ফটাঢোল

ফেয়াৰ এণ্ড লভলি – অসীম বৰা

কাহিনীটো কোৱাৰ আগতে ৰাইজক নিজৰ পৰিচয় অলপ দি লওঁ৷ মই মানুহটো সৰুৰেপৰাই অলপ জধলা টাইপৰ৷ সৰুৰেপৰাই বন্ধুসকলৰ পৰা জধলা, খেচৰ ইত্যাদি ইত্যাদি মন্তব্য উপহাৰ পোৱাটো মোৰ বাবে নিত্য নৈমিত্তিক কথা৷ তথাপি এইবোৰ কথাত লাজ লাগিবলগীয়া কিবা আছে বুলি মই নাভাবো৷ “ৰূপেনো কি কৰে গুণেহে সংসাৰ তৰে” বোলা আপ্তবাক্যশাৰী মই একদম মানি চলো৷ বিয়াৰ এমাহ নহওঁতেই ঘৰৰপৰা 480 কিঃ মিঃমান দূৰত থকা শহুৰৰ ঘৰলৈ হাফপেণ্ট, গেঞ্জী আৰু হাৱাই চেন্দেল পিন্ধি যোৱা “গিনীজ” ৰেকৰ্ডটো মোৰ নামতেই আছে৷ ইয়াৰোপৰি জিনচ্ ধুবলৈ বুলি ডিটাৰজেণ্টত তিয়াই থৈ, শেষত এলাহত নুধুই নুধুই দুৰ্গন্ধত থাকিব নোৱাৰি পেলাই দিয়াৰ “লিমকা ৰেকৰ্ড”ৰো অধিকাৰী মই৷ কোনোবাই মোৰ আগত প্ৰসাধনৰ নামত অযথা খৰচ কৰা দেখিলে মোৰ গা জ্বলি যায় আৰু মোৰ মুখেৰে অটোমেটিক ওলাই আহে পৰেশ ৰাৱলৰ সেই বিখ্যাত ডাইলগটো, “কাৱা কৌ যিতনা ভী ৱাচিং মেচিন মে ধুলাই কৰলে, ৱৌ কভী বগোলা নেহী বন চকতা৷”

এই ডাইলগটো মাৰি আগতে ভণ্টীৰপৰা গালি আৰু এতিয়া শ্ৰীমতীৰপৰা “ভাত ৰন্ধা, বাচন ধোৱাৰ শাস্তিৰ লগতে গালিৰ সন্মুখীনো বহুবাৰ হৈছো৷”

প্ৰসাধনৰ নামত মোৰ খৰচ হ’ল- চুলি-ডাঢ়ি কটা, গাধোৱা চাবোন (কেতিয়াবা কাপোৰ ধোৱা চাবোনো চলি যায়) আৰু ডাঢ়ি কটাৰ পাছত অলপ ক্ৰীম৷ বচ সিমানেই৷ এতিয়া আহো মূল কাহিনীলৈ। ঘটনাটো কেইবাবছৰ পুৰণি, এনেকুৱা ঠাণ্ডাৰ দিনেই আছিল৷ নতুনকৈ ডাঢ়ি গজিছেহে মোৰ৷ নতুনকৈ গজা ডাঢ়ি৷ কাটো কাটো লাগিয়েই থাকে৷ দুপৰীয়া সময়ত দাদাৰ ৰেজৰ ব্লেড উলিয়াই ডাঢ়ি কাটিলো৷ ডাঢ়ি কাটোতে গালত অলপ তেজো ওলাল৷ মুখ হাত ধুই আহি মাহঁতৰ কোঠাত সোমালো৷ ভণ্টীৰ বিউটি বক্সটো খুচৰিলো কিবা পাওঁ নেকি গালত লগাবলৈ৷ ফেয়াৰ এণ্ড লভলি এটা পায় তাকে ঘঁহিলো৷

তাৰ পাছত মায়ে ভাত খাবলৈ মাতিলে৷ ভাত খাই উঠি মুখ ধুলো৷ মুখ ধোওঁতে অলপ পিছল পিছল লাগিল৷ বিশেষ চিন্তা নকৰি মাৰ চাদৰৰ আঁচলতে মুখ হাত মচি পাকঘৰৰ পৰা ওলাই আহিলো৷ ভাত ঘুমটিটোৱেও হেঁচা মাৰি ধৰিছিল৷ সেয়ে ভাবিলো টিভি চাই চাই অলপ বিচনাতে বাগৰ এটা দি লওঁ৷ অলপ পাছতে আকৌ ৰামী খেলিবলৈ ওলায়ো যাব লাগিব৷ এইবুলি ভাবি টিভিটো অন কৰি চাই আছো৷ আনফালে গালখনো কিবা টানি টানি ধৰিছে৷ এনেতে চেনেলত আহিল বিজ্ঞাপন৷

“দিচ প্ৰগেম ইজ ব্ৰট টু ইউ বাই নিউ ফেয়াৰ এণ্ড লভলি ফেচ ৱাচ।”

দৌৰি গৈ মাঁহতৰ ৰুম পালোগৈ৷ ভণ্টীৰ বিউটি বক্সৰপৰা ফেয়াৰ এণ্ড লভলিটো উলিয়াই ভালকৈ চাইহে বুজিলো কিয় মুখ ধোওঁতে পিছল পিছল লাগিছিল, কিয় ইমানদেৰি গালখন টানি টানি ধৰিছিল।

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *