ফটাঢোল

আপুনি বুদ্ধিজীৱী হ'ব খোজে নেকি? AKA Buddhijivee for Dummies – অভিজিত কলিতা

আপুনি বুদ্ধিজীৱী হ’ব খোজে নেকি? বিচাৰে নেকি যে আপুনি প্ৰতিটো চেনেলৰ, প্ৰতিটো টিভি শ্ব’তে আমন্ত্ৰিত হওক, অসমৰ ৰাইজে আপোনাৰ কথা ধ্ৰুৱসত্য বুলি ধৰি লৈ আনকি নিজৰ প্ৰাণো দিবলৈ সাজু হওক। মনুষ্য জাতিয়ে ভাবিবপৰা সকলো বিষয়তে আপোনাৰ বিদগ্ধ পাণ্ডিত্য দেখি ৰাইজৰ চকু অমৰাগুটীয়া হওক। টিভিৰ নিউজ মুখফটা এংকৰসকলকো আপুনি বাকপটুতাৰে বাকৰূদ্ধ কৰি দিয়ক। আপোনাৰ বাবেই চেনেলৰ টি আৰ পি বাৰিষাৰ দিনত লাইজাবৰি শাক বঢ়াদি বাঢ়ক। আপোনাৰ চহৰৰ সকলো সভা সমিতিতে আপুনি বিশিষ্ট অতিথি হওক, উপদেষ্টা হওক, আপোনাক ‘বিগ বজাৰত’ দেখিলে দুই এক সুন্দৰী মহিলা আহি আপোনাৰ লগত উপযাচি চিনাকী হওক। বাতৰি কাকত, আলোচনীয়ে- চাৰ, আপোনাৰ লেখা এটা লাগিবই, আমাক নিৰাশ নকৰিব কিন্তু বুলি দিনে তিনিবাৰ ফোন কৰক?
নিশ্চয় বিচাৰে। আপুনি নিবিচাৰে বুলি ক’লেও আমি বুজি পাইছো- আপুনি মিছা কথা কৈছে। একো বিশেষ প্ৰতিভা নথকাকৈ বা, বিশেষ কোনো ৰিস্ক নোলোৱাকৈ ‘চেলিব্ৰিটি’ হ’বলৈ আপোনাৰো মন আছে।
বাকী চালে বেৰে কোবোৱা কথা বাদ দিলো। আপুনি জানে আজি অসমত নিয়োগৰ কি অসুবিধা। নাই উদ্যোগ, নাই চৰকাৰী বিভাগত ধন, গতিকে নাই চাকৰি। কেনেবাকৈ প্ৰাইভেট চাকৰি এটা গোটাব পাৰিলেও, আপোনাক মাহে পাঁচহেজাৰ টকাত দিনে বিশ ঘণ্টাকৈ খটুৱাব, আৰু যিদিনাই আপুনি টাৰ্গেট মিছ কৰিলে, সেইদিনাই ‘চেটেপ’। ব্যৱসায় কৰো বুলিলেও আপোনাৰ দৰে সৰু মাছক গিলি খাবলৈ হেজাৰ হাংগৰ বজাৰত ঘুৰি ফুৰিছে। ব্যৱসায়ৰ অফিচিয়েল ফৰ্মেলিটি পুৰা কৰোঁতে কৰোঁতে আপোনাৰ সাঁচতীয়া মূলধনকেইটা উদং হ’বগৈ। গড়ে বিশটামানকৈ ৰেজিষ্ট্ৰেচন নাম্বাৰ, টেক্স ক্লিয়েৰেন্স, দোকানৰ ঘৰটোৰ আগধন, কত কি ঝামেলা। আপুনি কৰো বুলিলেও কৰিব কি? সংসাৰৰ চকৰি ঘুৰাবলৈ উপায় কি?
আপোনাৰ এই সমস্যাৰ কথা আমি গভীৰভাৱে অনুধাৱন কৰিছোঁ। গতিকে আমি ‘ফটাঢোল’ গোটৰ ফালৰপৰা আপোনালোকলৈ আগবঢ়াইছো কিছুমান অগতানুগতিক কেৰিয়াৰ সম্বন্ধীয় কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথ্য আৰু পৰামৰ্শ। এই কেৰিয়াৰে আপোনাক সহজ নিয়োগৰ সুবিধাই নহয়, লগতে দিব এক চেলিব্ৰিটি ষ্টেটাছ। আনকি আগলৈ গৈ আপুনি এদিন ৰাজনীতিৰ ক্ষেত্ৰখনতো ভৰি দিব পাৰিব। হাৰে জিকে পিছৰ কথা কিন্তু আমানতৰ ধন বাজেয়াপ্ত নহয় বুলি আমাৰ ফালৰপৰা গেৰাণ্টি দিয়া হ’ল।
আজি এই সংখ্যাত আমি আপোনাকলৈ আগবঢ়োৱা কেৰিয়াৰটো হ’ল “বুদ্ধিজীৱী”ৰ কেৰিয়াৰ।
ৰ’ব! চিধাই চিঞৰ বাখৰ নলগাবচোন? অলপ ধৈৰ্য ধৰক। আপোনাৰ বহুত প্ৰশ্ন আছে আমি জানো। আনকি আপোনাৰ মনত উদয় হোৱা প্ৰশ্নকেইটাও আমি জানো। কৈয়েই দিছো, শুনক!
এক- বুদ্ধিজীৱী হোৱাতো আকৌ কেনেকৈ কেৰিয়াৰ হ’ল? ইয়াৰ পৰা ‘ইনকাম’ কেনেকৈ হয়?
দুই- বুদ্ধিজীৱী হ’বলৈ বহুত কথা জানিব লাগিব, বহুত কিতাপ পত্ৰ পঢ়িব লাগিব, মইতো সেইবোৰ একো নেজানো।
তিনি- মোৰ যদি টিভিত কথা কওঁতে কিবা ভুল হয় তেতিয়া কি হ’ব?
চাৰি- মোৰ দৰে অখ্যাত মানুহ এটাক টিভি বা বাতৰি কাকতে কিয় মাতিব।
পাঁচ- কেতিয়াবা টক শ্ব’ত কোনোবা সঁচা বিশেষজ্ঞৰ পাল্লাত পৰি গ’লে মোৰ কি হ’ব ইত্যাদি। এনে হাজাৰ প্ৰশ্নই আপোনাৰ মনত খু-দুৱনি লগাইছে বুলি আমি জানো। অধৈৰ্য নহ’ব, আমি সকলো প্ৰশ্নৰে উত্তৰ দিম। আমি এনেই কেৰিয়াৰ কনচাল্টেন্সিৰ কামত হাত দিয়া নাই নহয়।
*********
প্ৰথমতে আপুনি এটা ভুল ধাৰণাৰপৰা নিজকে মুক্ত কৰি ল’ব লাগিব। তাৰপাছত বাকী কথা। কওকচোন আপোনাৰ মতে ‘বুদ্ধিজীৱী’ মানে কি? আপোনাৰ মতে বুদ্ধিজীৱী হ’ল এজন গুণী জ্ঞানী মানুহ, যাৰ চিন্তাধাৰা আনতকৈ পৃথক, যি কঠিন সমস্যাৰ সমাধান কৰিব পাৰে, যাৰ বিভিন্ন বিষয়ত অধ্যয়ন আছে, জ্ঞান আছে। যি সুবক্তা, যাৰ জীৱন ব্যতিত হৈছে জ্ঞান অন্বেষণত- যাৰ দেশৰ আৰু দেশৰ মানুহখিনিৰ উন্নতিৰ বাদে জীৱনত আন কোনো এজেণ্ডা নাই ইত্যাদি। হয় নে নহয়?
কৰি পেলালে নে ভুলটো? হয় আপুনি ভুল কৰিছে! আৰু আপোনাৰ ভুলটো এই বিশেষ শব্দটোতে জল জল পট পটকৈ জিলিকি আছে। বিশ্বাস হোৱা নাই! তেনে এই বুদ্ধিজীৱী শব্দটো বিশ্লেষণ কৰি চাওক।
‘বুদ্ধি’ আৰু ‘জীৱী’, এই দুটা শব্দ লগ লাগি ‘বুদ্ধিজীৱী’ শব্দটোৰ সৃষ্টি। ইয়াতেই দেখোন কি কৰিব লাগে কোৱা আছে। বেয়া নেপাব, আপুনি অলপ ওপৰচকুৱা কাৰণে দেখা পোৱা নাই। যি বুদ্ধিৰে জীয়াই থাকে সিয়ে বুদ্ধিজীৱী। বুদ্ধিজীৱী হ’বলৈ প্ৰয়োজন হোৱা একমাত্ৰ গুণটো হ’ল ‘বুদ্ধি’, বাকী জ্ঞান, সাধনা, ত্যাগ, উদ্দেশ্য এইবোৰ কথানো আপুনি ক’ত পালে? কোনে ক’লে আপোনাক বুদ্ধিজীৱী হ’বলৈ এইবিলাক বস্তু লাগে বুলি? চাওকচোন কিমান ফাণ্ডামেণ্টেল ভুলটো কৰি আছিলে আপুনি। এতিয়া আমাৰ ওপৰত বিশ্বাস হ’লনে? চকু মুকলি হ’লে নে?
প্ৰথমতে জানি লওক, আপুনি ‘বুদ্ধিজীৱী’ হ’বলৈ গৈ আছে! জ্ঞানজীৱী, দাতাকৰ্ণ, প্ৰধানমন্ত্ৰী, সন্ন্যাসী, ধৰ্মগুৰু এইবোৰ নহয়। আপোনাক কেৱল বুদ্ধি লাগে। বুদ্ধি, বুধি, টেঙৰামি…. টেটোনালি..বচ। এই কেৰিয়াৰত উন্নতি কৰিবলৈ আপুনি বুদ্ধিমান হ’লেই হ’ল- বা তাতকৈ আগবাঢ়ি সলি সিয়ান, নোম টেঙৰ আদি হ’ব পাৰিলে ভাল।
কিন্তু এই বুদ্ধি আহিব ক’ৰপৰা? প্ৰশ্ন উঠিছে নহয়? উঠিবই। কিন্তু আমি আপোনাক ক’ম এনে বুদ্ধি কেনেকৈ পাব আপুনি? আচলতে কি জানে এনে বুদ্ধি আপোনাৰ আছেই, আমি কেৱল দুৱাৰ মুকলি কৰিম।
*****************
বহুত বিজ্ঞাপন হ’ল। এতিয়া আমি ‘ফটেহ কী বাত’ কৰো। আপুনি জানে যিকোনো কেৰিয়াৰৰ বাবেই অলপ ‘প্ৰিপেয়াৰচেন’ৰ প্ৰয়োজন হয়। আপোনাৰো হ’ব। দুই তিনিবছৰ ইনভেষ্ট কৰিব লাগিব। অলপ সেইখিনি কথা কওঁ।

॥মুখ॥
বুদ্ধিজীৱীৰ একমাত্ৰ অস্ত্ৰ হ’ল মুখখন। আপুনি নিজকে ‘মুখচোকা’ কৰি তুলিব লাগিব। তাৰ অভ্যাসৰ বাবে আপুনি যাৰে তাৰে লগত তৰ্কযুদ্ধত অৱতীৰ্ণ হ’ব। নিজৰ শ্ৰীমতীৰ লগত নিতৌ হকে বিহকে কাজিয়া কৰি এই অভ্যাস জাৰি ৰাখিব পাৰিলে ভাল। মনত ৰাখিব তৰ্কত সেইজনেই জিকে, যিজনে প্ৰতিপক্ষৰ কথা নুশুনে আৰু শুনিলেও নুবুজে। কেনেবাকে প্ৰতিপক্ষৰ কথাত যুক্তি দেখা পালেই আপুনি বৰবাদ। গতিকে আপুনি সদায় উচ্চস্বৰে নিজৰ কথাখিনিকে উৰাই ঘুৰাই কৈ থকাৰ অভ্যাস কৰক। আপুনি ভুল নে শুদ্ধ সেইবোৰ চিন্তা নকৰিব। আপুনি বুদ্ধিজীৱী হ’ব খুজিছে, সত্যবাদী ৰজা হৰিশ্চন্দ্ৰ নহয়। আপোনাৰ কথাখিনি যিমান পাৰে নাটকীয়ভাৱে ক’বলৈ চেষ্টা কৰিব আৰু শ্ৰোতাৰ ইমচনেল ৱিকনেছখিনি চুবলৈ চেষ্টা কৰিব। মাজে মাজে চকুপানী বোৱাই দিবলৈ অভ্যাস কৰিব। নেপাহৰিব যে, টিভিত চকুপানীৰ সমান বিক্ৰী যোৱা ‘মাল’ নায়েই।

॥টিভি॥
বুদ্ধিজীৱীৰ কেৰিয়াৰৰ মূল ‘ঘাঁটি’ হ’ল অসমীয়া নিউজ চেনেলৰ ‘টক শ্ব’বিলাক। টিভিৰ বাহিৰৰ বুদ্ধিজীৱী হৈ একো লাভ নাই। গতিকে আপুনি দুবছৰমান একেৰাহে অসমীয়া নিউজ চেনেলবিলাক দিনে ৰাতিয়ে চাই থকাৰ অভ্যাস কৰক। তাত ওলোৱা বুদ্ধিজীৱীসকলে কেনেকৈ কথা কয়, কেনেকৈ চিঞৰে, কেনেকৈ গাঁজত লগাকৈ কথা কয়, কেনেকৈ সূৰ্য পূবফালে নোলায় বুলি যুক্তি দিয়ে, এইবোৰ মন দি চাওক। বহু কথা আপুনি নিজে নিজে শিকিব পাৰিব। আপুনি দেখিব, উচ্চস্বৰে চিঞৰিব পৰাটোৱেই সফল বুদ্ধিজীৱীৰ প্ৰধান গুণ।

॥ভটীয়নী সোঁতত নাও॥
জনপ্ৰিয় বুদ্ধিজীৱীয়ে সদায় ভটীয়নী সোঁতত নাও মেলে। আপুনি ৰাইজৰ জনপ্ৰিয় চেণ্টিমেণ্টটোৰ ওপৰত চকু ৰাখিব লাগিব। এই ধৰক নদীবান্ধ- এই সময়চোৱাত ৰাইজৰ ইম’চ’নেল সোঁত নদীবান্ধৰ বিপৰীতে আছে। গতিকে আপুনি নদীবান্ধৰ বিৰোধিতা কৰাৰ স্থিতি লওক। ভয় নকৰিব, তাৰ বাবে আপোনাৰ নদীবান্ধৰ বিষয়ে পঢ়া শুনা কৰাৰ প্ৰয়োজন নাই। আপুনি মনত ৰখা প্ৰয়োজন যে সকলো কথাৰে এটা ভাল আৰু এটা বেয়া দিশ থাকে, গতিকে বিষয়টোৰ বিৰুদ্ধে কওঁ বুলিলে আপুনি হেজাৰটা যুক্তি বিচাৰি পাব। ভালকেইটা নক’লেই হ’ল। কেতিয়াও জনপ্ৰিয় মতৰ বিৰোধিতা নকৰিব, আপোনাৰ টি আৰ পি ডাউন হৈ যাব।

॥পোছাক॥
বুদ্ধিজীৱীৰ পোছাক সদায় সাধাৰণ লোকতকৈ পৃথক হয়। আপুনি নিজাকৈ এটা ‘ফেছন ষ্টেটমেণ্ট’ তৈয়াৰ কৰিব লাগিব। আপোনাৰ পোছাকত অগতানুগতিকতাও থাকিব লাগিব আৰু পৰম্পৰাও লাগিব। প্ৰয়োজন হ’লে ভাল ফেছন ডিজাইনাৰৰ পৰামৰ্শ ল’ব। আপোনাৰ পোছাকেই আপোনাৰ ব্যক্তিত্ত্ব, এই আপ্তবাক্যশাৰী কেতিয়াও নেৰিব।

॥মাৰ্কেটিং॥
আপুনি নিজকে অলপ মাৰ্কেটিং কৰিব লাগিব। তাৰবাবে টিভি চেনেলৰ মালিক, মুখ্য সম্পাদক আদিৰ লগত চেনেল ফিটিং কৰা অতি আৱশ্যকীয়। এটা কথা মনত ৰাখিব, যে তেওঁলোকে সমাজসেৱা কৰিবলৈ নিউজ চেনেল খোলা নাই, সেইটো চেনেল খোলোতে বা চলাওঁতে তেওঁলোকৰ কোটি কোটি টকা খৰছ হৈছে। কেৱল সেই টকাবোৰ ঘুৰাই অনাই নহয়, তাৰ পৰা আৰু কেইবা কোটি উপাৰ্জন কৰাহে তেওঁলোকৰ মূল লক্ষ্য।

এলিমেণ্টৰী ডাক্তৰ ৱাটচন- দেশৰ উন্নতি কৰো বুলিলে আৰু বহুত উপায় আছে, এগালমান ধন খৰছ টিভি চেনেল নুখুলিলেও হয়। কেৱল দুটা কাৰণতে তেওঁলোকে টিভি চেনেল খুলিছে, এক – ৰাজনৈতিক প্ৰপাগাণ্ডা, দুই- ব্যৱসায়। আপোনাৰ দৰে লোকৰ এই কথাটো মানি ল’বলৈ অলপ অসুবিধা হব পাৰে, কিন্তু বিশ্বাস কৰক, এয়াই ধ্ৰুৱসত্য আৰু আপুনি এই সত্যক স্বীকাৰ কৰাই নহয়, ইয়াৰ ফায়দাও উঠাব লাগিব। তেওঁলোকক বিজিনেছ লাগে, বিজিনেছৰ কাৰণে টি আৰ পি লাগে আৰু সেই টি আৰ পি আপুনি দিব লাগিব। সেয়াই বুদ্ধিজীৱী হিচাপে আপোনাৰ একমাত্ৰ উদ্দেশ্য আৰু দায়িত্ব।

॥বিয়য় জ্ঞান॥
নেলাগে ঈশ্বৰ নেলাগে। একেটা কথাকে কিমান পেঘেনিয়াই পেঘেনিয়াই সুধি থাকে হে। শুনক টক শ্ব’ৰ কাৰণে কোনো প্ৰিপাৰেচনৰ দৰকাৰ নাই। কেৱল আপোনাৰ মুখচোকা গুণটো আৰু সকলোতে ভুল ধৰিব পৰা ক্ষমতা লাগে। আগতে কৈছোৱেই নহয়, শ্ৰীমতীৰ লগত কাজিয়া কৰি কৰি মুখখন চোকা কৰি ল’বলৈ। এইটো এটা বিশেষ প্ৰয়োজনীয় গুণ। একেবাৰে নজনা বিষয় হ’লে আপুনি নিউজ এংকৰক কৈ আপোনাৰ পাল অলপ পিছৰ ফালে পেলাই ল’ব আৰু বাকী কেইজনে কি কয় আপুনি মন দি শুনিব। বুজা নাই? ৰ’ব আপোনাক এটা উদাহৰণ দিওঁ।
ধৰি লওক আজিৰ আলোচনাৰ বিষয় স্পেইনৰপৰা কেটালনিয়া আঁতৰি যোৱাৰ কাৰবাৰটো আৰু আপুনি স্পেইনৰ বিষয়ে বিশেষ নেজানে, কেতিয়াও গৈ পোৱা নাই, কেটালনিয়াৰ নামেই শুনা নাই। আৰু আপুনি উপস্থিত হৈছেহি আন্তৰ্জাতিক ৰাজনীতি আৰু ইউৰোপীয়ান ইউনিয়নৰ ভৱিষ্যতৰ বিশেষজ্ঞ হিচাপে। কালি আপুনি ‘হিউমেন ক্লনিঙ’ৰ বিশেষজ্ঞ আছিল। এতিয়া আপুনি কি কৰিব?
প্ৰথম ‘লীড’টো আপোনাক দিব এংকৰজনেই। তেওঁৰ সহকৰ্মীবিলাকে বিষয়টো সম্পৰ্কে ইণ্টাৰনেটৰ পৰা এসোপা তথ্য সংগ্ৰহ কৰি তেওঁক দিব, সকলো বস্তুৰে প্ৰিণ্ট আউট তেওঁৰ সন্মুখত থাকিব। তেওঁ লাইনটো লগাই দিবই। তাৰপাছত দুই এজন উপস্থিত লোকে ইয়াৰ সপক্ষে বা বিপক্ষে কিবা কিবি ক’ব। আপুনি কি কৰিব? তেওঁলোকৰ কোনো এপক্ষৰ লগত সুৰ মিলাব নেকি? ভুলতো নকৰিব। তেনে আপোনাৰ বিশেষত্ব কিডাল হ’ল?
আপুনি প্ৰথমতে অসম দেশত হাজাৰ সমস্যা থকা স্বত্ত্বেও পুঁজিবাদী উন্নত দেশৰ অদৰকাৰী সমস্যা এটা আলোচনা কৰাৰ বাবে টিভি চেনেলটোক সমালোচনা কৰক। চিন্তা নকৰিব, তেওঁলোকে বেয়া নেপায়। তেওঁলোকৰ টি আৰ পি উঠিলেই হ’ল। তাৰপাছত আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ, ঐতিহ্য, পৰম্পৰা আদি ওজনদাৰ শব্দ কেইটামান লগাই কিবা কিবি কওক। কথাটো পোনে পোনে অসমলৈ টানি আনক। এটা কথা সদায় মনত ৰখা প্ৰয়োজন যে অসমৰ দৰ্শকে দেশ বিদেশত কি হৈ আছে, সেইবিলাক কথাত একো ৰস নেপায়। চিৰিয়াৰ ৰাকা চহৰৰ পৰা আইচিচৰ পলায়নতকৈ তেওঁলোকে জখলাবন্ধাৰ নিতাই দাসৰ সন্তানসম্ভৱা পত্নীৰ লগত ফেচবুকৰ যোগে কলেজীয়া যুৱকৰ পৰকীয়া প্ৰেমৰ কথা শুনিহে ভাল পায়। আপুনি চিধা সেইটো লাইনলৈ টানি আনক। অসমৰ লগত কিবা এটা লিংক লগাই প্ৰাণ-পণে চিঞৰি চিঞৰি সকলোৰে বিৰোধিতা কৰক। এই সময়চোৱাত আপুনি যি মন যায় তাকে কৈ থাকিব পাৰিব, কাৰণ এই সময়চোৱাত কাৰো মাত কোনেও নুশুনে। কেৱল সাৱধান হ’ব যাতে আপোনাৰ মুখৰপৰা অসমীয়া ‘শক্তিবাচক’ শব্দকেইটা নোলায়। এসময়ত এংকৰজনে আপোনাক ‘মিউট’ কৰি দিব। তাত কিন্তু আপোনাৰ বেয়া পাব লগা একো নাই, আচলতে আপোনাৰ কাম হৈয়েই গ’ল। ‘মিউট’ কৰিব লগা হোৱাতো এজন বুদ্ধিজীৱীৰ সকলোতকৈ ডাঙৰ সফলতা।
আৰু বেছি নকওঁ, আচলতে এইখিনি শিকিলেই আপুনি এজন সফল বুদ্ধিজীৱী হ’ব পাৰিব। ইয়াৰ পাছত আৰু ফাইন টিউনিঙৰ দৰকাৰ হ’লে আপুনি ফটাঢোলৰ প্ৰশাসকসকলক ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে। শেষত দুটামান ট্ৰিভিয়া দি থওঁ, একদম হৃদয়ংগম কৰি ল’ব কিন্তু।
অসমীয়া মানুহৰ চেণ্টিমেণ্ট লৈ ব্যৱসায় কৰিবলৈ এই কথাকেইটা কথা মনত ৰখা অতি প্ৰয়োজনীয়।
১। আপুনি সকলো সময়তে পুঁজিবাদৰ বিৰোধীতা কৰি সমাজবাদৰ পক্ষ ল’ব লাগিব, সাম্যবাদৰ বজাৰ ভাল। কেনেবাকৈ আপোনাৰ মুখত পুঁজিবাদ বা বজাৰ অৰ্থনীতিৰ সপক্ষে এষাৰ কথা ওলালেই আপোনাৰ ‘বজাৰ’ শেষ। একদম সাৱধান হ’ব।
২। অসমীয়া মানুহৰ এই আলফাই দিব খোজা স্বাধীনতাটোৰ প্ৰতি এটা সহজাত দুৰ্বলতা আছে। গতিকে পোনে পোনে সমৰ্থন কৰিব নোৱাৰিলেও আপুনি ‘টিউন’টো সেইটো লাইনত ৰাখিব।
৩। অসমীয়াৰ মানসিকতা মতে [অসমীয়া হিপ’ক্ৰেছী মতে বুলি ক’ব লাগিছিল] ধনী হোৱা, জনপ্ৰিয় হোৱা, বিখ্যাত হোৱা আদি অতি বেয়া কথা। [মনে মনে কিন্তু সকলোৱে তেওঁলোকৰ দৰেই হ’ব বিচাৰে, সেইকাৰণে হিপ’ক্ৰেছী বুলিছো] তেনেধৰণৰ মানুহবিলাকৰ সদায় বিপক্ষত ঠিয় দিব।
৪। প্ৰচলিত মতবাদ মতে অসমৰ সামাজিক ক্ষেত্ৰখনত কাম কৰি থকা সকলো “জীৱিত” লোক বদমাছ, ধুৰন্ধৰ আৰু স্বাৰ্থপৰ আৰু সকলো ‘মৃত’ লোক দেৱতাতুল্য। জীয়াই থকা সময়খিনিত তেনে সকলো ৰাজহুৱা লোককে আপুনি তূলাধূনা দিব, কিন্তু মৰাৰ লগে লগে তেওঁক সৰ্বগুণাকৰ সাজি দিব।
৫। কেইটামান বস্তু সদায় ভাল, কেইটামান সদায় বেয়া। কিন্তু কেইটামান বস্তু যেনে হিন্দু বাংলাদেশী, চৰ অঞ্চলত বাস কৰা লোকসকল, চীনৰ আগ্ৰাসন, অসহিষ্ণুতা, বড়োলেণ্ড, গঁড় হত্যা, পৰেশ বৰুৱা; এইবোৰ অলপ গণ্ডগোলীয়া কথা। এইবিলাক কথাত ৰিস্ক নল’ব। এনেক্ষেত্ৰত ডিপ্লমেটিক ষ্টেণ্ড লৈ চালে বেৰে কোবাই আচল কথাৰপৰা আঁতৰি থাকিব পাৰিলেহে আপুনি আপোনাৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিব পাৰিব। এইবোৰ কেছত বৰ বেছি সোমাই পৰিলে গুলীখোৱাৰ চান্স আছে, গতিকে নিজকে বচাই চলিব।

