ফটাঢোল

হেপি বিহু – সোমেশ্বৰ বৰা

এবেগেতীয়াটোৱে সংকেত দিলেই, “হেপি বিহু”। সেয়েহে হ’বলা গা-টোও সাতখন আঠখন, ৰণজিত-ৰণজিত লাগিল। এনেয়ে আজি এসপ্তাহ আগৰে পৰাই সুলভ হৈয়ে আছে বিজতৰীয়া চেনেল বিহু। “কালৰো কাল বিপৰীত কাল”, গুৱাহাটীৰ বজাৰত বিক্ৰী হ’ল মেজি। এয়া হেনো নৱ প্ৰজন্মক শিকোৱা কিটিপ। হাঁয় মোৰ কপাল! এপদ এপদ কৈ এনেকৈয়ে নীলাম কৰিছো আমাৰ বাপতি সাহোনবোৰ। মেজি বিক্ৰীৰ নামত বিক্ৰী কৰি দিলো ভোগালী তথা আমাৰ আত্মা, অসমীয়া সত্তা। “ফাট মেলা বসুমতী পাতালে লুকাওঁ“ ….এনেয়ে মূৰ গৰম, তাতে আহি গ’ল “হেপি বিহু“।

গাঁৱৰ(মোৰ নিজৰ গাঁও)ঘৰলৈ টালি-টোপোলা বান্ধি বিহুৱে-তিথিয়ে গ’লেও তাত গৈ দেখিবা, সমূহীয়া মেজি, ভোজ কাহানিবাই চেটেপ। ভেলাঘৰৰ কোনো চিন-মোকাম নাই। কেৱল টিভিত হে দেখিবা বাৰে-ভচহুৱা ভেলা ঘৰ বোৰ। ভেলাঘৰ নাই যেতিয়া ভেলাঘৰৰ ৰঙ-ৰহইছবোৰো নেচেল। চুকে চুকে দুই এজনে কিবা আয়োজন কৰিলেও গোটেইখন কিবা “জিলেলে জিলেলে”। ম’হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি যুঁজত আইনৰ শেনচকু।

ভেলাঘৰৰ প্ৰতিযোগিতাৰ দৰেই ভেলা ঘৰ সুন্দৰী, প্ৰতিযোগিতাও পাতিব পাৰে দেখোন চেনেল কেইটাই! কিয়নো পূজা সুন্দৰী নামৰ প্ৰতিযোগিতা এই চেনেল কেইটাৰেই চমক। তাতে ভেলাঘৰৰ সতে চেলফি বিচাৰি লাখ টকা পুৰস্কাৰৰ টোপ দিয়া দেখিলো দেখোন!

আমাৰ চহৰেই ভাল। দুৱাৰ মুখতে সকলো উভৈনদী, সেয়া লাগিলে মলঙা, ভেকুৰা অথবা ম্যাদ ওকলাই হওক। এই কেইদিন ভোগালী, ৰামডিয়া, সৰভোগ আদিৰ নাম লৈ পিঠা-পনা, দৈ-ক্ৰীমৰ পোহাৰ। ঘৰত নবনালেও বিধে বিধে তিল পিঠা, ঘিলা পিঠা, সুঁতুলি পিঠা ডাইনিং টেবুল শুৱনি কৰিবহি! মন কৰিলেই চন, ভোগালী মেলাবোৰে পোহাৰ মেলি বহিছে। গৰৈ পোৰা, গাহৰি পোৰা, কেকোৰা পোৰা, চুঙা চাউল, বিধে-বিধে পিঠা-পনাৰ লগতে দেশীয় পানীয়ও উভৈনদী। অলিয়ে-গ’লীয়ে নগা কিচ্চেন, মিছিং কিচ্চেন, চাইনীজ কিচ্চেন, চুংফা, ভোট জলকীয়া, “দি ধাবা”, “চিটি ধাবা”, “ক্ৰেকলিং”, “মাষ্টাৰ্ড”, “হাই ৱে” ধাবাবোৰ আছেই দেখোন!

চিতল লাগে! উৰুকাৰ ব্ৰহ্ম পুৱাতে উজান বজাৰৰ ঘাটলৈ যাম গুলপীয়া কেইখন মান লৈ। হাঁহ খাবা! সাত মিনিট। হাঁহ মাৰি গৰম পানীত দি মেচিনত চাফা কৰি পুৰি কুটি-বাছি সাত মিনিটত দিব। যিহে ফটফটাই তেল খন ওলাব, জিভাৰ পানী বজাৰতে ওলাব!

পিচে আচল কথাটো হ’ল, আমাৰ মৰম-চেনেহবোৰ এই এবেগেতীয়াটোত ভুৰুকাত হাতী সোমোৱা দি সোমাই “হেপি বিহু” হ’ল। “হেপি জন্মদিন”, “হেপি বিবাহ বাৰ্ষিকী”, “হেপি দেৱালী”, “হেপি” পূজা”, “হেপি উৰুকা” হোৱাৰ দৰে আমি এদিন “হেপি শ্মশান যাত্ৰা”, “হেপি বৰতীয়া”, “হেপি শ্ৰাদ্ধ” বুলিবলৈ শিকিম নেকি ?? .. “.মেনি মেনি “হেপি ৰিটাৰ্ণচ অফ দি ডে“………।

☆★☆★☆

2 Comments

  • Gitika Saikia

    বৰ ভাল লাগিল পঢ়ি। নিজৰবোৰ আমি এৰি গৈ আছো সুদূৰৰ জলমল জোনাকী পৰুৱা সদৃশ পোহৰ দেখি। উপস্থাপন বৰ সুন্দৰ।

    Reply
  • অনিমা দাস

    সুন্দৰ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *