আমেৰিকা মূলতে হলিউডতেই চিনেমাৰ ইতিহাস আৰম্ভ হৈছিল সেয়ে তাৰপৰাই চিনেমা তথা হাস্য-ব্যংগ চিনেমাৰ ক্ৰমবিকাশৰ আলোচনা কৰি লাহে লাহে বলিউড তথা ভাৰতৰ আঞ্চলিক ছবি আৰু শেষত অসমীয়া চিনেমাত হাস্য-ব্যংগৰ ওপৰত আলোচনাটি আগবঢ়াই লৈ যোৱা হ’ব।

চেলুলইড, অৰ্থাৎ চলচ্চিত্ৰত হাস্য-ব্যংগ ৰসৰ পয়োভৰ চিনেমাৰ ইতিহাসৰ এক অতি পুৰণি আৰু জনপ্ৰিয় মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। প্ৰকৃততে হাস্য-ব্যংগ নিৰ্বাক যুগৰ চিনেমাৰ এক অন্তৰংগ আহিলা আছিল। শব্দৰ সমাহাৰ তাত নাছিল, অথচ দৃশ্যায়ণ আৰু শাৰীৰিক অথবা অবয়বিক হাঁহি উঠিবপৰা ধেমালীৰে নিৰ্বাক যুগৰ চিনেমাবোৰ খুব কম সময়তে জনপ্ৰিয় হৈ পৰিছিল।

হাস্য-ব্যংগ চিনেমা নিৰ্মাণৰ উদ্দেশ্যই হৈছে কিছুমান হাঁহি উঠা কথা-কাণ্ড তথা কাহিনীৰে দৰ্শকক হাঁহিৰ খোৰাক দিয়া। চিনেমা হ’ল মনোৰঞ্জনৰ এক অন্যতম মাধ্যম য’ত মানুহৰ জীৱনৰ প্ৰতিনিয়ত হাঁহি-কান্দোনৰ গাঁথাকেই বিভিন্ন ধৰণেৰে দেখুৱাবলৈ চেষ্টা কৰা হয়। জীৱনৰ লগত সংপৃক্ত হাঁহিৰ অবিহনে জীৱনক সূক্ষ্মাতিসূক্ষ্মভাৱে দেখুওৱাটোও সম্ভৱ নহয়। সেয়ে হাস্য-ব্যংগৰ চিনেমাবিলাকত মানুহৰ জীৱনৰ বিভিন্ন ঘটনাক হাঁহি-ধেমালী, কৌতুকেৰে দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰা হয়।

মূলতে হাস্য-ব্যংগ হ’ল সহজ-সৰল ভাষাৰে দৰ্শকক আপ্লুত কৰি মনোৰঞ্জন দিয়াৰ এক প্ৰচেষ্টা। চিনেমাৰ হাস্য-ব্যংগত সাধাৰণতে পৰিস্থিতিবোৰক, ভাষা, অভিনয়, আৰু চৰিত্ৰবোৰক পাৰ্যমানে হাঁহি উঠা কৰি দেখুৱাবলৈ চেষ্টা কৰা হয়। জীৱনৰ জটিলতা, চাৰিত্ৰিক দুৰ্বলতা আৰু ব্যৰ্থতা আদিবোৰক সূক্ষ্মাতিসূক্ষ্মভাৱে নিৰীক্ষণ কৰি এইবোৰক ধেমালীৰ চলেৰে দেখুৱাই দৰ্শকক প্ৰতিদিনৰ একঘেয়ামীৰপৰা আঁতৰাই নিয়াৰ এক প্ৰয়াস স্বৰূপেই চিনেমাত হাস্য-ব্যংগৰ আৰম্ভ হৈছিল। সেয়েহে কেতিয়াবা যদিও হাঁহি-ধেমালীবোৰৰ আঁৰত এক গভীৰ অথবা নিৰাশাবাদী ভাৱধাৰা পৰিলক্ষিত হ’লেও সাধাৰণতে হাস্য-ব্যংগৰ চিনেমাবোৰত অন্তিম দৃশ্যবোৰ সদায়েই হাঁহি-আনন্দেৰে শেষ কৰা হয়।

এই হাস্য-ব্যংগৰ চিনেমাবোৰত সাধাৰণতে দুটা ধৰণৰ হাস্য-ব্যংগৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। এটা হৈছে একো একোজন অভিনেতা-অভিনেত্ৰীয়ে বিভিন্ন সময়োপযোগী কৌতুক, ধেমেলীয়া চিত্ৰ আদিৰ জৰিয়তে কৰা হাস্য-ব্যংগ আৰু আনটো হ’ল পৰিস্থিতি সাপেক্ষে বিৱৰণীমূলক হাস্য-ব্যংগ। এই দুয়োবিধ হাস্য-ব্যংগই হয়তো একেসময়তে অথবা ইটোৰ পিছত সিটোকৈ দেখুওৱাৰ চেষ্টা কৰা হয়।

হাস্য-ব্যংগ চিনেমাবোৰক সাধাৰণতে ‘মিউজিকেল কমেডী’, ‘হৰ’ৰ কমেডী’ আৰু ‘কমেডী থ্ৰিলাৰ’ বুলি জনা যায়। লগতে ‘ৰোমাণ্টিক কমেডী, ক্ৰাইম-কেপাৰ কমেডী, স্পৰ্টচ কমেডী, টীন কমেডী, অথবা ‘কামিং অৱ এজ কমেডী’, চ’চিয়েল ক্লাছ কমেডী’, মিলিটেৰী কমেডী’, ‘ফিচ আউট অৱ ৱাটাৰ কমেডী’ আৰু ’গ্ৰছ আউট কমেডী’ আদি বিভিন্ন ষ্টাইলৰ হাস্য-ব্যংগৰ চিনেমাই দৰ্শকক বিভিন্ন সামাজিক বাৰ্তা দিয়াৰ লগতে হাঁহিৰ খোৰাক দি আহিছে।

উল্লেখিত সকলোবোৰ হাস্য-ব্যংগৰ চিনেমাক ছবি সমালোচকসকলে কেইটামান আন বিশেষ নামেৰে অভিহিত কৰি আহিছে। সেয়া হ’ল ‘স্লেপষ্টিক কমেডী’, অৰ্থাৎ প্ৰহসনমূলক হাস্য-ব্যংগ, ‘ডেদপেন কমেডী’, অৰ্থাৎ ভাৱলেশহীন হাস্য-ব্যংগ, ‘ভাৰবেল কমেডী’, অৰ্থাৎ মৌখিক অথবা বাচনিক হাস্য-ব্যংগ, ‘ষ্ক্ৰুউবল কমেডী’, অৰ্থাৎ অহৌবলীয়া কাৰ্যাৱলীৰে হাস্য-ব্যংগ কৰা, ‘ব্লেক অৰ ডাৰ্ক কমেডী’, ‘পেৰোডী অৰ স্পুফ’ অথবা ‘চেটায়াৰ’, ইত্যাদি।

‘স্লেপষ্টিক কমেডী’ :

‘স্লেপষ্টিক’ মূলতে নিৰ্বাক যুগৰ চিনেমাৰ এক অবিচ্ছেদ্য অংগ আছিল। বিশেষকৈ ইউৰোপৰ মূল মেট্ৰ’পলিটান চহৰবোৰত এই ‘স্লেপষ্টিক’বোৰৰ বিশেষ জনপ্ৰিয়তা আছিল। ‘স্লেপষ্টিক’ শব্দটো আহিছে চাৰ্কাচৰ ক্লাউন অথবা বহুৱাই হাতত লৈ থকা কাঠৰ লাখুটিৰে চাৰ্কাচ কৰি দেখুওৱাসকলৰ শৰীৰৰ বিশেষ স্থান কিছুমানত মৰাৰ দৰে টুকুৰিয়াই দি দৰ্শকক আমোদ দিবলৈ চেষ্টা কৰা কাৰ্যৰপৰা।
এই প্ৰাগৈতিহাসিক আৰু বিশ্বজনীন উপলক্ষ্যৰে হাস্য-ব্যংগৰ ‘স্লেপষ্টিক’বোৰে সেইসময়ত মানুহৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। অহা-যোৱা কৰোঁতে বিভিন্নজনৰ লগত হোৱা শাৰীৰিক সংঘাট, চেলবেলাই কথা কৈ থকা, ফুচুৰী কথাৰ অংগী-ভংগী কৰা, হোলোকা-হোলোকে পানী খোৱা, গভীৰ উচ্চতাৰ পৰা জপিয়াবলৈ চেষ্টা কৰি হোৱা অথন্তৰ, জংঘলত দৌৰা-দৌৰি কৰা, খাবলৈ লোৱা কাষ্টাৰ্ড, কেক আদি মানুহৰ মুখত সানি দিয়া, ঘৰ এটা অকস্মাতে খহি পৰিবলৈ ধৰোঁতে তাত থকা মানুহখিনিৰ অৱস্থা, পিন্ধি থকা স্কাৰ্ট অথবা পেণ্টটো হঠাতে খহি পৰা, ঘাইপথত ইখনৰ পিছত সিখন গাড়ীৰ পিছা কৰা, মানুহে ইজনে সিজনৰ পিচত দৌৰা ইত্যাদিবোৰেৰে সেই সময়ৰ ‘স্লেপষ্টিক’বোৰে দৰ্শকক হাস্য-ব্যংগৰ সোৱাদ দিবলৈ সক্ষম হৈছিল। নিৰ্বাক যুগৰ এই ছবিবোৰক ছবিজগতৰ ‘মাইলষ্টোন’ বুলি কোৱা হয়। ‘ল’ৰেল এণ্ড হাৰ্দি’ৰ চিনেমাবোৰ ‘স্লেপষ্টিক’ৰ অন্যতম উদাহৰণ।

এই নিৰ্বাক চলচ্চিত্ৰক জনজীৱনলৈ আগবঢ়াই অনাৰ মূল চালিকা শক্তি ৰূপে প্ৰখ্যাত লুমিয়েৰ ব্ৰাদাৰ্ছে নিৰ্মাণ কৰি ১৮৯৫ চনত বিশ্বত পোনপ্ৰথমবাৰৰ বাবে ৰাজহুৱা দৰ্শনীৰ ব্যৱস্থা কৰা ছিনেমাখন হৈছে ‘ৱাটাৰিং দি গাৰ্ডেনাৰ’ অথবা ‘দি স্প্ৰিংক্লাৰ স্প্ৰিংক্লদ’। এই ছবিখনৰ বিষয়বস্তু আছিল এজন মানুহে বাগিছাৰ ফুলত পানী দিবৰ বাবে এডাল পাইপ লৈ থকা অৱস্থাত এটি শিশুৰ দুষ্টামীৰ বলি হৈ পাইপডাল নিজৰ মুখতে লগাই দি হোলোকা-হোলোকে পানী খাবলগীয়া হোৱাৰ এক হাঁহি উঠা দৃশ্য।

নিৰ্বাক যুগৰ উল্লেখিত ছবিকেইখন তথা চিনেমা উদ্যোগে ফ্ৰান্সকে আদি কৰি মূলতে ইউৰোপতেই জনপ্ৰিয় হ’বলৈ লৈছিল। ইয়াৰ বহু বছৰৰ পাছতহে ১৯১২ চনত আমেৰিকাৰ চিনেমাত হাস্য-ব্যংগৰসে ভিৰ কৰিবলৈ ধৰে। আমেৰিকাত প্ৰথমৰ হাস্য-ব্যংগৰ ছবিবোৰ চাৰ্কাচত প্ৰদৰ্শন, কোনোবা সংগীত সন্ধিয়াৰ অনুষ্ঠান আদিত হোৱা বিসংগতিবোৰক লৈ নিৰ্মিত হৈছিল। এই চিনেমাবোৰৰ নিৰ্মাণৰ আঁৰত থকা ব্যক্তি মাৰ্ক চন্নেটক ‘দি কিং অৱ কমেডী’ আৰু ‘মাষ্টাৰ অৱ স্লেপষ্টিক কমেদী’ বুলি নামকৰণ কৰা হৈছিল। ‘কে’ষ্টো’ন কপ্চ’ নামৰ ‘স্লেপষ্টিক’ চিনেমাখনৰে বিপুল জনপ্ৰিয়তা অৰ্জন কৰা মাৰ্ক চন্নেটে ১৯১২ চনত বিশ্ববিখ্যাত ‘কে’ষ্টোন কোম্পানী এণ্ড ষ্টুডিঅ’ৰ প্ৰতিষ্ঠা কৰে। ১৯১৩ চনত নিৰ্মিত ‘এ নইজ ফ্ৰম দি দীপ’ চিনেমাখনত মাৰ্ক চন্নেটে পোনপ্ৰথমবাৰৰ বাবে খাবলৈ লোৱা ‘পাই’ এটা দলিয়াই দিয়াৰ দৃশ্য দেখুৱায়। পাছলৈ নিৰ্বাক যুগৰ কেইবাখনো হাস্য-ব্যংগৰ চিনেমাত ‘পাই’ তথা ‘কেক’ আদি কাৰোবলৈ দলিয়াই দিয়া অথবা কাৰোবাৰ মুখত সানি দিয়াৰ দৃশ্যবোৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।

    নিৰ্বাক চিনেমাৰ সময়ত আমেৰিকাত বহুলভাৱে জনপ্ৰিয় হৈ পৰা  “কেষ্টোন”ৰ  বেনাৰখন…

 সেইসময়ৰ হাস্য-ব্যংগ চিনেমাৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকল আছিল ক্ৰমে ৰ’চকৌ আৰবাকল’, এডগাৰ কেনেডী, মাবেল নৰমাণ্ড, জেনি, বেন টাৰ্পিন, মেক চুৱাইন, বিলি বেৱান, চাৰ্লি চেজ আৰু চেষ্টাৰ কংকলীন। গুৰুত্বপূৰ্ণ কথাটো হ’ল হাস্য-ব্যংগৰ শতিকাজোৰা সবাতোকৈ সফল অভিনেতা-পৰিচালক চাৰ্লি চেপলীনেও কে’ষ্টোন ষ্টুডিঅ’ৰ পৰাই ১৯১৪ চনত নিৰ্মিত ’মেকিং এ লিভিং’ নামৰ তেওঁৰ জীৱনৰ প্ৰথমখন ছবিত অভিনয় কৰিছিল।
১৯৬৩ চনত ষ্টেনলি ক্ৰেমাৰৰদ্বাৰা নিৰ্মিত ‘ইটচ এ মেড, মেড, মেড ৱৰ্ল্ড’, ফ্ৰান্সৰ বিশ্ববিখ্যাত অভিনেতা-পৰিচালক য়েক্চ টেতি (Jacques Tati) ৰ সংলাপবিহীন চিনেমা ‘মিষ্টাৰ হুলট্চ্ হলিডে’ (১৯৫৩) আৰু আমাৰ সকলোৰে পৰিচিত হলিউডৰ অভিনেতা জীম কেৰেৰ ‘এচ ভেনচুৰা, ‘পেট ডিটেকটিভ’ আৰু ১৯৯৪ চনত নিৰ্মিত ‘দি মাস্ক’ আদি আধুনিক ‘স্লেপষ্টিক’ৰ অন্যতম উদাহৰণ।
আমেৰিকাৰ নিৰ্বাক চিনেমাত চাৰ্লি চেপলীনৰ প্ৰবেশৰ আগত আটাইতকৈ জনপ্ৰিয় হৈ পৰা অভিনেতা ৰচকো ফেট্টী আৰবাকল

 

‘ডেডপেন কমেডী’ :

বিখ্যাত কৌতুক অভিনেতা বাষ্টাৰ কীটনৰ ছবিসমূহকে মূলতে ‘ডেডপেন কমেডী’ ধাৰাৰ চিনেমা হিচাবে অভিহিত কৰা হয়। ‘ডেডপেন’ মানে হ’ল ভাৱলেশহীন মুখৰ অংগী-ভংগী। ১৯১৭ চনত নিৰ্মিত ‘ডি বাটচাৰ বয়’, ১৯২০ চনত নিৰ্মিত ‘ওৱান উইক’ আৰু ‘নেইবাৰ্চ’, ১৯২১ চনৰ ‘দি হাই চাইন’, ‘দি বো’ত’, ’দি প্লেহাউচ’, ‘দি পেলফেচ’, ‘হাৰ্দ লাক’, আৰু ১৯২২ চনত নিৰ্মিত ‘দি ফ্ৰ’জেন নৰ্থ’, ১৯২৩ চনত নিৰ্মিত ’দি থ্ৰি এজেজ’, ‘আৱাৰ হস্পিটেলিটি’, ১৯২৪ চনৰ ‘দি নেভিগেটৰ’, ‘শ্বাৰলক জুনিয়ৰ’, ‘চেভেন চান্সেচ’, আৰু ১৯২৬ চনৰ ‘বেটলিং বাটলাৰ’ আদি আছিল কীটনৰ বিশ্ববিখ্যাত ‘ডেডপেন কমেডী’ ছবি। আমেৰিকাৰ প্ৰখ্যাত ‘চিভিল ৱাৰ’ৰ ওপৰত ১৯২৭ চনত নিৰ্মিত ‘দি জেনেৰেল’ আছিল কীটনৰ অভিনীত হাস্য-ব্যংগৰ ‘ডেডপেন কমেডী’ ধাৰাৰ অত্যন্ত জনপ্ৰিয় ছবি।

‘ভাৰবেল কমেডী’ :

ভাৰবেল কমেডী অৰ্থাৎ মৌখিক অথবা বাচনিক হাস্য-ব্যংগ চিনেমাৰ ধাৰাটোত থকাসকলৰ ভিতৰত অন্যতম হ’ল ডব্লিউ চি ফিল্ড্চ, মে’ ৱেষ্ট, মাৰ্ক্স ব্ৰাদাৰ্ছ তথা বিংশ শতিকাৰ বিশ্ববিখ্যাত অভিনেতা উডি এলেনৰ নাম। এই ধৰণৰ চিনেমাত সাধাৰণভাৱে দেখা কথাবোৰকে মৌখিক কথাৰে দেখুৱাই হাস্যৰসৰ অৱতাৰণা কৰে। ডব্লিউ চি ফিল্ডক বিশেষভাৱে তেওঁৰ সহজতে দৰ্শকৰ কৰ্ণ কুহৰত চিনাকি হৈ পৰা স্বৰ, জোখতকৈ ডাঙৰ তথা বিসংগিক নাক আৰু নাকৰপৰা শেঙুন উলিওৱা দৃশ্যসমূহৰ বাবে জনপ্ৰিয় আছিল। লগতে পিন্ধা টুপিটোত লগাই লোৱা স্তোভৰ পাইপ, হঠাতে কৈ দিব পৰা কৌতুক, সমাজৰ উচ্চ শ্ৰেণীৰ জীৱন-ধাৰণক লৈ কৰা মস্কৰা, আৰু পত্নীক লৈ কৰা কৌতুকবোৰে ফিল্ড্চক দৰ্শকৰ মাজত আদৰণীয় কৰি তুলিছিল। ১৯১৫ চনত নিৰ্মিত নিৰ্বাক ছবি ‘পুল শ্বাৰ্ক’ৰে চেলুলইডত ভুমুকি মৰা ফিল্ড্চে ১৯৩১ চনত সবাক চিত্ৰ ’হাৰ মেজেষ্ট্ৰী, লাভ’ত অভিনয় কৰি ভূয়সী প্ৰশংসা অৰ্জন কৰে। ফিল্ড্চৰ প্ৰযোজিত, তথা অভিনীত ছবি ক্ৰমে ’ইট্চ এ গিফ্ট (১৯৩৪)ক এতিয়াও হাস্য-ব্যংগ চিনেমাৰ এখন ’ক্লাছিক’ বুলি অভিহীত কৰা হয়।
ফিল্ড্চৰ সময়ৰে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল মে’ ৱেষ্ট। সেইসময়ত খুব কমসংখ্যক নাৰীয়েহে অভিনয় জগতত ভৰি থৈছিল। মে’ ৱেষ্ট আছিল অন্যতম জনপ্ৰিয় অভিনেত্ৰী। ১৮৯০ চনৰ এখন চেলুনক বিষয়বস্তু হিচাবে লৈ ১৯৩৩ চনত নিৰ্মাণ কৰা ছবি ‘চি দান হিম ৰংগ’ ছবিখন ৱেষ্টৰ অভিনীত বহুলভাৱে সমাদৃত ’ভাৰবেল কমেডী’ৰ এখন অন্যতম চিনেমা।

‘স্ক্ৰুবল কমেডী’:

হাস্য-ব্যংগ চিনেমাৰ অন্য এটি জনপ্ৰিয় ধাৰা আছিল এই ‘স্ক্ৰুবল কমেডী’ অৰ্থাৎ অহৌবলীয়া কাৰ্যাৱলীৰে কৰা হাস্য-ব্যংগ। এই ধাৰাটো ১৯৩০ ৰ পৰা ১৯৪০ৰ মাজভাগলৈকে আছিল। সাধাৰণতে ৰোমাণ্টিক চিনেমাৰ কিছুমানত এই ধাৰাটোৰ প্ৰয়োগ কৰা হৈছিল। এই চিনেমাবোৰত ক্ৰমে প্ৰহসন, স্লেপষ্টিক, আৰু আমোদজনক সংলাপৰ বহুল ব্যৱহাৰৰে এক আভিজাত্যিক পয়োভৰৰ প্ৰকাশ ঘটিছিল। সাধাৰণতে ৰোমাণ্টিক কাহিনীৰ এই ধাৰাৰ চিনেমাবোৰত পুৰুষ-নাৰী দুয়োৰে মাজত চতুৰালীৰে আৰু কৌশলগতভাৱে ইজনে-সিজনক হৰুৱাবলৈ কৰা চেষ্টাৰ সৰস বৰ্ণনাই দৰ্শকক হাঁহিৰ খোৰাক যোগায়। স্লেপষ্টিকৰ দৰে হাস্য-ব্যংগৰ লগতে বহুৱালী চৰিত্ৰ, পুৰুষ নাৰী হৈ ওলোৱা আৰু নাৰী পুৰুষ হৈ ওলোৱা কাৰ্য, অৰ্থপূৰ্ণ সংলাপ আদিৰে পুৰুষ-নাৰীৰ সম্বন্ধৰ অৱলোকন কৰাৰ লগতে এনেবোৰ ৰোমাণ্টিক কমেডীত কাহিনী খুব তীব্ৰভাৱে আগবঢ়োৱা হয়। এই স্ক্ৰুবল কমেডী ধাৰাৰ চিনেমাত অভিনয় কৰি জনপ্ৰিয়তাৰ শীৰ্ষত থকা এগৰাকী অভিনেত্ৰী আছিল কেথৰিন হেপবাৰ্ণ। হেপবাৰ্ণৰ সম-সাময়িক আন কেইবাগৰাকী নমস্য অভিনয় শিল্পী আছিল ক্ৰমে বাৰবাৰা স্টেনৱেইক, ক্লাউডেট ক’লবাৰ্ট, জীন আৰ্থাৰ, ইৰীন ডুন, মীৰ্ণা তয়, জিন্জাৰ ৰ’জাৰ্চ আৰু কেৰ’ল ল’মবাৰ্দ আদি। এই ধাৰাৰ কেইখনমান জনপ্ৰিয় চিনেমা আছিল ক্ৰমে ‘দি ফুল ট্ৰুথ’ (১৯৩৭) ‘ব্ৰিংগিংগ আপ বেবি’ (১৯৩৮), ‘আই ৱাজ এ মেল ৱাৰ ব্ৰাইড’ (১৯৪৯) আৰু এই ধাৰাৰ সবাতোকৈ জনপ্ৰিয় আছিল ‘দি লেডী ইভ’ (১৯৪১)।

’ব্লেক অৰ ডাৰ্ক কমেডী’ :

এই ধাৰাৰ হাস্য-ব্যংগৰ চিনেমাবোৰৰ কাহিনীত বিদ্ৰূপাত্মক, ধেমেলীয়াভাৱ, অথবা অৱজ্ঞাসূচক ভাৱধাৰাৰ ভৰপূৰ প্ৰয়োগ কৰা হয়। এই ধাৰাৰ প্ৰয়োগকাৰীসকলৰ মতে এনে ধৰণেৰে জীৱনৰ অন্ধকাৰ ফালটোৰ ওপৰত, যুদ্ধ, মৃত্যু, অথবা অসুস্থজনিত কাৰকবোৰৰ দৰে নিৰাশাবদী ভাৱধাৰাক পুনৰাই নিৰীক্ষণ কৰাৰ প্ৰয়াস কৰা হয়। ষ্টেনলী কিউবেকৰ ‘ক’ল্ড ৱাৰ ক্লাছিক’ ৰূপে অভিহীত ১৯৬৪ চনত নিৰ্মিত ‘ডক্টৰ স্ট্ৰেঞ্জগ্লো’ভ’ অথবা ‘হাউ আই লাৰ্ণ্ড টু স্টপ ৱোৰিংগ এণ্ড লাভ দি বম্ব’ক এই ধাৰাৰ এখন অনবদ্য চিনেমা বুলি জনা যায়। ৰাজনৈতিক তথা মিলিটেৰী প্ৰতিষ্ঠানবোৰৰ মাজত হোৱা ছলনা, প্ৰতাৰণাক লৈ নিৰ্মিত এই চিনেমাখনত অভিনেতা পীটাৰ চেলাৰ্ছে এজন নাজী বিজ্ঞানী, এজন বৃটিছ মেজৰ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি- এই তিনিওটা চৰিত্ৰতে অনবদ্য অভিনয় কৰিছিল।
উল্লেখযোগ্য যে ১৯৯৬ চনত নিৰ্মিত ‘ফাৰ্গো’ এনে এখন ব্লেক অথবা ডাৰ্ক কমেডী। অস্কাৰ পুৰস্কাৰেৰে সন্মানিত ফ্ৰান্সেছ মেক্ডৰমান্দ অভিনীত আৰু কৌৱেন ব্ৰাদাৰ্ছ পৰিচালিত এই ছবিখনত এগৰাকী অন্তঃসত্বা মিডৱেষ্টাৰ্ণ পুলিচ অধিকাৰীয়ে কেনেকৈ এটি হত্যাকাণ্ডৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হয় তাকেই হাস্য-ব্যংগৰ জৰিয়তে দেখুওৱা হৈছে। এই ‘ব্লেক অৰ ডাৰ্ক কমেডী’ ধাৰাৰ কেইখন মান জনপ্ৰিয় চিনেমা আছিল ১৯৭২ চনত নিৰ্মিত ‘হেৰ’ল্ড এণ্ড মাউদ’, ১৯৮৫ চনত নিৰ্মিত ‘প্ৰীজি্চ অনাৰ’, ১৯৮৮ চনৰ ‘বিটলজুইচ’ তথা ১৯৯৮ ৰ ‘ভেৰি বেড থিংগ্ছ’ আদি। ‘প্ৰীজি্চ অনাৰ’ৰ মুখ্য চৰিত্ৰ দুটাত অভিনয় কৰিছিল বিখ্যাত অভিনেতা জেক নিকলছন আৰু কেথলীন টাৰ্ণাৰে। এই ছবিখনতে এক পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰি এঞ্জেলিকা হাষ্টনে অস্কাৰ পুৰস্কাৰেৰে সন্মানীত হৈছিল।

‘পেৰোডী অথবা স্পুফ’ :

এই ধাৰাৰ হাস্য-ব্যংগৰ চিনেমাবোৰত মূলতে বিভিন্ন ধৰণৰ সৰু-বৰ ঘটনা ক্ৰমে আনক নকল কৰা, অথবা ‘মিমিক্ৰি’ কৰা, ধেমেলীয়াকৈ কোৱা কথা-বতৰা, অৰাজকতাক লৈ কৰা ঠাট্টাসূচক পৰিস্থিতি আদিৰ পয়োভৰ দেখা যায়। মূলতে বিভিন্ন বিখ্যাত চিনেমাবোৰৰ বিভিন্ন চৰিত্ৰবোৰক ঠাট্টা কৰি এই ধাৰাৰ চিনেমাবোৰৰ কাহিনী হয়। ১৯৩৩ চনত নিৰ্মিত মাৰ্ক্স ব্ৰাদাৰ্ছৰ ‘ডাক চুপ’ক এই ধাৰাৰ ‘মাষ্টাৰপীচ’ বুলি কোৱা হয়। লগতে ১৯৭৪ চনৰ ‘য়ংগ ফ্ৰাংকেনস্টেইন’ আৰু ‘ব্লাজিংগ চেড্ডল্চ’, আলফ্ৰেড হিচ্চককৰ ১৯৭৭ত নিৰ্মিত ‘হাই এনজাইটি’, ‘দি ষ্টাৰ ৱাৰ’, ১৯৭৮ৰ ’স্পেচবল্চ’, হাৰ্বাৰ্ট ৰছৰ ১৯৭২ ত নিৰ্মিত তথা উডি এলেন অভিনীত ‘প্লে ইট এগেইন, চেম’, আগাথা ক্ৰিষ্টিৰ ডিটেকটিভ কাহিনীৰে নিৰ্মিত ১৯৭৮ ৰ ‘দি চিপ ডিটেকটিভ’ আৰু ‘মাৰ্দাৰ বাই ডেথ’, ১৯৮০ চনত নিৰ্মিত জিম আব্ৰাহামৰ ‘এয়াৰপ্লেন’, ১৯৮৮ ত নিৰ্মিত ‘দি নেকেদ গান’, আব্ৰাহামৰে ১৯৯১ চনত নিৰ্মিত আন এখন মিলিটেৰী কমেডী ‘হট শ্বটচ’ত আন এখন জনপ্ৰিয় হলিউডৰ চিনেমা ‘টপ গান’ৰ পেৰোডী কৰা হৈছিল। তেনেদৰে মাৰ্লোন ব্ৰেণ্ডোৱে ১৯৯০ চনত নিৰ্মিত ‘দি ফ্ৰেছমেন্স’ত তেওঁৰ নিজৰেই এলানি বিখ্যাত ছবি ‘দি গডফাদাৰ’ৰ পেৰোডী কৰিছিল। সেইদৰে টনী লী জোন্স আৰু উইল স্মীথ অভিনীত চায়েন্স ফিকছন কমেডী ‘মেন ইন ব্লেক’ত এই বিশ্বত বেলেগ গ্ৰহৰ জীৱ, মানে ‘এলিয়েন’ৰ আক্ৰমণক লৈ কৰা হাস্য-ব্যংগৰ কাহিনী আছিল। ইয়াৰ লগতে নব্বৈ দশকৰ শেষৰফালে নিৰ্মিত ‘দি অষ্টিন পাৱাৰ্ছ’ৰ চিনেমাবোৰত ‘জেমচ বণ্ড’ চিনেমাবোৰক লৈ বহুবোৰ ধেমেলীয়া দৃশ্যৰ অৱতাৰণা কৰা হৈছিল। উল্লেখিত সকলোবোৰ চিনেমাতেই ‘পেৰোদী’ অথবা ‘স্পুফ’ৰ বহুল প্ৰয়োগ কৰা হৈছিল আৰু ইয়াৰ বেছিসংখ্যক চিনেমাকেই বিশ্বজুৰি দৰ্শকে আদৰি লৈছিল।

প্ৰকৃততে এই ধাৰাৰ চিনেমাৰ তালিকাখন ইমান সহজতে শেষ কৰিব নোৱাৰি। হাস্য-ব্যংগৰ সংমিশ্ৰণত নিৰ্মিত চিনেমাবোৰৰ প্ৰতি দৰ্শকৰ আদৰৰ বাবেই প্ৰতি বছৰেই হলিউড, ইউৰোপ, বলিউড তথা পৃথিৱীৰ বিভিন্ন দেশৰ চিনেমা উদ্যোগত এনে বহু হাস্য-ব্যংগৰ চিনেমা নিৰ্মাণ হৈ আহিছে।

চাৰ্লি চেপলীন, হাস্য-ব্যংগৰ চিনেমা আৰু ‘দি গ্ৰেট ডিক্টেটৰ’ :

চাৰ চাৰ্লচ স্পেনচাৰ ’চাৰ্লি’ চেপলীন চিনেমাৰ ইতিহাসৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ অভিনেতা, ছবি নিৰ্মাতা আৰু সংগীতজ্ঞ বুলি ক’লে অত্যুক্তি কৰা নহ’ব। প্ৰকৃততে হাস্য-ব্যংগ চিনেমা আৰু চাৰ্লি চেপলীন এই দুয়োটা নামেই একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলিব পাৰি। চিনেমাত হাস্য-ব্যংগৰ আলোচনা চাৰ্লি চেপলীনৰ অবিহনে অসম্ভৱ।
চিনেমাৰ ইতিহাসৰ এজন বাটকটীয়া চাৰ্লি চেপলীনে নিৰ্বাক চিনেমাৰ যুগতে সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰাৰ লগতে নিৰ্বাক যুগৰ চিনেমাক এক গতিময়তা দিবলৈ সক্ষম হৈছিল। পৰ্দাত ‘দি ট্ৰাম্প’ নামৰ চৰিত্ৰটোৰ যোগেদি চাৰ্লি চেপলীন সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰাৰ লগতে চিনেমা ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিৰূপে বৰ্তমানেও অভিহিত হৈ আছে।

১৮৮৯ চনৰ ১৬ এপ্ৰিলত লণ্ডনত জন্ম হোৱা চেপলীনৰ দেউতাক চাৰ্ল্চ চেপলীন চিনিয়ৰ এজন সফল গায়ক আৰু অভিনেতা আছিল। চেপলীনৰ মাতৃ হান্নাহ চেপলীন সেইসময়ৰ এগৰাকী ধুনীয়া অভিনেত্ৰী আৰু গায়িকা আছিল। লীলী হাৰ্লে নামেৰে জনাজাত চেপলীনৰ মাতৃ হান্নাহ চেপলীনে সেইসময়ত লণ্ডনৰ লাইট অ’পেৰা ফিল্ডত কাম কৰিছিল। কিন্তু মাত্ৰ নবছৰ বয়সতে পিতৃৰ মৃত্যু হোৱাৰ লগতে মাতৃৰো অসুস্থতাই চেপলীন তথা তেওঁৰ ভায়েক চিডনিক কাম কৰিবলৈ বাধ্য কৰোৱায়। অৱশ্যে প্ৰথম অৱস্থাত চেপলীনৰ মাতৃয়ে উপায়হীন হৈ চেপলীন আৰু তেওঁৰ ভায়েক চিডনিক আৰ্থিকভাৱে পিছপৰা ল’ৰা-ছোৱালীবোৰৰ বাবে থকা নৰৱোড স্কুললৈ পঠিয়াই দিছিল। মাতৃৰ অৱস্থাও শোচনীয় হৈ পৰাৰ পাছত গৃহহীন, আহাৰবিহীন হৈ কটোৱাৰ স্মৃতিৰ কথা চেপলীনৰ জীৱনীত পোৱা যায়।
মাত্ৰ তেৰ বছৰ বয়সত চেপলীনৰ স্কুলীয়া শিক্ষাৰো অন্ত পৰে। চেপলীন আৰু তেওঁৰ ভায়েক চিডনীয়ে জন্মগতভাৱে পিতৃ-মাতৃৰ পৰা পোৱা অভিনয় তথা গায়কীৰ গুণেৰে অভিনয়কেই কাম কৰাৰ আহিলাৰূপে লৈ আগবাঢ়ে। সেইসময়ত খুবেই জনপ্ৰিয় হোৱা ‘দি এইট লাংকাছাৰ লাড’ নামৰ কৈশোৰসকলৰ এটা নাট্য দলত যোগদান কৰি চেপলীনে অতি কম দিনৰ ভিতৰতে ‘টেপ ডান্সাৰ’ হিচাবে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰ পাছতে চেপলীনে ‘শ্বাৰলক হোমচ’কে আদি কৰি বহুকেইখন নাটকত অভিনয় কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় যদিও চেপলীনৰ প্ৰতিভাৰ বিকাশ আৰম্ভ হয় সেইসময়ত বিখ্যাত হৈ পৰা ‘ফ্ৰেড কাৰ্ণো ৰেপাৰটৰী কোম্পানী’ৰ লগত আমেৰিকাত কমেডী নাটক প্ৰদৰ্শন কৰিবলৈ যোৱাৰপৰা। সোণৰ সপোন বেচা-কিনা কৰা আমেৰিকাই চেপলীনৰ আগত মেলি দিছিল ৰূপালী পৰ্দাৰ এখন বিশাল মঞ্চ য’ত চেপলীন হৈ পৰিছিল এজন পুৰোধা ব্যক্তি।

১৯১০ চনত চেপলীনে পোনপ্ৰথমবাৰৰ বাবে আমেৰিকালৈ যায়। ‘এ নাইট ইন এন ইংলিছ মিউজিক হল’ নামৰ কমেডী নাটকখনৰ জৰিয়তে চেপলীনে অতি কম সময়তে আমেৰিকাৰ দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছিল। ১৯১৩ চনৰ শেষৰফালে চেপলীনে আমেৰিকাৰ সেইসময়ৰ জনপ্ৰিয় মাৰ্ক চন্নেটৰ কে’ষ্টোন ফিল্ম কোম্পানীত যোগদান কৰে আৰু ১৯১৪ চনত চেপলীনৰ প্ৰথমখন নিৰ্বাক ছবি ’মেকিং এ লিভিং’ মুকলি হয়।

“দি ইমিগ্ৰেণ্ট”ৰ ছেটত চাৰ্লি চেপলীন, চেপলীনৰ ভায়েক চিডনী আৰু চেপলীনৰ বহুকেইখন চিনেমাৰ মূখ্য অভিনেত্ৰী ইডনা পূৰভিয়েন্স

কে’ষ্টোনৰ বেনাৰতে চেপলীনৰ দ্বিতীয়খন ছবি ‘কিড অটো ৰেচেচ ইন ভেনিছ’ (১৯১৪) তে চাৰ্লি চেপলীনে ’লিটিল ট্ৰাম্প’ চৰিত্ৰটোত অভিনয় কৰি প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে পাছলৈ এই চৰিত্ৰটোৱে চলচ্চিত্ৰৰ ইতিহাসত এক ‘আইকনিক কেৰেক্টাৰ’ হিচাবে পৰিগণিত হয়। ছবিখনত এই ট্ৰাম্প চৰিত্ৰটোৱে এখন ‘বেবি কাৰ্ট ৰেচ’ত কোনো ঠিকনা নোহোৱা দৰ্শক হিচাবে ভাগ লৈ সেই অটো’ ৰেচৰ শ্বুটিং কাৰত বাৰে বাৰে বাধা দি থাকে। ইয়াৰ পাছতেই মুক্তি পোৱা ‘মাবেল্চ ষ্ট্ৰেঞ্জ প্ৰেদিকমেণ্ট’ (১৯১৪) তেই লিটিল ট্ৰাম্প চৰিত্ৰটোক ‘দি ট্ৰাম্প’ নামেৰে পূৰ্ণ ৰূপত প্ৰকাশ হয় আৰু তাৰ পাছৰে পৰাই এই ট্ৰাম্প চৰিত্ৰটোৱে কেবাদশক জুৰি সমগ্ৰ বিশ্বজুৰি চিনেমাৰ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে। অৱশ্যে এই ছবিখনত চাৰ্লি চেপলীনৰ চৰিত্ৰটোক ‘দি ট্ৰাম্প’ ৰূপে অভিহীত কৰা হোৱা নাছিল যদিও চৰিত্ৰটোৰ প্ৰকাশ কৰা আন আন বৈশিষ্ট যেনে চাৰ্লি চেপলীনৰ সেই বহু জনপ্ৰিয় ‘বেগী পেণ্ট’, জোখতকৈ ডাঙৰ জোতা, খোজ কঢ়াৰ বাবে ব্যৱহাৰ কৰা লাঠিডাল, জোখতকৈ সৰু ‘টাইট কোট’, আৰু সৰু আকৃতিৰ ‘ডাৰ্বি’ টুপি, আৰু খোজ কঢ়াৰ এক বিশেষ ভংগীমা তথা হাঁহি উঠা ষ্টাইল আদিবোৰৰ বাবে সমালোচকসকলে ‘মাবেল ষ্ট্ৰেঞ্জ প্ৰেদিকমেণ্ট’ৰ চৰিত্ৰটোকেই স্মৰণীয় ‘দি ট্ৰাম্প’ৰ চৰিত্ৰৰ আৰম্ভণি বুলি অভিহিত কৰি আহিছে।
১৯১৪ চনতে চেপলীনৰ পৰিচালনাৰ প্ৰথম ছবি ‘কট ইন দি ৰেইন’ ব্যৱসায়িকভাৱে এখন সফল ছবিৰূপে পৰিগণিত হয়। সেইবছৰৰে শেষৰফালে মাৰ্ক চন্নেটৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘টিল্লী্জ পাংকচাৰ্ড ৰোমাঞ্চ’ (১৯১৪)ত চেপলীনে অভিনয় কৰে। দৰাচলতে এই ছবিখনেই কে’ষ্টোনৰ বেনাৰৰ চেপলীনে কেৱল অভিনয় কৰা শেষ ছবি আছিল। ইয়াৰ পাছৰ ছবিবোৰ চাৰ্লি চেপলীনৰ নিজৰ পৰিচালনা, প্ৰযোজনা তথা স্ব-লিখিত কাহিনীৰ আধাৰত হৈছিল।
১৯১৫ চনত চাৰ্লি চেপলীনে চিকাগোৰ ‘এছেনেই ফিল্ম মেনুফেকচাৰিং কোম্পানী’ত লিখক, পৰিচালক আৰু মুখ্য অভিনেতা হিচাবে যোগদান কৰে আৰু সেই বছৰতে মুঠ পোন্ধৰখনকৈ চিনেমাৰ মুক্তি দিয়ে। তাৰে এখন হ’ল ’দি ট্ৰাম্প’ আৰু ইয়াতেই ট্ৰাম্প চৰিত্ৰটোৱে পূৰ্ণতা লাভ কৰে। এই ছবিখনৰ যোগেদি চেপলীনে চৰিত্ৰ বিকাশৰ বৈশিষ্টবোৰ, মূলতে ধেমেলীয়া ভাৱৰ লগতে চৰিত্ৰবোৰৰ আবেগ আদিকো স্পষ্টৰূপত দেখুৱাবলৈ সক্ষম হয়। ইয়াৰ পাছতেই আন বহুকেইখন বিশ্ব সমাদিত চিনেমা ক্ৰমে ‘দি বেংক’ (১৯১৫), ‘দি ফ্লোৰ ৱাকাৰ’ (১৯১৬), ‘দি ভেগাবণ্ড’ (১৯১৬), ‘দি পউনশ্বপ’ (১৯১৬), ‘দি ৰিংক’ (১৯১৬), ‘ইজি ষ্ট্ৰীট’ (১৯১৭), ‘দি কিউৰ’ (১৯১৭) আৰু ’দি ইমিগ্ৰেণ্ট’ (১৯১৭) ইত্যাদি। নক’লেও হ’ব যে উল্লিখিত চিনেমাবোৰত চেপলীনৰ প্ৰতিভাৰ বিকাশে দৰ্শকক আচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল। ‘দি বেংক’ ছবিখনতেই চেপলীনে প্ৰথমবাৰৰ বাবে কমেডীৰ মাজতে শেষৰফালে দুখৰ অভিনয়ৰে সমাপ্ত কৰিছিল। এইদৰে কমেডী চিনেমাত দুখৰ সমাবেশ প্ৰথমবাৰৰ বাবে হৈছিল আৰু এই ছবিখনৰ পাছৰপৰাহে চেপলীনৰ প্ৰতি ছবি সমালোচকসকলৰ দৃষ্টি আকৰ্ষিত হয়।

১৯১৯ চনত নিৰ্মিত “চান্নীচাইদ”ৰ এটি দৃশ্য

এইসময়তেই চাৰ্লি চেপলীনৰ নামত এক বিশ্বজুৰি সাংস্কৃতিক বিপ্লৱৰ সূচনা হয়। দোকান-বজাৰবোৰত চেপলীনৰ চিনেমাৰ চৰিত্ৰসমূহ মূলতে ট্ৰাম্পৰ সাজ-সজ্জাৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰে। লগতে বিভিন্ন কমিক কাহিনীৰ চৰিত্ৰ হিচাবেও চেপলীনক অংকিত কৰা হয় আৰু চেপলীনৰ নামত বহুকেইটা গীতৰো সৃষ্টি হয়। প্ৰকৃততে চাৰ্লি চেপলীন প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় শিল্পী ৰূপে চিহ্নিত হৈছিল। ১৯১৬ চনত মাত্ৰ ২৬ বছৰ বয়সত চাৰ্লি চেপলীন সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি মূল্য পোৱা অভিনেতা আছিল।
১৯১৮ ৰপৰা ১৯২৩ চনৰ ভিতৰত চাৰ্লি চেপলীনে তেওঁৰ নিজা প্ৰডাকছন কোম্পানীৰ বেনাৰত মুঠ নখন ছবি নিৰ্মাণ কৰে। লগতে ১৯১৯ চনত চেপলীনে সহ-প্ৰযোজনাৰে আৰম্ভ কৰা ‘ইউনাইটেড আৰ্টিষ্ট’ৰ অধীনত তেওঁৰ পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাবোৰ নিৰ্মাণ কৰিবলৈ ধৰে। ১৯১৮ চনত নিৰ্মিত ‘এ দগ্চ লাইফ’ত প্ৰথমবাৰৰ বাবে এটা কাহিনীৰ গঠন আৰু ট্ৰাম্প চৰিত্ৰটোক সম্পূৰ্ণতা দিবলৈ চেষ্টা কৰা হৈছিল। মহান সমালোচক লুই দেলুকে এই চিনেমাখনক চিনেমা ইতিহাসৰ প্ৰথমখন সম্পূৰ্ণ কলাসুলভ ছবি বুলি অভিহিত কৰিছিল। সেই বছৰতে চেপলীনে সোতৰ বছৰীয়া অভিনেত্ৰী মিলদ্ৰেদ হেৰিছৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু ১৯১৯ চনত এটি পুত্ৰ সন্তানৰ জন্ম হয় যদিও জন্মৰ তিনিদিনৰ পাছতে সন্তানটিৰ মৃত্যু হয। ব্যক্তিগত মনোমালিন্যৰ বাবে ১৯২০ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে।
সন্তান হেৰুওৱাৰ দুখৰ প্ৰকাশ চেপলীনৰ নিৰ্মিত, ১৯২১ চনত মুক্তি পোৱা ‘দি কিড’ নিৰ্বাক চিনেমাৰ ইতিহাসৰ এখন ‘মাষ্টাৰপিচ’ বুলি কোৱা হয়। দৰিদ্ৰতা আৰু সন্তান-মাক-দেউতাকৰ বেলেগে থকাৰ সিদ্ধান্তৰ ওপৰত নিৰ্মিত এই ছবিখনত চেপলীনৰ নিজৰ শিশু তথা কৈশোৰ অৱস্থাৰ কথা দেখুওৱা হোৱা বুলি সমালোচকসকলে দাবী কৰে। ইয়াৰ পাছতেই আন কেইখনমান বহুলভাৱে সমাদৃত ছবি হ’ল ‘এ ৱোমেন অৱ পেৰিচ’ (১৯২৩), ‘দি গল্ড ৰাছ’ (১৯২৫) আৰু ‘দি চাৰ্কাছ’ (১৯২৮) অন্যতম। উল্লেখযোগ্য যে পূৰ্ণ দৈৰ্ঘ্যৰ হাস্য-ব্যংগৰ ছবি ‘দি গ’ল্ড ৰাছ’ক নিৰ্বাক চলচ্চিত্ৰৰ ইতিহাসত চাৰ্লি চেপলীনৰ সৰ্বশ্ৰেষ্ঠ চিনেমাৰূপে অভিহিত কৰা হয়। এই ছবিখনত ‘স্লেপষ্টিক কমেডী’ৰ লগতে চেপলীনৰ কাব্যিক একক অভিনয়ে সোণত সুৱগা চৰাইছিল। এই ছবিখন নিৰ্মাণ কৰোঁতে সেইসময়ত প্ৰায় এক মিলিয়নতকৈয়ো অধিক খৰচ পৰিছিল আৰু শ্বুটিঙত প্ৰায় পোন্ধৰ মাহৰ অধিক সময় লাগিছিল। চেপলীনৰ মতে ‘দি গল্ড ৰাছ’ তেওঁৰদ্বাৰা নিৰ্মিত শ্ৰেষ্ঠ ছবি আছিল।
উল্লেখযোগ্য যে ‘দি গল্ড ৰাছ’ৰ নিৰ্মাণৰ সময়তে চাৰ্লি চেপলীনে দ্বিতীয়বাৰৰ বাবে কিশোৰী অভিনেত্ৰী লীটা গ্ৰেৰ লগত বিবাহপাশত আৱদ্ধ হয়। ১৯২৫ চনত প্ৰথম সন্তান চাৰ্ল্চ স্পেনচাৰ চেপলীন জুনিয়ৰ আৰু ১৯২৬ চনত দ্বিতীয় সন্তান চিডনি আৰ্ল চেপলীনৰ জন্ম হয়। অৱশ্যে পাছৰ বছৰতে গ্ৰেইৰ লগত বিবাহ বিচ্ছেদ ঘটে। উল্লেখ্য যে সেই সময়খিনিতে চেপলীনৰ আন এখন ছবি ‘দি চাৰ্কাচ’ও মুক্তি পাই আৰু সেই বছৰতে আৰম্ভ কৰা অকাডেমী এৱাৰ্ডত ‘দি চাৰ্কাচ’ ছবিখনত প্ৰকাশ পোৱা চেপলীনৰ কাহিনী, পৰিচালনা আৰু অভিনয়ত দেখুওৱা অনবদ্য প্ৰতিভাৰ বাবে সন্মানীত কৰা হৈছিল।
উল্লেখযোগ্য যে ত্ৰিছৰ দশকৰ ফালে লাহে লাহে সবাক চলচ্চিত্ৰৰ আগমন হ’বলৈ ধৰিছিল। কিন্তু চাৰ্লি চেপলীনে এই ধাৰাটোক প্ৰথম অৱস্থাত গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইতিমধ্যেই দৰ্শকক সবাক চলচ্চিত্ৰৰ প্ৰতি উপৰ্যুপৰি আকৰ্ষিত কৰাৰ সময়ছোৱাতে চেপলীনে ১৯৩১ চনত নিৰ্মাণ কৰে আন এখন কালজয়ী নিৰ্বাক চলচ্চিত্ৰ ‘চিটি লাইটচ’। চেপলীনৰ মতে তেওঁৰ ‘আইকনিক’ চৰিত্ৰ ‘দি ট্ৰাম্প’ৰ ওঁঠত সংলাপ দিলে চৰিত্ৰটোৱে পোৱা বিশ্বজনীনতাক হেৰুৱাই পেলাব পাৰে। ‘চিটি লাইটচ’ত ট্ৰাম্প চৰিত্ৰটোৱে এগৰাকী ফুল বেচা ছোৱালীৰ প্ৰেমত পৰে আৰু সেই ছোৱালীজনীক বেমাৰৰপৰা বচাবলৈ টকাৰ ব্যৱস্থা কৰিবলৈ কৰা প্ৰয়াসক দেখুওৱা হৈছিল। ইতিমধ্যে সবাক চিনেমাৰ প্ৰতি দৰ্শকৰ আদৰ দেখি চেপলীনৰ এই নিৰ্বাক ছবিখন বিফল হ’ব পাৰে বুলি কৰা সমালোচকসকলৰ আশংকাক বিফল কৰি ‘চিটি লাইটচ’কো চেপলীনপ্ৰেমী দৰ্শকে আঁকোৱালী লৈছিল। বৃটিছ ফিল্ম ইন্সিটিউটে ক্ৰমে জনপ্ৰিয় হৈ উঠা সবাক চিনেমাৰ মাজতে মুক্তি দিয়া চাৰ্লি চেপলীনৰ এই নিৰ্বাক চিনেমা ‘চিটি লাইটচ’ক চেপলীনৰ সৰ্বোৎকৃষ্ট চিনেমা বুলি অভিহিত কৰে।

মহান বিজ্ঞানী এলবাৰ্ট আইনস্টাইনৰ সতে “চিটি লাইট্চ”ৰ মুক্তিৰ সময়ত

মেচিনৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতাৰ ওপৰত ব্যংগাত্মক কৰি ১৯৩৬ চনত চেপলীনে নিৰ্মাণ কৰি উলিয়াই ‘মডাৰ্ণ টাইমচ’।চেপলীনৰ মতে মেচিনক মানুহৰ সহায়ৰ বাবে ব্যৱহাৰ কৰিব লাগে, মানুহক সহায় কৰাৰ নামত নিবনুৱা কৰিব নালাগে। ‘মডাৰ্ণ টাইমচ’ও চেপলীনৰ প্ৰতিভাৰ আন এক উল্লেখনীয় নিৰ্দশন আছিল। এই চিনেমাখনত চেপলীনে দোধোৰ-মোধোৰ মনেৰে প্ৰথমে সংলাপ ব্যৱহাৰ কৰাৰ কথা ভাবিছিল যদিও পাছত ছবিখনত কেৱল ‘চাউণ্ড ইফেক্ট’ ব্যৱহাৰ কৰে। অৱশ্যে ছবিখনত কিছু পৰিমাণে ৰাজনীতিকৰণৰ বিষয়ে উনুকিওৱা কাৰণে সেই সময়ত আগৰ ছবিবোৰৰ দৰে জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাছিল যদিও সমালোচকসকলে এই ছবিখনকো ৰূপালী পৰ্দাক লৈ থকা চেপলীনৰ যাদুকৰী হাতৰ অন্যতম নিদৰ্শন বুলি অভিহিত কৰে।
১৯৩৯ চনৰ পৰা ১৯৫২ চনলৈকে চাৰ্লি চেপলীনৰ জীৱনকালছোৱা যথেষ্ট বিতৰ্কৰ মাজেৰে পাৰ হৈছিল। এই সময়ছোৱাতে আমেৰিকাত হোৱা ‘দি গ্ৰেট দিপ্ৰেছন’ৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিস্খলনৰ ছবিক চেপলীনে সহ্য কৰিব পৰা নাছিল। ফলত এইবোৰৰ বিৰুদ্ধে মাত মতাৰ ফলত, বিশেষকৈ সম-সাময়িক ৰাজনৈতিক ধ্যান-ধাৰণাৰ বিৰোধিতা কৰাৰ ফলত আমেৰিকাৰ সেইসময়ৰ নেতৃবৃন্দৰ অপ্ৰিয়ভাজন হৈ পৰিছিল। সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পোৱা সামৰিক বাহিনীৰ উত্থানে চেপলীনক বাৰুকৈয়ে ক্ষুব্ধ কৰি তুলিছিল। চেপলীনৰ অনুভৱ হ’ল যে তেওঁ নিজে দেখা এই ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বিসংগতিবোৰ তেওঁৰ চিনেমাত প্ৰকাশ নকৰাকৈ থাকিব নোৱাৰে।
এইখিনি সময়তে জাৰ্মানীৰ স্বৈৰাচাৰী হিটলাৰৰ ইহুদী নিধন যজ্ঞই চেপলীনক বহু পৰিমাণে দুখিত কৰি তোলে। উল্লেখনীয় যে চাৰ্লি চেপলীনৰ অনুপম সৃষ্টি ‘দি ট্ৰাম্প’ৰ ভালেখিনি বৈশিষ্ট এডল্ফ হিটলাৰৰ লগত মিলিছিল। বহু সমালোচকৰ মতে চেপলীনক হিটলাৰৰ ব্যক্তিত্বই আকৰ্ষিত কৰিছিল। মন কৰিবলগীয়া কথা এয়ে যে চাৰ্লি চেপলীন আৰু এডল্ফ হিটলাৰৰ চাৰিদিনৰ অগা-পিছাকৈ জন্ম হৈছিল। দুয়োজনেই দৰিদ্ৰতাৰ চৰম অৱস্থাৰ মাজেৰে পাৰ হৈ আহি বিশ্ব দৰবাৰত নিজৰ আধিপত্য স্থাপন কৰিছিল, আৰু চেপলীনৰ দৰেই হিটলাৰেও টুথব্ৰাছৰ দৰে মোছ ৰাখিছিল। সমালোচকৰ এই তুলনামূলক লিখনিবোৰে চেপলীনক তেওঁৰ জীৱনৰ এখন অন্যতম চিনেমা নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। চেপলীনে প্ৰত্যক্ষভাৱেই হিটলাৰক ব্যংগ কৰাৰ লগতে ‘ফেচিবাদ’ক সমালোচনা কৰি নিৰ্মাণ কৰা ‘দি গ্ৰেট ডিক্টেটৰ’ নামৰ এই চিনেমাখন নিৰ্বাক-সবাক সকলো চিনেমাৰ ইতিহাসৰ এখন অন্যতম শ্ৰেষ্ঠ চিনেমা হৈ আছে।
১৯৩৯ চনত চেপলীনে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ছবি ‘দি গ্ৰেট ডিক্টেটৰ’ৰ নিৰ্মাণ আৰম্ভ কৰে। এই ছবিখনতেই চেপলীনে চৰিত্ৰবোৰত সংলাপ দিয়াৰ সিদ্ধান্ত লয়। কাৰণ ৰাজনৈতিক বাৰ্তাবাহক এই ছবিখনত সংলাপৰ প্ৰয়োজন অৱধাৰিতভাৱেই আহি পৰিছিল। লগতে হিটলাৰক লৈ ব্যংগ কৰাটো সেই সময়ত সঁচাকৈয়ে বিতৰ্কিত বিষয় আছিল। কিন্তু আৰ্থিকভাৱে সক্ষম চেপলীনৰ বাবে সেই সিদ্ধান্ত লোৱাত সহায় কৰিছিল। প্ৰযোজনা, পৰিচালনাৰ লগতে চেপলীনে এই চিনেমাখনত দুটা চৰিত্ৰত অভিনয় কৰিছিল। নাজীৰ অত্যাচাৰত বিপৰ্যস্ত হোৱা এজন নাপিতৰ লগতে হিটলাৰৰ দৰেই এজন একনায়কৰ ভূমিকাত চেপলীনে কৰা অভিনয় তুলনাবিহীন আছিল।
সমালোচকৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰা ছবিখনৰ অন্তিম দৃশ্যত চেপলীনে নাপিতৰ চৰিত্ৰটোৰপৰা ওলাই আহি কেমেৰালৈ পোনে পোনে চাইয়েই যুদ্ধ আৰু ফেচিবাদৰ বিৰুদ্ধে পাঁচমিনিটৰ সংলাপ দিছিল। সেই সময়ত এই দৃশ্যটোৱে যথেষ্ট বিতৰ্কৰ সূচনা কৰিছিল। উল্লেখযোগ্য যে চিনেমাৰ এই মহান সাধকজনৰ দ্বাৰা নিৰ্মিত ‘দি গল্ড ৰাছ’, ‘চিটি লাইটচ’, ‘মডাৰ্ণ টাইম্ছ’ আৰু ‘দি গ্ৰেট ডিক্টেটৰ’ক বিশ্ব চলচ্চিত্ৰ ইতিহাসৰ একো একোখন সৰ্বশ্ৰেষ্ঠ চিনেমা বুলি অভিহিত কৰা হৈছে।

“দি গ্ৰেট ডিক্টেটৰ”ৰ ছেটত চাৰ্লি চেপলীন

অৱশ্যে ইয়াৰ পাছতেই কেইবাটাও কেলেংকাৰীত জড়িত হৈ পৰাৰ ফলত তথা আমেৰিকাৰ আইনী ব্যৱস্থাৰ মেৰপেছত পৰি চাৰ্লি চেপলীনৰ চিনেমা নিৰ্মাণ প্ৰক্ৰিয়া কিছু পৰিমাণে স্থবিৰ হৈ পৰে। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত তথা তাৰ পাছত চেপলীনে কিছু পৰিমাণে সেই সময়ৰ চোভিয়েট ইউনিয়নক সমৰ্থন কৰাৰ ফলস্বৰূপে চেপলীনক ‘কমিউনিষ্ট’ হিচাপেও সমালোচনা কৰা হৈছিল। এইবোৰৰ মাজতেই তেওঁ নিৰ্মাণ কৰা আনকেইখনমান চিনেমা আছিল ‘মঁচিয়েৰ ভাৰদু’, ‘লাইমলাইট’, আদি। চেপলীনৰ বিৰুদ্ধে আমেৰিকাত বাঢ়ি যোৱা দেশদ্ৰোহী ধৰণৰ অভিযোগবোৰৰ বাবে চেপলীনে ‘লাইমলাইট’ চিনেমাখন লণ্ডনত মুক্তি দিয়াৰ সিদ্ধান্ত লয়। সেই উদ্দেশ্যে পৰিয়ালসহ ১৯৫২ চনত আমেৰিকাৰ পৰা যোৱা চেপলীনে আমেৰিকালৈ পুনৰ উভতি নহাৰ সিদ্ধান্ত লয় আৰু ১৯৫৩ চনত চুইজাৰলেণ্ডত স্থায়ীভাৱে থাকিবলৈ লয়।
আমেৰিকাত শেষৰফালে পোৱা তিক্ত অভিজ্ঞতাক লৈয়ে ১৯৫৪ চনত চেপলীনে নিৰ্মাণ কৰি উলিয়াই ‘এ কিংগ ইন নিউয়ৰ্ক’ ছবিখন। জীৱনৰ শেষৰ দুটা দশকত চেপলীনৰদ্বাৰা নিৰ্মিত শেষ ছবিখন আছিল ‘এ কাউন্টেছ ফ্ৰম হংগকংগ’ (১৯৬৭)। এই ছবিখনে বক্স অফিচত চেপলীনৰ আগৰ ছবিবোৰৰ দৰে বৰ বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম নোহোৱাত চেপলীন হতাশ হৈ পৰিছিল। চেপলীনে আৰু এখন ছবিৰ চিত্ৰনাট্য লিখি উলিয়াইছিল যদিও স্বাস্থ্যজনিত কাৰণত আগবাঢ়িব নোৱাৰিলে। এই সময়ছোৱাতে চেপলীনে তেওঁৰ পুৰণি চিনেমা ক্ৰমে ‘দি কিড’, আৰু ‘দি চাৰ্কাচ’ৰ পুনৰ মুক্তি দিয়ে। ইয়াৰ মাজতে ব্ৰিটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু ডাৰহাম বিশ্ববিদ্যালয়ে চাৰ্লি চেপলীনক সন্মানীয় ডক্টৰেট ডিগ্ৰী অৱ লেটাৰ্চ’ৰে সন্মানীত কৰে।
১৯৬৪ চনত প্ৰকাশ পোৱা চাৰ্লি চেপলীনৰ ‘মাই অটোবায়োগ্ৰাফী’ সেইসময়ত বিশ্বজুৰি এখন ‘বেষ্ট চেলাৰ’ ৰূপে অভিহিত হয়। শেষত ১৯৭২ চনত আমেৰিকাৰ অকাডেমী এৱাৰ্ডে চাৰ্লি চেপলীনক শতিকাটোত তেওঁ চিনেমা জগতৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে সন্মানীত কৰে। সম্পূৰ্ণ বিছ বছৰৰ পাছত চেপলীন আমেৰিকালৈ যায়। অকাডেমী এৱাৰ্ডৰ ইতিহাসত চাৰ্লি চেপলীনৰ বাবে সেই এৱাৰ্ড বিতৰণ অনুষ্ঠানত মুঠ বাৰ মিনিটৰ ’ষ্টেণ্ডিং অভেচনৰ’এ চিনেমা শিল্পৰ এই মহান সাধকজনক সন্মান জনোৱা হয়।
চাৰ্লি চেপলীনৰ ৰূপালী পৰ্দাৰ এই সোণোৱালী যাত্ৰাৰ আঁৰৰ চাবি-কাঠি আছিল চেপলীনৰ নিৰৱচ্ছিন্ন সাধনাৰ ফচল। চেপলীন আছিল একাধাৰে লিখক, পৰিচালক, প্ৰযোজক, সম্পাদক, অভিনেতা আৰু সংগীতজ্ঞৰ এক অভিনৱ প্ৰতিভাৰ অধিকাৰী। চেপলীন প্ৰকৃততে ’পাৰ্ফেকশ্ব’নিষ্ট’ আছিল। জীৱনৰ শেষ সময়লৈকে চিনেমা শিল্পৰ উৎকৰ্ষ-সাধনৰ অহৰহ চেষ্টাত ব্ৰতী আছিল এই মনিষীজন। চিনেমাত অভিনৱত্ব অনাৰ বাটকটীয়া আছিল চাৰ্লি চেপলীন।
জীৱনৰ প্ৰথম অৱস্থাত কৰা অপৰিসীম সংগ্ৰামে চেপলীনক আৰ্থিকভাৱে সম্পদশালী কৰিছিল, সেয়ে চিনেমা নিৰ্মাণৰ আঁৰত হোৱা খৰচত হেলা কৰা নাছিল। নিজৰ প্ৰযোজনাত নিৰ্মিত ছবিসমূহত খৰচৰ কথা চিন্তা নকৰাকৈ কেবাবছৰো লগাই চিনেমাখনৰ কলাসুলভতাক উন্নত কৰাৰ চেষ্টা চলাইছিল।
চেপলীনৰ ছবিসমূহক মূলতে ’স্লেপষ্টিক’ ধাৰাৰ নিৰ্বাক যুগৰ হাস্য-ব্যংগৰ চলচ্চিত্ৰ বুলি কোৱা হয়। এই ‘স্লেপষ্টিক’বোৰত ইয়াৰ লগতে জীৱন সংগ্ৰামৰ অৱৰ্ণনীয় কষ্টক কাৰুণ্যতাৰে প্ৰকাশ কৰাৰ অহৰহ চেষ্টা চলাই গৈছিল। চাৰ্লি চেপলীনৰ বহুখিনি ছবিতে সামাজিক আৰু ৰাজনৈতিক বাৰ্তা দিয়াৰ লগতে আত্মজীৱনীমূলক কাহিনীৰ বৈশিষ্ট আছিল। চেপলীনৰ হাস্য-ব্যংগৰ এই কমেডীবোৰত হাস্য-ব্যংগক যথেষ্ট বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰা হৈছিল। সেয়ে হাঁহিৰ লগতে দৰ্শকে পাইছিল জীৱনৰ কিছুমান চিৰন্তন চিন্তাৰ খোৰাক যোগোৱা বাৰ্তা।
কুইন এলিজাবেথৰদ্বাৰা ‘নাইটহুড’ উপাধিৰে সন্মানীত চাৰ্লি চেপলীনে ৮৮ বছৰ বয়সত জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে। এই মহান শিল্পীজনাৰ বিষয়ে আন এগৰাকী প্ৰসিদ্ধ পৰিচালক ৰেনে ক্লেয়াৰে কৰা উক্তি তেখেতৰ ব্যক্তিত্বৰ উচিত মূল্যাংকন আছিল। ৰেনে ক্লেয়াৰৰ মতে, ‘চাৰ্লি চেপলীন আছিল পৃথিৱীৰ সকলো দেশৰ আৰু সৰ্বকালৰ চিনেমাৰ শ্ৰেষ্ঠ কীৰ্তিচিহ্ন।’

☆★☆★☆

One comment

  • ৰিণ্টু

    বহুতো নজনা কথা জানিলো। সুন্দৰ আৰু তথ্যসমৃদ্ধ

    আশা ৰাখিছো ভবিষ্যতেও এনেধৰণৰ লেখনী ফটাঢোলৰ মজিয়াত পঢ়িবলৈ পাম

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *