আন কিবা গুণ থাকক বা নাথাকক, খোজকঢ়াত কিন্তু মই চেম্পিয়নৰো বাপেক৷ তেনেই সৰু কালতেই এবাৰ ফৰকাটিঙৰ পৰা গোলাঘাটলৈ খোজ কাঢ়ি গৈছিলো৷ তাৰ সাক্ষী-প্ৰমাণ এতিয়াও আছে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল কলেজ, নতুন দিল্লীত চফদৰজং এৰিয়াৰ পৰা কনাট প্লে’ছ, বম্বেত ভিক্ত’ৰিয়া টাৰ্মিনাছৰ পৰা নৰিমান পইণ্ট.. এইবিলাক মোৰ কাৰণে তেনেই সাধাৰণ কথা হৈ পৰিল৷ গুৱাহাটীত পুৱা বাছৰ পৰা নামি চিৰিডাল বগাই ৰে’ল-ষ্টেছনৰ দলংখনত উঠো, ইপাৰ হওঁ, তাৰ পৰা উজান বজাৰলৈকে পিঠিতে বেগটো পেলাই লৈ গিৰিপ-গাৰাপ আহি থাকো৷ গোটেই ৰাস্তাটোত খোজ কাঢ়িবলৈ ওলাই অহা চিনাকি অচিনাকি অসংখ্য মানুহক লগ পাওঁ৷ কোনোবাই মাতে, কোনোবাই হাঁহে, কিছুমানে ওচৰলৈ আহি ৰৈয়েই দিয়ে৷ এদিন এজনে লগতে আহি আহি ঘৰেই পালেহি৷ কোনোবাদিনা মানুহ বৰকৈ নাপালেও কুকুৰ কিন্তু কম্পালছৰি৷ সুন্দৰকৈ কাষে কাষে আহি থাকে৷

এদিন দূৰৰ পৰাই এটা পদূলিত দেখিলোঁ, ঘৰৰ গৃহিণীগৰাকী ‘ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ’খনৰ নিচিনাকৈ নিজৰ পদূলিতে মহা হৰ্ষবদনে ৰৈ আছে৷ একালত মানুহগৰাকীৰ দেহাটোত হিচাপ-পত্ৰবোৰ বেছ জোখৰেই আছিল৷ এতিয়া পেট-তেটবিলাক মেইন লাইনৰ বাহিৰ ওলাল৷ মধ্যপ্ৰদেশ বেছ ট-টকৈ জিলিকি আছে৷ যেন সেই অংশটোৱে বাৰাণ্ডালৈ ওলাই ৰাস্তাৰ মানুহ চাই আছেহি!

ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে-লগে তেখেতো দুখোজমান আগবাঢ়ি আহিল৷ দুই-চাৰিটা কথা পতাৰ পাচত খোজ কঢ়া, মৰ্ণিং ৱাক, বডি ফিটনেছ, আস্থা, বিপাছা, এক্সাৰছাইজ, হেলথ ক্লাব, হাই-প্ৰেছাৰ, ডায়েবেটিছ, ৰামদেৱ, পতঞ্জলি আদিৰ প্ৰসংগও ওলাল৷ “এ নক’ব আৰু বুইেছে.. ঘৰতে বহি কেৱল খোৱা, শোৱা, আৰু টিভি চোৱা৷ এক্সাৰছাইজ বুলিবলৈ সঁচ নাই৷ এনেকুৱাত শকত নহৈ আৰুনো কি হ’ম? পেটৰ চাইজ দেখিছেই নহয়..!”

নিজৰ কথাত নিজেই ৰস পাই তেখেতে আকৌ অকণমান হাঁহি ল’লে৷ মই এনে এটা ভাৱ দেখুৱালোঁ, পেটটো যেন মোৰ চকুতেই পৰা নাই৷ সেইটোওনো আৰু এটা পেট হ’লনে? দুনীয়াত কিমান ডাঙৰ ডাঙৰ পেট দেখিছো৷ সেইবিলাকৰ সতে এইটোৰ কোনো তুলনাই নহয়৷ যেন হাতী আৰু মাখি৷

: “পিচে ঘৰতে থকাৰ কথা ক’লে যে.. আজিকালি আপোনাৰ বিউটি পাৰ্লাৰখন নাইনেকি?”

: “থাকোঁতে আছে৷ পিচে তাতনো কি এক্সাৰছাইজটো হয়? চুলি কটা, নোম গুচোৱা, চেলাউৰি উঘলা, গাল পিটিকা.. সেইবোৰহে আৰু৷ আনক ধুনীয়া কৰি থাকোঁতেই যায়৷ নিজলৈ মনতে নপৰে৷ কিবা এটা উপায় দিয়কচোন৷”

