“ইমান পৰ লাগেনে ! সামান্য হৰিণ এটা ধৰি আনোতে ইমান পৰ লাগেনে ! হাই বিধি ! বোলো পূবৰ বেলি কোন কেতিয়াবাই গৈ মূৰৰ ওপৰত উঠিল ৷ বাহিৰত মোকলাই দিয়া সমস্ত কাপোৰ-কানি শুকাই শিলহেন টান হৈ পৰিল৷ অথচ এতিয়ালৈকে এটাৰো দেখা-দেখি নাই৷ ক’ত যে কি কৰি ফুৰিছেগৈ !”

ছীতাৰ প্ৰচণ্ড খং উঠিছে৷ এনেকৈ আৰু কাম হয় নেকি ! শত্ৰু-সন্ধানত সহায়ক হ’ব বুলি দুয়োটাৰে ধনু-কাঁড়ত জিপিএছ-টিপিএছ ইনষ্টল কৰি দিলো;তথাপিও এইকেইটাৰ স্কিলৰ বিকাশ হোৱায়েই নাই৷ চৰ্বানন্দই স্কিল ডেভেল’পমেণ্টৰ চাকৰিটো বাদ দিয়াৰ পিছত দেশখন এতিয়া আনস্কিলড মানুহেৰে ভৰি পৰিল ৷ ৰাম,লক্সমন-এই চৰ্বাশূন্য সামাজিক অস্থিৰতাৰেই যেন একো একোটা জীৱন্ত উদাহৰণ৷ কোৱাটো নিষ্প্ৰয়োজন,ক’চিং চেণ্টাৰত ধনু-কাঁড় মাৰিবলৈ নিশিকি ফে’চবুকত টিঘিলঘিলাই থকাৰ কুস্বভাৱটোৱেও ইয়াত বিৰূপ প্ৰভাৱ পেলাইছে ৷ পঢ়া-শুনাত মন নাই৷ কেৱল ধিতিঙালি আৰু ধিতিঙালি !

গালি পাৰি পাৰি ভাগৰ লগাত ছীতা দেৱী পাকঘৰতে পীৰাখন পাৰি ধমহকৈ বহিল৷ মেগিৰ ওপৰত টমেট’ ছ’ছ অলপ ঢালি লৈ অশান্ত ছীতাই ক্ষুধা নিবাৰণৰ যো-জা চলালে৷

“ভিতৰত কোনোবা আছেনে ? অলপ দেখা দিবচোন৷”- তেনেতে বাহিৰৰ পৰা ভাঁহি অহা পুৰুষ-কণ্ঠত ছীতা সচকিত হৈ উঠিল৷
“কোনবা আহিল এই দুপৰীয়াখন!”-ছীতাৰ চকুত সামান্য আশ্চৰ্য৷
“কোন আছে ভিতৰত ! অলপ দেখা দিবচোন৷”
“গৈছোঁ ৰ’ব৷”-ছীতাৰ শংকামিশ্ৰিত সঁহাৰি ৷

ষ্টিলৰ ঠাল এখনেৰে মেগিখিনি ঢাকি ছীতা পীৰাৰ পৰা উঠিল৷ তাৰপিছত অসংযত চুলিখিনি ফণিয়াই ল’লে৷ তাৰপিছত আগচোতালৰ ফালে এখোজ দুখোজকৈ ওলাই গ’ল৷

গৈ দেখে,চোতালত এজন বৃদ্ধ মগনিয়াৰ ৷ বিবৰ্ণ কামিজ আৰু অগণন ছিদ্ৰৰে পৰিপূৰ্ণ এটা পায়জামা পৰিহিত,হাতত ভিক্ষাৰ পাত্ৰ লৈ থকা এজন মগনিয়াৰ৷

“বাইদেউ,খাবলৈ কিবা এটা দিবনে? দুদিনৰ পৰা একোকেই খোৱা নাই৷” ঘৰ্মাক্ত মুখমণ্ডলৰ গৰাকীজনে কাকূতিৰ সুৰত হাতযোৰ কৰি ছীতালৈ চালে৷
“তেনেকৈতো খাবলৈ এতিয়া একোৱেই নাই৷” মানুহজনৰ অৱস্থাটো দেখি ছীতাৰ অত্যন্ত বেজাৰ লাগিছে৷ কিন্তু বেজাৰ লাগিলেনো কি কৰিব,নিজৰেই এতিয়া নাজল-নাথল অৱস্থা৷
“ক্ষুদ্ৰ চাউল এটা হ’লেও হ’ব৷”-ভিক্ষাৰীজনৰ কাতৰ অনুৰোধ৷
“মেগি অলপ আছে৷ খাব?” ছীতাৰ হঠাতে মেগিখিনিলৈ মনত পৰিল৷
“বহুদিন হ’ল মেগিৰ সোৱাদ নোলোৱা৷ মোৰ পৰম সৌভাগ্য হ’ব৷” কথাখিনি কওঁতে মগনিয়াৰজনৰ জিভাৰ পৰা এটোপাল পানী আহি ভূপৃষ্ঠৰ লগত বিলীন হৈ গ’ল৷
“ঠিক আছে৷ ৰ’ব৷”

ছীতা ভিতৰলৈ গ’ল৷ মৰমীয়াল মানুহজনীয়ে নিজে খাম বুলি ঢাকি থোৱা মেগিখিনি আৰু তাৰ সৈতে এগিলাচ পানী লৈ পুনৰ মগনিয়াৰৰ কাষ পালেহি৷
“লওক ডাঙৰীয়া৷”
“দিয়ক৷”

তেনেতেই ঘটি গ’ল নঘটিবলগীয়া ঘটনাটো৷ মেগিৰ থালখন হাতত পৰা মাত্ৰকতে মগনীয়াৰজনে অদ্ভুত জোৰেৰে ছীতাৰ হাতখনত থাপ মাৰি ধৰিলে ৷ অসীম জোৰেৰে ছীতাদেৱীক মগনিয়াৰে তাৰ গাৰ ফালে টানিবলৈ ধৰিলে৷ মুহূৰ্ততে মানুহজনৰ আকাৰ-আকৃতিৰো অবিশ্বাস্য ৰূপান্তৰ ঘটিল৷ আগৰ দুৰ্বল,দুৰ্ভগীয়া মানুহজনৰ ঠাইত এতিয়া এজন সুঠাম,সতেজ আৰু শক্তিশালী মানুহ দেখা গ’ল৷ আটাইতকৈ আশ্বৰ্যকৰ কথা-অথনিৰ এটা মূৰৰ ঠাইত এতিয়া মানুহজনৰ দুয়োফালে দহটা মূৰে মূৰ দাঙি উঠিল৷ কি কাণ্ড !!

“হাহাহাহাঃ মই হ’লো ৰাবন,দা ৰকষ্টাৰ৷ আজি কৰি দিম তোক ছাৰখাৰ৷”
ব্ৰহ্মাণ্ড কঁপোৱা কেইটামান অট্টাহাস্য মাৰি ৰাবনে হুইছেল বজাই দিলে৷ পলকতে সন্মুখত এখন ফেৰাৰী উপস্থিত৷

“আহা সুন্দৰী৷ আহা৷ মোৰ এইখন জাপানৰ ফেৰাৰী৷ তোমাৰ লগত বহি লৈ কৰো মই চাফাৰি৷” ৰাবনে ছীতাক ফেৰাৰীৰ ফালে সৰ্বশক্তিৰে টানিছে৷ কিন্তু এইয়া কি ! ছীতা দেখোন অলৰ-অচৰ ৷ বিন্দুমাত্ৰও লৰচৰ হোৱা নাই৷
“এই ক্ষীন-মিন মানুহজনীৰ ইমান জোৰ!” ৰাবনে অশেষ চেষ্টা কৰিও ছীতাক লৰাব পৰা নাই৷
“তোৰ কথা বহুদিনৰে পৰা শুনি আহিছিলো।”-তেনেতে ছীতাই মাত লগালে৷ ছীতাৰ দুচকু ক্ষোভ আৰু ক্ৰোধত ৰক্তিম হৈ উঠিছে৷
“তোৰ প্ৰতাপত বহুতো মানুহৰে নিদ্ৰাহৰণ হৈছে৷ তোৰ দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ বহুতেই ছ’ছিয়েল মিডিয়াৰ একাউণ্ট ডিএকটিভেট কৰিবলগীয়া হৈছে৷ আজি তোৰ ৰক্ষা নাই৷”

কথাষাৰ কৈয়েই ছীতাই এটা সুতীব্ৰ ফ্লায়িং কিক্ ৰাবনৰ মধ্যস্থানত থকা মুখখনত সোধাই দিলে৷ ৰাবন বাগৰি গ’ল৷ সি একো তলকিবই নোৱাৰিলে ৷

ছীতাৰ হাতৰ মুঠি খোল খাই গ’ল৷ ছীতা দুখোজমান পিছুৱাই গ’ল৷ ত্ৰিশ মিটাৰমান আঁতৰৰ পৰা দৌৰি আহি দুটা বজ্ৰকঠিন ঘোচা ৰাবনৰ পেটত উপৰ্যুপৰি সোধাই দিলে৷ ঘোচাত ৰাবনৰ কঁকালৰ জোৰা লৰি গ’ল৷
ছীতা আকৌ কেইখোজমান পিছুৱাই গ’ল৷ প্ৰচণ্ড বেগেৰে দৌৰি আহিল,ঠিক মিলখা সিঙৰ দৰে;দৌৰি আহি ৰাবনৰ দুয়ো কান্ধত কৰিলে দুটা সজোৰ প্ৰহাৰ৷ ৰাবন মুহূৰ্ততে সংজ্ঞাহীন৷ ছীতাৰ মুখত এটা বিজয়সূচক হাঁহি ৷

“ছীতা,ছীতা৷ কি হৈছে এইবোৰ?”
হঠাতে তৰা-নৰা ছিঙি কোনোবাফালৰ পৰা ৰাম উধাতু খাই আহিল৷ পিছে পিছে ভ্ৰাতা লক্সমন৷
“ৰাবনে মোক কিডনেপ কৰিবলৈ আহিছিল৷ ঠিকছে এপালি দি দিছো। সি গমেই নাপায় মই যে ইউ টিউবত জেটলি,ব্ৰুছলি,জেকি চানৰ চিনেমা চাই চাই মাৰ্চিয়েল আৰ্টৰ ট্ৰেইনিং লৈ থৈছো। এনেকুৱা কেইটামান ঘোচা দিছো নহয়,সি দহ জনমতো নাপাহৰে৷”-ছীতা আত্মপ্ৰশংসাত মগ্ন হৈ পৰিল৷
“অ’ সেইকাৰণেহে তুমি মোক লক্সমন ৰেখা আঁকিব নালাগে বুলি কৈছিলা!” লক্সমনে এতিয়াহে কথাৰ আঁৰৰ কথাবোৰ বুজি পাইছে৷
“হয়৷ বাৰু এইবোৰ বাদ দিয়া৷ হৰিণ ক’লৈ গ’ল ?” –কৌতূহলী ছীতাই প্ৰশ্ন কৰিলে ৷
“ইইইই !!! হৰিণটো ডুপ্লিকেট ৷” ৰামে অভিযানৰ বিৱৰণ দিলে৷ “কৃত্ৰিম বুদ্ধিমত্তাৰ চমক সৃষ্টি কৰি ৰাবনেই চাগে আমাৰ লোকেশ্বন ট্ৰেক কৰিবলৈ চেষ্টা কৰিছিল৷ পালে এতিয়া মজাটো ৷”
“অ’ হয় নেকি ! তেন্তে আমি তিনিওটাই ছেল্ফি উঠো আহা৷ এটা ডাঙৰ কিডনেপাৰক ধৰাৰ আনন্দত৷”-ছীতাই উৎফুল্লিত হৈ পৰামৰ্শ আগবঢ়ালে৷
ৰাম আকৌ পৰামৰ্শ মানি চলাত ভাল৷ গতিকে শুভস্য শীঘ্ৰম ! পেণ্টৰ পকেটৰপৰা ৰামে স্মাৰ্টফোনটো উলিয়াই ল’লে৷
‘ক্লিক্’-এখন ধুনীয়া ফটো৷
“দিয়া দিয়া৷ ফে’চবুকত আপলোড কৰি দিয়া৷”
“ৰ’বা৷মোৰ ডাটা খটম৷ লক্সমন,হটস্পটটো অ’ন কৰি দিবাচোন৷”
“নিশ্চয়৷”-লক্সমনে হটস্প্টট সক্ৰিয় কৰিলে৷ ৰামেও তৎপৰতাৰে ইণ্টাৰনেটৰ সংযোগ কৰিলে৷
“অ’কে হৈ গ’ল৷ ফটো আপলোড হৈ গ’ল৷”
“বঢ়িয়া !! কেপছন পিছে কি দিলা?”
“মাই ৱাইফ ইজ এ চুপাৰষ্টাৰ!!”-ৰামে বুকু ফিন্দাই ক’লে৷
ছীতাৰ দুচকুত তেতিয়া আত্মবিশ্বাস আৰু গৌৰৱৰ আভা৷

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *