সাহিত্যৰ সাৰ্থকতা নিৰ্ভৰ কৰে ৰস সৃষ্টিৰ দ্বাৰা পাঠকৰ মন আনন্দাপ্লুত কৰি তুলিব পৰাত। ভাৰতীয় সাহিত্যত ৰসৰ স্থান অতি উচ্চ। মহাপুৰুষ শংকৰদেৱৰ সাহিত্যৰাজীও নানা স্বাদৰ ৰস সম্ভাৰে সমৃদ্ধ। গুৰুজনাৰ সাহিত্যত ৰসৰ প্ৰসংগ চৰ্চা কৰিলে ভক্তি ৰসৰ কথাই প্ৰথম মনলৈ আহে। পিছে একশৰণ নাম আৰু ভক্তি ধৰ্ম প্ৰচাৰৰ লগতে শ্ৰোতা-দৰ্শকক আনন্দ দানৰ উদ্দেশ্যে ৰচনা কৰা মহাপুৰুষজনাৰ ৰচনাৰাজীত হাস্য, কৰুণ, শৃংগাৰ, বীৰ, ৰৌদ্ৰ আদি ৰসৰো সমাৱেশ লক্ষ্য কৰা যায়।

হাস্যৰসৰ স্থায়ীভাব হাস। চৰিত্ৰৰ অসামঞ্জস্যপূৰ্ণ বচন, বিকৃত বেশ-ভূষা, চাল-চলন আদিৰ মাধ্যমেৰে সাহিত্যত হাস্যৰস সৃষ্টি কৰা হয়। শংকৰদেৱৰ হাস্যৰস সৃষ্টিৰ মাধ্যম আছিল —  দৈহিক বিকাৰ, ব্ৰাহ্মণসকলৰ অতি ভোজন, সাময়িক মতিভ্ৰম, দেৱতাৰ মানুহৰ দৰে আচৰণ।

বহুমুখী প্ৰতিভাৰ অধিকাৰী শংকৰদেৱৰ ৰচনাৰাজীক কেইটামান ভাগত ভাগ কৰা হৈছে—

১) কাব্য আৰু উপাখ্যান : (ক) হৰিশ্চন্দ্ৰ উপাখ্যান, (খ) ৰুক্মিণী হৰণ, (গ) বলি-ছলন, (ঘ) অমৃত মন্থন, (ঙ) অজামিল উপাখ্যান, (চ) কুৰুক্ষেত্ৰ।

২) ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ : (ক) ভক্তি-প্ৰদীপ, (খ) অনাদি-পাতন, (গ) নিমি-নৱ সিদ্ধ-সংবাদ।

৩) অনুবাদমূলক গ্ৰন্থ : (ক) ভাগৱত প্ৰথম, দ্বিতীয়, দশম, একাদশ, দ্বাদশ স্কন্ধ আৰু (খ) উত্তৰাকাণ্ড ৰামায়ণ।

৪) নাট : (ক) পত্নী-প্ৰসাদ, (খ) কালি দমন, (গ) কেলি গোপাল, (ঘ) ৰুক্মিণী- হৰণ, (ঙ) পাৰিজাত-হৰণ, (চ) ৰাম-বিজয়।

৫) গীত : (ক) বৰগীত, (খ) ভটিমা (গ) টোটয় (ঘ) চপয়।

৬) নাম-প্ৰসংগৰ পুথি : (ক) কীৰ্ত্তন, (খ) গুণ-মালা।

এই প্ৰবন্ধটিত শংকৰদেৱৰ নাট, কাব্য আৰু উপাখ্যানসমূহত সমাৱেশ ঘটা হাস্যৰসৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হ’ল।

শংকৰদেৱৰ ছখন নাটৰ ভিতৰত নাট্যধৰ্মৰ ফালৰ পৰা শ্ৰেষ্ঠ নাট ‘পাৰিজাত-হৰণ’। নাটখনত নাৰদ চৰিত্ৰৰ দুমুখীয়া, টুটকীয়া, কলহপ্ৰিয় কাৰ্য-কলাপৰ মাজেদি হাস্যৰসৰ সঞ্চাৰ ঘটাইছে। টুটকীয়া ৰূপী নাৰদে আনি শ্ৰীকৃষ্ণক দিয়া স্বৰ্গৰ পাৰিজাত ফুল শ্ৰীকৃষ্ণই নিজহাতে ৰুক্মিণীৰ খোপাত পিন্ধাই দিয়াৰ কথা সত্যভামাক লগাইছেগৈ :

“হা হা হে মাৱ : কি কহব : ঐসব কথা কহিতে দোষ : হামু দেৱদুৰ্ল্লভ পাৰিজাত পুষ্প স্বৰ্গহন্তে আনিঃ কৃষ্ণক হাতে দেলোঃ সে পাৰিজাত জে নাৰী পৰিধান কৰেঃ সে পুষ্পক মহিমায়ে পৰম সৌভাগিনী হয়ঃ ইহা জানি হামু বুললু : ওহি পাৰিজাতক যোগ্য দেৱি সত্যভামা :”

এই কথা আচলতে নাৰদে কৃষ্ণক কোৱাই নাছিল। কিন্তু শংকৰদেৱে নাৰদ চৰিত্ৰৰ শ্ৰীকৃষ্ণৰ ৰুক্মিণীৰ প্ৰতি পক্ষপাতিতা আৰু সত্যভামাৰ প্ৰতি অৱহেলাৰ বাবে দুখ প্ৰকাশৰ দ্বাৰা নাটত হাস্যৰসৰ খোৰাক যোগাইছে। সত্যভামাৰ জীৱনক নাৰদে ধিক্কাৰ দিছে এনেদৰে:

“অঃ তোহাক ধিক ধিক !সতিনীক অভ্যুদয়ে দেখি : কি নিমিত্তে প্ৰাণ ধৰহ মাৱ তুহু জিয়ন্তে মৰলঃ হা হা বিস্তৰ কি কহব।”

নাৰদৰ কথা শুনি সত্যভামা ঈৰ্ষাৰ জ্বালাত দগ্ধ হৈ খং-অপমানত মূৰ্চ্ছা গৈছে। এনেদৰে কলহ-কন্দলৰ বীজ ৰোপন, সত্যভামাক ৰোহঘৰত পেলাই ৰং চোৱা কাৰ্যই হাস্যৰসৰ চোক বঢ়াইছে। এইজন নাৰদেই শ্ৰীকষ্ণক সত্যভামাৰ অৱস্থাৰ বৰ্ণনা কৰিছেগৈ। নাৰদৰ মুখে বাৰ্তা পাই শ্ৰীকৃষ্ণই গৈ সত্যভামাক স্নেহপূৰ্ণ কথাৰে সান্ত্বনা দিয়াত দুমুখীয়া, কলহপ্ৰিয় নাৰদে ক্ষান্ত নাথাকি শ্ৰীকৃষ্ণক কথা শুনাইছে এনেদৰে :

“হে কৃষ্ণ : জানলো তুহু স্ত্ৰীক লাড়িকা : দেৱকাৰ্য সব পৰি ৰহল : তোহো ভাৰ্য্যাক চাটু বুলিতে সব দিৱস গৈল।”

শ্ৰীকৃষ্ণই সত্যভামাক লগত লৈ নৰকবধৰ বাবে যাবলৈ ওলোৱাত পুণৰ নাৰদে কৈছে :

হে হৰিঃ তোহো সম স্ত্ৰিজিত পুৰুষঃ কবহো নাহি দেখিঃ যুদ্ধক সময়ে স্ত্ৰীক চোৰয়ে নাহি পাৰহঃ তোহো জগত গুৰুঃ তোহাক যশ গাই তিনিও লোকক বেড়াঞু: আঃ হামাক লাজ ভেল।”

শংকৰদেৱে ‘ভাগৱত পুৰাণ’ৰ পৰা গ্ৰহণ কৰি ৰচনা কৰা নাট ‘ৰুক্মিণী-হৰণ’ ভক্তিৰস প্ৰধান হ’লেও শৃংগাৰ, বীৰ, কৰুণ ৰসৰ লগতে হাস্য ৰসৰ সমাহাৰ ঘটিছে। নাটকখনৰ বেদনিধি চৰিত্ৰটি হাস্যৰসাত্মক। কুণ্ডিললৈ ঘূৰি অহাৰ পথত কৃষ্ণৰ ৰথৰ বেগৰ ফলত বেদনিধিৰ চেতনা হেৰুৱা অৱস্থা চিত্ৰনে হাঁহিৰ খোৰাক যোগাইছে :

“…. কৃষ্ণক ৰথ বায়ু বেগে চলে। তথি আলোল্য ব্ৰাহ্মণ বেদনিধি ৰথবেগে শ্ৰুতি ভঙ্গ হুয়া পৰল। হাত পাৱ থিৰ ভেল। পেট উফন্দল। নাসাত নিশ্বাস নিঃসৰে।”

সেইদৰে খন্তেক পাছতে কৃষ্ণৰ শুশ্ৰূষাত বেদনিধিয়ে জ্ঞান পোৱা, জ্ঞান পাই কৃষ্ণক চিনিব নোৱৰা অৱস্থাও হাস্যৰসাত্মক :

হে বাপু, তোহো কে? হামু বা কোন? কি নিমিত্ত এথা আৱলু থিক?”

ৰুক্মিণীৰ ৰূপত মোহিত হৈ স্বয়ম্বৰলৈ অহা ৰজা-ৰাজকুমাৰসকলৰ মনত উপজা বীভৎস কাম ভাৱনাই শৃংগাৰ ৰসৰ লগতে হাস্যৰসো সৃষ্টি কৰিছে এনেদৰে :

“ৰুক্মিণীক নবীন ৰূপ যৌৱন পেখিয়ে যত ৰাজাসব কামবাণে মূৰ্চিত হুয়া আসন হন্তে ঢলি ঢলি পৰল, বিহ্বল ভাৱে কাহু কৰযোৰি বোলল ।। …. হে প্ৰাণেশ্বৰী, কাম সাগৰে নিস্তাৰ কৰহ।”

কৃষ্ণ-ৰুক্মিণীৰ বিবাহ অনুষ্ঠানত হোম-কাৰ্য কৰিবলৈ অহা ব্ৰহ্মাই “মুখচন্দিকা কৰিতে ৰুক্মিণীক ভুবনমোহন ৰূপ নিৰিখিয়ে ব্ৰহ্মা মাটি লুটি পৰল। নাৰদ মুনি ধৰি বোধ কৰাৱল।” এনে ঘটনাই স্বাভাৱিকতে হাঁহিৰ উদ্ৰেক কৰিছে। পৰম পিতাৰ এনে অৱস্থা দেখি নাৰদে কৈছে : “হে পিতা স্বস্থ হব! তোহাৰ ব্যৱহাৰ নোহে।” এনে দৃশ্য আৰু বচনে শংকৰদেৱৰ নাটত হাস্যৰসৰ চোক বঢ়াইছে।

‘ৰুক্মিণী-হৰণ’ৰ দৰে ‘ৰাম-বিজয়’ নাটত শংকৰদেৱে কামাতুৰ ৰজাবিলাকে সীতাৰ ৰূপ-লাৱণ্য দেখি কৰা ‘বিভৎস ভাবনা’ৰ বিশদ বৰ্ণনাই হাস্যৰসৰ জুতি দিছে। সীতাৰ সয়ম্বৰত “ওহি বাক্যশুনি শতধনু নাম ৰাজা পৰম আড়ম্বৰ কাচি গিয়া পহিলেহি ধনুক ধৰল। দশন কামুৰি গুণ দিতে চিত হুয়া পৰল। তদন্তৰে চন্দ্ৰকেতু ধনু ধৰি কহু, কথম্ কথমপি উল্লাসি ধনু সহিতে পৰল।”

তদুপৰি নায়ক-নায়িকাৰ মাজত গুণগত ব্যৱধানেৰে চিত্ৰিত কৰা কিছুমান বৰ্ণনা বা পৰিস্থিতিত সৃষ্টি হোৱা কামভাৱ হাস্য ৰসলৈ পৰিৱৰ্তন হৈছে। গুৰুজনাৰ বৰ্ণনাত :

“ৰাজনন্দিনীক নৱ যৌৱন ৰূপ-লাৱণ্য নিৰেখে ৰাজাসৱক কামবাণে পীড়ল। অচেতনে মূৰ্চ্ছিত হুয়া পড়ল। পুনু চেতন লভিয়ে উঠি কহু পৰম আকুল ভাৱে সীতাক কাতৰ কয় ৰাজাসৱ বোলে। …. হে প্ৰাণেশ্বৰী! কাম সাগৰে মগন ভেলো; নিস্তাৰ কৰহ।”

ঋষি বিশ্বামিত্ৰই বিবাহৰ মুখচন্দ্ৰিকা কৰোঁতে সীতাক দেখি মূৰ্চ্ছিত হোৱা অৱস্থাৰ চিত্ৰণেও হাঁহিৰ খোৰাক দিছে :

“মুখ চন্দ্ৰিকা কৰিতে সীতাক ভুবন মোহন ৰূপ নিৰেখি ঋষি কামে আতুৰ ভেলহ; হাতক স্ৰৱস্ৰূৱ খসি পৰল। শৰীৰ কম্পি মূৰুচি পৰল।”

নাটৰ দৰে উপাখ্যানসমূহতো হাস্যৰসৰ সমাৱেশ মনকৰিবলগীয়া। ‘মাৰ্কণ্ডেয় পুৰাণ’ৰ অন্তৰ্গত এই ক্ষুদ্ৰ উপাখ্যানত হৰিচন্দ্ৰ ৰজাৰ দ্বাৰা গণেশ পূজাৰ বিৰোধিতা কৰাৰ ফলত বহু কষ্ট, যন্ত্ৰণা ভোগ কৰা কাহিনীঅংশ বৰ্ণিত হৈছে। কিন্তু হৰিশ্চন্দ্ৰই ‘হৰি’ৰ ওপৰত আস্থা, ভৰসা ৰাখি সত্যত থকাৰ বাবে দুখৰ সমাপ্তি ঘটিছিল। কৰুণ ৰসে প্ৰাধান্য পোৱা এই কাব্যত হাস্যৰসৰো উমান পোৱা যায়। উপাখ্যানখনৰ ‘দক্ষিণা দান’ অংশত হাস্যৰস লক্ষণীয় :

“ঘৃত লাড়ু পৰমান্ন ভুঞ্জি গণ্ডগোল।

ঘন ক্ষীৰ খান্তে পেট যেন ভৈল ঢোল।।

তথাপি বোলন্ত মোক আৰো কিছো লাগে।

নাহা নকৰন্ত পেট পেহ্লাই যেন লাগে।।

কতো পঞ্চামৃত খুজিলন্ত খাইবো বুলি।

মুখত নযাই চাই থাকে হাত তুলি।।”

ব্ৰাহ্মণসকলৰ অতিভোজনৰ বৰ্ণনাৰ দ্বাৰা হাস্যৰস সৃষ্টি কৰিছে। টেটুলৈকে দৈ, মৌ, ঘিউ, লাড়ু আৰু পৰমান্নাদি খাই ব্ৰাহ্মণসকলৰ মুখেৰে মাতেই নোলোৱা হৈ গৈছে। ব্ৰাহ্মণসকলে দক্ষিণা নিবৰ সময়ত হোৱা দশায়ো হাস্যৰসক সুন্দৰভাৱে প্ৰতিফলিত কৰিছে :

“বোখা লৈয়া তথাপি কৰন্ত হাঁয়-ফুঁই।

তাকো নিবে নপাৰিয়া যান্ত কুঁজা হুই।।

মুণ্ডফুটে বুলিয়া পেহ্লান্ত কতো বোঝা।

নাকে খৰ উশাস গুণন্ত কতো ওজা।।”

তেনেদৰে শৈবাক দাসী ভাবি কিনিবলৈ অহা বৃদ্ধ ব্ৰাহ্মণৰ দৈহিক ৰূপৰ বৰ্ণনা আৰু শৈবাক কিনিবলৈ মন কৰাৰ কাৰণ বৰ্ণনা কৰা কথা-বতৰাই হাস্যৰসৰ সঞ্চাৰ কৰিছে :

“একেখনি ভাৰ্য্যা মোৰ অতি সুকুমাৰী।

প্ৰাণ সম আহ্মাৰ প্ৰথম বিহা নাৰী।।

কৰ্ম কৰিবাক নেদো দুখ পাইবে ডৰে।

পানী আনি আপুনি ৰন্ধন কৰো ঘৰে।।

তোৰ ভাৰ্য্যা দেখো এই স্বভাৱে মুথিৰ।

কৰ্মত কুশল হৈবে সুদৃঢ় শৰীৰ।।”

‘ৰুক্মিণী হৰণ’ কাব্যত হাস্যৰসৰ প্ৰতিফলন ঘটিছে। বেদনিধি ব্ৰাহ্মণৰ ৰথ-ভ্ৰমণৰ সময়ত হোৱা লটি-ঘটি; দৈহিক বিকাৰ; চেতনাহীন অৱস্থা; অচেতন ব্ৰাহ্মণক শ্ৰীকৃষ্ণই চকুত পানী মাৰি মূৰত বতাহ দি চেতনা ঘূৰাই অনা অৱস্থা আদিৰ বৰ্ণনাই হাঁহিৰ খোৰাক দিছে এনেদৰে :

“স্মৃতি ভঙ্গ ভৈলা বেদনিধি হেন দেখি।

দুই হাতে ধৰি মুদিলন্ত দুই আখি।।

পৰম বিহ্বল হুয়া দ্বিজৰাজে।

ফুৰণি লাগিয়া পৰিলন্ত ৰথ মাজে।।

আলোল্য ব্ৰাহ্মণ জাতি কোমল শৰীৰ।

বিষ্ণুৰ ৰথৰ বেগে কেনে হৈবে থিৰ।।

নকাঢ়ে উশাস অচেতন বেদনিধি।

উসলিল পেট একো নাহি হদি সিদ্ধি।।”

শংকৰদেৱৰ কাব্যত প্ৰধান বিশেষত্ব হৈছে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়, অহংকাৰীৰ দৰ্পচূৰ্ণ, দুষ্টক দমন, শান্তক পালন আদি। ‘ৰুক্মিণী হৰণ’ কাব্যত অহংকাৰী ৰুক্মবীৰৰ শ্ৰীকৃষ্ণৰ হাতত হোৱা দুৰ্দশাই হাস্যৰস সৃষ্টি কৰিছে :

“চক্ৰ ধৰি মাথাৰ মুণ্ডিলা সবে কেশ।

দাড়ি গোম্ফ চাঞ্চি সবে কৰিলা কুৱেশ।।

চক্ষুৰ ভ্ৰুৱক চাঞ্চিলন্ত জগন্নাথে।

হাসি হাসি ঘোল আনি ঢালিলন্ত মাথে।।

ভৈলা ৰুক্মী কুমাৰ কুমুণ্ডা যেন পুণ্ডা।

চিনিবাক নপাৰি বিকৃত মুণ্ডা লণ্ডা।।”

কৃষ্ণ দৰ্শনৰ আশাত থকা কুণ্ডিলৰ নাৰীসকলৰ সাজোন-কাচোন, পিন্ধন-উৰণত দিয়া বিসংগতিৰ বৰ্ণনাইও হাস্যৰসৰ সৃষ্টি কৰিছে এনেদৰে :

“বিপৰ্য্যয় কৰি পিন্ধে বস্ত্ৰ অলংকাৰ।

মাৰ্গত আৰয় নিয়া সাতসৰি হাৰ।।

ভৰিত মুকুট আৰৈ নূপুৰক মাথে।

কৃষ্ণক চাহিবে লাগি চলে আথে বেথে।।

কেহোজনী উভোতাই পিন্ধিলে কাপোৰ।

আঞ্চলক তল কৰি খুম্পহ্নি উপৰ।

এতেকতে শুনৈ হেৰা আসি পাইলা হৰি।

দিলেক লৱৰ খুঞ্চলিত হাতে ধৰি।।”

ৰুক্মিণীৰ বিবাহৰ উদ্দেশ্যে আয়োজন কৰা সয়ম্বৰ সভাত উপস্থিত হোৱা কামনা জৰ্জৰিত ৰজাসকলৰ কাম-বিহ্বল অৱস্থাৰ চিত্ৰণে শৃংগাৰ ৰসৰ লগতে হাস্যৰসৰো খোৰাক দিছে :

“আস প্ৰাণেশ্বৰী           হাত বাৱ দিয়া

মাতে কতো কতো ৰাজা।

দেহ প্ৰাণ দান           চল মোৰ থান

তোক পাতো মহাদই।।”

সেইদৰে কৃষ্ণ-ৰুক্মিণীৰ বিবাহ অনুষ্ঠানত দেৱতাসকলে নানা ধন, ৰত্ন, বয়বস্তু উপহাৰ স্বৰূপে দিয়া দেখি বিপাঙত পৰা মহাদেৱ শিৱৰ অৱস্থাৰ চিত্ৰণেও আমাক আমোদ দিয়ে :

“কি দিবো আবে কৰো কোন কৰ্ম্ম।

গাৱৰ বস্ত্ৰ সিয়ো বাঘ চৰ্ম্ম।।

হাত লৈয়া ওহ্লায় শূল ডম্বৰু।

ঘৰবাহিৰে এক গুটি গৰু।।”

 

শংকৰদেৱৰ এখন উল্লেখযোগ্য উপাখ্যান ‘অমৃত মথন’। উপাখ্যানত দুৰ্বাসাৰ অভিশাপত শ্ৰীহীন ইন্দ্ৰাদি দেৱতাসকল দৈত্যৰাজ বলিৰ দ্বাৰা পৰাজিত হোৱা, দৈত্যগণে বিষ্ণুৰ পৰামৰ্শমতে ক্ষীৰ সমুদ্ৰ মন্থন, মন্দৰ পৰ্বত উভাৰি অনা আদিৰ বৰ্ণনা সমৃদ্ধ। শিৱই দিব্যকন্যা লক্ষ্মীক দেখি কামনাত জৰ্জৰিত হৈ কাণ্ডজ্ঞান হেৰুৱা এক অৱস্থাৰ চিত্ৰণে শৃংগাৰ ৰসৰ পতন ঘটাই হাস্যৰসৰ আমোদ দিছে :

“শিৱত লাগিল কটাক্ষ ছটা।

কামে জৰ্জৰিত কাম্পয় জঁটা।।

হাতৰ পৰিল ডম্বৰু শূল।

গাৱৰ সৰ্প সিয়ো বিয়াকুল।।

সৰ্পৰ মেখলা গৈল হুসকি।

কাটিৰো পৰিল ছাল সুলকি।।”

আকৌ দেৱতা, অসুৰবোৰে লক্ষ্মীক লাভ কৰিবৰ বাবে যোগ্য পাত্ৰ হৈছে নে নাই, তাক নিৰূপণ কৰিবৰ কাৰণে নিজৰ মুখ দৰ্পণত চাই কৰা আচৰণৰ বৰ্ণনাই হাস্যৰস দিছে :

“নাহি মনে শান্তি সুখ         দৰ্পণত চাহে মুখ

দশন একটি আতি পাছে।

সুন্দৰ নেদেখি তাত          মাৰে গোৰ দৰ্পণত

কোথেৰ কদৰ্য্যে গঢ়ি আছে।।

কেহো পিন্ধি দিব্য কাচ         উঠি চাৱে আগ পাছ

আউৰ ভাল নাহি মোক সৰি।

জানিলো মিলিল ভাগ          পায়া আসি মোক লাগ

কৰিবেক অৱশ্যে সুন্দৰী।।”

দেখা যায়, শংকৰদেৱৰ নাট, কাব্য আৰু উপাখ্যানসমূহত হাস্যৰসৰ বৈচিত্ৰতা লক্ষণীয়। চৰিত্ৰৰ কথা-বাৰ্তা, ব্যৱহাৰ, কৰ্ম, পৰিৱেশ, পৰিস্থিতি, দৃশ্যৰ অৱতাৰণাৰ দ্বাৰা সামাজিক লোকক হাস্যৰসৰ যোগান ধৰিছে। অংকীয়া নাটত সংস্কৃত ৰূপকৰ বিদূষকৰ দৰে চৰিত্ৰ বা বহুৱা জাতীয় চৰিত্ৰ নাই। তথাপিও শংকৰদেৱৰ হাস্যৰসৰ ব্যৱহাৰ সুষম, সুৰুচিপূৰ্ণ আৰু প্ৰয়োজন সাপেক্ষ। নাৰদ, বেদনিধিৰ দৰে চৰিত্ৰৰ বাহিৰেও শ্ৰীকৃষ্ণৰ দৰে উচ্চ চৰিত্ৰৰ দ্বাৰাও কথা-বতৰা আৰু ব্যৱহাৰৰ মাজেদি হাঁহিৰ খোৰাক দিছে। শংকৰদেৱৰ সৃষ্টিশীল ৰচনাৰ মূল লক্ষ্য যিহেতু ভক্তি ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা। ৰাম বা কৃষ্ণৰ জীৱন কাহিনীৰ বিশেষ কেতবোৰ ঘটনাক নাট্যৰূপ দি দৰ্শক-পাঠক-শ্ৰুতাক আমোদ প্ৰদানৰ লগতে বৈষ্ণৱ ধৰ্মৰ সমভাৱ আৰু ভক্তিভাৱ প্ৰচাৰ কৰিছিল। সেয়ে গুৰুজনাৰ ৰচনাত সমাহাৰ ঘটা বীৰ, ৰৌদ্ৰ, ভয়ানক, কৰুণ, শৃংগাৰ আদি ৰসৰ দৰে হাস্যৰসো ভক্তি ৰসত বিলীন হৈছে। অন্যান্য ৰসৰ দৰে শংকৰদেৱৰ ৰচনাসম্ভাৰৰ সৌন্দৰ্যবৃদ্ধিত হাস্যৰসৰ ভূমিকা গুৰুত্বপূৰ্ণ।

সহায়ক গ্ৰন্থপঞ্জী :

১। অসম প্ৰকাশন পৰিষদ : শংকৰদেৱৰ নাট, প্ৰথম প্ৰকাশ, ১৯৮৯।

২। শৰ্মা, সত্যেন্দ্ৰনাথ, সম্পা. : ৰুক্মিণী-হৰণ কাব্য, গুৱাহাটী, ১৯৬২।

৩। মহন্ত, ড: ৰুবী : শংকৰদেৱৰ সাহিত্যৰ নন্দনতাত্ত্বিক অধ্যয়ন, প্ৰথম প্ৰকাশ, ১৯৯৯।

☆★☆

 

Comments

  1. আপোনাৰ তথ্য সমৃদ্ধ লেখাৰ দ্বাৰা উপকৃত হলো।

  2. সুন্দৰ তথ্যসমৃদ্ধ প্ৰবন্ধ। খুব ভাল লাগিল পঢ়ি

  3. ৰস সম্পৰ্কে সুন্দৰভাৱে বৰ্ণনা কৰিছে। আন্তৰিক ধন্যবাদ আপোনাক।

Leave a Reply

Your email address will not be published. Required fields are marked *