উপায়নো আৰু কি? সক্ৰিয় হৈ থাকিব পাৰিলে ভাল৷ মন আৰু দেহা, দুয়োকে কামত লগাই ৰাখিব লাগে৷ এনেয়ে শুই-বহি সময় নকটালেই হ’ল৷ পিচে আজিকালি আকৌ বেছিভাগ মানুহে সেইটোকেইহে কৰি থাকে৷ পদূলিমুখতে কেইমিনিটমান কটাই গুচি আহিলোঁ৷ তাৰ পাচত ইমানেই ব্যস্ত যে তেওঁলৈ সমূলি মনতেই নপৰিল৷ পিচে বিধাতাৰ এনে ইচ্ছা, এবছৰৰ পাচত পুনৰ মুলাকাত! পাণবজাৰৰ এটা ফাষ্টফুড কৰ্ণাৰত৷ এইবাৰ দেখি অলপ আচৰিতেই হ’লোঁ৷ নিয়মমতে চিনি পাবই নালাগিছিল৷ আগধৰি মাতি দিলে কাৰণেহে৷ কাপোৰ-কানি, হেয়াৰ-ষ্টাইল, কথা-বতৰা সম্পূৰ্ণ সুকীয়া৷ মতা মানুহৰ নিচিনা ৱেষ্টাৰ্ণ ড্ৰেছ৷ চুটি চুটি চুলি৷ ভৰিত নাইকিৰ জোতা৷ বেছ তজবজীয়া মুড৷ মাত্ৰ এটা বস্তুৱেহে অলপ খোকোজা লগালে৷ সেইটো হ’ল চেহেৰা, মানে ফিগাৰ৷ যোৱা বছৰ দেখাতকৈ প্ৰায় তিনিগুণ৷ মোৰ উপদেশে চাইজ বঢ়ালেহে দেখোন৷ সৰ্বনাশ৷ মই এতিয়া মাৰেই খামনেকি?

মুখখনলৈ চালোঁ৷ মোকোৰা-মোকোৰে কিবা এটা খাই আছে৷ গাল দুখন ফুলি গৈছেগৈ৷ খাই থকাখিনিৰ উপৰিও কাষতে এবাটি আইচক্ৰীম৷ এটা ক’ল্ড-ড্ৰিংকচৰ বটল৷ পটেট’ ছিপচ, বাৰ্গাৰ, চ্চিকেন ছ’চেজ..

কাষতে বহিলোঁগৈ৷ পৰম উৎসাহেৰে আত্মজীৱনী আৰম্ভ কৰি দিলে৷ “জানে, যোৱাবাৰ আপুনি দি যোৱা আটাইবোৰ পৰামৰ্শ মই একদম আখৰে-আখৰে পালন কৰিছো৷ পুৱা-গধূলি ৰেগুলাৰ খোজ কাঢ়িছো, ঘৰৰ কাম কৰিছো, কাপোৰ ধুইছো, ভাত ৰান্ধিছো, আবেলি হে’লথ ক্লাব, জিমলৈকো গৈছো৷ এয়া এইমাত্ৰ জিমৰ পৰাই আহিলো৷”

বাঃ! ময়ো পৰম উৎসাহেৰেই উৎসাহ দিলো৷ আধাখোৱা খাদ্যখিনি পটককৈ অকণমান চোবাই লৈ তেখেতে আকৌ ক’লে-

: ‘আৰু কি জানে? তেতিয়াৰ পৰাই খুব ডায়েটিং কৰিছো৷ আজিকালি প্ৰায় একো নাখাওঁ বুলিয়েই ক’ব পাৰি৷ মোৰ খোৱা দেখিলে আপুনি আচৰিত হ’ব৷’

এইবাৰহে অলপ চিন্তাত পৰিলোঁ৷ তাৰমানে ডায়েটিং এনেকুৱাহে নেকি?

দহ মিনিট পাছত ওলাই আহিলোঁ৷ বাহিৰত গিৰিয়েকে গাড়ীতে বহি একান্তমনে ৰাস্তাৰ মানুহ চাই আছে৷

: “কি খবৰ? বাহিৰত আপুনি, ভিতৰত তেখেত৷”

: “তেওঁ চাগে’ বহি লৈ পূৰাদমে ডায়েটিং কৰি আছে, নহয়নে বাৰু?” কথাষাৰ কৈয়ে মানুহজনে হাঃ হাঃকৈ এটা প্ৰাণখোলা হাঁহি মাৰিলে৷ “আপুনি হেনো এবাৰ পদূলিমুখতে পাই কেইটামান ধুনীয়া উপদেশ দিছিল৷ পিচদিনাৰ পৰাই তেওঁ কঁকালত টঙালি বান্ধি লাগি গ’ল নহয়৷ পিচে আচল মজাৰ কথাটো ক’লেনে নাই?”

: “ওঁহো, ক’তা?”

: “এই যে তেওঁ পুৱা-গধূলি খোজ কাঢ়ে, জিমলৈ যায়, হেলথ ক্লাবত ষ্টীম বাথ, ছ’না বাথ আদি লয়গৈ.. তাৰ পৰা ঘূৰি আহি কি কৰে আপোনাক নিশ্চয় কোৱা নাই৷ শুনক৷ নক’লেনো কেনেকৈ জানিব? ময়ে কওঁ৷ সেইবোৰ কৰি অহাৰ পাচতে তেওঁৰ স্বাভাৱিকতেই এটা সাংঘাতিক ধৰণৰ ভোক লাগে৷ সেই ভোকটো লাগিল কি নালাগিল, বচ, ৰ’বলৈ নাই, ইম্মিডিয়েট খাবলৈ লাগি যায়৷ সমুখত যি পায়.. হাতী ঘোঁৰা বাঘ ভালুক.. একো নেৰে৷ এইবাৰ ফিগাৰটো অলপ উন্নত যেন লগা নাইনে বাৰু?”

☆★☆

Comments

  1. আপোনাৰ লিখনি সদায়েই প্ৰিয়। বৰ ভাল লাগিল পঢ়ি……

Leave a Reply

Your email address will not be published. Required fields are marked *