ৰাতিপুৱাই অন্তৰত খুব বেয়াকৈ আঘাত পালো ৷ টকাৰ কাৰণে মানুহবোৰ যে পশুতকৈও অধম হৈ গৈছে সেয়া আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছো ৷ টকাৰ প্ৰয়োজন নিশ্চয় আছে ৷ কিন্তু টকাতকৈওতো ডাঙৰ বস্তু এটা পৃথিৱীত আছে ৷ আচলতে আছে নহয়, আছিল ৷ এতিয়া মানৱতাবোধ বুলি কোনো বস্তু কাৰোৱেই অন্তৰত নাই ৷ সকলো মাথো টকাৰ পিছত দৌৰিছে ৷ পৃথিৱীখনেই আজি দেখোন পণ্য !!

টকা নাথাকিলেও টানি টুনি হ’লেও জীৱনটো কিবাকে চলাই আছো ৷ ভগৱানৰ কৃপাত আন বিশেষ একো দুখ নাই যদিও সামান্য এটা বেমাৰ আছে ৷ তাৰ বাবে দৈনিক দুবাৰকৈ ঔষধ খাব লাগে ৷ বহুবছৰৰ পৰাই জীৱনটো এনেকৈয়ে চলি আছে ৷ চিকিৎসাটো মোৰ দৰে সাধাৰণ উপাৰ্জনৰ মানুহৰ কাৰণে কিছু ব্যয়বহুল হ’লেও কিবাকৈ পইছাবোৰ মিলি গৈ আছে ৷ সেয়ে ভগৱানৰ ওপৰত মোৰ কোনো অভিযোগ নাই ৷ পৃথিৱীত অজস্ৰ মানুহে দৈনিক মোতকৈ দামী ঔষধ খাব লাগে ৷ কবলৈ গ’লে মই সেই ক্ষেত্ৰত ভাগ্যৱানেই ৷

সাধাৰণতে পইছা থাকিলে মই একেলগে এসপ্তাহমানৰ ঔষধ কিনি থওঁ ৷ কিন্তু কালিয়েই ঔষধটো শেষ হৈছিল ৷ আজি কিনিবলৈ গ’লো ৷ কিবা এটা বিপদত কালি পইছা খৰচ হৈ যোৱা কাৰণে হাতত পইছা অলপ কম আছিল ৷ বছৰৰ পিছত বছৰ একেজন মানুহৰ পৰাই ঔষধবোৰ কিনি আছো বাবে ভাবিছিলো পইছা অলপ চৰ্ট হ’লেও তেওঁ ঔষধটো বাকীত দিব ৷ আবেলিলৈ বাকীখিনি টকা যোগাৰ কৰি তেওঁক দি দিম ৷ কিন্তু মাত্ৰ 80 টকা এটা চৰ্ট হোৱা কাৰণে বাকী খোজতে তেওঁ মোক যিটো কথা শুনালে সেই কথাষাৰে মোৰ বুকুত এতিয়াও শেলে বিন্ধা দি বিন্ধি আছে ৷ তেওঁ ক’লে যে 80 টকা কি 5 টকা বাকী কৰিও হেনো তেওঁ কাকো ঔষধ দিব নোৱাৰে ৷

শুনি হতবাক হৈ গ’লো ৷ বেলেগ ব্যবসায়ৰ কথা বেলেগ ৷ এনেহেন মহান বৃত্তি এটাত জড়িত হৈ থাকিও তেওঁৰ এই নীচ মানসিকতা দেখি মোৰ সমগ্ৰ সত্বা জিকাৰ খাই উঠিল ৷ এজন চিনাকী বেমাৰীক 5 টকাৰ ঔষধো যদি বাকী দিব নোৱাৰা অৱস্থা হৈছে, তেন্তে মানুহবোৰ দেখোন পশুতকৈও তললৈ নামি গৈছে !! তেওঁ ভালকৈ জানে যে ঔষধটো সময়মতে নাখালে মোৰ ক’ৰ্চটোত বাধাৰ সৃষ্টি হব ৷ এন্টিবায়টিকৰ দৰে এই ঔষধটোৰো ক’ৰ্চ আছে ৷ কিন্তু কোনো কাকুতি মিনতিয়েই কাম নিদিলে ৷

ঔষধটো ৰাতিপুৱাই নাখালে মোৰ মুৰ ঘুৰায়, হাত ভৰিৰ নাৰ্ভবোৰ দুৰ্বল হৈ যায় ৷ একে ঠাইত বেছি সময় থিয় হৈ থাকিব নোৱাৰো, ভৰিখন জিনজিনায় ৷ কিন্তু আত্মসন্মানত আঘাত পোৱাতকৈ মই মৰি যাবলৈয়ে ভাল পাম ৷ বিপদত পৰি বাকী খুজি নিজৰ সন্মান নিজেই লাঘব কৰাৰ বাবে অত্যন্ত অনুশোচনাত ভুগিলো ৷ তাৰ পিছত ঠিক কৰিলো যে দৰকাৰ হ’লে মই ঔষধ নাখাই মৰি যাম কিন্তু জীৱনত কেতিয়াও আৰু বাকী নোখোজো ৷

মনত তীব্ৰ ক্ষোভেৰে সিদ্ধান্ত ললো যে পইছাটো যোগাৰ কৰি উঠি ঔষধ ইয়াৰ পৰাই লম আৰু তাৰ মুখত 100 টকা এখন এক্সট্ৰা মাৰি থৈ আহিম ৷ সিও বুজি পাওক যে মানুহৰ জীৱন মৰণৰ প্ৰশ্নত টকাৰ মূল্য নাই ৷

ভগৱান আজিও মোৰ লগত আছিল ৷ ফোন এটা কৰাৰ লগে লগেই লগৰ এজনে 500 টকা ধাৰ দিবলৈ ওলাল ৷ মোৰ প্ৰব্লেমটো বুজাই কোৱাত তাৰো মাতটো থোকাথুকি হৈ যোৱা ফোনতেই অনুভৱ কৰিব পাৰিলোঁ ৷ সি ক’লে যে এনে দৰকাৰী কামত 500 কিয়, এক দুই হাজাৰ যি লাগে তাকেই দিব ৷ মই 500 টকাৰেই হৈ যাব বুলি ক’লো ৷

মনটো এক অনাবিল প্ৰশান্তিত ভৰি পৰিল ৷ পৃথিৱীৰ শেষ ‘মানুহ’ জনৰ এতিয়ালৈ মৃত্যু হৈ যোৱা নাই ! এই ছেগতে মোৰ সেই বিপদৰ প্ৰকৃত বন্ধু বিকাশ মিশ্ৰক সকলোৰে আগত চিনাকী কৰি দি মোৰ আন্তৰিক কৃতজ্ঞতা জনালো ৷ তাৰ পৰা কাহিলীপাৰাত টকা 500 লৈ ছয়মাইলৰ জি এন আৰ চি ৰ পিনে বাইক চলাই দিলো ৷ ঔষধটো সোনকালে নাপালে প্ৰব্লেম হব ৷ বাইকখন ভালকৈ চলাবই পৰা নাই ৷ চকুৰে ধোঁৱা ধোঁৱা দেখিছো ৷

কিবাকৈ জি এন আৰ চি পালো ৷ পাৰ হ’লো ৷ তাৰ পিছত ভেটেনাৰী কলেজ পাৰ হলো ৷ তাৰ পিছত সেই দোকানখনলৈ সোমাই গলো ৷

পাষণ্ডটো তেতিয়াও দোকানতে বহি আছিল ৷ আত্মভিমানত বুকু ফিন্দাই 500 টকা তাৰ মুখত মাৰি দি ক’লো – “5 টকাও বাকী নিদিয় ভিক্ষাৰী ?? এটা ‘পিটাৰ স্কট’ ফুল দে আৰু বাকী এশ টকা তইয়েই ৰাখি থ ৷ মোৰ দৰে কোনোবা বিপদত পৰি আহিলে সেই পইছাৰ পৰা কাটি কোৱাৰ্টাৰ এটা দি দিবি ৷“

☆★☆★☆

Comments

  1. আপোনাৰ লিখনিশৈলীৰ ওপৰত মন্তব্য কৰাৰ ভাষা নাই।একআষাৰে কব গ’লে চুপাৰ্ব।

  2. আগতে পঢ়িছিলো তেখেতৰ টাইমলাইনত, আজি ফটাঢোলত পুনৰ এটাও শব্দ বাদ নিদিয়াকৈ পঢ়িলো ৷

  3. মহৌষধবিধ যে ইমান জীৱনদায়িনী আজিহে গম পালো দেই। মজজা লাগিল

Leave a Reply

Your email address will not be published. Required fields are marked *