শেষত আপোনাক আমাৰ ফালৰপৰা আন্তৰিক শুভেচ্ছা জনালো, আমি নিশ্চিত যে আপুনি এই পৰামৰ্শ বিলাক মানি চলি সোনকালেই টিভিৰ পৰ্দা গৰম কৰি থাকিব পাৰিব। হয়তো অহা নিৰ্বাচনত কোনোবা প্ৰতিপত্তিশীল আৰু আওধনী লোক বা দলে আপোনাক ‘আণ্ডাৰ কভাৰ’ মুখপাত্ৰ হিচাপে হায়াৰ কৰিবও পাৰে, তেনেহ’লে আৰু জীৱনলৈ চিন্তা নাই। সেই সময়টোৰ বাবে আমাৰ ফালৰ পৰা অল দা বেষ্ট।

বি. দ্ৰ. :- বুদ্ধিজীৱীৰ কাম কৰি কেনেকৈ পইচা ঘটিব পাৰি সেইটো নক’লোৱেইচোন। আপুনি চিন্তাত পৰিছে নেকি? পিছে নকওঁ দিয়ক, এবাৰ বুদ্ধিজীৱী হৈ চাওকচোন, নিজেই গম পাব।

☆★☆★☆

12 Comments

  • তামাম দাদা

    Reply
  • ramanuj

    ৱাহ… সাংঘাটিক ককাইদেউ !

    Reply
  • Krishnaa

    মজা বাজন৷

    Reply
  • ৰিণ্টু

    এইয়াহে ব্যংগ, সাংঘাতিক লিখিছে দাদা

    Reply
  • Tanmoy Acharyya

    একদম মজা দিছে দেই৷ ভাল লাগিল পঢ়ি

    Reply
  • Manash saikia

    প্ৰতিটো পেৰাতে একোজন বুদ্ধিজীৱীৰ ছবি মনলৈ আহিছে৷
    তামাম দিলে দেই৷

    Reply
  • Jinna

    সাংঘাতিক

    Reply
  • এইটো কিন্তু সাংঘাতিক হৈছে!

    Reply
  • কানে মুৰে কোৱালে

    Reply
  • বিজিত নাথ

    “বুদ্ধিজীৱী হোৱাৰ হাতপুথি ” – ৰ লেখীয়া হৈছে । আকৰ্ষণীয় আৰু সুন্দৰ হৈছে ।

    Reply
  • হেমন্ত কাকতি

    সিদিনাই পঢ়িলো৷ তামাম লিখিছা এইপাত অভিজিত! মজ্জা লাগিল৷

    Reply
  • Shariful Islam

    ইমান সহজ !আগতে ভবাই নাছিলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *