ৰাতিপুৱা বাৰাণ্ডাত আৰামকৈ বহি হাতত বাতৰি কাকতখন তুলি ল’লো৷ সদ্যহতে হেডলাইন কেইটাকে পঢ়ি লওঁচোন৷ সৰু হৰফত লিখা বিতং বাতৰিবোৰ পাছে-পৰেও ভালকৈ পাগুলা যাব বাৰু৷ দুপৰীয়া ভাতমুঠি ধৰি আৰামী চকীখনতে হেলান দি জিৰোৱাৰ সময়চোৱাতো আন বাতৰিবোৰ পাগুলিব পাৰিম৷ নহলে নিশাৰ ভাগলৈ শেতেলীত বাগৰ দিয়াৰ সময়তো দুই এটা বাতৰিৰ বতৰা পাগুলিব পৰা যাব৷

কাকতখনৰ প্ৰথম পৃষ্ঠাৰ ডাঙৰ আখৰ কেইটাকেই সশব্দে পঢ়ি গ’লো৷

: য়ে আৰাম কা মামলা হেই !!

মাতটো অলপ ডাঙৰকৈয়েই ওলাল৷ হলেই আৰু দেই! ইফালে সিফালে অলপ চাই চকুদুটা দুবাৰমান পিৰিকিয়ালো৷ হে পৰভু! কোনোবাই এইবোৰ শুনিলে হ’ল আৰু! পিছে একো উপায় নাই৷ আজিকালি বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাটোত খবৰৰ সলনি পিছফালৰ বাৰাণ্ডাত ওলমি থকা বা তুলীখনৰ তলত লুকুৱাই ৰখা কিছুমান অত্যাৱশ্যকীয় সামগ্ৰীৰ বিজ্ঞাপনৰ বাহাৰ! আকৌ কেতিয়াবা চৰকাৰী বিজ্ঞাপনেৰেও কাকতখনৰ বহুকেইটা পৃষ্ঠা জিলিকি থাকে৷ চৰকাৰী বিজ্ঞাপনত মানে কেতিয়াবা গহীন গম্ভীৰ দেশৰ প্ৰধান সেৱকজনাৰ, কেতিয়াবা আকৌ ৰাজ্যৰ হাঁহিমুখীয়া প্ৰধান ভকতজনাৰ ফটোৰে সৈতে প্ৰকাণ্ড বিজ্ঞাপন৷ পিছে ৰাইজৰ বাবে দৰকাৰী বিজ্ঞাপনসমূহতকৈ চৰকাৰী ধনৰ শৰাধ কৰি কাকতৰ পৃষ্ঠাজুৰি প্ৰকাশ কৰা শুভেচ্ছাবাণীৰ বিজ্ঞাপনৰহে আধিক্য দেখা পাওঁ৷ বাপতিসাহোন উৎসৱসমূহ যেনে বিহু, ষটপুজা, নমামী আদিৰ অলেখ শুভেচ্ছাবাণী জিলিকি থাকে৷ কেইদিনমান আগতে কাকতত বিজ্ঞাপনত ফটোৰ কথাকে লৈ বৰ-ৰজা আৰু সৰু-ৰজাৰ টনাটনিখনো কিছু উপভোগ্য হৈছিল৷ এদিন কিবা এটা চৰকাৰী বিজ্ঞাপনত সৰু-ৰজাৰ ফটোখন ছপা হ’ল৷ পিছে সৰু-ৰজাক অকলে ক্ৰীম খাবলৈ দিলে হ’ব জানো? সেয়ে পিছদিনাই একেই কথাখিনিৰে সৈতে প্ৰকাণ্ড বিজ্ঞাপন এটিত বৰ-ৰজাৰ ফটো ছপা হৈ ওলাল৷ চৰকাৰী টকা, চৰকাৰে খৰচ কৰিছে৷ আমাৰনো কি? সীমিত আৰ্জনেৰে মাহটোৰ দিনকেইটা টানি-টুনি চলাটোহে আমাৰ চিন্তা৷ এনেবোৰ ডাঙৰ কথা, ৰজাঘৰীয়া উখনা-উখনিলৈ চকু কাণ দিয়াৰ সময়েই নহয়গৈ৷ মাহটো জোৰাকৈ চাউলমুঠিৰ হিচাপ মিলোৱাটোৱেই আচল কথা৷ পিছে আমাৰ আকৌ কোনোফালেই কেতিয়াও হিচাপ নিমিলে৷

কাকতখন জপাই থলো৷ তৃতীয় পৃষ্ঠাৰ পৰা আৰম্ভ হোৱা বাতৰিবোৰ পাছে-পৰে ভালকৈ পাগুলিম৷ এহ! আজিকালি এই ‘পাগুলা’ শব্দটো বেছিকৈ মুখত ফুটা হৈছে৷ কি নো কম? সকলোফালে গো-মুত্ৰ আৰু গো-পুত্ৰৰেই ৰাজত্ব! ফোনতো কিছুমানৰ মাতটো ‘হেলো’ৰ সলনি ‘হেম্বে’ৰ নিচিনাকৈহে শুনিবলৈ পাওঁ!

বাৰু, এইবোৰ থাওঁক এতিয়া৷ কালিৰ পৰা ঘৰত পাচলি এটাও নাই৷ চিনাকী বেপাৰী এটা এইফালে আহিবৰ সময় হৈছে অৱশ্যে৷ সি অহালৈ অলপ মুকলি বতাহকেই খাওঁ বুলি পদূলিলৈ ওলাই গ’লো৷ মুকলি বুলিবলৈ অৱশ্যে একোৱেই নাই৷ এসময়ত এইটো এটা প্ৰকাণ্ড পথ আছিল৷ পিছে সকলোৱে ঘৰ-দালান সজাই চাৰিওফালে ঠেলি-হেঁচি এতিয়া এটা লুংলুঙীয়া গলি কৰি পেলালে৷ কাষত আকৌ দুই-তিনি বছৰলৈ চাফ-চিকুণ নকৰা গেৰেকনি সদৃশ নলা৷

এনেতে চিনাকী প্ৰতিবেশী এজনক এফালৰ পৰা অহা দেখি মাত এষাৰ দিলো৷ এখেতৰ চাকৰি আন জিলাত৷ জলসিঞ্চন বিভাগ৷ পয়ত্ৰিশ বছৰ আগতে কাম আৰম্ভ কৰি আজিকোপতি শেষ নোহোৱা চৰকাৰী প্ৰকল্প এটাত কৰ্মৰত৷ এখেতক বহুদিন দেখাই নাছিলো৷ নেদেখিবৰে কথা৷ কাষৰ ঘৰত কোন থাকে, কি কৰে এইবোৰ জানিবলৈ আজিকালি কোনো উপায় নাই৷ বিপদ আপদতো মাত এষাৰ নিদিয়া মানুহবোৰ আজিকালি ভূমিকম্প অহাৰ সময়তহে একেলগে বাহিৰলৈ ওলায়৷ সেইকণ সময়তেই দুই এষাৰ কথা পতাও হয়৷

: বহু দিনৰ মুৰত দেখিলো৷ ভালে আছে নহয়? – লাহেকৈ মাত দিলো৷

বেঙা মেলি মেলি ভঙা-চিগা পথটোৰে সাৱধানেৰে খোজ কাঢ়ি অহা মানুহজনে মুৰ তুলি চাই মোক দেখি ৰৈ গ’ল৷ মোলায়েম হাঁহি এটা মাৰি কলে –

: অ! আপোনাকো বহুদিনৰ মুৰত দেখিলো৷ একদম ঠিক আছো৷ ভালেই আছো৷

: বৰ ব্যস্ত নেকি? দেখিবলৈ নোপোৱাই হ’লো দেখোন! কাম কাজ কেনে চলিছে?

: চলিছে আৰু৷ মানে আজিকালি মই সোমবাৰৰ পৰা শনিবাৰলৈ ঘৰত নাথাকোৱেই৷ চাকৰিৰ খাতিৰত প্ৰবাসত থাকো বুলি আপুনি জানেই৷ মানে ছাইটতে থাকো৷ ছাইটত পিছে একোৱেই কাম বন নাই৷ পে’ কমিশ্যনমতে দৰমহা দুই তিনিগুণ বঢ়াৰ পাছতো সকলো একেদৰেই চলি আছে৷ কাম বন নাই যদিও বেছিকৈ পোৱা দৰমহা কেইটা ক’ত কেনেকৈ কি কৰিম ছাইটত তাৰেই জল্পনা-কল্পনা কৰি থাকো৷ হেঃ হেঃ হেঃ!

তাকেই৷ কিছুমানে দিনে নিশাই থাউনি নোপোৱাকৈ কাম কৰে, কিছুমানে আকৌ আৰামত ভৰিৰ ওপৰত ভৰি তুলি চাকৰি কৰে৷ সৌ সিদিনাৰ কথা, মানে সপ্তম দৰমহা আয়োগ গৃহীত হোৱাৰ পাছৰ কথা৷ সেইকেইদিন সকলো চৰকাৰী চাকৰিয়ালৰ মনত বৰ চিন্তা৷ আনকালে দিনৰ বাৰ বজাত অফিছলৈ গৈ দুই নৌ বাজোতেই ঘৰমুৱা হোৱা কৰ্মচাৰী কেইজনেও পুৱা দহবজাতে কাৰ্য্যালয়ত উপস্থিত হয়৷ সন্ধিয়ালৈকে অফিছতে থাকে৷ দিনৰ দিনটো আলোচনা-বিলোচনা, দিহা-পৰামৰ্শ, হিচাপ-নিকাচত ব্যস্ত৷ পিছে চৰকাৰী বা ৰাইজৰ কামত নহয়, বেছিভাগেই আন কামতহে ব্যস্ত৷ কিমান দৰমহা বাঢ়িব, বকেয়া কিমান হ’ব, মৰগীয়া বানচৰ নতুন হাৰ কি হ’ব, নতুন দৰমহা পালে কি কি কৰিব এইবোৰৰহে চিন্তা৷ এখেতৰো এতিয়াও সেই একেই অৱস্থা চলি আছে৷

: বাঃ! নতুন নিৰিখৰ দৰমহা পালে৷ পিছে আমাক খানা এটাকে খুৱাব লাগিছিল নহয়? – মই লাহেকৈ মাত দিলো৷

: অ’৷ ভাল কথা কলে দেই৷ কিয় নুখুৱাম? খুৱামেই৷ আহিব৷ এদিন ভাত খোৱাকৈয়ে আহক৷ হেঃ হেঃ! পিছে মোৰ আজি অলপ দৌৰাদৌৰি৷ আহো দেই!

তেখেতে খৰখেদাকৈ খোজ দি আঁতৰি গ’ল৷ মই ওঁঠ চেলেকি ৰৈ থকাৰ বাহিৰে একো উপায় নেদেখিলো৷

কথাটো হ’ল – ‘ইচ ৰাম! আমাৰ ঘৰলৈ আহিব্বই লাগিব! এদিন আহক! ভাত খোৱাকৈ আহক৷ আপুনি ভাল পোৱা স্পেচিয়েল বনাই খুৱাম৷ আহক না এদিন…..’ এনেবোৰ কথা শুনিয়েই থাকো৷ পিছে আচল কথাটো হ’ল – কোনেও ‘অমুক দিনা আহক! ৰৈ থাকিম!’ বুলি নকয়! আগৰ কালৰ দৰে নোকোৱা নেমেলাকৈ মানুহৰ ঘৰলৈ আলহী খাবলৈ যোৱাৰ দিন এতিয়া নাই ৷ ঘৰৰ পৰা ওলোৱাৰ সময়ৰ পৰাই ‘আমি ওলাইছো, এয়া চাৰিআলি পাইছোহি, আৰু এটা কেঁকুৰী ঘুৰিলেই পাম, এই পালোৱেই, গেটৰ সমুখত, এয়া আমিয়েই কলিংবেল টিপিছো..’ এনেকৈ ধাৰা-বিৱৰণী দিহে যাবলগীয়া হয়৷

এনেতে ঠেলাগাড়ী এখনত বিধে বিধে হৰেক কিচিমৰ পাচলি সজাই চিনাকী বেপাৰীজন এইফালে অহা দেখিলো৷ মোক দেখিয়েই পাচলিৰ বেপাৰীয়ে দূৰৰ পৰাই ৰাউচি জুৰিলে –

: দাদা! একদম লোকেল চবজী আছে! লৈ লওক!
: লোকেল মানে?
: মানে একেবাৰে লোকেল৷ এয়া চাওঁক, লোকেল ফুলকবি!
: ফুলকবি কেইটা লোকেল নহয় যেন লাগিছে অ’৷ এইকেইটা পঞ্জাবৰ ফুলকবি যেনহে লাগিছে দেখোন?
: নহয় নহয়৷ আমাৰ ইয়াৰেই৷ গেৰাণ্টী!
: ইস! তই কলেই হবনে? ফুলকবিৰ পাত আৰু ঠাৰিকেইডালেৰে ইমান ধুনীয়াকৈ পাগুৰি মেৰিওৱা ফুলকবিকেইটা এই মুলুকৰ হবই নোৱাৰে!

কথাষাৰ শুনি সি অলপ তভক মাৰিলে৷ পিছে ক্ষন্তেকতে বত্ৰিশদন্ত বিকশিত কৰি হাঁহি এটা মাৰি ক’লে –

: কি কৰিব দাদা৷ আমি এনেকৈয়েই কিনিব লগা হয়! আপোনাৰকেইটা অলপ ঠিকঠাক কৰি দিছো ৰ’ব! – এইবুলি সি ফুলকবি এটাৰ পাগুৰি খুলিবলৈ ধৰিলে৷

: হব দে! পাগুৰি মৰা ফুলকবিকেই দুটামান দে! অ’, কথা এটা৷ এইকেইটা চুই চালেও পইছা লাগিব নেকি?
: কি দাদা?

মই তৰ্জনী আঙুলিটোৰে পিয়াঁজখিনিলৈ দেখুৱালো৷

: কি যে কয়! অৱশ্যে এতিয়া তেনে অৱস্থাই হৈছে৷ কি কম আৰু আপোনাক৷ – সি মুৰ খজুৱালে৷
: বাৰু, আলু দেখোন দুই তিনিবিধমানেই লৈ ফুৰিছ’?
: হয় হয়! নাইনিতাল আৰু শ্বিলঙীয়া আলু৷ এই সৰু গুটি আলুকেইটাহে লোকেল!
: অ’, হয়নেকি? ঠিক আছে বাৰু৷ লোকেল চালানী মিলাই অলপ অলপ জুখি দে৷

এইদৰে অলপ অলপকৈ লোকেল-চালানী মিলাই পাচলি কেইপদমান জুখিবলৈ কলো৷ ঘৰৰ পৰা লৈ যোৱা মোনাত বজাৰ কৰা অভ্যাসটো এৰা বহুদিনেই হ’ল৷ সেয়ে আজিও দুখোজ দি ঘৰৰ পৰা মোনা এটা লৈ অহাৰ আৱশ্যকতা অনুভৱ নকৰিলো৷ আনদিনাৰ দৰেই পলিথিনতেই বান্ধি দিবলৈ ক’লো৷ বেপাৰীজনেও পাচলিবোৰ বিধে বিধে বেলেগ বেলেগ পলিথিনৰ মোনাত ভৰাই দিলে৷ তিনি চাৰিটা আঙুলিত আটাইকেইখন মোনা সুন্দৰকৈ ওলমাই ললো৷ আৰু দুদিনমানলৈ পাচলিৰ চিন্তা নাই৷ আচলতে চৌহদটোত অলপ অচৰপ খালী মাটি নথকা নহয়৷ এই ঠাইখিনিতে পাচলিবাৰী এখন সুন্দৰকৈ পাতি লব পাৰি৷ পিছে কিবা এটা এলাহেই নুগুচে দেখোন!

বস্তুখিনিৰ দাম দিবলৈ ৰাতিপুৱাই জেপত সুমুৱাই থোৱা এশটকীয়া কেইখনমান উলিয়াই আনি বেপাৰীক গতালো৷ ভঙনীয়াখিনিৰ সৈতে নোট দুখিলামান সি ঘুৰাই দিওতেই অথন্তৰ হ’ল! কিহবাত খুন্দা লাগি আলুৰ মোনাটো ফাটি গ’ল! লগে লগে সৰু আলুবোৰ চাৰিওফালে সিঁচৰতি হৈ পৰিল, বেছিভাগেই নলাটোলৈ বাগৰি গ’ল৷ চালানী কেইটা ডাঙৰ আছিল বাবেই কোনোমতে ৰৈ গ’ল৷ বেপাৰীজনে ইস আস কৰি উঠিল-

: দাদা, ৰ’ব৷ মই মাটিত পৰাখিনি তুলি দি আছো৷ বাকীখিনি কিবা এটা মিলাই দিম৷ চিন্তা নকৰিব৷

এটা দীৰ্ঘশ্বাস এৰি সি আকৌ ক’লে –

: আলুৱেই হওক বা মানুহেই হওক, আলাই আথানি কেৱল থলুৱাখিনিৰহে হয়, চালানীখিনি সদায়েই চালনিত ৰৈ যায়!

☆★☆

 

Comments

  1. শেষৰ পেৰেগ্ৰাফটো, উফ। একদম সাংঘাতিক।

    খুব ভাল লাগিল পঢ়ি দাদা

Leave a Reply

Your email address will not be published. Required fields are marked *