ফটাঢোল

নাক থকা চিটিবাছৰ সাধু – ৰঞ্জু শৰ্মা

(কাহিনীটো লিখি থাকোতে অপু ভৰদ্বাজদেৱৰ “মিথ্যাচাৰ বিলাস” গল্পটোৰ কথা মনলৈ আহিছিল। ইয়াৰ কাহিনীটো সঁচা, হয়তো “মিথ্যাচাৰ বিলাসো” তেনেধৰণৰ কোনো সঁচা ঘটনাৰ আলমত গঢ় লৈ উঠা। আচলতে তেনে ধৰণৰ বিলাস এটা ছাগৈ আমাৰ সকলোৰে অৱচেতন মনত থাকেই… জ্ঞাতে, অজ্ঞাতে। কিশোৰ অৱস্থাত গঢ় লৈ উঠা সপোনবোৰ (পূর্ণ নতুবা অপূর্ণ) যৌৱনলৈ কিয়, প্রায় প্রৌঢ় অৱস্থালৈ থাকি যায়। সপোনৰ “মই” এজন আমাৰ সকলোৰে মনত থাকে, যি বাস্তৱৰ ‘মই’ৰ সৈতে পৃথক।)

গুৱাহাটী মহানগৰৰ ঠেক ঠেক ৰাস্তা-পদূলীৰে নাক থকা চিটিবাছবোৰ চলি থকা সময়ৰে কথা। অৱসৰৰ সময়বোৰ তেতিয়া আজিৰ দৰে নাছিল, অলপ বেলেগ আছিল। স্কুলঘৰে, নামঘৰে, চাহদোকানে পাণদোকানে আড্ডা আছিল, কিন্তু সেই আড্ডাবোৰ আজিৰ দৰে ডিজিটেল আড্ডা নাছিল… সজীৱ আছিল, গঠনমূলক আছিল। জুম জুম আড্ডাবোৰৰপৰা কুণ্ডলী পকাই উৰি থকা ধোঁৱাবোৰৰ লগতে ওলাই আহিছিল বহুত নাটক, অভিনয়, ভাওনা, চিনেমা, আন্দোলন, আলোচনী নাইবা ৰাজনীতিৰ অভ্যাসন…। মানুহবোৰে একেলগে হাঁহিছিল, কান্দিছিল, গান গাইছিল, চিনেমা চাইছিল, কাজিয়া কৰিছিল.. আকৌ কুটুম হৈছিল। আজিকালি আমাৰ সময়বোৰ মাথো 3G, 4G পৰিৱেষ্টনীৰ মাজতেই আৱদ্ধ।

সেই সময়ৰ ধেমালিবোৰো বেলেগ আছিল। মাজে মাজে আমাৰ চিনাকি দাদাসকলৰ ভিতৰৰ দুজন বন্ধুৰ কাহিনী মনত পৰে… সেই সময়ত দুয়ো এটা নাট্য গোষ্ঠীত কাম কৰি আছিল। কেতিয়াবা দুয়োৰো অলপ অভিনয় কৰিবলৈ মন যায়, অফ ষ্টেজ। তেতিয়াই দুয়ো চান্দমাৰি বাছ ষ্টপেজত এখন মজলীয়া ভিৰৰ নাক থকা চিটিবাছত উঠি দিয়ে। এজন উঠে পিছফালৰ দুৱাৰখনেৰে, আনজন উঠে ড্ৰাইভাৰৰ পিনৰ দুৱাৰখনেৰে। দুই, তিনি মিনিটমানৰ ভিতৰত ভিৰ ঠেলি ঠেলি দুয়ো আহি বাছখনৰ মাজডোখৰ পাইহি। তাৰ পিছৰখিনি এইয়া….

: আৰে শইকীয়া দেখোন, বহুদিনৰ মুৰত দেখাদেখি হ’লহে..।
: আৰে বৰুৱা চাহাব, কি খৱৰ? কি খৱৰ?
: আছো দিয়ক মোটা-মোটি, পিছে ইমানদিন দেখা নাছিলো যে?
: নাছিলো বুজিছে, যোৱা গোটেইটো মাহ মই দেহলীতে (সেইসময়ত দেলহীহে আছিল, এতিয়াহে দিল্লী) বুলি ক’ব পাৰি। হোম মিনিষ্টাৰে কাম এটাত বৰ বেয়াকৈ ফচাই দিলেহে।

ইতিমধ্যে ওচৰ পাজৰৰ দুই তিনিজন সহযাত্রীয়ে আঁৰ চকুৰে চোৱা-চুই আৰম্ভ কৰিছেই। হাজাৰ হ’লেও হোম মিনিষ্টাৰৰ কামত দিল্লীত আহি এমাহ থকা মানুহ সেইসময়ত কেইজননো? দুই বন্ধুৱে আঁৰ চকুৰে লক্ষ্য কৰি গৈছে চৌপাশৰ পৰিৱেশ।ওমমম..এতিয়ালৈ তেওঁলোকে ভৱামতেই সঠিক দিশত আগবাঢ়ি আছে।

: বাৰু বৰুৱা! আজি আপুনি চিটিবাছত যে? ঘৰত তিনিখনকৈ গাড়ী থাকোতে বাছৰ হেঁচা-ঠেলা খাব ল’গা হ’লনো কিয়?
: এহ নক’ব আৰু! এখন গাড়ীৰে আই-বোপাইক আজি গাঁৱলৈ পঠিয়ালো, এখন নিলে আকৌ ভাবটোৱে.. সেই শিৱসাগৰৰ পিনে, মোৰখন আকৌ মোৰ সেই বৰাপানীৰ পিনে নতুনকৈ খোলা পেট্রোল পাম্পটোৰ কামত গৈ তাতেই থৈ আহিলোগৈ, গাড়ী এখন লাগে সেইভাগেও…

চৌপাশৰ পৰিৱেশ গৰম হৈ আহি আছে। এই দুজনৰ ফুলজাৰিৰ ছিটিকনি পৰি ওচৰ পাজৰৰ দহ, বাৰজন তিতি-বুৰি তেনেই জুৰুলা-জুপুৰি। তাতে যদি লেডিজ ছিটত দুই এজনী সুন্দৰী গাভৰু বহি যায় তেন্তেটো আৰু কথাই নাই, বন্ধুদ্বয়ৰ ফুলজাৰিৰ চিটিকনিৰ পৰিমাণ আৰু বাঢ়ি যায়। ইতিমধ্যে চিটিবাছ শিলপুখুৰী পাৰ হৈ গুৱাহাটী ক্লাব পায়গৈ মানে তেওঁলোকৰো কাম শেষ।

: বাৰু শইকীয়া মই ইয়াতে নামো, কাম এটা আছে।
: আহক বৰুৱা, ময়ো একেলগে ইয়াতে নামো।

পাণজপাদি জাপি অনা চিটিবাছখনত বেছিভাগেই স-সন্মানেৰে দুয়োকো ৰাস্তা এৰি দিয়ে। বাছৰ খট-খটিৰপৰা মাটিত ভৰি পৰিল কি নপৰিল……….

: অই বিপুল, বিড়ি এটা জ্বলা বে..
: ধুৰ ৰহ, বিড়ি খাবি!! কি বৈধ্য ভিৰ বে। কালি জোৰাই অনা মোৰ হাৱাইপাত আজি আকৌ ছিগি থাকিল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *