অসমীয়া সাহিত্যৰ ইতিহাসৰ বিশেষভাৱে স্মৰণীয় সময় উনবিংশ শতিকাৰ শেষৰ ফাললৈ জন্মলাভ কৰা যিসকল মহান হিতৈষীয়ে অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু নিজৰ জীৱন-পণ ৰাখিছিল, সেইসকল প্ৰথিতযশা অসমীয়া সাহিত্যিকৰ মাজৰ অন্যতম এজন আছিল পদ্মনাথ গোহাঞিবৰুৱা।

গোহাঞিবৰুৱাৰ সৃষ্টিশীল জীৱনত এভুমুকি–

১৮৭১ চনত লক্ষীমপুৰ জিলাৰ নকাৰি গাঁৱত জন্মলাভ কৰা এইজন স্মৰণীয় ব্যক্তিয়ে উত্তৰ লক্ষীমপুৰ, শিৱসাগৰ আৰু কহিমাত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে গৈছিল যদিও সেয়া আধৰুৱা হৈ থাকিল। স্কুলত শিক্ষকতা কৰাৰ উপৰিও ভালেমান ৰাজহুৱা দায়িত্ব সুচাৰুৰূপে পালন কৰা গোহাঞিবৰুৱাৰ মুখ্য চিন্তা আছিল অসমীয়া ভাষা সাহিত্যৰ উন্নতিত সাৰ-পানী যোগোৱাহে। অ.ভা.উ.সা.ৰ প্ৰধান উদ্যোক্তাসকলৰ সহযোগ লাভ কৰি তেওঁ অসমীয়া সাহিত্য সৃষ্টিত মনোনিবেশ কৰিলে। ১৮৯০ চনৰপৰা একাদিক্ৰমে ‘বিজুলী, আসাম বন্তি, ঊষা (১৯০৭)ৰ সম্পাদকৰ গুৰুদায়িত্ব পালন কৰি গ’ল। বঙলা মাধ্যমত শিক্ষালাভ কৰা এইজন মহান অসমীয়াই কঠিন শ্ৰম আৰু অধ্যৱসায়েৰে মাতৃভাষাত সাহিত্য চৰ্চা কৰি অসমীয়া ভাষা-সাহিত্যৰ অভাৱ পূৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। জোনাকী তেওঁৰ যাত্ৰাপথ আছিল। কবিতা, নাটক, প্রহসন, উপন্যাস, জীৱনী, আত্মজীৱনী আদি ভিন্ন স্বাদেৰে তেওঁ অসমীয়া পাঠকৰ ৰুচি পূৰণৰ চেষ্টাত ব্ৰতী হৈছিল। ১৮৯০-৯২ চনত বিজুলীৰ পাতত ভানুমতী, লাহৰীয়ে আত্মপ্ৰকাশ কৰাৰ লগে লগে অসমীয়া উপন্যাসৰ কোমল ভেটি যেন সুদৃঢ় হ’ল। প্রায় আঢ়ৈকুৰিখন গ্ৰন্থ ৰচনা কৰা গোহাঞিবৰুৱাৰ সৃষ্টিশীল ৰচনা আছিল তেৰ(১৩)খন। সেইখিনিৰ তিনিটা ভাগ হৈছে ক্ৰমে :

(১) নাটক: (তলত চমুকৈ আলোচনা কৰা হ’ব)

(২) উপন্যাস: ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২)

(৩) কবিতা: লীলা (১৮৯৯), জুৰণি (১৯৩৮) আৰু ফুলৰ চানেকি (১৯৪১)

পদ্মনাথ গোহাঞিবৰুৱাৰ নাটক:

পদ্মনাথ গোহাঞিবৰুৱাৰ নাটক ৰচনাৰ অন্তৰালত তেওঁৰ প্ৰাচীন ঐতিহ্যৰ প্ৰতি থকা সজাগতা-সচেতনতা, অন্তৰ আছন্ন হৈ থকা দেশপ্ৰেম, জাতি-প্ৰীতিৰ লগতে অসমীয়া ভাষা সাহিত্যৰ সংকটময় সময়ছোৱাত অসমীয়া নাটকৰ অভাৱ পূৰণৰ সদিচ্ছাও নিহিত হৈ আছিল। গোহাঞিবৰুৱাৰ সৰ্বমুঠ নাটক আঠখন। ইয়াৰে (১) গাওঁবুঢ়া (১৮৯৭), (২) টেটোন তামুলি (১৯০৯) আৰু (৩) ভূত নে ভ্ৰম (১৯২৪) এই তিনিখন ধেমেলীয়া নাটক যাক প্ৰহসন বুলিবও পৰা যায়। (৪) জয়মতী (১৯০০) (৫) গদাধৰ (১৯০৭) (৬) সাধিনী (১৯১১) আৰু (৭) লাচিত বৰফুকন (১৯১৫) – এই চাৰিখন বুৰঞ্জীমূলক নাটক। শেষৰ (৮) বাণৰজা (১৯৩২) হৈছে গোহাঞিবৰুৱাৰ পৌৰাণিক নাটক।
নিঁভাজ হাস্যৰস সৃষ্টিৰ দক্ষতা, টাইপ চৰিত্ৰ সৃষ্টিত সিদ্ধহস্ত, সাধাৰণ গ্ৰাম্য জীৱন শৈলীৰ নিঁখুত পৰিবেশ ৰচনাৰ পাৰদৰ্শিতাৰ পৰিচয় দিয়া গোহাঞিবৰুৱাৰ জয়মতী নাটকখনকে সমালোচকসকলে শ্ৰেষ্ঠ নাটক আখ্যা দিব খোজে।

পদ্মনাথ গোহাঞিবৰুৱাৰ ধেমেলীয়া নাটক:

পদ্মনাথ গোহাঞিবৰুৱাৰ ধেমেলীয়া নাটকৰ প্ৰসংগতে অসমীয়া ধেমেলীয়া নাটক সম্পৰ্কে থোৰতে জানি ল’বলৈ যত্ন কৰা হওক। নাট্যকাৰ অতুলচন্দ্ৰ হাজৰিকাৰ মতে, “অসমৰ ঢুলীয়াবিলাকে নানা তৰহৰ ৰং ৰহইচ কৰি দৰ্শকৰ আগত এবিধ বহুৱালিৰ নাট মেলি হাঁহিৰ ৰগৰ তুলিছিল অনাদি কালৰপৰাই। এই বহুৱালিৰ নাট আৰু ধেমেলীয়া নাটৰ মাজত পাৰ্থক্য আছে। ঢুলিয়াৰ বহুৱালি নাট নিম্নস্তৰতে থাকে, কিন্তু ধেমেলীয়া নাটে আন আন শ্রেণীৰ নাটকৰ নিচিনাকৈ বৰচুৰীয়াৰ ফেৰ মাৰি ওপৰলৈ উৰা মাৰে, পাঠক আৰু দৰ্শকৰ হাঁহিৰ লগতে বিস্ময় আনন্দৰ খোৰাকো জগায়, সাহিত্যৰ ভঁৰালো চহকী কৰে। এনেবিধ নাটত চিন্তনীয় বিষয়বস্তু উপস্থাপন কৰিও চতুৰ নাট্যকাৰে ছেগ চাই কঠীয়া পাৰে।” সাধাৰণতে পাশ্চাত্য সাহিত্যত ধেমেলীয়া নাটকৰ প্ৰকৃতৰূপ বিচাৰি পোৱা যেন বোধ হয়। ইংৰাজী সাহিত্যৰ ‘Comedy’ (কমেডি) আৰু ‘Farce’ (ফাৰ্চ)ৰ লক্ষণযুক্ত নাটকৰ লগতে আন দুটা শ্ৰেণীৰ নাটক ক্ৰমে লঘু কমেডি আৰু উচ্চ কমেডিকো অসমীয়া ধেমেলীয়া শব্দটোৱে সামৰি থ’ব খোজে। আনহাতে প্রহসন শব্দটোকো ইংৰাজী ‘Farce’ৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়। নাট্যসাহিত্যৰ প্ৰাচীন ইতিহাস খুচৰি চালে দেখা যায়- সংস্কৃত নাটকত দহবিধ ৰূপক আছে, ইবোৰৰ ভিতৰত প্ৰহসনক অন্যতম বুলিব পাৰি। হাস্যৰস প্ৰহসনৰ প্ৰধান উপজীব্য আৰু এইবিধ নাটকৰ অদ্ভুত পৰিসমাপ্তি ঘটা দেখা যায়। লঘু ৰচনাভংগী, শিথিল গাঁথনি তথা ব্যংগ ভাব প্ৰহসনৰ মূল বিশেষত্ব। অসমীয়া ভাষাত উপযুক্ত পৰিভাষাৰ অভাৱত হয়তো ফাৰ্চ আৰু লঘু কমেডি — এই দুই শ্ৰেণীৰ নাটকক ধেমেলীয়া শব্দটোৰেই বুজাব খোজা হয়। ইংৰাজী সাহিত্যৰ ‘Farce’ আৰু ‘Comedy’ৰ পাৰ্থক্য অৱশ্যে পঢ়িলেই বুজিব পৰা যায়।
সাধাৰণতে দেখা যায় ধেমেলীয়া নাটকৰ কলেৱৰ সৰু, কাহিনীৰ গাঁথনিও সোলোক- ঢোলোক হয়, চৰিত্ৰবোৰৰ ভাব ভংগী, কথা- বতৰা, কাৰ্য-কলাপ আদিও বিসংগতিপূৰ্ণ। নিঁভাজ হাস্যৰস অথবা ব্যংগাত্মক পৰিবেশ সৃষ্টি বিষয়টোৱে এনে নাটকত বিশেষ গুৰুত্ব লাভ কৰে। প্রহসনত নাটকীয় সংঘাত বিশেষ গভীৰ নহয়। ঘটনা আৰু কাৰ্যৰ মাজত ক্ষীণ সম্পৰ্ক থকা পৰিস্থিতিৰ সমাবেশ দেখা যায় যদিও চৰিত্ৰৰ বুদ্ধিমত্তা আৰু আত্মপ্ৰতিষ্ঠাৰ ভাবৰ প্ৰবলতা লক্ষণীয়। যি কি নহওক, অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা — সত্যেন্দ্ৰনাথ শৰ্মাৰ মতেও পৰিভাষাৰ অভাৱেই এনে এটা
কাৰণ, যি কাৰণত ফাৰ্চ আৰু লঘু কমেডিক অসমীয়া ভাষাৰ ধেমেলীয়া শব্দটোতে সামৰি ৰখা দেখা যায়৷ সেইবাবেই বিশেষ জটিলতালৈ নগৈ পদ্মনাথ গোহাঞিবৰুৱাৰ ’গাওঁবুঢ়া’, ’টেটোন তামুলি’, ’ভূত নে ভ্ৰম’ তিনিওখনকে সাধাৰণভাৱে ধেমেলীয়া নাটকৰ শাৰীত থ’ব পৰা যায়৷

গোহাঞিবৰুৱাৰ ’গাওঁবুঢ়া’:

গোহাঞিবৰুৱাৰ ’গাওঁবুঢ়া’ অসমীয়া ধেমেলীয়া নাটকসমূহৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য৷ নাটকখনৰ কাহিনীভাগলৈ মন কৰিলে দেখা যায় অসমত বৃটিছ ৰাজত্বৰ কলীয়া ডাৱৰে আৱৰিবলৈ ধৰা সময়ছোৱাত বৃটিছৰাজ পৰিচালিত হ’বলৈ তেওঁলোকৰ আমোলত নানা পদ আৰু বিষয়বাব সৃষ্টি কৰি লোৱা হৈছিল৷ সেইবোৰৰ ভিতৰত ‘গাওঁবুঢ়া’ পদটোও অন্যতম আছিল৷ অশেষ কষ্ট আৰু দায়িত্ব পালন কৰিও শ্ৰমৰ মূল্য আৰু স্বীকৃতি লাভ নকৰা গাওঁবুঢ়া সকলৰ জীৱন হৈ পৰিছিল পানীত হাঁহ-নচৰা। গ্ৰামীন ব্যৱস্থাত এসময়ৰ সন্মানীয় ব্যক্তি ‘গাওঁবুঢ়া’ পদটো বৃটিছৰ শাসন-শোষণত পৰি হৈ পৰিছিল ভালুকৰ সাঙী৷ সেই শাসন কালত বৃটিছ চাহাব সকলেই আছিল হৰ্তা-কৰ্তা, মৌজাদাৰ-মহৰী আদি আছিল তেওঁলোকৰ আদেশৰ পালন-কৰ্তা মাত্ৰ৷ চাপ্‌-ৰাছী, অৰ্দাৰলি আদিয়ে বিষয়বাবটোৰ নামতেই নপতা ফুকন হ’ব খুজিছিল৷
বলী নাৰায়ণ বৰাদেৱে লিখিছিল-
‘ল’ৰাৰ আগত বৰ কথা
সমনীয়াৰ আগত কম
চাপ্‌-ৰাছীৰ আগত কেকোতাকাকুতি
চাহাবৰ আগত কুজা
এৱেঁই আমাৰ অসমৰ
ডাঙৰীয়া বুজা৷

গাওঁবুঢ়া নাটকৰ ডাঙৰীয়া ৰত্নধৰ মৌজাদাৰো এনে এজন ব্যক্তি আছিল, যি চাহাবৰ আগত ভিজা মেকুৰী, গাঁৱৰ মানুহৰ আগত বৰ-মতা৷ গাঁৱৰ মানুহক ডকা-হকা দি ৰায়তৰ খাজনা আৰু ৰচদ-পাতি তুলি আনি চাহাবৰ মন যোগাবলৈ এওঁৰ চেষ্টাৰ অন্ত নাছিল৷ এনে অসমীয়া কৰ্মচাৰীয়ে সাধাৰণ গাঁৱলীয়া মানুহক মানসিক অত্যাচাৰ যে কৰিছিল তাৰ নিদৰ্শন হৈছে গাওঁবুঢ়া নাটকখন৷ চাহাবৰ হুকুম ষোল্ল অনাই পালন কৰিব লগা হোৱা মৌজাদাৰৰ হুটা মাত শুনি পুৱাৰ পৰা গধূলিলৈকে টলৌ টলৌকৈ ঘূৰি বিনা বেতনে চৰকাৰী কামত ৰাম খাটন দিব লগা হৈছিল৷ পদৰ লোভত মৌজাদাৰক খাতিৰ কৰি বৰমানুহ বোলাবলৈ যোৱা তেনে এজন গাওঁবুঢ়া হৈছে – ভোগমন চেতিয়া৷ ৰত্নধৰ মৌজাদাৰে গাওঁবুঢ়া কামৰ উমেদাৰ ভোগমল চেতিয়াক নিযুক্তি দিবৰ বাবে মহকুমাধিপতি ইয়ং চাহাবক লগ ধৰি কৈছে:
“ৰত্ন হজুৰে তাক মৰম কৰি কামটো দিলে সি সুখ পাব, সি ডাঙৰ হৈ তৰিব পাৰিব বুলিছে৷”

ইয়ং: গাওঁবুঢ়া কামতে কি হুক টাকিছে? টাটে টলব নাই টাকিছে৷ টেনেহলে হেইটো কাম কেলে মাঙিছে? মই জানিছে টাটে কিজানি বহুত লাভ টাকিব ফাৰে৷

ৰত্ন: নহয় হজুৰ, আন কি লাভ আছে , সেই বিয়াই সবাহে আগ-ঢাৰি, আগ-পাত, ……৷ আগৰ দিনীয়া ভাল মানুহৰ ল’ৰা হলেই মানফেৰাৰ নিমিতে এই কামত সোমায়৷

গাওঁবুঢ়াসকলক ’কুলি’ ধৰা নহৈছিল বাবেও ভোগমনে দূৰৈৰ পৰা দেখা শুৱনি পৰ্বতটো হ’ব খুজিছিল৷ পিচে ভোগমন কালত পৰি কলীয়াহে হ’ল৷ , মাটি-ভেটি সকলো গ’ল৷ তেওঁৰ দুজন লগৰীয়া ভুক্তভোগী কচুখোৱা চুতীয়া আৰু কেৰেপাই কোঁচ৷ সেই সময়ৰ অসমীয়া সমাজ জীৱনৰ হুবহু প্ৰতিফলন ঘটা নাটকখনৰ শেষৰফালৰ চাৰিজন গাওঁবুঢ়াৰ মৰ্মবেদনা প্ৰকাশক, কাৰুণ্যপূৰ্ণ গীতৰ দুশাৰীমান হৈছে-

আমি চাৰি গাওঁবুঢ়া
চাৰিগোট ঢেকীথোৰা
ৰাতি-দিনে কাম বানি হওঁ এধামৰা৷
বাহিৰত বৰ কথা
ভিতৰত কন্দা কটা……

মুঠতে গাওঁবুঢ়াৰ বিষয়-বাব ঘূৰাই দিহে ভোগমনে ৰক্ষা পালে৷

গোহাঞি বৰুৱাৰ ’টেটোন-তামুলি’:

পদ্মনাথ গোহাঞিবৰুৱাৰ দ্বিতীয়খন ধেমেলীয়া নাটক হৈছে ’টেটোন তামুলি’৷ অসমীয়া নাট্য সাহিত্যৰ ইতিহাসত নাটকখনৰ স্থান সুকীয়া৷ অসমীয়া সমাজত মানুহৰ মুখে মুখে প্ৰচলিত টেটোনৰ ধূৰ্তালি আৰু কথাৰ মেৰপাকেৰে মানুহক শল-ঠেকত পেলোৱাৰ কৌশলকেই গোহাঞিবৰুৱাই সুন্দৰভাৱে নাট্যৰূপ প্ৰদান কৰিছে৷ নাটকখনৰ টেটোন সৰ্বজনবিদিত চৰিত্ৰ৷ টেটোনে কথাৰ মেৰপাকেৰে বাপেক আৰু ভিনিহিয়েকক খকা-খুন্দা লগাই ঘৰৰ পৰা ওলাই যাব লগা হ’ল৷ বাটে বাটে যাওঁতে তিনিটাকৈ জগৰ লগালে যদিও টেটোনক ৰাজচ’ৰালৈ লৈ যোৱা তিনিজন গোচৰীয়া টেটোনৰ তীক্ষ্ণ তৰ্কজালত পিচলি পৰি তেনেই ভেচভেচীয়া হ’ল৷ আনকি গোচৰৰ ৰায় দিওঁতা ন্যায়সোধা ফুকনহে এক লাখ, এহেজাৰ, এশ টকাৰ অনাহক ধাৰত টেটু গুৰিলৈকে সোমাই পৰিল৷ মাছৰ তেলেৰে মাছ ভজা টেটোনে এইবাৰ জালত পেলালে ন্যায়সোধা ফুকনৰ জীয়ৰী চম্পাৱতী আইদেউক৷ চম্পাৱতীক বিয়া কৰাই তামুলীফুকনৰ বিষয়বাব লৈ ৰজাঘৰীয়া হৈহে টেটোনে ভালকৈ উশাহ ল’লে ৷ টেটোনৰ ভেঙুচালি আৰু কথাৰ মেৰপাক নাটকখনৰ প্ৰথম অংকৰ প্ৰথম পটতে দেখা যায় ভিনিহিয়েক ধনাইৰ সৈতে হোৱা কথোপকথনত-

ধনাই: (আপোনা-আপুনি) ই কটা বৰ আধা-কটা ল’ৰা। ভাল কথা সুধিলে সি পেংলাইহে কৰে। বাৰু ৰবি, ময়ো চুঙা চাই সোপা দি থওঁ।(ফুটাই) হেৰ’ বাপেৰ আহিলে ক’বি, বুলি ভিনিহি আহিছিল, কাণ মাৰিলে তহঁতৰ বৰ চপা গছজোপা কাটি নিবলৈ, পিছে ঘৰত মানুহ নাপাই উলটি গ’ল।
টেটোণ: (ভোৰভোৰাই) আও । ম’হৰ শিঙৰ ককিলাদাৰ। এওঁৰ বুধিৰ ল’ৰাটো অমুকাই লগ নাপামগৈ যেন ভাবিছে। আৰু হেনো ঘৰত মানুহ নাপাইহে এওঁ এতিয়া ওলটে। আমি এওঁৰ মানত মানুহে নহওঁ। বাৰু, ৰ’বি বাপেৰে মানুহ নে গৰু দেখুৱাম। (ফুটাই) এ, ভিনিহি, চপাগছৰ আশাটি এৰিলেই ভাল।আমাৰ দাঁত খৰিকা কৰিবলৈ বুলি এইজোপা গছ বোপায়ে মোক কালিয়ে কাটিবলৈ কৈ থৈছে। পিছে মোৰ নলীয়া কটাৰীখন ধৰাই ল’বলৈ শিল পোৱা নাই দেখিহে আজিও কাটিব পৰা নাই। পৰ্বতলৈ শিল বিচাৰি যাওঁ বুলিহে ভাবিছো।

চাৰিটা অংক বিশিষ্ট ‘টেটোণ তামুলি’ত টেটোণৰ ধূর্তলিৰ অন্ত নাই। কথাৰ জোলোঙাটিও উদং নহয়, বৰং ন ন কথাৰ পাকেৰে ভৰি পৰা।

গোহাঞি বৰুৱাৰ ‘ ভূত নে ভ্ৰম’

পদ্মনাথ গোহাঞি বৰুৱাৰ ’ভূত নে ভ্ৰম’ তৃতীয় খন ধেমেলীয়া নাটক। অসমীয়া মানুহৰ মনত পূৰ্বৰে পৰা খুঁটি-পুতি বহি লোৱা ভূতৰ বিশ্বাসক লো, সৰিয়হেৰে মাৰিবৰ বাবেহে গোহাঞি বৰুৱাৰ এই চেষ্টা আছিল। আমাৰ গাঁৱলীয়া অশিক্ষিত মানুহে ছাঁটোকে বাঘটো দেখে।সেয়ে ভূত বিভীষিকাৰূপী ভ্ৰম দূৰ কৰিবলৈ গোহাঞি বৰুৱাই নাটকখনৰ যোগেদি চেষ্টা কৰছিল।ভূত বিশ্বাস স্বভাৱত পৰিণত হোৱা মানুহৰ ভ্ৰমৰ ওপৰত বেজৰ দৌৰাত্ম, কানীয়া ভকতৰ ফাকটি- ফুকুটা নাটক খনত দৃশ্যমান। স্ত্ৰীচৰিত্ৰ সমূলি নথকা নাটক খনত থকা কানিখোলাৰ কানীয়াৰ দুটামান সংলাপত পৰিস্কাৰ হৈ উঠে সেই সময়ৰ অসমীয়া সমাজত ঘৰ বান্ধি লোৱা ভূতৰ ভ্ৰম-

২্য় কানীযাঃ অয়টো টিক কৈছা বান্দ! সেই দেকিহে কওঁ বোলো দেও-বুত বালও বেয়

৩য় কানীযাঃ কি ক’লি! দেও -ভূত বেয়া? এনে কথা নক’বি দেই। বোলে যাৰ যহত শাক-সেন্দুৰ তাক পাতে ডোকোৰা এন্দুৰ।হেৰ’ খাই পাত ফলা অগুণকাৰী নহ’বি দেই।

১ম কানীয়া: সঁচা কিন্তু, শালপতিয়ে কিন্তু ভাল কথা কৈছা। গৃহস্থৰ ল’ৰাটোক কিন্তু ভূতে নধৰা হ’লে কিন্তু আজিৰ সেৱা ভাগিনো কিন্তু ক’ৰপৰা আহিলহেতেন? কানীয়া ভকতক কিন্তু ভূতেহে দিয়ে ৰুজি কিন্তু জানিছা?

৩য় কানীয়া: সেই বাবেইটো আমি দেও-ভূতৰ মহিমা য’তে ত’তে বহলাই ক’বলৈ চাব লাগে।দেও- ভূতলৈ ভয় বাঢ়ে মানে আমালৈ ভোগ বাঢ়ে,ভূতলৈ ভয় টুটে মানে আমালৈ ভোগ টুটে বুজিছাহত।

এচাম সুবিধাবাদী মানুহৰ আঙুলিৰ ঠাৰত নচা অসমীয়া মানুহৰ বিলৈ যেন ধেমালিৰ মাজেদি বুজাই দি তাৰ প্ৰতিকাৰৰ উদ্দেশ্যেই গোহাঞি বৰুৱাই মুক্তিনাথ নামৰ চৰিত্ৰটোৰ যোগেদি কৈছে- “অন্ধবিশ্বাসত আমাৰ সমাজ তল গ’ল।”

সামগ্ৰিক আলোচনা:

পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰথম ধেমেলীয়া নাটক ” গাওঁবুঢ়া”ক তেওঁ নিজে স্পষ্ট ভাবে সামাজিক নাটক বুলিহে কৈ গৈছে । প্ৰকৃতাৰ্থত ব্ৰিটিছ ৰাজত্বৰ আৰম্ভণিৰ সময়ছোৱাত অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিফলন ঘটা নাটক খন যদিও সামাজিক শ্ৰেণীবদ্ধ তথাপি বিষয়বস্তুৰ পৰা আঁতৰি গঠনভংগী , সংলাপ আদিৰ ফালৰ পৰা বিশ্লেষণ কৰি চালে ‘গাওঁবুঢ়া’ত ধেমেলীয়া নাটকৰ লক্ষণ স্পষ্ট। অৱশ্যে ‘প্ৰহসন’ৰ বৃত্তৰ পৰা মুক্ত যেন বোধহয়। গাওঁবুঢ়াৰ জীৱনৰ সুখ-দুখ, লাঞ্চনা-গঞ্জনা, আলৈ-আহুকাল ফুটাই তোলাত সফল হোৱা গোহাঞি বৰুৱাই প্ৰশাসনীয় বেমেজালিক ব্যঙ্গ কৰিছে।, গাঁৱলীয়া মানুহৰ নিৰ্বোধিতা দাঙি ধৰি হাস্যৰস সৃষ্টি কৰিছে যদিও চৰিত্ৰ সমূহ দৰ্শকৰ সহানুভূতিৰ পৰা বঞ্চিত হোৱা নাই।

‘টেটোণ তামুলী’ৰ নামত প্ৰচলিত সৰস গল্প-গুজবক সজাই-পৰাই কল্পনাৰ সাজ পিন্ধোৱা গোহাঞি বৰুৱাই নাটক খনক ধেমেলীয়াৰ জাতত তুলিবলৈ বিশেষ যত্ন কৰিব লগা হোৱা নাই। টেটোণৰ কথা-চহকী স্বভাৱে কথাৰ মেৰপাকে নাট্যকাৰক সহযোগ কৰিছে। নাটকীয় উপাদানৰ হীন-ডেঢ়ি হলেও ধেমেলীয়াৰ লক্ষণ ইয়াত বাৰুকৈ উপলব্ধ। ৰসগ্ৰাহী জনৰ বাবে বিষয়বস্তুৰ গভীৰলৈ নোযোৱাকৈয়ে লাভ কৰা কথাৰ ৰহ ঘৰা, ৰং-ৰহৈছে ধেমালিৰ পৰা পাব লগা নিৰ্দোষ আনন্দৰ তৃষ্ণা দূৰ কৰিব পাৰে।

বাস্তৱিকতে ভূত থাকক বা নাথাকক গোহাঞি বৰুৱাই ” ভূত নে ভ্ৰম” নামৰ তৃতীয়খন ধেমেলীয়া নাটকৰ যোগেদি পাঠকক ভূতৰ খেল দেখুৱাত ‘ নাই মোমাইতকৈ কণা মোমাই ভাল” ধৰণৰ সফলতাৰ বাট দেখিছে। বিষয়বস্তুৰ উদ্দেশ্য সিদ্ধিত দৃশ্যাৱলী অথবা চৰিত্ৰৰ সহযোগ কম যেন বোধহয়। সংস্কাৰ কামী মনোভাৱে অধিক মূৰ দাঙি উঠাত নাটকীয় মূল্যৰ যেন স্থিতি লৰচৰ হৈছে। তথাপি ধেমেলীয়া নাটকৰ গঠনশৈলী আৰু ব্যতিক্ৰমী কাৰ্য্যৰ দ্বাৰা হাঁহিৰ থুনপাক তোলাৰ দৃশ্য যেন নাটক খনত আৰম্ভণিৰে পৰা শেষলৈকে বিয়পি আছে। তথাপি সামগ্ৰিক বিচাৰত ‘গাওঁবুঢ়া’ই যেন প্ৰকৃত কৃতিত্ব দাবী কৰিব পাৰিছে।

অধুনিক অসমীয়া নাটকৰ লাইখুটা প্ৰতিষ্ঠাকালত যি সকল স্মৰণযোগ্য ব্যক্তিৰ অৰিহণা আছে তাৰে ভিতৰত ভাষা সাহিত্যৰ উন্নতিত হাত উজান দি বংগীয় নাটকৰ সান্দহ খোৱা বালি তল নিয়াবলৈ অশেষ চেষ্টা কৰি অসমীয়া নাটকৰ বৰঘৰ বান্ধিবলৈ জীৱন পণ কৰা এজন অন্যতম সাহিত্যিক, নাট্যকাৰ হৈছে পদ্মনাথ গোহাঞি বৰুৱা৷ প্ৰথমখন নাটক ৰচনা কৰি ’গাওঁবুঢ়া’ৰ চৰিত্ৰত অভিনয় পৰ্যন্ত কৰি অসমীয়া মঞ্চ নাটকৰ আধাৰশিলাত শিল বালি দিয়া গোহাঞিবৰুৱাৰ টেটুন তামুলি উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ পটভূমিত এখন মঞ্চ সফল নাটক৷ সাহিত্য ৰসৰ ফালৰ পৰা পুৰঠ নহয় যদিও ’ভূত নে ভ্ৰম’ নাটকখনো স্ব-মহিমা মণ্ডিত৷

বিহংগম দৃষ্টিৰে মাথো আলোচ্য তিনিওখন নাটকৰ ভাষা অৱশ্যেই সৰল আৰু মনোগ্ৰাহী৷ সৰ্বসাধাৰণ অসমীয়া মানুহৰ কথিত গ্ৰাম্য-ভাষা পাগত তোলাতে গোহাঞিবৰুৱা যেন থমকি ৰ’ব লগা হোৱা নাই৷ পৰিৱেশ পৰিস্থিতি চৰিত্ৰ অনযায়ী ভাষাৰ চোক মন কৰিবলগীয়া৷ ধেমালীৰ মাজত থকা কৰুণতাই গোহাঞিবৰুৱাৰ নাটকক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ মাজে মাজে দীঘলীয়া বৰ্ণনা আৰু স্বৰ্গতোক্তিয়ে সীমা অতিক্ৰম কৰে যদিও নিৰ্মল হাস্যৰসে নাটকখন সজীৱিত কৰি ৰাখিছে৷

যি কি নহওক নাট্য বিচাৰৰ ক্ষেত্ৰত চমকপ্ৰদ বৈশিষ্টৰ জিলিকনি নাথাকিলেও গোহাঞিবৰুৱাৰ ধেমেলীয়া নাটককেইখন অসমীয়া নাট্য সাহিত্যৰ ইতিহাসত বিশেষ স্থান প্ৰাপ্ত৷ কাৰণ অসমীয়া নাটকৰ দুৰ্যোগ তথা নাটনিৰ সময়চোৱাত আৰু অসমৰ ৰংগমঞ্চৰ পৰা বংগীয় নাটকৰ একাধিপত্যক দূৰলৈ ঠেলি পঠিওৱাত পদ্মনাথ গোহাঞিবৰুৱাৰ নাটকৰ বলিষ্ঠ পদক্ষেপ কেতিয়াও নুই কৰিব নোৱাৰি৷

সহায়ক গ্ৰন্থ
১/ সত্যেন্দ্ৰনাথ শৰ্মা: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত।
২/পদ্মনাথ গোহাঞিবৰুৱা: টেটুন তামুলী৷
৩/ চন্দ্ৰপ্ৰসাদ শইকীয়া: পদ্মনাথ গোহাঞিবৰুৱা(সম্পাদনা)

☆★☆★☆

Comments

  1. অতি সুন্দৰ বিশ্লেষণ !! সাৱলীল উপস্থাপন। ধন্যবাদ লেখাটিৰ বাবে।

    1. প্ৰেৰণাদায়ক মন্তব্যৰ বাবে ধন্যবাদ জনালো |

Leave a Reply

Your email address will not be published. Required fields are marked *